/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/64152a98-953f-475e-b8aa-0e605c47024e/Bekhekh_Lekha_New.jpg)
special writing
মৃদুল কুমাৰ সন্দিকৈ
সকলোকে জীৱনত আয়ৰ এক উৎস লাগে। এটা চাকৰি হ'লে চলি যাব পাৰি ধাৰণাৰে গৰিষ্ঠ সংখ্যক লোকে চাকৰি এটাৰ সপোন দেখে। সাধাৰণ যুৱক-যুৱতী সকলৰ বাবে চৰকাৰী চাকৰি এটা যোগাৰ কৰাতো আজিৰ তাৰিখত অত্যন্ত প্ৰত্যাহ্বানমূলক।
নিবনুৱা সংখ্যা বাঢ়ি গৈ আছে।চৰকাৰী চাকৰিৰ সংখ্যা সেই অনুপাতে বহা নাই। সেয়েহে এটা চৰকাৰী চাকৰি ওলালে হাজাৰ হাজাৰ নিবনুৱাই আবেদন কৰে।
শেহতীয়াকৈ ৰাজ্যত তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিৰ উজান পৰিল। প্ৰথমটো বছৰতে গণি গণি এক লাখ চাকৰি দিম বুলি কোৱা হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে প্ৰায় ২৬ হাজাৰ চাকৰিৰ বাবে পৰীক্ষা পাতিলে।
আপাত দৃষ্টিত এই পৰীক্ষাৰ পানী নসৰকা নিৰাপত্তা বেষ্টনীৰ মাজত অনুষ্ঠিত কৰিলে। পৰীক্ষাৰ সময়চোৱাত ইন্টাৰনেট বন্ধ কৰি কোনো সুৰুঙা ৰখাব নিবিচাৰিলে।
মানুহে কষ্ট খালেও ধৰি ল'লে এইবাৰ শেনৰ এজাত। বহু দিনৰ পৰা চাকৰিৰ ৰমৰমীয়া বজাৰ চলি আহিছে। মেধাৰ ভিত্তিত চাকৰিৰ সলনি প্ৰভাৱশালী চক্ৰৰ কৃপা, ধনৰ লেন দেনৰ বলত বা ৰাজনৈতিক আশীৰ্বাদহে চৰকাৰী চাকৰি এটা দিব পাৰে বুলি মানুহে বিশ্বাস কৰি লৈছিল।
চাকৰিৰ এই অনিয়মৰ নিয়ম নিয়মত পৰিণত হোৱাৰ সময়ত চৰকাৰৰ এনে পদক্ষেপক বহু দৰিদ্ৰ আৰু মেধাৱী ছাত্ৰ ছাত্ৰীয়ে সমৰ্থন কৰিলে।ভাবিছিল এইবাৰ অন্তত নিযুক্তি প্ৰক্ৰিয়া নিকা হ'ব।চৰকাৰী চাকৰিৰ বাবে অনুষ্ঠিত কৰা পৰীক্ষা নিকাকৈ পতাটো এটা প্ৰত্যাহ্বান হৈ পৰিছিল।
কেতিয়াবা প্ৰশ্ন কাকত ফাদিল, আন কেতিয়াবা দালালৰ দপদপনি মানুহে এই চাকৰিৰ প্ৰক্ৰিয়াবোৰ দেখি আহিছে। আনহে নালাগে নেতাৰ, পালি নেতাৰ অঙহী-বঙহীয়ে কি যোগ্যতাৰ ভিত্তিত চাকৰি পাই সেই ৰহস্য এতিয়াও ফাদিল হোৱা নাই।
তাৰ মাজতে আশাৰ সঞ্চাৰ হোৱা ২৬ হাজাৰ চাকৰি নিযুক্তি প্ৰক্ৰিয়াকলৈ যিবোৰ খবৰ পোহৰলৈ আহিব ধৰিছে সেই খবৰবোৰ যদি সঁচা হয় তেনেহ'লে এইবাৰো চৰকাৰী চাকৰি নিযুক্তি আন এক প্ৰহসনত পৰিণত হ'ব।
সামাজিক মাধ্যমত শেহতীয়াকৈ এক অভিযোগ উত্থাপিত হৈছে। টুইটাৰ যোগে ভিক্টৰ দাস নামৰ এজন যুৱকে চৰকাৰী এই চাকৰিবোৰৰ বজাৰ দৰ ৩ ৰ পৰা ৮ লাখ পৰ্যন্ত উঠা বুলি অভিযোগ তুলিলে।
সেই অভিযোগ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা,আৰক্ষী সঞ্চালক প্ৰধানকে ধৰি সংশ্লিষ্ট লোক সকলৰ দৃষ্টিগোচৰ কৰাত সংবাদ মাধ্যমেও এই খবৰ সৱিস্তাৰে প্ৰকাশ কৰিলে। তাৰ পাছতেই এতিয়া এই খবৰ কিমান সঁচা তাক লৈ ব্যাপক চৰ্চা চলিছে।
ভিক্টৰ দাস নামৰ যুৱক জনক আৰক্ষীয়ে অভিযোগ উত্থাপন কৰাৰ পাছত গোপন স্থানত জেৰা কