‘প্ৰদূষণ’ এতিয়া প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডতে...

ব্যাপক প্ৰদূষণ এতিয়া ৰাজ্যৰ প্ৰদূষণ নিয়ন্ত্ৰণ ব'ৰ্ডত। অসমৰ পৰিৱেশ পৰিস্থিতিত এতিয়া এই অনুষ্ঠানটোৰ এচাম লোকৰ বাবে সোণৰ কণী পৰা হাঁহত পৰিণত হৈছে। উদ্যোগ আৰু আন প্ৰতিষ্ঠান সমূহে

author-image
Asomiya Pratidin
New Update
bikhekh lekha new (FF1)

মৃদুল কুমাৰ সন্দিকৈ

Advertisment

ব্যাপক প্ৰদূষণ এতিয়া ৰাজ্যৰ প্ৰদূষণ নিয়ন্ত্ৰণ ব'ৰ্ডত। অসমৰ পৰিৱেশ পৰিস্থিতিত এতিয়া এই অনুষ্ঠানটোৰ এচাম লোকৰ বাবে সোণৰ কণী পৰা হাঁহত পৰিণত হৈছে। উদ্যোগ আৰু আন প্ৰতিষ্ঠান সমূহে কৰা প্ৰদূষণ নিয়ন্ত্ৰণ কৰিবলৈ এই অনুষ্ঠানটোৰ হাতত গধুৰ দায়িত্ব আৰু ক্ষমতা অৰ্পণ কৰা আছে।

সেই দায়িত্ব আৰু ক্ষমতাকে সম্বল কৰি লৈ প্ৰদূষণ নিয়ন্ত্ৰণ ব'ৰ্ড, অসমৰ বৰ্তমানৰ অধ্যক্ষৰ দায়িত্বত থকা ব্যক্তিগৰাকী চৌদিশে দুৰ্নীতিৰ বেহাৰ মেলাৰ ব্যাপক অভিযোগ আৰু তথ্য প্ৰমাণ পোহৰলৈ আহিছে। 

এই অভিযোগৰ সন্দৰ্ভত অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ সদস্য সচিব গৰাকীয়ে পৰিৱেশ আৰু বন বিভাগৰ যুটীয়া সচিবলৈ লিখিছে এক পত্ৰ। সেই পত্ৰৰ সৈতে তেওঁ এখন প্ৰতিবেদন আৰু অভিযোগবোৰৰ সন্দৰ্ভত সংগ্ৰহ কৰা বহু তথ্য দিছপুৰক জমা দিছে।

উল্লেখযোগ্য যে, বৰ্ডৰ অধ্যক্ষগৰাকীৰ বিৰুদ্ধে উত্থাপিত অভিযোগ তদন্ত কৰিবলৈ তেওঁক চৰকাৰীভাৱে দায়িত্ব দিয়া হৈছিল। তাৰ প্ৰত্যুত্তৰতে সদস্য শ্ৰী দত্তই  চিঠি নং WB/G-295/21-22/491 যোগে ১৫ ফেব্ৰুৱাৰী ২০২৫ত সেই অভিযোগবোৰৰ তদন্ত কৰি কি পালে তাৰ বিস্তৃত প্ৰতিবেদন গাঁঠি দিছে। লগতে এই পত্ৰতে উল্লেখ কৰিছে যে অধ্যক্ষগৰাকীৰ বিৰুদ্ধে উত্থাপিত অভিযোগবোৰৰ বহু তথ্য-প্ৰমাণ ইতিমধ্যে নষ্ট কৰিছে বৰ্তমানৰ অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ অধ্যক্ষ গৰাকীয়ে।

সদস্য সচিব গৰাকীয়ে পৰিৱেশ আৰু বন বিভাগৰ যুটীয়া সচিবক চৰকাৰী পত্ৰযোগে জানিবলৈ দিয়া মতে,বিভাগটোৰ ই মেইল একাউন্ট, ই অফিচ একাউন্ট আৰু OCMMS পৰ্টেলৰ পৰা এই দুৰ্নীতি ফাদিল হোৱাৰ ভয়ত বহু তথ্য ডিলিট কৰা হৈছে। 

