ভূমি কেলেংকাৰী আৰু ৪০০ কোটিৰ ৰহস্য...

ভূমি কেলেংকাৰী আৰু ৪০০ কোটিৰ ৰহস্য...

বৰষা শৰ্মা

ক্ষমতাত কোনোবা আহিব, কোনোবা যাব। ক্ষমতাত থকা সময়খিনি মানুহে নিজৰ ইচ্ছা মতেই সকলো কৰি যাব আৰু এদিন সকলো নাইকীয়া হ'ব। বিশাল অট্টালিকাত কটোৱা নেতাই কেতিয়া জেলৰ বন্ধ কুঠাৰীত দিন কটাবলগীয়া হয় তাৰ অনুমান লগোৱা টান।

কি এই সকলোবোৰৰ মাজত সমস্যাত ভুগিছে জনতা। নিজৰ স্বাৰ্থৰ বাবে বহুসময়ত নেতাসকলে ক্ষমতাৰ অপব্যৱহাৰ কৰি লোৱা সিদ্ধান্ত সমূহে ব্যথিত কৰে জনতাক। চকুৰ মণি হৈ থকা এজন নেতা কেতিয়া চকুৰ কূটা হৈ পৰিব ধৰিবই নোৱাৰি।

কথাতে কোৱা হয়, লংকালৈ গ'লে ৰাৱন হয়। ইয়াৰ উদাহৰণ আমি বহু সময়ত দেখি আহিছো। ক্ষমতাত থকা সময়খিনি তেওঁলোকে যি কয় তাকেই শুদ্ধ, তেওঁলোকে যি ভাৱে তাকেই কৰিব। কিন্তু এজন ক্ষমতাবানৰ অৱস্থা ডনাল্ড ট্ৰাম্পৰ দৰে হোৱাতনো কিমান পৰ।

ক্ষমতা আজি আছে কালি নাই। এনে বহু নেতা আছে যি শাসনকাল শেষ হোৱাৰ পাছত হেৰুৱাই পেলাইছে সকলো। ৰাইজে বহু আশা কৰি এজন জনপ্ৰতিনিধি নিৰ্বাচন কৰে। কিন্তু সেই জনপ্ৰতিনিধিগৰাকীয়ে যদি জনতাৰ মুখলৈ পিঠি দিয়ে কোনো ভাল পাব তেওঁক।

অসমতো একেই অৱস্থা। নিৰ্বাচনৰ পূৰ্বত আৰু নিৰ্বাচনৰ পাছত নেতাৰ অৱস্থা আকাশ পাতাল পাৰ্থক্য। নিৰ্বাচনৰ পূৰ্বে মূল্যবৃদ্ধি ৰোধ কৰিম বুলি কোৱা নেতাগৰাকীয়ে জনতাক বিলাহীৰ সলনি চচ খাব দিয়াৰ দৰে উদাহৰণ আছে।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মতে অসম দুৰ্নীতিমুক্ত। শূণ্যসহনশীলতা নীতি আৰোপ কৰা হয় অপৰাধীৰ বিৰুদ্ধে। কিন্তু এনেহেন সময়তে মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ প্ৰতিয়েই আঙুলি তুলি অভিযোগ উত্থাপন কৰিছে একাংশই।

মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ সকলো সদস্যৰ সম্পত্তিৰ তালিকা ৰাজহুৱা কৰাৰ দাবী তুলিছে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে। সংবাদমেল সম্বোধন কৰি কয় যে, নগাঁও জিলাৰ কলিয়াবৰৰ বৰভগীয়া মৌজাৰ দাৰি গজি গাঁৱত প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্রাইভেট লিমিটেডে ক্রয় কৰিছে ৫০ বিঘা ২ কঠা ১৯ লেচা কৃষিভূমি। যি কৃষিভূমি একে দিনতে, একেখন পথাৰত, একেটা প্লটতে, একেটা কোম্পানীয়ে ক্ৰয় কৰাৰ তথ্য সবিস্তাৰে প্রকাশ কৰিছে এটা ৱেব পৰ্টেলে।

