হিমন্ত বিশ্ব শৰ্মা, চৰকাৰী চাকৰি আৰু এজনী এয়াৰ হোষ্টেজৰ কাহিনী...

বৰ্তমান ৰাজ্যত চৰকাৰী চাকৰিৰ নিযুক্তিৰ ক্ষেত্ৰত বহু কেলেংকাৰীৰ কথা পোহৰলৈ আহিছে। চাকৰিৰ নাম টকাৰ লেন দেন হোৱাৰ অভিযোগ উত্থাপন কৰি ইতিমধ্যে .গ্ৰেপ্তাৰ হৈছে ভিক্টৰ দাস। কিন্তু এই সময়ত মুখ্যমন্ত্ৰীয়ে কোনো উচিত ব্যৱস্থা গ্ৰহণৰ বিপৰীতে তৰল মন্তব্য প্ৰদান কৰাহে দেখা যায়।
assam govt job
assam govt job

মৃদুল কুমাৰ সন্দিকৈ

সত্যৰ সদায় জয়।ধৰি লোৱা হওক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কথায়েই সঁচা।তেওঁ কথাবোৰ বহুতৰ বাবে অনুপ্ৰেৰণা দায়ক।এবাৰ মুখ্যমন্ত্ৰী গুৱাহাটীৰ পৰা ডিব্ৰুগড়লৈ বিমানৰে গৈছিল।যাঁওতে বিমানত এগৰাকী বিমান পৰিচাৰিকাৰ সৈতে কথা পাতিছিল।

সেই অভিজ্ঞতাৰ কথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৫ আগষ্ট, ২০২২ত এক অনুষ্ঠানত সাৱলীলভাৱে বৰ্ণনা কৰিছিল। মুখ্যমন্ত্ৰীয়ে ভাষণত কৈছিল-  ‘’মই কেইদিনমান আগতে ডিব্ৰুগড়লৈ যাঁওতে ফ্লাইটত এগৰাকী এয়াৰ হোষ্টেজ আছিল। মই দেখো তাই হোৱাটচএপ কৰি থাকে। মই ভাঁৱো কি লিখি থাকে। মই নমাৰ পাছত শুধিলো যে কি এই বিলাক কৰি থাকে। ইংৰাজীতে কৈছে যে গোটেই ভাৰত বৰ্ষত মোৰ পৰা এভিয়েশ্যনৰ গাইড লাইনচ ল'বৰ কাৰণে মোক হোৱাটচএপ কৰি থাকে। মই এখন ভাৰ্চুৱেল কলেজ খুলিছো। আৰু জ্ঞান ল'বৰ বাবে মোলৈকে প্ৰশ্ন আহি থাকে মই উত্তৰ দি থাকো। আৰু মাহত মই ১ লাখ টকা পাঁও। একো নাই। তাই কেৱল হোৱাটচ এপটোত লিখি থাকে। বিভিন্ন প্ৰশ্ন পঠাই থাকে। ১৫ গৰাকী ছাত্ৰ ছাত্ৰী আছে। এনেকৈয়ে এভিয়েশ্যনৰ এখন কলেজ খুলি লৈছে। মানুহ কিমান ইনোভেটিভ হ'ব পাৰে টেকনলজি হাতত থাকিলে। গতিকে সকলোৱে আদৰি লব লাগে’’।

চৰকাৰী চাকৰিত খেলি মেলি হোৱাৰ কথা ভিক্টৰ দাসে টুইটাৰ যোগে মুখ্যমন্ত্ৰীক জনাইছিল। আৰক্ষীয়ে প্ৰমাণ বিচাৰি নে মুখ বন্ধ কৰিবলৈ ভিক্টৰ দাসক গ্ৰেপ্তাৰ কৰিলে সেয়া নুবুজা কথা হৈ থকা নাই।

গ্ৰেপ্তাৰ কৰাৰ সপক্ষে চৰকাৰী পক্ষই বহু যুক্তি দিছে। ভিক্টৰ দাসৰ ঘৰত নিশা অভিযান চলালে। তেওঁ কাম কৰা বিদ্যালয়খনৰ নিৰ্বাচিত অভিভাৱকৰ অভিযোগক সাৰথি কৰি ,ভিক্টৰ দাসক ভিলেইন সজোৱাৰ প্ৰচেষ্টা কোনো পক্ষই কৰিলে।

সাধাৰণ মানুহৰ বোধগম্য হয় বহু কথা। ভিক্টৰ দাস বিদ্যালয়লৈ সময়মতে অহা নাছিল।কোচিং চেন্টাৰ চলাইছিল। হাতত দুটাকৈ মোবাইল লৈ স্কুললৈ গৈছিল।

 মুখ্যমন্ত্ৰীৰ মুখতো সেই অভিযোগৰ সুৰ। ভিক্টৰ দাসে যদি সঁচাকৈয়ে সময়মতে বিদ্যালয়লৈ যোৱা নাছিল প্ৰধান শিক্ষক আৰু বিদ্যালয় পৰিচালনা কমিটিয়ে ব্যৱস্থা লৈছিলনে?

