/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/0a3b04c0-0933-41b6-a7e9-f5d9a2098f70/AP_FOR_WEB_NEW____bikhekh_lekha_1.jpg)
মৃদুল কুমাৰ সন্দিকৈ
চৌদিশে কেৱল নিৰাশাৰ খবৰ। প্ৰতিবাদ,ধৰ্ণা এইবোৰৰ পৰা সাৰি নগ'ল অসম সাহিত্য সভাও। জাতীয় জীৱনৰ মাগদৰ্শক হিচাপে ১০০ বছৰৰো অধিক সময় গৰকা এই অনুষ্ঠানটোৰ বিৰুদ্ধে এনে প্ৰতিবাদ কাৰোৱেই কাম্য নাছিল।
সকলো পৰিস্থিতিৰ দাস। পৰিস্থিতয়েই মানুহক ক'ৰ পৰা ক'লৈ লৈ যায়। চৰম ক্ষোভেৰে আৱেগিক ভাষাৰে ক'লে সাহিত্য সভাৰ কাৰ্যালয়ত তলা মাৰিবলৈ বা এই প্ৰতিবাদ কৰিবলৈ আমাৰ হাত কঁপি উঠে।
এজন অসম সাহিত্য সভাৰ গুৱাহাটী কাৰ্যালয়ত কৰ্মৰত কৰ্মচাৰীৰ এই মনোবেদনা। সূদত টকা আনি চলিব নোৱাৰা অৱস্থা এতিয়া। ৭ মাহৰ দৰমহা দিম দিম কৈ সাহিত্য সভাৰ কৰ্মকৰ্তা সকলে নিদিলে।
৮ মাহ হ'ব দৰমহা নোপোৱা এই ৩ দিন পাৰ হ'লে। ২৭ ছেপ্টেম্বৰ ২০২২ সোমবাৰে অসম সাহিত্য সভাৰ গুৱাহাটীস্থিত মুখ্য কাৰ্যালয়ত প্ৰতিবাদ সাৱ্যস্ত কৰা এজন কৰ্মচাৰীয়ে নিজৰ দুখৰ কাহিনী কৈ গ'ল।
‘’চলো কেনেকৈ কওক। ৭-৮ মাহ দৰমহা নাপালে আজিৰ দিনত চলিব পাৰি নেকি কোনোবা? সাহিত্য সভাৰ বৰ্তমানৰ সভাপতিক এইবোৰ কথা ক'বলৈ গ'লে তেওঁ একো শুনিবই নিবিচাৰে। কথা কোৱাৰ অৱকাশ নিদিয়ে। কিবা এটা ক'ব ল'লেই হ'ব হ'ব বুলি সাত হাত আঁতৰৰ পৰাই হাত জোকাৰে। কি কৰিম কওক। সেয়েহে এই প্ৰতিবাদৰ ভাষা বিচাৰি লৈছো‘’- কৈ গৈছিল তেওঁ মনৰ কথাবোৰ।
কিছুমান কথা প্ৰকাশ কৰিব পৰা, কিছুমান কথা প্ৰকাশ কৰিব নোৱাৰা। অসম সাহিত্য সভা পৰিচালনা কৰাত চূড়ান্ত ব্যৰ্থ বুলি অভিযোগ তুলিলে বৰ্তমানৰ সভাপতি গৰাকীৰ বিৰুদ্ধে।
সাহিত্য সভাত এতিয়া সাহিত্য চাফা। বিতৰ্ক, খাম খেয়ালীত সাহিত্য সভা বিধ্বস্ত।অসম সাহিত্য সভাৰ এনে দশা হ'ব বুলি কোনোৱে কেতিয়াও কল্পনাই কৰা নাছিল। সাহিত্য সভাৰ গুৱাহাটীৰ উপৰিও যোৰহাট, ডিফুত কাৰ্যালয় আছে। সাহিত্য সভাৰ কাৰ্যালয় সমূহত বৰ্তমান ৪২ জন কৰ্মচাৰীয়ে বিভিন্ন পদত কাৰ্যনিৰ্বাহ কৰি আছে।
