উৎসৱৰ ৰূপত সৰস্বতী বন্দনা; ম্লান পৰিল গণৰাজ্য দিৱস, নিস্ফল আলফা(স্বা)ৰ বন্ধ...

আজি সমগ্ৰ দেশে পালন কৰিলে ৭৪ সংখ্যক গণৰাজ্য দিৱসত। অসমত গণৰাজ্য দিৱসৰ প্ৰাক ক্ষণত আলফা(স্বা)য়ে সৰ্বাত্মক বন্ধৰ আহ্বান কৰিছিল।
উৎসৱৰ ৰূপত সৰস্বতী বন্দনা; ম্লান পৰিল গণৰাজ্য দিৱস, নিস্ফল আলফা(স্বা)ৰ বন্ধ...

বৰষা শৰ্মা

আজি সমগ্ৰ দেশে পালন কৰিলে গণৰাজ্য দিৱস। সমান্তৰালভাৱে পালন কৰিলে বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱীৰ সৰস্বতী পূজাও। সকলো বিদ্যালয়, মহাবিদ্যালয়, কাৰ্যালয় আদিত গণৰাজ্য দিৱস আৰু সৰস্বতী পূজাৰ বাবে সজাই পৰাই তোলা হৈছে।

বহুতে ভাবিছিল একেটা দিনত সৰস্বতী পূজা আৰু গণৰাজ্য দিৱস হোৱাৰ বাবে পূজাৰ উছাহ কিছু পৰিমাণে ম্লান পৰিব। ইয়াৰ মাজতে আজিৰ দিনটোতেই আছিল বিভিন্ন মাংগলিক অনুষ্ঠানো। অনহাতে চৰকাৰে কেইবাদিনো ধৰি চৰকাৰে গণৰাজ্য দিৱসকলৈ চলাইছিল ব্যাপক প্ৰস্তুতি।

সেয়ে দুদিন আগলৈকে বহুতে ভাৱিছিল যে এইবাৰ সৰস্বতী পূজাৰ আনন্দ উছাহ ছাত্ৰ ছাত্ৰী সকলৰ মাজত হ্ৰাস পাব। পিছে সমাজ চিন্তকৰ এনে আশংকা অমূলক প্ৰমাণ কৰি ৰাইজে দুগুণ উৎসাহেৰে পালন কৰিলে বাগদেৱীৰ বন্দনাৰ উৎসৱ।

যাৰ বাবে ম্লান পৰি গ'ল পূৰ্বৰ গণৰাজ্য দিৱসৰ সময়ত ৰাজধানী তথা মহকুমা, জিলা সদৰৰ, বিদ্যালয় মহাবিদ্যালয় আদিত পতাকা উত্তোলনৰ উছাহ ভৰা ব্যস্ততা। তাৰ সলনি দেখা গ'ল পূজাৰ আনন্দ।

এয়া গণৰাজ্য দিৱস বৰ্জনৰ বাবে নহয়। আচলতে চৰকাৰী বন্ধৰ দিনত সৰস্বতী পূজা হোৱা হেতুকে শিক্ষাক-শিক্ষাৰ্থীয়ে নহয় সৰ্বসাধাৰণো নামি পৰিল সৰস্বতী পূজাৰ উলহ মালহত। যাৰ ফলত গুৱাহাটীত বাট পথত পৰিলক্ষিত হয় ৰিহা-মেখেলা পিন্ধা ছাত্ৰীৰ লগতে কোচত কেঁচুৱা লোৱা মহিলাৰ পৰা ছাত্ৰ ,যুৱক, শ্ৰমিক কৰ্মচাৰী অভুতপূৰ্ব ভিৰ।

পূৰ্বতে ২৬ জানুৱাৰীৰ দিনা শিক্ষানুষ্ঠানত শিক্ষাৰ্থীৰ ভিৰৰ বিপৰীতে বাট-পছত পতাকা লগোৱা পাতলীয়া বাহন অথবা উৎসাহী যুৱকৰ বাইক ৰেলী পৰিলক্ষিত হৈছিল। দোকান-বজাৰ প্ৰায় বন্ধয়েই আছিল। চৰকাৰী-বেচৰকাৰী কাৰ্যালয় বিলাকত পুৱাতে উৰিছিল পতাকা। এইবাৰ পিছে যান-বাহনত পতাকা লৈ এপাক ঘূৰাৰ পৰিৱৰ্তে সৰস্বতী পূজাৰ আনন্দ উৎসৱত ভাগ লোৱা সকলোৱে ভিৰ কৰা দেখা গ'ল।

আনকি বিহুৰ দৰে সৰস্বতী পূজাৰ উৎসৱ মুখৰ এই ব্যস্ততাত সেৰেঙা হ'ল বিবাহ ভৱন বোৰত বা ব্যক্তিগত বাসভৱনত অনুষ্ঠিত বিয়া অথবা জোৰনৰ থলীও।

