/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/5a38ad09-8b94-43e3-ab75-3291c9c16e6c/AP_FOR__bikhekh_lekha__Rahul.jpg)
মৃদুল কুমাৰ সন্দিকৈ
দধিচীৰ কাহিনী আমি জানো। বৃত্ৰ নামৰ অসুৰটোৱে কাঢ়ি লৈছিল ইন্দ্ৰ ৰাজ্যৰ স্বৰ্গ। দেৱতা সকলৰ অৱস্থা কাহিল হৈছিল। অসুৰটোক পৰাস্ত কৰাৰ বাবে দেৱৰাজ ইন্দ্ৰক প্ৰয়োজন হৈছিল এবিধ বিশেষ অস্ত্ৰৰ। সেই অস্ত্ৰ নিৰ্মাণ কৰিব লাগে ঋষি দধিচীৰ দেহত থকা হাড়ৰ পৰা।
দেৱতা সকলক উদ্ধাৰ কৰিবলৈ আগবাঢ়ি আহিছিল ঋষি দধিচী। আত্ম বলিদান আৰু আত্ম উচৰ্গাৰ নিদৰ্শন দাঙি ধৰি হাঁহি হাঁহি মৃত্যু বৰন কৰিছিল। উদ্ধাৰ হৈছিল অসুৰৰ হাতৰ পৰা স্বৰ্গ।
পুৰাণৰ এই কাহিনীৰ সৈতে আজি ৰাজনীতিৰ কি সম্পৰ্ক থাকিব পাৰে? সম্পৰ্ক নিশ্চয় আছে। ৰাহুল গান্ধীয়ে মোডী উপাধিধাৰী লোক সকলৰ সন্দৰ্ভত কৰা মন্তব্যৰ বাবে চুৰাটৰ এখন নিম্ন আদালতে মানহানি গোচৰৰ ৰায়ত দুবছৰৰ কাৰাদণ্ড বিহিলে।
লগে লগে সাংসদ পদ খাৰিজ কৰা হ'ল ৰাহুল গান্ধীৰ। সাংসদ হিচাপে যিটো বাসভৱনত তেওঁ থাকিছিল সেই চৰকাৰী বাসভৱন খালী কৰিবলৈ জাননী প্ৰেৰণ কৰিলে। ৰিপ্ৰেজেন্টেশ্যন অফ পিপল এক্টৰ চেকশ্যন ৮(৪) ত এনে দোষী সাব্যস্ত জনপ্ৰতিনিধিক উচ্চতম ন্যায়ালয়ত আবেদনৰ বাবে ৩ মাহ সময় দিয়াৰ কথা উল্লেখ আছে।
খুব খৰখেদাকৈ যেন চৰকাৰে ৰাহুল গান্ধীৰ ক্ষেত্ৰত সিদ্ধান্ত লৈ পেলালে। ৮ বছৰ তেওঁ কোনো নিৰ্বাচনতে প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰে। লোকসভা সচিবালয়ৰ পৰা জাৰি হ'ল জাননী। সেই সুযোগেই যেন বিচাৰি আছিল কংগ্ৰেছে। লগত থাকিল আন বিৰোধী।
ৰাহুল গান্ধীয়ে সিদ্ধান্ত ল'লে তেওঁক জেললৈ পঠালেও, ৮ বছৰ নিৰ্বাচন খেলিব নিদিলেও তেওঁ এই ৰায়ৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ নহয়। বিৰোধী শক্তি এক হৈছে। ৰাহুল গান্ধীয়ে বুজিছে তেওঁক যদি কাৰাগাৰলৈ প্ৰেৰণ কৰে সেয়া বিৰোধীৰ বাবে দেশবাসীৰ ওচৰত এক আবেগিক শক্তিৰূপে থিয় দিব।