যদি লোৱা নাছিল কাৰ গাফিলতিৰ বাবে তেওঁ এনে কৰিছিল? ভিক্টৰ দাসক ইমান দিনে সেই কাম কৰিবলৈ সুবিধা দিয়া সকলৰ বিৰুদ্ধে ব্যৱস্থা ল'ব লাগে নে নালাগে?

বিদ্যালয় সমূহৰ চোৱা চিতাৰ দায়িত্বত থকা সংশ্লিষ্ট শিক্ষা বিষয়া গৰাকী কিয় নীৰৱ হৈ আছিল? চৰকাৰী চাকৰিৰ নিযুক্তিত দুৰ্নীতি হোৱা বুলি অভিযোগ তোলাৰ পাছত নতুন নতুন অভিযোগত ভিক্টৰ দাসক অভিযুক্ত কৰাৰ পৃষ্ঠপোষক সকল কোন ?

দুটাকৈ মোবাইল স্কুললৈ লৈ যোৱাতো অপৰাধ নেকি? আজৰি সময়ত মুখ্যমন্ত্ৰীয়ে লগ পোৱা সেই এয়াৰ হোষ্টেজ গৰাকীৰ দৰে ভিক্টৰ দাসে কাৰোবাক অনলাইন যোগে সহায় কৰি দিলে অপৰাধী হোৱাৰ যুক্তি ক'ত?

মুখ্যমন্ত্ৰীয়ে পূৰ্বৰ কথাখিনি হয়তো পাহৰি গৈছে। তেওঁ সেই অভিজ্ঞতাৰ আধাৰত কোনোবা এজন শিক্ষকে এনে কাম কৰি তথ্য আৰু প্ৰযুক্তিৰ জৰিয়তে সময়ৰ উপযুক্ত ব্যৱহাৰ কৰাৰ বাবে তেওঁক সাধুবাদহে দিব লাগে। জেলত ভৰাই থব নিশ্চয় নালাগে।

প্ৰসংগ চৰকাৰী চাকৰি নিযুক্তি। প্ৰসংগ এই অভিযোগ উত্থাপন কৰাৰ পাছত ভিক্টৰ দাসক গ্ৰেপ্তাৰ। তথ্য সহকাৰে চৰকাৰী চাকৰিৰ নিযুক্তিৰ পৰীক্ষাৰ নামত কি চলে আমিনুল হক নামৰ যুৱকজনে উদঙাই দিলে।

লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত তৃতীয় আৰু চতুৰ্থ বৰ্গৰ শতাধিক পদৰ নিযুক্তিৰ বাবে হোৱা লিখিত পৰীক্ষাৰ স্বৰুপ ৰাইজৰ সন্মুখত। ১৭ টাকৈ পদৰ বাবে লিখিত পৰীক্ষাত একোজন প্ৰাৰ্থী উত্তীৰ্ণ হোৱাৰ চমতকাৰ ৰাইজে দেখিলে।

এইবোৰক এতিয়া মুখ্যমন্ত্ৰীয়ে জেমছ বণ্ডৰ চিনেমাৰ লগত ৰিজাব পাৰে। চমৎকাৰ কেনেকৈ হয় চৰকাৰী চাকৰিৰ নামত, তাৰ নমুনা মুখ্যমন্ত্ৰীয়ে নিশ্চয় দেখি শুনি এই কথা উপলব্ধি কৰিছে যে তেওঁ যি নিকা আৰু স্বচ্ছ নিযুক্তি প্ৰক্ৰিয়াৰ কথা কৈ আছে সেয়া বহু দূৰৈত।

ভিক্টৰ দাসক গ্ৰেপ্তাৰ কৰিলে, জয়া কলিতাৰ অভিযোগ দলৰ সভাপতিৰ বিৰুদ্ধে উঠা অভিযোগ বুলি এৰি দিলে, বিজেপিৰে কৰ্মী নগেন ডেকাই চাকৰিৰ বাবে তেতিয়াৰ এজন মন্ত্ৰীৰ কাষ চাপি সন্মুখীন হোৱাৰ অভিজ্ঞতাৰ কথা নুশুনা ভাও জুৰিলেই নিযুক্তি প্ৰক্ৰিয়া  নিকা হ'ব বুলি তেওঁ কেনেকৈ ভাবি ল'ব পাৰে?