ক্ষমতাৰ অপব্যৱহাৰ কৰি বিভিন্ন বিষয়াৰ জৰিয়তে এইগৰাকী অধ্যক্ষই ৰাজ্যৰ বিভিন্ন প্ৰান্তত চৰকাৰী নীতি-নিয়ম নমনাকৈ বহুবোৰ ইটা ভাটা স্থাপনৰ অনুমতি প্ৰদান কৰিছে। ভাৰত চৰকাৰৰ জাননী নং GSR 143 (E) তাং-২২.২.২০২২ ৰ ইটা ভাটা স্থাপন কেনেদৰে কৰিব পাৰিব তাৰ নিৰ্দিষ্ট নিৰ্দেশনা আছে যদিও  সেই নিৰ্দেশনা ভংগ কৰি ছয়গাঁও, বিশ্ব ঐতিহ্যক্ষেত্ৰ মাজুলীত এইগৰাকী অধ্যক্ষক ঢাল হিচাপে লৈ অনীতিগতভাৱে ইটা ভাটা স্থাপনৰ অনুমতি প্ৰদান কৰিছে মুখ্য পৰিৱেশ অভিযন্তা গকুল ভূঞাই। 

বৰ্তমান অধ্যক্ষ গৰাকীক প্ৰথমে ২০২১ চনৰ ২৮ চেপ্তেম্বৰত ৩ বছৰৰ বাবে প্ৰদূষণ নিয়ন্ত্ৰণ ব'ৰ্ডৰ অধ্যক্ষ পতা হৈছিল। প্ৰথমটো কাৰ্যকাল শেষ হোৱা পাছত ২০২৪ ৰ ২৮ চেপ্তেম্বৰত পুনৰ তেওঁৰ কাৰ্যকাল দ্বিতীয়বাৰৰ বাবে বৃদ্ধি কৰা হয়। অসম প্ৰদূষণ নিয়ন্ত্ৰণ ব'ৰ্ডৰ অধ্যক্ষ গৰাকীৰ বিৰুদ্ধে উত্থাপিত অভিযোগ তদন্ত কৰিবলৈ প্ৰথমে অসম চৰকাৰৰ পৰিৱেশ আৰু বন বিভাগৰ যুটীয়া সচিবৰ পৰা ২০ অক্টোবৰ ২০২৪ ত আৰু দ্বিতীয়খন পত্ৰ সেই বিভাগৰ সচিবৰ পৰা ১৩ ডিচেম্বৰ ২০২৪ত সদস্য সচিবগৰাকীলৈ পত্ৰ প্ৰেৰণ কৰা হৈছিল। 

এই দুয়োখন পত্ৰৰ নং ক্ৰমে- ECF  নং 564400/3 আৰু E-590916/4। বিষয়টো তদন্ত কৰি তেওঁক প্ৰতিবেদন জমা দিবলৈ নিৰ্দেশ দিয়া হৈছিল। উত্থাপিত অন্যতম গুৰুত্বপূৰ্ণ অভিযোগ অনুসৰি, অধ্যক্ষগৰাকীয়ে পৰিৱেশ নিয়ন্ত্ৰণ ব'ৰ্ডৰ ভয় দেখুৱাই নৰ্থ-ইষ্ট ৰিনোৱেল এনাৰ্জী ৰিচাৰ্জ লেব চুমকৈ NERERL ৰ সহযোগত ৰাজ্যৰ বহু উদ্যোগ তথা প্ৰতিষ্ঠানৰ পৰা কোটি টকাৰ ধন সংগ্ৰহ কৰিছিল।

কোৱালালামপুৰত এখন চেমিনাৰ আয়োজনৰ বাবে এই ধন সংগ্ৰহৰ অভিযানত নামিছিল। প্ৰদূষণ নিয়ন্ত্ৰণ ব'ৰ্ডৰ সচিব গৰাকীয়ে অধ্যক্ষৰ বিৰুদ্ধে সকলো তথ্য পৰীক্ষা কৰি প্ৰতিবেদনত সেই কথা সচাঁ বুলি উল্লেখ কৰিছে। লগতে প্ৰতিবেদনত গাথিঁ দিছে, এইদৰে ধন বিচাৰি প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডৰ অধ্যক্ষগৰাকীয়ে দিয়া ফৰ্ৱাডিং ইমেইল। প্ৰতিবেদনখনত অধ্যক্ষগৰাকীয়ে স্বাক্ষৰ কৰা আৰু ১২আগষ্ট ২০২৪ত প্ৰেৰণ কৰা তেনে এখন ইমেইল সংলগ্ন কৰি দিছে।