ৰাজনীতিৰ খবৰ নৰখা সকলেও বিষয়টো চৰ্চা কৰিছে। বেকফুটত এতিয়া শাসকীয় বিজেপি। ২০১৩ চনৰ ১০ জুলাইত উচ্চতম ন্যায়ালয়ে এক ৰায়দান কৰিছিল। ন্যায়ধীশ একে পাটনায়ক আৰু এছ জে মুখপধ্যায় বিচাৰপীঠে জনপ্ৰতিনিধিৰ পদ খাৰিজ কৰা সন্দৰ্ভত দিয়া এই ৰায়দানত উল্লেখ কৰিছিল যে কোনো গোচৰত দুবছৰ বা তাতকৈ ওপৰ কাৰাদণ্ডৰে দণ্ডিত হ'লে তেওঁলোকৰ সদস্য পদ তৎকালে বলবৎ হোৱাকৈ খাৰিজ হ'ব।
কিন্তু ৰিপ্ৰেজেন্টশ্যন এফ দ্যা পিপুল এক্টৰ সংশোধনৰ প্ৰয়োজন হৈছিল। সেয়েহে সেই আইনখন সংশোধন কৰিবৰ বাবে মনমোহন সিং চৰকাৰে এখন বিধেয়ক উত্থাপন কৰিছিল। যিখনৰ বিৰোধীতা কৰিছিল বিৰোধীয়ে। সেই সময়ত কংগ্ৰেছৰ উপাধ্যক্ষ পদত থকা ৰাহুল গান্ধীয়েও ইয়াক মুৰ্খামী আখ্যা দি বিধেয়কখন বাতিল কৰাইছিল।
নিজ দলৰ চৰকাৰৰ বিৰুদ্ধে এই স্থিতি লৈছিল ৰাহুল গান্ধীয়ে। আৰু আজি সেইজন ৰাহুল গান্ধীৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ লিলি থমাছ গোচৰৰ ৰায়ৰ আধাৰত ৰাহুল গান্ধীক নিশেষ কৰাৰ ষড়যন্ত্ৰ চলিছে বুলি বিৰোধীয়ে দেশজুৰি প্ৰতিবাদ সাৱ্যস্ত কৰিছে।
এনে কথাও পোহৰলৈ আহিছে যে বিজেপিৰ যি গৰাকী গুজৰাটৰ বিধায়ক পূৰ্নেশ মোডীয়ে এই গোচৰ তৰিছিল সেই গোচৰ তেওঁ উঠাই ল'বলৈও হেনো তেওঁ আদালতত আবেদন জনাইছিল। পুনৰ আদানী প্ৰসংগত ৰাহুল গান্ধী সৰৱ হোৱাত এই গোচৰৰ বিচাৰ প্ৰক্ৰিয়াক তৎকালে কৰি ৰাহুল গান্ধীক এনেদৰে ৰাজনীতিৰ পৰা আঁতৰাই ৰখাৰ কৌশল বিজেপিয়ে ৰচিলে বুলি কংগ্ৰেছে অভিযোগ উত্থাপন কৰিছে।
২০১৯ চনৰ ১৩ এপ্ৰিলত কৰ্ণাটকৰ কোলাৰত এখন নিৰ্বাচনী সভাত অংশ লৈছিল ৰাহুল গান্ধীয়ে। সেই সভাতে ৰাহুল গান্ধীয়ে ভাষণত প্ৰশ্ন কৰিছিল- নীৰৱ মোডী, ললিত মোডী আদি সকলো মোডীয়ে চোৰ হয় কিয়?
