চৰকাৰী আঁচনিৰে বিহু পাতিব অসমীয়াই...

চৰকাৰী আঁচনিৰে বিহু পাতিব অসমীয়াই...

ৰঙালী বিহুলৈ মাজত মাত্ৰ কেইটামান দিন। হেঁপাহৰ ৰঙালীক আদৰিবলৈ বিহু বলিয়া ৰাই়জৰ মাজত ব্যাপক উছাহ। ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিহু অনুষ্ঠান পাতিছে ৰাইজে। মুঠতে অসমীয়া নৱবৰ্ষৰ লগতে বিহুটিক আদৰিবলৈ এতিয়া অসমীয়াৰ গাত তৎ নাইকীয়া।

অসমীয়া জাতিৰ বাপতিসাহোন এই বিহুটি প্ৰতিগৰাকী অসমীয়াৰ হাড়-হাড়ে, শিৰাই শিৰাই আছে। কুলিৰ মাতত বসন্ত আহে। গছে পাত সলাই পৃথিৱীখনক এক নতুনত্ব দিয়ে। সেয়ে ৰঙালী বিহু বুলি ক'লে সকলোৰে দেহ মন উলাহেৰে নধৰা হয়।

বিহু অসমীয়া জাতিৰ প্ৰাণ।বিহু এক কৃষি প্ৰধান উৎসৱ। বিহুৰ সৈতে অসমীয়া চহা জীৱনৰ বহু দিশ জড়িত হৈ থাকে।

অতীজৰে পৰা ৰঙালী বিহুক লৈ অসমীয়াৰ এক বিশেষ উৎসুকতা আছে। বিহু আহিলেই ঢেকীৰ গুম গুমনি, তাঁতশালত কাপোৰ। মুঠতে ভীষণ ব্যস্ততা। ঘৰৰ সাতবন কাতি কৰি মাঘ-ফাগুনৰ পৰাই জীয়াৰী-বোৱাৰী সকলে বিহুৱান খনৰ বাবে নেৰানেপেৰাকৈ কাপোৰ ববলৈ উঠি পৰি লাগে।

বিহুৱান মানেই গামোচা। সেই গামোচা ডাঙৰজনলৈ, চেনাইলৈ বা আপোনজনলৈ। ঠাই ভেদে এই বিহুৱান বোৱাকলৈও বিশেষ কিছু নীতি নিয়ম আছে। অসমীয়া জীয়াৰী-বোৱাৰীয়ে নিজ হাতে বোৱা গামোচাখনক লৈ যি সুখ অনুভৱ কৰে সেয়া সহজে আনে উপলব্ধি কৰিব নোৱাৰে।

তাতে গাঁৱৰ ডেকা-গাভৰু সকল ব্যস্ত হৈ পৰে বিহু নাছিবলৈ। ঢোল-পেঁপাৰ মাত শুনিলে এপাক নানাচি পাৰি জানো। ৰঙালী বিহু ৭ দিন পালন কৰা হয়। এই প্ৰতিটো দিনৰেই থাকে বিশেষ মহত্ব। গৰুক গা ধুওৱাৰ পৰা আৰম্ভ কৰি ১০১ বিধ শাক খোৱা, বিহুৱান দিয়া, হুচৰি আদি সকলো কৰা হয় এই সাত বিহুত।

এই ৰঙালী বিহুই আঁকোৱালি লয় অসমীয়া জনজীৱনৰ সৈতে জড়িত থকা প্ৰতিটো দিশক। বিহুৰ সৈতে মাটি আৰু সাধাৰণ মানুহৰ সম্পৰ্ক থাকে। কিন্তু সময়ৰ সৈতে বিহুও সলনি হৈছে । গাঁৱত ঘৰে ঘৰে গৈ হুচৰি গোৱা আৰু গৃহস্থই সেৱা লৈ আশীৰ্বাদ বিচৰা, আন কিছু লোকাচাৰ এতিয়া লোকজীৱনৰ সংগী হৈ থকা নাই।

কিন্তু সময় সলনি হৈছে। সলনি হৈছে বিহুও। এতিয়া গাঁওসমূহত দেখিবলৈ পোৱা নাযায় আগৰ দৰে তাঁতশাল। এতিয়া আগৰ দৰে জীয়াৰী-বোৱাৰী ব্য়স্ত হৈ নপৰে বিহুক লৈ।

বিহু অহাৰ লগে লগে পাৱাৰলুমৰ গামোচাৰে ভৰি পৰে বজাৰ। আনহাতে বস্তুৰ আকাশলংঘী মূল্যৰ বাবেও বিহুৱান লোৱাৰ আগত এশবাৰ ভাবিব লাগ অসমীয়াই। অতিথি পৰায়ন অসমীয়াই এতিয়া অতিথি আদৰিবলৈও কষ্ট অনুভৱ কৰিবলগীয়াত পৰে।

