এখোপ চৰা হ'ব নেকি দেৱজিৎ বৰা!

সাহিত্য সভাক পৰিয়ালৰ অনুষ্ঠান হিচাপে ভবা এটা বিশেষ পৰিয়ালৰ পৃষ্ঠপোষকতাত এতিয়া দেৱজিৎ বৰা। এখন জিলাৰ আন বিষয়ববীয়া আৰু শাখা সমূহক আওকাণ কৰি সেই পৰিয়ালটোৰ কব্জাত বন্দী হৈ পৰিছে এইগৰাকী প্ৰধান সম্পাদক।

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
িুপৰ

মৃদুল কুমাৰ সন্দিকৈ

Advertisment

অসম সাহিত্য সভাৰ নৱ নিৰ্বাচিত প্ৰধান সম্পাদক দেৱজিৎ বৰাৰ নেতৃত্বত সাহিত্য সভাই নতুন গতি লাভ কৰিব বুলি আশা কৰা হৈছিল। সভাৰ ভিতৰচ'ৰাত সংঘটিত বহু অনিয়ম আৰু দুৰ্নীতি যেন তেওঁ সহ্য কৰিব পৰা নাছিল। সেই অনুভৱ কৰা লগতে তেওঁৰ কাৰ্যকালত ইয়াৰ সু সমাধান আশা কৰা হৈছিল।

সাহিত্য সভাৰ বহু ভিতৰৰ খবৰ বিভিন্ন সময়ত বিভিন্ন জনে জাতীয় অনুষ্ঠানটোৰ স্বাৰ্থত দিয়ে। প্ৰকাশ কৰিবলগীয়া বুলি ভবা তেনে কিছু খবৰ প্ৰকাশ কৰা হয় আৰু প্ৰয়োজনত সেই খবৰবোৰৰ আধাৰত জাতীয় অনুষ্ঠানটোক ধ্বংস কৰা আৰু ব্যক্তিগত স্বাৰ্থত ব্যৱহাৰ কৰিব খোজা সকলক উদঙাই দিয়া হয়।

ইয়াত কোনো ব্যক্তি বিশেষৰ সৈতে সংঘাত নাথাকে। নতুনকৈ দায়িত্ব লোৱা দেৱজিত বৰাৰ প্ৰতি গভীৰ আস্থা থকাৰ পাছতো তেওঁ সন্দৰ্ভত যিবোৰ খবৰ বিভিন্ন উৎসৰ পৰা পোৱা গৈছে সেই খবৰবোৰে হতাশ কৰিছে। এতিয়া পাঠশালা অধিৱেশন শেষ কৰি সম্বৰ্ধনা লৈ ফুৰা দেৱজিৎ বৰাই সাহিত্য সভাৰ মজিয়াত ল'বী আৰম্ভ কৰি দিছে।

সাহিত্য সভাক পৰিয়ালৰ অনুষ্ঠান হিচাপে ভবা এটা বিশেষ পৰিয়ালৰ পৃষ্ঠপোষকতাত এতিয়া দেৱজিৎ বৰা। এখন জিলাৰ আন বিষয়ববীয়া আৰু শাখা সমূহক আওকাণ কৰি সেই পৰিয়ালটোৰ কব্জাত বন্দী হৈ পৰিছে এইগৰাকী প্ৰধান সম্পাদক।

তিনিচুকীয়া শাখাৰ সভাপতি অৰুণিমা সন্দিকৈ আৰু প্ৰাক্তন সভাপতিৰ আমন্ত্ৰণে মৰ্মে জিলাখনলৈ যোৱা বৰাই উষ্ম সম্বৰ্ধনা ঠিকেই পালে। সেই খবৰ সঠিকভাৱে সাহিত্য সভাৰ বৰ্তমানৰ সভাপতিৰ কাণতো পৰিলহি। সাহিত্য সভাৰ যিকোনো প্ৰাক্তন উপ সভাপতিয়ে শ্ৰীমতীক কেন্দ্ৰীয় সদস্য কৰাৰ পাছত অতি কৌশলেৰে শাখা সভাপতিৰ পদতো অধিষ্ঠিত কৰাত সফল হৈছে।

গিৰিশ সন্দিকৈয়ে উপ সভাপতি হৈ থাকোতে ১১ জানুৱাৰী ২০২৫ ত কেইজনমান বিশ্বস্ত সংগীৰ জৰিয়তে কিদৰে ৪ বছৰ সম্পাদক হৈ থকা পাছত তিনিচুকীয়া শাখাৰ সভাপতি কৰিলে সেই কথা দেৱজিৎ বৰাই অন্তত গম পাব লাগিছিল।