এয়া আছিল প্ৰধানমন্ত্ৰীৰ ওপৰত ৰাহুল গান্ধীৰ ৰাজনৈতিক আক্ৰমণ। ২০২৩ চনত হিণ্ডেনবাৰ্গে পোহৰলৈ আনিলে আদানীৰ শ্বেয়াৰ কেলেংকাৰী। পুনৰ ৰাহুল গান্ধীৰ ৰাজনৈতিক আক্ৰমণ চলিল সদনৰ বাহিৰে ভিতৰে। কিয় আদানীক চৰকাৰে ৰক্ষণা-বেক্ষণ দিছে তাক লৈ প্ৰশ্ন তুলিলে ৰাহুল গান্ধীয়ে।
আদালতত পুনৰ আবেদন জনালে গুজৰাটৰ বিধায়ক গৰাকীয়ে যে এই গোচৰ আকৌ চলাব লাগে। সেই মতে গোচৰ চলিল ,আদালতৰ ৰায় আহিল আৰু ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ হ'ল।
দধিচীৰ দৰে ৰাহুল গান্ধীয়ে সাংসদ পদ, নিৰ্বাচনৰ প্ৰতিদ্বন্দ্বিতা কৰাৰ ইচ্ছা আদি সকলো বিসৰ্জন দিয়াৰ কথা ঘোষণা কৰিলে। মুহূৰ্তৰ ভিতৰতে নিস্তেজ হৈ থকা ৰাহুল গান্ধীৰ প্ৰতি এক আবেগৰ ঢৌ সৃষ্টি হ'ল।
পাপ্পু বুলি ভৱা ৰাহুল গান্ধীৰ সমৰ্থনত বিৰোধী একত্ৰিত হোৱাৰ সুযোগ পালে। প্ৰিয়ংকা গান্ধীয়ে ৰাহুল গান্ধীৰ বিৰুদ্ধে গ্ৰহণ কৰা পদক্ষেপক লৈ অসন্তুষ্টি ব্যক্তৰে যি ভাষণ দিলে সেই ভাষণে এক ইতিবাচক ধাৰণাৰ জন্ম দিলে ।
শাসকীয় দলৰ নেতা সকলে ভৱা নাছিল এই পৰ্যায়লৈ এই বিষয়টো লৈ যাব। সন্মুখত ২০২৪ ৰ লোকসভা নিৰ্বাচন। তাৰ পূৰ্বে যেন শক্তি দিয়া হ'ল বিৰোধীক। ৰাহুলক জালত পেলাবলৈ গৈ অস্বস্তিত পৰিছে এতিয়া বিজেপি।
লক্ষণীয় হ'ব বিজেপিয়ে এই পৰিস্থিতি কেনেদৰে চম্ভালে। ৰাহুলক লৈ যি ৰাজনৈতিক গেম খেলা হৈছিল সেই খেলত নিজেই গ'ল খোৱাৰ উপক্ৰম হৈছে শাসকীয় দলটো। এতিয়া না ৰাহুল গান্ধীক জেললৈ পঠিয়াব পাৰে না বাঘৰ পিঠিৰ পৰা নামিব পাৰে। জেললৈ পঠালেও ৰাজনৈতিক ভাৱে বিপদ হ'ব বিজেপিৰ।
ৰাজনীতিত ভ্ৰষ্টাচাৰ আছে কিন্তু সেই ৰাজনৈতিক ভ্ৰষ্টাচাৰৰ আশ্ৰয় লৈ কোনো দলেই নৈতিকতাক সৰ্বত্ৰে বিসৰ্জন দিলে এনে পৰিস্থিতিয়ে হয়। নিজেই সুযোগ ল'বলৈ গৈ এতিয়া দুৰ্যোগৰ সন্মুখীন হোৱাৰ উপক্ৰম হৈছে নেকি শাসকীয় দলটো?
ৰাহুল গান্ধী ৰাজনৈতিৰ প্ৰেক্ষাপটত প্ৰায় নাইকীয়া হোৱাৰ দৰে হৈছিল। ভাৰত জোড়ো যাত্ৰাত অংশ লৈ সেই দৃশ্যপট সলনি কৰিবলৈ চেষ্টা চলাইছিল। সেই নিস্তেজ হৈ পৰা ৰাহুল গান্ধীক পুনৰ ৰাজনৈতিক পৃষ্ঠপোষকতা কৰিলে বিজেপিয়ে। দেশৰ ৰাজনীতিত ৰাহুল গান্ধীৰ পুনৰ জনম হ'ল।
Also Read: দা শ্ব' মাষ্ট গ' অন...