আন্তৰিকতা দেখুওৱাক মুখ্যমন্ত্ৰীয়ে। ভিক্টৰ দাসৰ দৰে অভিযোগ তোলা সকলকে কাৰাগাৰত ভৰাই থ'লে চাকৰিৰ দালালৰাজ শেষ নহয়। অন্তত স্বীকাৰ কৰিবলৈ শিকক চাকৰিৰ নামত খেলি মেলি হৈ আছে আৰু সেই খেলি মেলি এতিয়াও আঁতৰ কৰিব পৰা নাই।

এইবোৰ অভিযোগ কোনোবা ৰাজনৈতিক দলৰ অভিযোগ নহয়। ইয়াত ৰাজনীতিতকৈ বাস্তৱ বেছি। মুখ্যমন্ত্ৰীৰ আসনত বহি তেওঁ দিয়া কঠোৰ নিৰ্দেশই সেই ব্যৱস্থাক সলনি কৰি দিব নোৱাৰে। এনেদৰে চাকৰিৰ নামত দালালি কৰা , পিছদুৱাৰেদি নিযুক্তি দিব বিচৰা বহু শক্তিয়ে তেওঁতকৈ চতুৰতাৰে এইবোৰ কাম কৰি আছে।

ভিক্টৰ দাস বাৰু মিছা। ছিপাঝাৰৰ সীমান্ত কলিতাৰ কথাবোৰো মিছা নেকি? খালী OMR ছিট  জমা দিব পৰা ব্যৱস্থা এতিয়া নাইকীয়া কৰিব লাগিব।তেনে ব্যৱস্থাৰ কথা চিন্তা কৰাৰ সলনি  ভিক্টৰ দাসক কাৰগাৰত ভৰাই তেওঁক অস্ত্ৰোপচাৰ কৰি থাকিলে এইবোৰ কেৰুণ শেষ হ'ব কেনেকৈ?

নিযুক্তি প্ৰক্ৰিয়াটোক দুৰ্নীতি মুক্ত কৰিবলৈ গঠন কৰা আয়োগ দুখনৰ কাম এতিয়া কি? ছেবাক ২৬ হাজাৰ চৰকাৰী তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষা অনুষ্ঠিত কৰিবলৈ দিয়া হৈছিল। যি ছেবাই মেট্ৰিক পৰীক্ষাটোৱেই ভালদৰে অনুষ্ঠিত কৰাৰ দৃশ্যান্ত বিৰল।

ছেবাত বৰমূৰীয়া হৈ থকা অৱসৰপ্ৰাপ্ত অমোলা গৰাকী কাৰ ভাতঘৰৰ মানুহ। তেওঁৰ ওপৰত ইমান আস্থা কি কাৰণত? সেইবোৰ প্ৰশ্নও কিন্তু কৰাই কৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সন্মুখত অগ্নি পৰীক্ষা। আৰক্ষীৰ ভয় ভাবুকিৰ পাছতো ভিক্টৰ দাসে নিজৰ স্থিতি এৰা নাই। এটা এটাকৈ অভিযোগ আনেও তুলিছে।

মুখ্যমন্ত্ৰীয়ে সেইবোৰ মিছা বুলিছে। কিন্তু যি ঘটিব লাগে ঘটিয়েই আছে। জাকে জাকে দালাল ধৰা পৰিছে।চাকৰিৰ পৰীক্ষাৰ বেমেজালিয়ে ৰাইজৰ চকু কপাঁলত তুলিছে।তাৰ পাছতো কোনোবাই যদি নিজকেই ভাল বুলিছে, নিযুক্তি প্ৰক্ৰিয়াত কোনো খেলি মেলি হোৱা নাই বুলি দম্ভৰে ঘোষণা কৰিছে তেনেহ'লে ৰজাই ভাল বুলিছে যেতিয়া আমিও ভাল বুলি সময়লৈ অপেক্ষা কৰাৰ গত্যন্তৰ নাইকীয়া হৈছে।

মন কৰিব লগা কথাতো হ'ল কৰবাত ঘাঁ হৈছে। সেই ঘাঁৰ ওপৰত মাখি উৰিছে। মুখ্যমন্ত্ৰীয়ে নিযুক্তিৰ সেই ঘাঁ চিকিৎসা কৰাৰ বিপৰীতে মাখিক গালি পাৰি দায়িত্ব সামৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in