জিলাখনৰ আন সাহিত্য সভাৰে জড়িত নিষ্ঠাবাণ সাহিত্যিক,সাহিত্য সংগঠকক আঁতৰাই ৰাখি গিৰিশ সন্দিকৈয়ে কি কৰি আছে সেই কথা নৱ নিৰ্বাচিত প্ৰধান সম্পাদকজনে নিশ্চয় জানে। তাৰ পাছতো তেওঁৰ এই আনুষ্ঠানিক সম্বৰ্ধনা সেই সকলৰ মাজতে সীমাবদ্ধ থকাতো আচৰিতজনক।

এনে চক্ৰৰ কব্জাতে বন্দী হৈছে নতুন প্ৰধান সম্পাদক। অভিযোগ মতে, সন্দিকৈ বাহিনীৰ পৃষ্ঠপোষকতাত হাঁহৰ মাংসৰে এসাজ খাই তেওঁ ধণ্য হৈ তিনিচুকীয়াৰ পৰা উভতিছে। 

তাৰ পূৰ্বে তেওঁক গাড়ীৰে লৈ যোৱা হৈছিল দুলীয়াজানত অনুষ্ঠিত হবলগীয়া অধিৱেশনৰ সাম্ভাব্য স্থান পৰিদৰ্শন কৰিবলৈ। তাৰ মাজতে এটা বিশেষ ছপা শাললৈ লৈ যোৱা হৈছিল প্ৰধান সম্পাদক গৰাকীক। 

সেই ছপা শাললৈ নিয়াৰ অন্তৰালতো আছে হেনো উদ্দেশ্য। প্ৰধান সম্পাদক বৰাক ছপা শালৰ গৰাকী ৰাজৰ্ষি গগৈয়ে গামোছা আৰু মূল্যবান উপহাৰেৰে সম্বৰ্ধনা জনালে। তাৰ কাৰণ আৰু উদ্দেশ্য হ'ল সাহিত্য সভাৰ লগতে অধিৱেশনৰ ছপাৰ কামৰ বাবে যাতে বাট মুকলি হৈ থাকে।

নতুন প্ৰধান সম্পাদকে এইবোৰ তত ধৰিব পাৰিলে নে নাই নাজানিলো। কিন্তু তিনিচুকীয়া সাহিত্য সভাৰ কৰ্মী সকলৰ মুখে মুখে চৰ্চিত হৈছে এই কথাবোৰ। যোৰহাটত থকা সাহিত্য সভাৰ নৱ নিৰ্বাচিত সভাপতিৰ কাণতো খবৰবোৰ পৰিছেহি। 

তিনিচুকীয়াৰ শাখা সাহিত্য সভাৰ চহৰখনৰ মাজভাগত আছে ৫ টা ভাড়া দিয়া কোঠা। লগতে আছে দুটা সভাঘৰ, ১১খন দোকান,বেংকৰ ফিক্সড ডিপোজিত আদি যাতে নিজৰ ইচ্ছা অনুসৰি ব্যৱহাৰ কৰিব পাৰে সেই চক্ৰান্ত কৰা সকলে কৰি গৈছে।

তিনিচুকীয়া জিলাক নজনোৱাকৈ তিনিচুকীয়া শাখাই নতুন প্ৰধান সম্পাদক জনক মাতি নি তেওঁলোকৰ স্বাৰ্থ সুৰক্ষিত কৰিবলৈ এই পেক্ষাপট ৰচনা কৰা হ'ল। ক্ষমতা পালে সকলোৱে পুৰণি কথাবোৰ পাহৰে। সাহিত্য সভাৰ নতুন গতি দিবলৈ যি কঠোৰ আৰু দৃঢ় স্থিতি নতুন প্ৰধান সম্পাদকজনে লব বুলি ভবা হৈছিল তেনে অনুমান মিছা হ'ব নেকি? 

সাহিত্য সভাৰ নেতৃত্ব লৈ লংকালৈ গ'লে সকলো ৰাৱণ হোৱাৰ দৰে দেৱজিত বৰাও আন এজন পৰমা ৰাজবংশী বা উপেন্দ্ৰজিত শৰ্মা হ'বলৈ গৈ আছে নেকি? 

আৰম্ভণিতে তেওঁৰ বিৰুদ্ধে উত্থাপিত এই অভিযোগ আৰু সভাক সংকীৰ্ণ কৰি পেলোৱা একাংশৰ জালত তেওঁ কেনেদৰে বন্দী হৈছে সেই কথা আঙুলিয়াই দিয়া হ'ল। আশা কৰিম দেৱজিৎ বৰাই এই অভিযোগ আৰু ঘটনাৰাজী স্বপৰ্যালোচনাৰে নিজক সংশোধিত কৰি মহিমামণ্ডিত এই অনুষ্ঠানটোৰ গৰিমা ৰক্ষাৰ ক্ষেত্ৰত সচেতন হ'ব।

সাহিত্য সভা