বিহু আৰু কৃষিৰ সম্পৰ্ক ওতঃপ্ৰোত। কিন্তু এতিয়া কিমান অসমীয়া কৃষিজীৱি হৈ আছে। চৰকাৰী সাহায্যৰ ওপৰত নিৰ্ভৰশীল অসমীয়াই এতিয়া কৃষি কৰ্মলৈ প্ৰায় পিঠি দিছে। কৰ্মবিমুখতাৰ ৰোগে ছানি ধৰিছে অসমীয়াৰ মাজত।

কৃষি কৰ্ম প্ৰায় বাদ দিছে অসমীয়াই। গাঁও এৰি চহৰমুখী হৈছে। কৃষি বুলিবলৈ গাঁৱত এতিয়া আৰু আগৰ পৰিৱেশ নাই। গৰু বিহু পাতিবলৈও গৰু নাই মানুহৰ। খেতি নাথাকিলে, গৰু নাথাকিলে কি বিহু পাতিব অসমীয়াই?

এতিয়া বিহু মানে বাণিজ্য মেলা, সাংস্কৃতিক অনুষ্ঠান, বিহু কৰ্মশালা। কিন্তু এইবোৰতেই জানো সীমাবদ্ধ আমাৰ বাপতি সাহোন বিহু?

চৰকাৰী হিচাপ মতে, অসমৰ ভৌগোলিক মাটিকালিৰ প্ৰায় ৫৪.১১ শতাংশ অংশ কৃষি ভূমিৰ অন্তৰ্গত আৰু মুঠ জনসংখ্যাৰ প্ৰায় ৭০% লোক কৃষিকৰ্মৰ লগত জড়িত। কেৱল এয়াই নহয়,  কৃষি বিভাগৰ তথ্যত ৰাজ্যত প্ৰায় ২৭লাখ কৃষক আছে বুলি উল্লেখ কৰিলেও বৰ্তমান ৰাজ্যত কৃষকৰ সংখ্যা ১১ লাখৰো অধিক নহ'ব। অথচ এদিন অসমৰ গ্ৰামীণ অৰ্থনীতিয়ে ৰাজ্যৰ অৰ্থনীতিৰ বুনিয়াদ আছিল । মুঠ ঘৰুৱা উৎপাদনৰ ২০ শতাংশই আহিছিল কৃষিখণ্ডৰ পৰা । কিন্তু আজি সেই দিন নাই।

এতিয়া আগৰ দৰে ধাননি পথাৰ নাই। ফ্ৰী চাউলৰ ওপৰত নিৰ্ভৰশীল অসমীয়া। তথ্য অনুসৰি অসমৰ প্ৰায় ৭৫ শতাংশ লোকেই লাভ কৰে ফ্ৰী চাউল । যাৰ বাবে পথাৰলৈ গৈ কষ্ট কৰি খেতি কৰা পচন্দ নকৰে অসমীয়াই। যদি এনে হৈয়ে থাকে তেন্তে অসমীয়াৰ বাবে আগন্তুক ৫-১০ বছৰ পাছত কৃষি নিৰ্ভৰশীল গ্ৰাম্য অৰ্থনীতি শেষ হৈ যাব।

অসমত ধান, মৰাপাট আদিৰ বাবে উপযুক্ত ভুমি আছে। কিন্তু এই ক্ষেত্ৰত চৰকাৰেও কোনো গুৰুত্ব দিয়া পৰিলক্ষিত নহয়। কৃষিৰ প্ৰতি আকৰ্ষিত কৰিব পৰাকৈ সুপৰিকল্পিত কাৰ্যপন্থা গ্ৰহণ কৰাতো ব্যৰ্থ হৈছে চৰকাৰ।

যদি পৰিস্থিতি এনেয়ে হৈ থাকে তেন্তে কেইটামান বছৰ পাছত হেৰাই যাব বিহুও। নিজৰ একো ধৰি ৰাখিব নোৱাৰা বুলি নাম থকা অসমীয়াই সময়ৰ সোঁতত বিহুটিকো হেৰাই পেলাব।

যদি কৃষিয়েই নাথাকে, গোহালীত যদি গৰু নাথাকে, তাঁতশালত কাপোৰ নাথাকে তেন্তে কাক লৈ বিহু পাতিব অসমীয়াই। একাংশৰ বাদে এতিয়া সকলোৱে আশা পাতি থাকে চৰকাৰী আঁচনিলৈ।

কিন্তু এটা কথা মনত ৰাখিব লাগিব। চৰকাৰে আঁচনি আনি থাকিব, হিতাধিকাৰী সৃষ্টি কৰি থাকিব। কিন্তু তাৰ মাজতে আমি আমাৰ ভূমিক সন্মান কৰিব লাগিব জানিব।কৃষি কৰ্মত মনোনিবেশ কৰিব লাগিব। নহ'লে হয়তো আগন্তুক কেইটামান বছৰত বিহু কেৱল কিতাপৰ কেইশাৰীমান বাক্যতেই সীমাবদ্ধ হৈ থাকিব।

চৰকাৰী আঁচনিৰে বিহু পাতিব অসমীয়াই...
ডিগ্ৰীহে পাব, উকিল হ'ব কিন্তু নোৱাৰিব...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in