মাত্র ১০ মাহৰ ভিতৰতে এই কৃষিভূমিৰ শ্ৰেণী পৰিবৰ্তন কৰি উদ্যোগ স্থাপনৰ বাবে প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্রাইভেট লিমিটেডে লাভ কৰিছে ভাৰত চৰকাৰৰ খাদ্য সংসাধন মন্ত্র্যালয়ৰ পৰা ‘প্রধানমন্ত্রী কিষাণ সম্পদ যোজনা' আঁচনিৰ অধীনত ১০ কোটি টকাৰ ৰাজসাহায্য।' মাত্র ১০ মাহৰ ভিতৰত এনেদৰে মাটি ক্রয়, মাটিৰ শ্ৰেণী পৰিবৰ্তন, উদ্যোগ স্থাপনৰ বাবে ৰাজসাহায্য লাভ কেৱল মুখ্যমন্ত্ৰীৰ পত্নীৰ মালিকানাধীন প্ৰতিষ্ঠানৰ ক্ষেত্ৰতহে সম্ভৱ বুলি সংবাদমেলযোগে প্রতিক্রিয়া ব্যক্ত কৰে সংগঠনটোৱে।

বৰপথাৰৰ ভগৱান চাহ বাগিচা, গোলাঘাটৰ ৰাধা, কাজিৰঙাৰ কাঞ্চনজুৰি চাহ বাগিচা তথা বিয়াগোম ৰিজ'ৰ্ট, হোটেল, বন্দ্যা ইণ্টাৰনেচনেল স্কুল, নিউজ চেনেল, অলপতে তোলপাৰ লগোৱা ২৯ বিঘা মাটিৰ গৰাকী হোৱা মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ উচিত তদন্ত বিচাৰিছে কৃষক মুক্তিয়ে।

উল্লেখ্য যে, চিলিং আইন অনুসৰি কোনো ব্যক্তি বা কোম্পানী ৮৯.৫ বিঘাতকৈ বেছি ভূমিৰ গৰাকী হব নোৱাৰে। তেনে স্থলত মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ এই ভূমিয়ে এতিয়া বহু প্ৰশ্নৰ উত্থাপন কৰিছে।

সমান্তৰালভাৱে আন এটা বিষয়ক মুখ্যমন্ত্ৰীগৰাকীলৈ আঙুলি টোৱাইছে একাংশই। এইবাৰ চৰ্চালৈ আহিছ অসমৰ বন বিভাগক ফ্ৰান্সৰ প্ৰতিষ্ঠানে জৈৱ বৈচিত্ৰ ৰক্ষা আৰু বনানীকৰণৰ বাবে ৪০০ দিয়া প্ৰসংগ।

এএডি অৰ্থাৎ এজেন্স ফ্ৰান্সাইজ ডি ডেভেলপমন্ট নামৰ ফ্ৰান্সৰ প্ৰতিষ্ঠানটোৱে আছাম প্ৰজেক্ট অন ফৰেষ্ট এণ্ড বায়'-ডাইভাৰচিটি কনজাৰভেচন কাৰ্যসূচীত বিনিয়োগ কৰিছে।

২০১৯ চনত এই প্রতিষ্ঠানটোৱে উক্ত আঁচনিৰ দ্বিতীয় পৰ্যায়ৰ প্ৰকল্পৰ বাবে অসম চৰকাৰৰ সৈতে চুক্তিবদ্ধ হৈছিল। তদানীন্তন মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল, ফ্ৰান্সৰ ৰাষ্ট্ৰদূত ইমানুবেল লেনাই, তদানীন্তন বন মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ উপস্থিতিত স্বাক্ষৰ কৰা হৈছিল এই চুক্তি।

এই চুক্তি অনুসৰি অসমৰ ১২ হেজাৰ হেক্টৰ পতিত ভূমি বনানীকৰণৰ লক্ষ্য লোৱা হৈছিল। দ্বিতীয় পৰ্যায়ৰ এই প্ৰকল্পৰ বাবে ধাৰ্য কৰা হৈছিল মুঠ ৫০০ কোটি টকা। ইয়াৰে ৮০ শতাংশ এ এফ ডিয়ে আগবঢ়াইছে। অর্থাৎ প্রায় ৪০০ কোটি টকা বহন কৰিছে ফ্ৰান্সৰ প্ৰতিষ্ঠানটোৱে। বাকী ২০ শতাংশ ধন ব্যয় কৰাৰ দায়িত্বত আছে অসম চৰকাৰ।

