আমাৰ নতুন ঠিকনা- 'ৰাজীৱ ভৱন' !

আমাৰ নতুন ঠিকনা- 'ৰাজীৱ ভৱন' !

মৃদুল কুমাৰ সন্দিকৈ

ৰাজনীতিৰ খবৰবোৰ অনুমানৰ ওপৰত বহু সময়ত নিৰ্ভৰশীল হয়। কেতিয়াবা মিলি যায়,কেতিয়াবা নিমিলে। কাহিনীৰ দৰে হয় এই খবৰবোৰ। মুহূৰ্ত্তৰ ভিতৰতে ৰাজনীতিৰ খবৰ সলনি হয়।

বহু ৰাজনীতিৰ খবৰত সাতে-পাঁচে মিলিয়ো বাৰ নহয়। আহুকাণে-পহুকাণেও কিছুমান খবৰ মানুহৰ মাজত বিয়পি পৰে। অসমৰ ৰাজনীতিৰ আকাশত এতিয়া এনে এক খবৰে পাকঘূৰণি খাই ঘূৰি আছে।

এই খবৰটো হ’ল- অসমৰ বহুকেইজন ৰাজনৈতিক নেতাৰ ঠিকনা সলনি হ’ব। আমবাৰী,বাজপেয়ী ভৱনৰ সলনি তেওঁলোকৰ নতুন ঠিকনা হ’ব ৰাজীৱ ভৱন।

যিসময়ত কংগ্ৰেছ চাফা কৰিম বুলি বিজেপিৰ একাংশ নেতা-মন্ত্ৰীয়ে উচ্চ বাক্য কৰি আছে; সেই সময়ত এই খবৰে বিশেষ গুৰুত্ব বহন কৰিছে। কিয়নো শাসনত থকা এটা দলৰ পৰা বিৰোধী দললৈ কোনো নেতা-সমৰ্থক যোৱাতো ৰাজনৈতিক দৃষ্টিকোণেৰে গুৰুত্বপূৰ্ণ।

কোন কোন নেতাই ঠিকনা সলনি কৰিবলৈ সাজু হৈছে সেই তালিকা কংগ্ৰেছ নেতৃত্বই বৰ গোপনে ৰাখিছে। ভাগে-ভাগে একাধিক বৈঠক পাতি দললৈ আহিব লগা নেতাসকলৰ সৈতে কথা-বতৰাবোৰ ইতিমধ্যে চূড়ান্ত কৰিছে।

কংগ্ৰেছলৈ মন মেলা এই নেতাসকলৰ ভিতৰত জাতীয়তাবাদী শিবিৰৰ কেইবাজনো জ্যেষ্ঠ নেতা আছে। তাৰ ভিতৰত এজন প্ৰাক্তন স্বাস্থ্য মন্ত্ৰীৰ নাম বিশেষভাৱে চৰ্চালৈ আহিছে। কেৱল এইজন নেতাই নহয়, অগপৰ দুজন প্ৰাক্তন বিধায়কৰ নামো কংগ্ৰেছত যোগদান কৰিব লগা নেতাৰ নামৰ তালিকাত আছে।

এইসকলৰ উপৰিও এজন আঞ্চলিক দলৰ বিধায়কৰ সৈতেও চলি আছে কথা-বতৰা। সকলো থিকে থাকিলে এই কথা সঁচা ৰূপত অসমৰ ৰাইজে দেখিবলৈ পাব অহা ১১ অক্টোবৰ ২০২৩ত।

সেই দিনাই বিজেপি এৰি কংগ্ৰেছত যোগদান কৰিব আন কেইজনমান নেতাই। বিজেপি জিলা পৰিষদৰ গুৰুত্বপূৰ্ণ পদবীত আছিল তেওঁলোক। কিন্তু এই ভাল দিনত তেওঁলোকে কিয় দল এৰি কংগ্ৰেছৰ মজিয়ালৈ ঢাপলি মেলিবলৈ মন মেলিছে সেয়াহে আন এক লাখটকীয়া প্ৰশ্ন।

শাসকীয় বিজেপিৰ সৈতে মিত্ৰতাত থকা 'গণ শক্তি'ৰ এজন শীৰ্ষ পৰ্যায়ৰ নেতাই সন্মতি দিছে কংগ্ৰেছত যোগদান কৰিবলৈ। ১১ অক্টোবৰতে কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বৰ সন্মুখত তেওঁ পিন্ধিবহি গান্ধী টুপি।

