এখন বিদ্যালয়ৰ কথা শুনক শিক্ষামন্ত্ৰীয়ে...

আজি পিছে মাননীয় শিক্ষা মন্ত্ৰী ৰণোজ পেগু মহোদয়ক এই বিদ্যালয় খনৰ আন এক দিশ হে দৃষ্টিগোচৰ কৰিব বিচৰা হৈছে। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো এই কথাবোৰ জনাৰ প্ৰয়োজন বুলি ভৱাৰ থল আছে।

author-image
Asomiya Pratidin
New Update
্ি্

মৃদুল কুমাৰ সন্দিকৈ

Advertisment

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ওলাল। উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলো দিলে। চৰকাৰী খণ্ডৰ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে কি ফলাফল দেখুৱালে তাৰ প'ষ্টমৰ্টমো হৈছে বা কৰা হ'ব। এজনো পৰীক্ষাৰ্থী উত্তীৰ্ণ হ'ব নোৱাৰা বিদ্যালয়ৰ প্ৰধান সমূহক মাতি আনি টান কথা ভৎসনা নিশ্চয় শিক্ষা বিভাগ বা শিক্ষা মন্ত্ৰীয়ে কৰিব।

ৰাজ্যৰ শিক্ষা মন্ত্ৰী ৰণোজ পেগুৰ দৃষ্টিগোচৰ কৰিব বিচাৰিছো এখন বিদ্যালয়ৰ। সদ্যঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফলত এই বিদ্যালয়খনে ভাল প্ৰদৰ্শন কৰিছে। কলা শাখাত বিদ্যালয়খনৰ উত্তীৰ্ণৰ হাৰ ৮২.১ শতাংশ। 

মুঠ ৯৫ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল কলা শাখাৰ চূড়ান্ত পৰীক্ষাত। তাৰে এজনে ষ্টাৰ, ৩ জনে প্ৰথম বিভাগ, ৩৩ জনে দ্বিতীয় বিভাগ আৰু ৪২ জনে তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে। সৰ্বমুঠ ৯৫ জন পৰীক্ষাৰ্থীৰ ভিতৰত ৭৮ গৰাকী ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হোৱা বিদ্যালয় এইখন।

বিজ্ঞান শাখাত ৬৫ গৰাকী পৰীক্ষাৰ্থীয়ে পৰীক্ষা দিছিল। তাৰে ৭ জনে প্ৰথম বিভাগ, ৩৩ জনে দ্বিতীয় বিভাগ,২২ জনে তৃতীয় বিভাগ পাই উত্তীৰ্ণ হৈছে। মুঠ ৬৫ পৰীক্ষাৰ্থীৰ ভিতৰত ৬২ গৰাকীয়ে উত্তীৰ্ণ হৈছে উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ বিজ্ঞান শাখাত। উত্তীৰ্ণৰ হাৰ বিজ্ঞান শাখাত ৯৫.৩৮ শতাংশ।

অসমৰ বৌদ্ধিক অন্যতম প্ৰাণকেন্দ্ৰ স্বৰূপ ঢকুৱাখনাৰ এখন অতি পুৰণি শিক্ষানুষ্ঠান এইখন। ১৯৩৬ চনতে তেতিয়া ঢকুৱাখনা উচ্চ মাধ্যমিক বিদ্যালয় হিচাপে স্থাপন কৰা এই বিদ্যালয়খন এতিয়া ঢকুৱাখনা উচ্চতৰ মাধ্যমিক বিদ্যালয় নামেৰে পৰিচিত।

শেহতীয়া হাইস্কুল শিক্ষান্ত পৰীক্ষাতো বিদ্যালয়খনে ভাল ফলাফলেই দেখুৱাব সক্ষম হৈছে। প্ৰায় ৮৮ শতাংশতকৈ অধিক ছাত্ৰ সুখ্যাতিৰে উত্তীৰ্ণ হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষাত। বিদ্যালখনৰ সুনাম অতীতৰ পৰাই আছে। বিদ্যালয়খনত কৰ্মৰত শিক্ষক সকল ছাত্ৰ-ছাত্ৰীৰ প্ৰতি অতি দায়বদ্ধশীল।

এই বিদ্যালয়খনত নাম ভৰ্তিৰ বাবে আগতে বাছনি পৰীক্ষা হয়। ঢকুৱাখনা অঞ্চলৰ প্ৰায়বোৰ অভিভাৱকে বিদ্যালয়খনত সন্তানক পঢ়ুৱাৰ আগ্ৰহ কৰে। এই বিদ্যালয়ত অধ্যয়ণ কৰিয়েই অসমৰ লগতে দেশ-বিদেশত বহু ছাত্ৰই সুপ্ৰতিষ্ঠা লাভ কৰিছে।