ইয়াৰ পৰা এটা কথায়েই ক'ব পাৰি যে আলফা (স্বা)ৰ সৰ্বাত্মক বন্ধৰ আহ্বানে ৰাইজৰ উছাহত পানী ঢালিব নোৱাৰিলে।অৱশ্যে আলফা (স্বা)য়ে পূজাকে ধৰি মাংগলিক অনুষ্ঠান, সংবাদ মাধ্যম বা অত্যাৱশ্যকীয় সেৱাক এই বন্ধৰ পৰা ৰেহাই দিছিল।

পিছে ছপা মাধ্যমৰ কাৰ্যালয়বোৰত সৰস্বতী পূজাৰ আয়োজন পূৰ্বৰ দৰে বৰকৈ পৰিলক্ষিত নহ'ল। কিয়নো গণৰাজ্য দিৱসৰ বাবে শুকুৰবাৰৰ কাকত প্ৰকাশ নহয়।সেয়েহে ছপা মাধ্যমৰ কাৰ্যালয়ত সাংবাদিক সংবাদ কৰ্মীয়ে সৰস্বতী পূজা পূৰ্বৰ দৰে উদযাপন কৰাতকৈ পৰিয়ালৰ সৈতে সন্তানৰ বিদ্যালয় অথবা  ৰাজহুৱা ভাৱে অনুষ্ঠিত পূজাৰ থলীলৈ বুলি ওলাই আহিল।

সাধাৰণতে সৰস্বতী পূজাত পৰিলক্ষিত নোহোৱা মহানগৰীৰ বহু স্থানত বিশ্বকৰ্মা পূজাৰ দৰে অস্থায়ী মণ্ডপ সাজি সৰস্বতী পূজা উদযাপন কৰা দেখা যায়।  পূজা উদযাপনৰ মাধ্যমক বাগদেৱীৰ এই বন্দনাক যেন সাৰ্বজনীন উৎসৱৰ ৰূপ দিলে প্ৰথমবাৰৰ বাবে।

ইয়াৰ ফলতে মহানগৰীৰ ঘাইপখ সমূহত পাতলীয়া যান বাহনৰ বিপৰীতে এইবাৰ দেখা গ'ল প্ৰচণ্ড ভিৰ। আৰ জি বৰুৱা ৰোড, জি এছ ৰোড,ভি আই পি ৰোডকে ধৰি প্ৰায়বোৰ ঘাইপথতে দুপৰীয়া  যান যটে জীয়াতু ভুগালে জনতাক।

শিক্ষানুষ্ঠান সমূহতো এইবাৰ পূৰ্বৰ তুলনাত অধিক লোকৰ আগমন ঘটিল। সন্দিকৈ কলেজ, গুৱাহাটী কমাৰ্চ কলেজ, গুৱাহাটী বিশ্ববিদ্যালয়, কটন বিশ্ববিদ্যালয়কে ধৰি ব্যক্তিগত শিক্ষানুষ্ঠান তথা কোচিং চেন্টাৰ সমূহ পূৰ্বৰ তুলনাত অধিক উছাহেৰে সৰস্বতী পূজা উদযাপন কৰা পৰিলক্ষিত হয়।

এইখিনিতে প্ৰশ্ন হয়, এই উছাহে আচলতে জ্ঞান আহৰণৰ পিপপাসা বৃদ্ধিৰ ইংগিত দিয়ে নে দিনে দিনে অসমৰ মানুহৰ মাজত আনন্দ উৎসৱৰ প্ৰতি ধাউতি বৃদ্ধি পোৱাৰ কথা সূচায়?

মন কৰিলে পৰিলক্ষিত হয় যে প্ৰায় সকলো ধৰণৰ উৎসৱ, ধৰ্মীয় অনুষ্ঠান আদিত এতিয়া উছাহৰ পৰিমাণ বৃদ্ধি পাইছে। মানুহে উৎসৱ, ধৰ্মীয় অনুষ্ঠান আদিৰ পতাৰ প্ৰকৃত কাৰণৰ পৰা ফালৰি কাটি গৈ গীত-নৃত্যৰে ভৰপুৰ কৰে। বিভিন্ন শিল্পীৰ গীত-নৃত্যৰ অনুষ্ঠান বা বিভিন্ন প্ৰতিযোগিতা সন্নিবিষ্ট কৰা হয়। পৰৱৰ্ত সময়ত সৰস্বতী পূজাও সাংস্কৃতিক সন্ধিয়াৰ থলী হৈ নপৰেতো?

প্ৰশ্ন হয়, সৰস্বতী পূজাতো ধামখুমীয়াত হেৰাই গৈছে নেকি আধ্যিত্মিকতা? ছাত্ৰ-ছাত্ৰী সকলে আজিৰ দিনটোৰ বাবে বছৰ ধৰি অপেক্ষা কৰে। সাজি-কাছি ওলাই আহে বিদ্যাৰ আধিষ্ঠাত্ৰী দেৱীক সেৱা আগবঢ়াবলৈ। আশা মাঁথো এটাই, সাংস্কৃতিক সন্ধিয়া, নৃত্য গীত আদিৰ পৰিৱৰ্তে জ্ঞান, বিদ্যাৰ দেৱী সৰস্বতীৰ পূজা সৰস্বতী পূজায়েই হৈ থাকক...

আৰু পঢ়ক: পাঠান, খান, হিমন্তৰ নহয়, চৰ্চা হওক দিগন্তৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in