কেৱল বিজেপিৰে নহয়। অসম গণ পৰিষদৰ ৪খন আঞ্চলিকৰ ৪জন সম্পাদক হ’ব সেইদিনাই কংগ্ৰেছী। আনকি আম আদমি পাৰ্টিৰ কেইবাখন জিলাৰ সভাপতিয়েও কংগ্ৰেছত যোগদান কৰাতো নিশ্চিত হৈছে।

ৰাইজৰ দলৰ কেন্দ্ৰীয় কমিটিৰ এজন উপ-সভাপতি,এজন সম্পাদকৰ নামো আছে কংগ্ৰেছত যোগদান কৰিব লগা নেতাৰ নামৰ তালিকাত। তাৰে এজনে ২৮ ছেপ্তেম্বৰ ২০২৩ত ৰাইজৰ দলৰ সভাপতিলৈ পদত্যাগ পত্ৰ দাখিল কৰিছে।

এই পদত্যাগ পত্ৰত ৰাইজৰ দলৰ নেতাগৰাকীয়ে ব্যক্তিগত কাৰণত দলৰ সকলো দায়িত্ব আৰু প্ৰাথমিক সদস্য পদৰ পৰা অৱ্যাহতি বিচাৰিছে। এটা ধৰ্মীয় সংগঠনৰ সৈতে জড়িত চহৰীয়া উপাধিধাৰী এজন ব্যক্তিয়ো পিন্ধিব ৰাজনৈতিক বসন। এই ধৰ্মীয় সংগঠনটোৰ যুৱ সংগঠনৰ সেৱা বাহিনীৰ প্ৰাক্তন মুখ্য অধিনায়ক আছিল তেওঁ।য’ত আছে ৪ লক্ষাধিক সেৱক-সেৱিকা।

এই চহৰীয়াৰ নেতৃত্বতে ২০১৬ চনত ৩হাজাৰ কিলোমিটাৰ নিচা মুক্ত ৰাজ্যৰ সংকল্পৰে এক পদযাত্ৰা কৰা হৈছিল। যি পদযাত্ৰাৰ নাম দিছিল-‘জাতীয় চেতনাৰ যাত্ৰা।’ এই যাত্ৰাই প্ৰত্যক্ষভাৱে নহ’লেও পৰোক্ষভাৱে সেই সময়ত বিজেপিক সহায় কৰিছিল।

সদৌ অসম ছাত্ৰ সন্থাৰ এজন প্ৰাক্তন সভাপতিয়ো যোগ দিব কংগ্ৰেছত। ছাত্ৰ সন্থা ত্যাগ কৰাৰ পিছত তেওঁ এটা ৰাজনৈতিক দলৰ সৈতে জড়িত হৈছিল যদিও ৰাজনীতিৰ ক্ষেত্ৰখনত ছাত্ৰ ৰাজনীতিৰ দৰে প্ৰভাৱশালী হ’ব পৰা নাছিল।

কংগ্ৰেছত যোগদান কৰাৰ পিছত তেওঁৰ ৰাজনৈতিক ভাগ্য উদয় হয় নে নহয় সেয়া সময়ে ক’ব। আছুৰে আন দুজন জ্যেষ্ঠ নেতা আদিবাসী ছাত্ৰ সন্থাৰ কেইবাজনো প্ৰাক্তন কেন্দ্ৰীয় নেতায়ো কংগ্ৰেছত যোগদান কৰিবলৈ টঙালি বান্ধিছে। লোকসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছৰ এই যোগদানৰ কাৰ্য্যসূচীয়ে বিজেপিলৈ নিশ্চিতভাৱে এক বাৰ্তা প্ৰেৰণ কৰিব।

শাসকীয় দলে যি আত্মবিশ্বাসেৰে কংগ্ৰেছ চাফা হ’ব বুলি প্ৰত্যয় গৈ আছে;সেই আত্মবিশ্বাসত এই যোগদানৰ কাৰ্য্যসূচীয়ে ৰাজনৈতিক প্ৰতি আঘাত হনাটোৱেই স্বাভাৱিক।

ৰাষ্ট্ৰীয় পৰ্যায়ত বিৰোধীয়ে 'ইণ্ডিয়া' মিত্ৰজোঁট গঠনৰ পাছত অসমতো এনে ৰাজনৈতিক তৎপৰতা আৰম্ভ হৈছে। ৰাহুল গান্ধীক পাপ্পু বুলি হঁহাসকলে তেওঁকলৈ শংকিত হোৱাৰ আভাস দেখা গৈছে।