মানৱ সম্পদ গঢ়াৰ ক্ষেত্ৰত বিদ্যালয়খনৰ শিক্ষক সকলে আজিও চেষ্টাৰ কৃপণালি কৰা নাই। সেয়ে হয়তো এই সুনামৰ ধাৰাবাহিকতা অব্যাহত আছে। সতীশ চন্দ্ৰ গগৈৰ দৰে শিক্ষাবিদৰ মানস পুত্ৰ স্বৰূপ আছিল এইখন বিদ্যালয়।

কৰুণাকান্ত কলিতাৰ দৰে বৈষ্ণৱ পণ্ডিতে এই বিদ্যালয় খনৰ অধ্যক্ষৰ দায়িত্ব পালন কৰিছিল। যি দায়িত্বত এতিয়া আছে কল্পনা গগৈৰ দৰে কৃতী শিক্ষয়িত্ৰী। বিদ্যালয়খনৰ উত্তৰণৰ সপোনে তেওঁলোকে কঢ়িয়াই লৈ ফুৰে।

সফলতাৰ কৃতিত্বৰ কথা ক'লে তেওঁ আন সহ শিক্ষক সকলৰ বাবে এই সফলতা সম্ভৱ হৈছে বুলি বিনম্ৰতাৰে উত্তৰ দিয়ে। সেই বিদ্যালয়ৰ এজন প্ৰাক্তন ছাত্ৰ হিচাপে আমাকো এনে ফলাফলে সুখী কৰে। বিদ্য়ালয়খনৰ ফলাফল কি হ'ল তাৰ খবৰ ৰখাতো আমাৰ অভ্যাস হৈ পৰিছে।

আজি পিছে মাননীয় শিক্ষা মন্ত্ৰী ৰণোজ পেগু মহোদয়ক এই বিদ্যালয় খনৰ আন এক দিশ হে দৃষ্টিগোচৰ কৰিব বিচৰা হৈছে। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো এই কথাবোৰ জনাৰ প্ৰয়োজন বুলি ভৱাৰ থল আছে।

এনে এক ফলাফলক লৈ এফালে সুখী হ'লেও এক গুৰুতৰ সমস্যাৰ সন্মুখীন হৈ আছে এই বিদ্যালয়খন। শিক্ষা মন্ত্ৰী মহোদয়ে হয়তো নাজানে বিজ্ঞান শাখাৰ তিনিটাকৈ গুৰুত্বপূৰ্ণ বিষয়ৰ শিক্ষকৰ অবিহনেই এই বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে উচ্চতৰ মাধ্যমিক শ্ৰেণীৰ শিক্ষা গ্ৰহণ কৰিব লগীয়া হৈছে।

২০১৬ চনতে এই বিদ্যালয়খনত কৰ্মৰত উদ্ভিদ বিজ্ঞান বিভাগৰ বিষয় শিক্ষয়িত্ৰী গৰাকীয়ে অৱসৰ গ্ৰহণ কৰিছে। সেই বৰ্ষৰ ছেপ্তেম্বৰত অৱসৰ গ্ৰহণ কৰা পদ্মা বৰাৰ বিপৰীতে যোৱা প্ৰায় ৯ বছৰে এই বিদ্যালয়খনত নিযুক্তি দিয়া নহ'ল উদ্ভিদ বিজ্ঞান বিভাগৰ শিক্ষক।

এই বিষয়ৰ পাঠদান ২০২২ চনত নিযুক্তি পোৱা প্ৰাণী বিজ্ঞান বিভাগৰ শিক্ষক গৰাকীয়ে কৰি আহিছে। কল্পনা কৰকচোন প্ৰাণী বিজ্ঞান বিভাগৰ বিষয় শিক্ষকে অতিৰিক্তভাৱে পঢ়াব লগা হৈছে উদ্ভিদ বিজ্ঞানৰ পাঠ্যক্ৰম।

শিক্ষা মন্ত্ৰী মহোদয় এয়া এখন অতি সুপ্ৰতিষ্ঠিত চৰকাৰী বিদ্যালয়ৰ অৱস্থা। কিয় যোৱা ৯ বছৰে এই বিদ্যালয়ত এই বিষয়ক শিক্ষকৰ নিযুক্তি দিয়া নহ'ল তাৰ উত্তৰ বাৰু আপুনি দিব নালাগে, কিন্তু এজন উদ্ভিদ বিজ্ঞানৰ শিক্ষকৰ নিযুক্তিৰ ব্যৱস্থাটো আপুনি কৰি দিব পাৰে।

উদ্ভিদ বিজ্ঞানৰেই নহয়, এই বিদ্যালয়খনত নাই ৰাসায়ন বিজ্ঞানৰ শিক্ষক। ২০২৪ ৰ ফেব্ৰুৱাৰীত ৰাসায়ন বিজ্ঞানৰ বিষয় শিক্ষক কমল বৰগোঁহায়ে অৱসৰ গ্ৰহণ কৰিলে। তাৰ পাছত সেই বিষয়ৰ শিক্ষক নাই।