এসময়ত অসম সাহিত্য সভালৈ নিয়মীয়াকৈ চৰকাৰে ধন অনুদান দিছিল। বছৰি প্ৰায় ১ কোটি ৪৮ লাখ টকা চৰকাৰী অনুদান পাইছিল সাহিত্য সভাই। সেই ধনেৰে সাহিত্য সভা পৰিচালিত হৈছিল। কৰ্মচাৰী সকলকৰ দৰমহা দিওঁতে প্ৰয়োজন হোৱা ধন তাৰপৰাই ব্যয় কৰা হৈছিল।
যোৱা বাজেটত সাহিত্য সভালৈ চৰকাৰে দিয়া অনুদান কৰ্তন কৰা হ'ল। কমাই দিয়া হ'ল সাহিত্য সভাৰ চৰকাৰী অনুদান। তাৰ পাছতেই সাহিত্য সভাৰ এই অৱস্থা। কৰ্মৰত কৰ্মচাৰী কেইজনকো সাহিত্য সভাই দৰমহা দিব পৰা অৱস্থা নাই।
সাহিত্যৰ মন্দিৰ অসম সাহিত্য সভা। সেই সাহিত্য সভাতেই সাহিত্য কম লবীগিৰী অধিক। কোনো কেনেকৈ কিমান দিন সাহিত্য সভাৰ বিষয় বাব খামুচি ধৰি থাকিব পাৰে তাৰ মন্ত্ৰনা এতিয়া তাত চলে।
আগৰ দৰে অসম সাহিত্য সভাৰ কাৰ্যালয়ত গিজগিজাই থকা পৰিৱেশ নাই। চৰকাৰৰ দৃষ্টিতো যেন সাহিত্য সভা এলাগি হৈ গৈছে। সাহিত্য সভাৰ এক স্বাৱলম্বী ৰূপে গঢ় লৈ উঠা বহু অৱকাশ থাকিলেও কৰ ধন কত সোমাল,কত আছে সেইবোৰ কথা সাধাৰণ লোকে বুজি পোৱাতোৱেই সাঁথৰ। সেই সাঁথৰৰ ভেদ কেতিয়াও নাভাগে।
লকডাউনৰ সময়ত প্ৰধান সম্পাদকে ভুৱা বিল দি কিমান লাখ টকা সৰকালে সেই চৰ্চা সাহিত্য সভাৰ মজিয়াত নহল। ইয়াৰ অনুসন্ধান কৰাৰ দুসাহস সাহিত্য সভাৰ বৰ্তমানৰ সভাপতিয়েও যেন কৰাত বিফল হল।
সাহিত্য সভাৰ কৰ্মচাৰী সকলৰ অৱস্থা সঁচাকৈয়ে বৰ দুখ লগা। পৰিয়াল পোহপাল দিব নোৱাৰা ধৰণেই আৰ্থিকভাৱে তেওঁলোত ভাগি পৰিছে।
এইটোৱেই বাকী আছিল।সাহিত্য সভাৰ কৰ্মচাৰীয়ে সাহিত্য সভাৰ বিৰুদ্ধে প্ৰতিবাদ কৰাৰ পৰিৱেশ যেতিয়া পালেহি সেয়া এটা জাতিৰ বাবে জাতীয় অনুষ্ঠানৰ বাবে কিমান পৰিতাপৰ কথা হব পাৰে।
মানুহৰ আজিৰ তাৰিখত সাহিত্য সভাৰ প্ৰতি আৱেগ নাই। চৰকাৰেও দায়িত্ব কমাই দিছে। এনেকৈয়ে আৰু কিমান দিন চলিব সাহিত্য সভা। জাতীয় অনুষ্ঠানৰ পৰা সাহিত্য সভা কেতিয়াবাই পথচ্যুত হৈছে। সাহিত্য সভা এতিয়া আই চি ইউত। কোন দিনা...