২০২৪ৰ লোকসভা নিৰ্বাচনত ইয়াৰ প্ৰভাৱ কেনেদৰে পৰে সেয়া সময়ে নিৰ্ধাৰণ কৰিব।কিন্তু দিল্লীৰ পৰা ৰাহুল গান্ধীয়ে প্ৰতিদিন গোষ্ঠীয়ে আয়োজন কৰা ‘কনক্লেভ-২০২৩’ত অংশলৈ এ আই ডি ইউ এফৰ সৈতে ৰাজনৈতিক মিত্ৰতাৰ সম্ভাৱনা নুই কৰাৰ পিছত ৰাজ্যৰ ৰাজনীতি সমীকৰণো সলনি হৈছে।

১১ অক্টোবৰ ২০২৩ৰ পূৰ্বেই বিজেপিৰ জিলা পৰ্যায়ৰ আন কেইবাগৰাকী নেতাই যিকোনো মুহূৰ্ত্ততে কংগ্ৰেছত যোগদান কৰাৰ সম্ভাৱনা আছে। কংগ্ৰেছে ইয়াক ৰাজনৈতিক টেইলৰ হিচাপে প্ৰক্ষেপ কৰিবলৈ সাজু হৈছে।

আমাৰ হাতত পৰা তথ্য অনুসৰি এইসকলৰ ভিতৰত লখিমপুৰ জিলাৰ প্ৰাক্তন বিজেপি সভাপতি কুশ শৰ্মা,জিলাখনৰে প্ৰাক্তন জিলা উপ-সভাপতি অধ্যাপক নাৰায়ণ বৰুৱা,লখিমপুৰ জিলাৰ কিষাণ মৰ্চাৰ সভাপতি কুশল হাজৰিকা,জিলাখনৰ প্ৰাক্তন বিজেপি সম্পাদক জ্যোতি বৰগোঁহাই,জিলাখনৰ মিডিয়া কোষৰ আহ্বায়ক নিত্যা মিলিয়ে যিকোনো মুহূৰ্ত্ততে কংগ্ৰেছত যোগদান কৰিবলৈ সাজু হৈ আছে।

ইয়াৰোপৰি ভূঞা উপাধিধাৰী বিজেপিৰ এজন নেতা,এসময়ত কৃষক মুক্তি সংগ্ৰাম সমিতিৰে জড়িত আৰু বৰ্তমান জাতীয় জীৱনৰ বিভিন্ন বিষয়কলৈ সৰৱ নেতাৰ সৈতেয়ো চলি আছে কথা-বতৰা। অৱশ্যে পূৰ্বতে কংগ্ৰেছত থকা আৰু পৰৱৰ্তী সময়ত আন এক ৰাজনৈতিক দলৰ পৰা বিধানসভা নিৰ্বাচনত অৱতীৰ্ণ হোৱা আন এজন প্ৰাক্তন কৃষক মুক্তিৰ নেতাৰ যোগদানৰ সন্দৰ্ভত কংগ্ৰেছৰ ভিতৰচ’ৰাতে সহমতত উপনীত হ’ব পৰা নাই এতিয়ালৈকে।

প্ৰায় ১৫০জন নেতা-সমৰ্থকৰ কংগ্ৰেছত যোগদানৰ এই পৰ্বই বিৰোধী ঐক্যৰ মাজতো মিশ্ৰিত প্ৰভাৱ পেলাব। কিয়নো শাসকীয় দলৰ উপৰিও কংগ্ৰেছৰ নেতৃত্বত গঠিত বিৰোধী ঐক্য মঞ্চত থকা ৰাজনৈতিক দলৰ নেতাকো দলটোৱে আদৰি ল’বলৈ সাজু হৈছে।

এই ৰাজনৈতিক খবৰৰ সত্যতা সন্দৰ্ভত কংগ্ৰেছে কোনো আনুষ্ঠানিক মন্তব্য দিয়াৰ পৰা বিৰত আছে। কেৱল যোগদান কৰিব বুলি যিবোৰ নাম চৰ্চা হৈ আছে সেয়া শুদ্ধ নহয় বুলি মন্তব্য কৰিছে।

কোনে কোনে কংগ্ৰেছত যোগদান কৰিব সেই তালিকা চূড়ান্ত হোৱা নাই বুলি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই মন্তব্য কৰিলেও ইতিমধ্যে বিজেপিক ৰাজনৈতিক চাৰ্জিকেল ষ্ট্ৰাইকৰ পৰিকল্পনা চূড়ান্ত কৰিছে কংগ্ৰেছে।

আমাৰ নতুন ঠিকনা- 'ৰাজীৱ ভৱন' !
ৰত্নাকৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in