বিদ্যালয়খনত এতিয়া ৰাসায়ন বিজ্ঞানৰ পাঠ্যক্ৰম কোনে পঢ়াই জানে? ৰাসায়ন বিজ্ঞানৰ ছাত্ৰ-ছাত্ৰীৰ পৰীক্ষাৰ বাবে নিয়োজিত ডেমনচ্ষ্ট্ৰেতৰ গৰাকীয়ে এই দায়িত্ব পালন কৰিবলগীয়া হৈছে। মাজতে বিশেষ প্ৰশিক্ষণৰ বাবে তেওঁ যাবলগীয়া হোৱাত অৱসৰপ্ৰাপ্ত কমল বৰগোঁহায়ে স্বেচ্ছাই ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতৰ স্বাৰ্থত কিছুদিনৰ বাবে এই দায়িত্ব পালন কৰিছিল।

তাতেই শেষ হোৱা নাই শিক্ষকৰ অভাৱ। বিজ্ঞান শাখাৰ ছাত্ৰ-ছাত্ৰীৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ এক বিষয় পদাৰ্থ বিজ্ঞান। এই বিদ্যালয়ত নিয়োজিত হৈ আছিল এজন মেধাৱী আৰু দায়িত্বশীল বিষয় শিক্ষক। ছাত্ৰ-ছাত্ৰীক পদাৰ্থ বিজ্ঞানৰ পাঠ,তত্ব খৰচি মাৰি পঢ়োৱা এই শিক্ষক গৰাকী আছিল হিৰণ্য বৰা। 

ছাত্ৰ-ছাত্ৰীৰ বাবে বৰা ছাৰ। তেখেতেও ২০২২ চনৰ ফেব্ৰুৱাৰীত অৱসৰ গ্ৰহণ কৰিলে। তাৰ পাছত প্ৰায় ৪ বছৰ বিদ্যালয়খনত নাই পদাৰ্থ বিজ্ঞানৰ বিষয় শিক্ষক। অধ্যক্ষ কল্পনা গগৈয়ে হাইস্কুল পৰ্যায়ত নিয়োজিত এগৰাকী বিজ্ঞান শিক্ষকৰ জৰিয়তে পদাৰ্থ বিজ্ঞানৰ পাঠ্যক্ৰম পঢ়োৱাৰ ব্যৱস্থা কৰিবলগীয়া হৈছে।

কলা শাখাতো অভাৱ শিক্ষকৰ। ৰাজনৈতিক বিজ্ঞান আৰু শিক্ষাতত্ব বিভাগৰ শিক্ষক নাই বহু বছৰ ধৰি। মাহে মাহে বিদ্যালয়খনত খালী হৈ থকা শিক্ষকৰ তথ্য বিচৰি চৰকাৰী পত্ৰ আহে। মাহেকত দুবাৰকৈ সেই তথ্য বিদ্যালয় কৰ্তৃপক্ষই শিক্ষা বিভাগক যোগান ধৰে।

কিন্তু নিয়োজিত হে নহয় শিক্ষক। অনুষ্ঠিত হৈ আছে ৰাজ্যত টেট। তাৰ পাছতো কিয় এই গুৰুত্বপূৰ্ণ বিদ্যালয়খনতে খালী হৈ থকা প্ৰয়োজনীয় শিক্ষক সকলক নিযুক্তিৰ ব্যৱস্থা কৰা নাই। কেতিয়ালৈ হ'ব এই নিযুক্তি? কেতিয়ালৈ ছাত্ৰ-ছাত্ৰীয়ে পাব প্ৰয়োজনীয় শিক্ষক? 

বিদ্যালয়ৰ কৰ্তৃপক্ষই কোনো মতে ব্যৱস্থা কৰি চলাই আছে পাঠ্যক্ৰম। কিন্তু কিমান দিনলৈ জোৰা-টাপলি মাৰিব লাগিব? তাৰ পাছতো বিদ্যালয়খনৰ ফলাফল কি সেই তথ্য ইতিমধ্যে উল্লেখ কৰা হৈছে।

শিক্ষা মন্ত্ৰী ৰণোজ পেগুৱে বিশেষভাৱে দৃষ্টি দিব নোৱাৰে নে বিষয়টোত? হোমেন বৰগোঁহাঞিৰ দৰে বিশিষ্ট সাহিত্যিকৰ স্মৃতি বিজড়িত ঢকুৱাখনাৰ অন্যতম পুৰণি শিক্ষানুষ্ঠানৰ দশা এয়া। ফলাফল বেয়া হ'লে শিক্ষক সকলক গালি পৰা হয়। কিন্তু চৰকাৰী বিদ্যালয়ৰ এনে অৱস্থা হ'লে আমি গালি পাৰিম এতিয়া কাক? আপোনাক নে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক। 

ঢকুৱাখনা ৰণোজ পেগু