/asomiyapratidin/media/media_files/2025/03/11/yVQbpvrcpFuJVrT5E6kx.png)
মৃদুল কুমাৰ সন্দিকৈ
ভাৰতত যেতিয়া প্ৰথম কম্পিউটাৰ ব্যৱহাৰৰ বাবে চৰকাৰী পৃষ্ঠপোষকতাত সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল তেতিয়া গৰিষ্ঠ সংখ্যক লোকে ইয়াৰ কুফল আৰু ভৱিষ্যতে আহিব পৰা সাম্ভাব্য বিপদৰ কথা আলোচনা কৰিছিল।
তথ্য-প্ৰযুক্তিত এই বিপ্লৱৰ অন্যতম উপাদান কম্পিউটাৰে তেনে প্ৰত্যাহ্বানৰ বিপৰীতে নতুন প্ৰত্যাশা সৃষ্টি কৰি ইয়াক জীৱন অংগ কৰি পেলালে। ২০২৫-২৬ বৰ্ষৰ অসমৰ বাৰ্ষিক বাজেটত ৰাজ্য চৰকাৰে ৰাজ্যখনৰ বাবে এটা নিজা উপগ্ৰহ স্থাপন কৰিব বুলি কৰা ঘোষণায়ো বহুতৰ বাবে আজি হাঁহিৰ খোৰাক যোগাইছে।
কিন্তু এদিন এই পদক্ষেপ সফল হ'লে সেয়া হ'ব অসমৰ বাবে এক উজ্জ্বল আৰু সম্ভাৱনাৰ ভৱিষ্যতৰ ৰূপৰেখা। ৰাজ্য চৰকাৰে ঘোষণা কৰা অনুসৰি এই নতুন উপগ্ৰহটোৰ নাম হ'ব "Assamsat"।
এয়া এক দূৰদৰ্শী দৃষ্টিভংগীৰ প্ৰতিফলন। সেয়া বাস্তৱত সম্ভৱ হৈ উঠিলে অসমে হ'ব নিজা উপগ্ৰহ থকা প্ৰথমখন ৰাজ্য। অৱশ্যে কৃত্ৰিম উপগ্ৰহ এতিয়া বৰ বিশেষ ডাঙৰ বিষয় নহয় যদিও এয়া অতি প্ৰয়োজনীয়।
২০০৯ চনৰ ২০ এপ্ৰিলত ANUSAT নামৰ কৃত্ৰিম উপগ্ৰহটো উৎক্ষেপণ কৰা হৈছিল। ৪০ কেজি ওজনৰ এই উপগ্ৰহটো প্ৰস্তুত কৰিছিল চেন্নাইৰ আন্না ইউনিভাৰছিটিয়ে। কমিউনিকেচন টেকন'ল'জি আৰু স্পেচ টেকন'ল'জিৰ ব্যৱহাৰিক শিক্ষা ছাত্ৰ-ছাত্ৰীক দিয়া বাবে ইচৰ'ৰ সহযোগত PSLV ৰ জৰিয়তে উৎক্ষেপণ কৰা হৈছিল এই উপগ্ৰহটো।
৫.২ কোটি টকা ব্যয়ৰে উৎক্ষেপণ কৰা এই উপগ্ৰহটোৰ পাছত এনে আৰু বহু উপগ্ৰহ মহাকাশলৈ উৎক্ষেপণ কৰা উদাহৰণ ভাৰতত আছে। ২০১০ চনৰ ১২ জুলাইত কেইখনমান আভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে মিলি ইচৰ'ৰ সহযোগতে আন এটা উপগ্ৰহ মহাকাশলৈ উৎক্ষেপণ কৰিছিল।
STUDSAT নামৰ এই উপগ্ৰহটোৰ ওজন আছিল মাত্ৰ ১ কিলোগ্ৰাম। তেনেকৈ বহু কৃত্ৰিম উপগ্ৰহ ভাৰতৰ পৰাই সফলভাৱে উৎক্ষেপণ কৰা উদাহৰণ আছে। এইবোৰ পৰীক্ষা তথা অধ্যয়ণমূলক।