উল্লেখযোগ্য যে, NERERL য়ে আয়োজন কৰা এই চেমিনাৰৰ বাবদ টাইটল স্পনচৰশ্বিপৰ নামতে ৫০ লাখ টকা সংগ্ৰহ কৰা হৈছিল। প্ৰকাশ সিং নামৰ ব্যক্তিজনে NERERL য়ে আয়োজন কৰা এই চেমিনাৰৰ বাবে ধন  সংগ্ৰহ কৰিছিল অসম প্ৰদূষণ নিয়ন্ত্ৰণ ব'ৰ্ডৰ প্ৰভাৱ খটুৱায়।

সিং এই বেচৰকাৰী সংস্থাটোৰ অধ্যক্ষ। লক্ষ্যণীয় যে, বিভিন্ন কোম্পানীৰ মুৰব্বীলৈ প্ৰেৰণ কৰা সেই পত্ৰবোৰত খোদ অধ্যক্ষই চহী কৰিছিল। তেওঁক এই কামত সহায় কৰিছিল অধ্যক্ষগৰাকীৰ বিৰুদ্ধে উত্থাপিত এই অনিয়মৰ মুখ্য সহযোগী তথা অসম প্ৰদূষণ নিয়ন্ত্ৰণ ব'ৰ্ডৰ মুখ্য পৰিৱেশ অভিযন্তা গকুল ভূঞাই।

পৰিষদত প্ৰগেমাৰ হিচাপে কৰ্মৰত সুজিত বৰুৱায়ো এই ধন সংগ্ৰহৰ কামত হাত উজান দিছিল। এনেকৈ অসম প্ৰদূষণ নিয়ন্ত্ৰণ ব'ৰ্ডৰ নামত কোটি টকা সংগ্ৰহ কৰাতো সঁচা বুলি প্ৰমাণ হৈছে। ইফালে অধ্যক্ষ গৰাকীক এম এছ ইডোপেক নামৰ আন এটা বেচৰকাৰী প্ৰতিষ্ঠানক অধ্যক্ষ গৰাকীয়ে মুখ্যমন্ত্ৰী গ্ৰীণ ফেল'শ্বিপৰ দায়িত্ব দিছে। তাতো ব্যাপক খেলিমেলি হোৱাৰ তথ্য এই প্ৰতিবেদনত উন্মোচিত হৈছে। 

সেই এম এছ ইডোপেক নামৰ প্ৰতিষ্ঠানটোৰ গৰাকীও প্ৰকাশ সিং। অসম প্ৰদূষণ নিয়ন্ত্ৰণ ব'ৰ্ডত এনেবোৰ অনেক অনিয়ম-দুৰ্নীতি সংঘটিত হৈ থকা তথ্য এতিয়া চৰকাৰী বিভাগৰ হাতত। প্ৰদূষণ নিয়ন্ত্ৰণৰ বাবে দায়িত্ব অৰ্পণ কৰা অসম চৰকাৰৰ বন আৰু পৰিৱেশ বিভাগৰ অধীনষ্ঠ এই পৰিষদখনৰ ভিতৰচ'ৰা এতিয়া চূড়ান্তভাৱে প্ৰদূষিত হৈ পৰিছে।  

মন কৰিবলগীয়া যে, মালেচিয়াৰ কোৱাল্লামপুৰত NERERLএ আয়োজন কৰা এই চেমিনাৰত পুত্ৰসহ প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডৰ অধ্যক্ষগৰাকীয়ে অংশ লৈছিল। দেখাত চেমিনাৰলৈ যোৱা দেখুৱাইছিল যদিও সেয়া আছিল পিতা-পুত্ৰ বিলাস ভ্ৰমণ। যাৰ সমূদায় খৰছ বহন কৰিছিল NERERLৰ নামত প্ৰকাশ সিঙে। 

এনেবোৰ অনেক অনিয়মৰ লগতে প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডৰ অধ্যক্ষগৰাকীৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ এই তদন্তৰ প্ৰতিবেদন পোৱাৰ পাছত চৰকাৰে এতিয়া বিৰ্তকিত এই অধ্যক্ষজনৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে, সেয়াহে লক্ষ্যণীয় হ’ব। 

অসম প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ড