ইমানখিনিলৈ সকলো ঠিকেই আছে। যোৱা বছৰৰ নৱেম্বৰত এ এফ ডিৰ 'কান্ট্রি ডিৰেক্টৰ' ব্ৰন' বোছলেৰ নেতৃত্বত ফ্ৰান্সৰ প্ৰতিনিধি দল এটাই অসম চৰকাৰৰ বন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীক জনতা ভৱনত সাক্ষাৎ কৰি ৰাজ্যখনৰ জীৱ বৈচিত্ৰ্য আৰু বনানীকৰণৰ বাবে লোৱা এই অভিলাষী আঁচনিৰ অগ্ৰগতিৰ খতিয়ান লয়। ফ্ৰান্সৰ প্ৰতিনিধি দলটোৱে সমগ্ৰ বিশ্বত বৃদ্ধি পোৱা গোলকীয় উষ্ণতাৰ পৰিপ্ৰেক্ষিতত বনানীকৰণৰ এনে উদ্যোগ খৰতকীয়া কৰাত গুৰুত্ব আৰোপ কৰে।

প্ৰতিনিধি দলটোৱে লগতে অসমত বনানীকৰণৰ ক্ষেত্ৰত ফ্ৰান্স চৰকাৰে আগবঢ়োৱা প্ৰতিশ্ৰুতি পূৰণ কৰাৰ লগতে প্রকল্প পুঁজি দ্রুতভাৱে মোকলাই দিয়াৰ ওপৰতো গুৰুত্ব আৰোপ কৰিছিল। কিন্তু এইখিনিতে ফ্ৰান্সৰ এই পুঁজিক লৈ ৰহস্যৰ সৃষ্টি হৈছে।

অসমত বনানীকৰণৰ বাবে ফ্রান্সে আগবঢ়োৱা ৪০০ কোটি টকা ক'ত, কিদৰে আছে তাক লৈ প্রশ্ন উঠিছে। কিয়নো এই সময়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গছ ৰুই বিশ্ব অভিলেখ কৰাৰ চেষ্টা কৰি আছে।

ফ্ৰান্সৰ এই পুঁজি এদিনীয়া কাৰ্যসূচীৰ বাবে নাছিল। এই আঁচনি দীৰ্ঘম্যাদী আছিল। গতিকে সেই পুঁজি ৰাজকোষতে ৰাখি কিয় চৰকাৰে অন্য আঁচনি ৰূপায়ন কৰিছে সেয়া সন্দেহৰ বিষয়।

গতিকে বৰ্তমান ৰাজ্যখনত এনে বহু বিষয়ত চৰ্চা চলি আছে। সকলোৱে বিচাৰিছে মুখ্যমন্ত্ৰীৰ উত্তৰ। আশা এটাই যে মুখ্যমন্ত্ৰীয়ে এই সকলো অভিযোগৰ প্ৰত্যুত্তৰ দিব।

ক্ষমতাত থকা দলৰ প্ৰতি অভিযোগ উঠাতো স্বাভাৱিক। কিন্তু সেয়া শাসকীয় দলটোৱে কি হিচাপে লয় সেয়া ক্ষমতাত থকা দলটোৰ ওপৰত।

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত আস্থা আছে জনতাৰ। উচিত প্ৰত্যুত্তৰ দিব পৰা ক্ষমতাও আছে তেওঁৰ লগত। গতিকে আশা এয়াই, পৰিয়াল, চৰকাৰৰ বিৰুদ্ধে উত্থাপন হোৱা অভিযোগ খণ্ডন কৰি ভেদ কৰিব হিমন্ত বিশ্ব শৰ্মাই সকলো ৰহস্য।

ভূমি কেলেংকাৰী আৰু ৪০০ কোটিৰ ৰহস্য...
'জীৱন’ৰ আই চি ইউত এজন প্ৰিয় লেখক

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in