ভাৰতৰ প্ৰথমটো উপগ্ৰহ আৰ্যভট্ট উৎক্ষেপণ ব্যয় আছিল মাত্ৰ ৩ কোটি টকা। তেতিয়াৰ পৰাই ভাৰতৰ মহাকাশ গৱেষণাই বহু নতুন ইতিহাস সৃষ্টি কৰিছে। পৃথিৱীৰ প্ৰায় ২০খন দেশৰ উপগ্ৰহ ভাৰতীয় মহাকাশ সন্থা ইচৰ'ৱে উৎক্ষেপণ কৰি নজিৰ স্থাপন কৰি থৈছে।
সেয়েহে ইচৰ'ৰ সহযোগত অসমৰ এটা উপগ্ৰহ ৪০০ বা ৫০০ কোটি টকা ব্যয়ৰে উৎক্ষেপণ কৰি তাৰ জৰিয়তে বান, প্ৰকৃতি, আগলি বতৰা, যোগাযোগ, নিৰাপত্তা আদি বিষয়ত তথ্য লাভ কৰাটো একো অসম্ভৱ নহয়।
২০২৫-২৬ বৰ্ষৰ বাজেটত আটাইতকৈ আশা ব্যঞ্জক খবৰ এইটো। কিন্তু তাৰ বিপৰীতে ড০ হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালৰ চতুৰ্থ পূৰ্ণাংগ এই বাজেটত ৰাজ্যৰ উন্নয়ণৰ বাস্তৱমুখী পৰিকল্পনাৰ বিপৰীতে আছে নিৰ্বাচনমুখী ল'লিপপ বিতৰণৰ সিদ্ধান্ত।
আজিৰ তাৰিখত এই বাজেটত উল্লেখ থকা মতে ৰাজ্য চৰকাৰৰ সৰ্বমুঠ ঋণ ১,৭২,১৭৪.৭৪ কোটি টকা ধাৰ। যিজন মুখ্যমন্ত্ৰীয়ে তৰুণ গগৈ চৰকাৰৰ দিনত পৰিশোধ কৰিবলৈ থকা ১০ হাজাৰ কোটি টকা ঋণত লৈ তৰ্জন-গৰ্জন কৰিছিল, সেই একেজন মানুহেই এতিয়া ঋণৰ বিকল্প নাই বুলি যুক্তি প্ৰদান কৰে।
আনকি বাজেটত জিএছডিপিৰ বিপৰীতে অসমৰ ঋণৰ অনুপাত ২৪.৩ শতাংশহে বুলি সন্তুষ্টি লভে। তুলনা কৰে ঋণৰ পৰিমাণত পাঞ্জাৱে মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদনৰ ৪১.৪ শতাংশ, হিমাচল প্ৰদেশ ৪১.১ শতাংশ, পশ্চিমবংগই ৩৪.৫ শতাংশ ঋণ লৈ আহিছিল।
কিন্তু প্ৰশ্ন হয়, এইকেইখন আগশাৰীৰ ৰাজ্যই সেই ধন ক'ত ব্যয় কৰিছে? অসমৰ দৰে তেওঁলোকে অভাৰ ব্ৰীজ বনাবলৈ, বিনামূলীয়া আঁচনি ৰূপায়ণ কৰিবলৈ,কৰ্মচাৰকী দৰমহা দিবলৈ খৰচ কৰিছে নে? আন উৎপাদনশীল কামত সেই ধৰণৰ বিনিয়োগ হৈছে সেয়াও পৰ্যালোচনা কৰিবলগীয়া।
বাজেটত চৰকাৰে উল্লেখ কৰিছে ২০১৮ চনৰ পৰা অসমৰ বহনক্ষম বিকাশ লক্ষ্য সাফল্যমণ্ডিত ৪৯ ৰ পৰা ২০২৪ ত ৬৫ লৈ বৃদ্ধি পাইছে। ফলত অসম এখন অগ্ৰগামী ৰাজ্যলৈ পৰিণত হৈছে। ৰাজ্যত দৰিদ্ৰতাৰ হাৰ ৩৬ শতাংশৰ পৰা ১৯ শতাংশলৈ হ্ৰাস হৈছে।
একেখন বাজেটতে উল্লেখ কৰা হৈছে অৰুণোদয়ৰ হিতাধিকাৰীৰ সংখ্যা ৰাজ্যত বৃদ্ধি পাইছে। ২৪ লাখৰ পৰা সেই সংখ্যা ৩৭.২ লাখ হৈছেগৈ। তেন্তে কোনটো কথা সত্য বুলি ধৰিব পাৰি যদি দৰিদ্ৰতাৰ সংখ্যা হ্ৰাস পাইছে তেন্তে অৰুণোদয়ৰ হিতাধিকাৰীৰ সংখ্যা বৃদ্ধি পাইছে কেনেকৈ?
এইবাৰ বাজটত উল্লেখ কৰা অনুসৰি এটা টকা হিচাপত যদি চোৱা যায় মুঠ বাজেটৰ ২৯.০৮ শতাংশহে ৰাজ্য চৰকাৰৰ নিজা ৰাজহৰ পৰা অহা। তাৰ বিপৰীতে ৭০.৯২ শতাংশ ধনেই কেন্দ্ৰীয় সাহাৰ্য্য আৰু ঋণৰ পৰা আহিব।
বাজেটখনত নতুন হিতাধিকাৰী সৃষ্টিৰ বাবে ইটোৰ পাছত সিটো ঘোষণা কৰা হৈছে। এইবাৰ বাজেটতো অৰুণোদয় ৩ ৰ বাবে ৫ হাজাৰ কোটি টকা, মুখ্যমন্ত্ৰী মহিলা উদ্যমিতাৰ আঁচনিৰ বাবে ৩০৩৮ কোটি টকা, মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনিৰ বাবে ৩৯১ কোটি টকা ধায্য কৰা হৈছে।
হিতাধিকাৰী সৃষ্টিত অভিলেখ গঢ়াৰ দৃষ্টিৰে ঘোষণা কৰা এই আঁচনিবোৰৰ লক্ষ্য ২০২৬। খাদ্য সুৰক্ষা নিশ্চিতকৰণ আইনৰ অধীনত ৰাজ্যখনত গ্ৰাম্যাঞ্চলত ৮৪ শতাংশ আৰু নগৰ অঞ্চলত ৬০ শতাংশ লোকক সামৰি ল'বলৈ সক্ষম হৈছে।
ৰেচন কাৰ্ডৰ গৰাকী লৈ চৰকাৰে ৰাজ সাহাৰ্যযুক্ত দাইল,চেনী,নিমখ দিয়াৰ সিদ্ধান্ত লৈছে। ২৫ টকাৰ দৰত ১ কেজিকৈ মচুৰ দাইল,২০ টকা দৰত ১ কেজি চেনী,১০ টকা দৰত ১ কেজি নিমখ দিব চৰকাৰে।মূল্যবৃ্দ্ধিৰ প্ৰভাৱ জনজীৱনত কিদৰে পৰিছে সেই কথাই যেন অনুভৱ কৰিব পাৰিছে এই চৰকাৰে।
সেয়ে হয়তো এই সিদ্ধান্ত চৰকাৰৰ। কিন্তু বাকী সকলক বঞ্চিত কৰি ৰাজ সাহাৰ্যযুক্ত ১ কেজিকৈ মচুৰ, চেনী, নিমখ দিয়া এই ৰাজনীতিতো নিশ্চয় আছে নিৰ্বাচনৰ অংক। যেনেকৈ কিছু লোকৰ বাবে বিদ্যুতৰ মাচুল ১ টকাকৈ হ্ৰাস কৰাৰ ঘোষণাও বাজেটত আছে।
কিতাপৰ বৰ্ষ উদযাপনৰ সিদ্ধান্ত ভাল সিদ্ধান্ত। কিতাপ ক্ৰয়ৰ বাবে চৰকাৰী কৰ্মচাৰীক আকৌ চৰকাৰৰ পৰা এহেজাৰ টকাকৈ অতিৰিক্তভাৱে দিবলৈ গ্ৰহণ কৰা বাজেটৰ প্ৰস্তাৱে কিমান প্ৰকৃত গ্ৰন্থপ্ৰেমী সৃষ্টি কৰিব সেই সন্দেহ ৰৈ যায়।
চৰকাৰী কৰ্মচাৰী সকলে এটা বছৰত নিজৰ দৰমহাৰ পৰাই এহেজাৰ টকাৰ কিতাপ ক্ৰয় কৰিবলৈ ব্যয় কৰিব পৰা সামৰ্থ থাকে। বহু এনে গ্ৰন্থপ্ৰেমী আছে যিসকলে কিতাপ পঢ়িব বিচাৰে কিন্তু কিতাপ ক্ৰয় কৰিবলৈ হাতত ধন নাথাকে। তেওঁলোকক লৈ এনে এক চিন্তা কৰাৰ অৱকাশ আছিল।
বাজেটত কৃষকৰ মাটি বনিয়ালৈ হস্তান্তৰ কৰাৰ বাট মুকলি কৰা হ'ল। বিশেষকৈ কাৰ্বি আংলং আৰু ডিমা হাছাওত উদ্যোগীকৰণৰ নামত সেই কাম সহজভাৱে সম্ভৱ কৰি তুলিবলৈ চৰকাৰে কৌশলপূৰ্ণ সিদ্ধান্ত লৈ পেলালে।
নিৰ্বাচনত শাসকীয় দলৰ টাৰ্গেট হ'ব কোন? বাজেটখন পঢ়িলেই যিকোনো সাধাৰণ লোকে সেই আভাস পাব। চৰকাৰ আৰু শাসকীয় পক্ষৰ দৃষ্টিত এইখন জনমুখী বাজেট। বিৰোধীৰ দৃষ্টিত এইখন নিৰ্বাচনমুখী।
বাজেটৰ বহু ঘোষণা ঘোষণাতে ৰয়। টুইন টাৱাৰৰ সপোন অসমৰ মানুহক এনে এখন বাজেটৰ জৰিয়তে এদিন দেখোৱা হৈছিল। এইবাৰ মানুহে আমাৰ নিজা এটা উপগ্ৰহ হ'ব বুলি সপোন দেখিবলৈ আৰম্ভ কৰিছে।
বিনা কষ্টত ধন পোৱাৰ মোহত সাধাৰণ মানুহবোৰক বন্দী কৰাৰ কৌশল এই চৰকাৰে ভালদৰে শিকিছে। মহিলাৰ পাছত ছাত্ৰ-ছাত্ৰী,চাহ শ্ৰমিক সকলোকে এই মায়াজালেৰে চৰকাৰে বন্দী কৰি পেলাইছে।
মুখ্যমন্ত্ৰীয়ে বাজেটখন বেয়া বুলি ক'লে ধমক দিব যদিও শেষত বাজেট সন্দৰ্ভত এটা কথাই ক'ব লাগিব এইখন বাজেট নহয় নিৰ্বাচনৰ চমক।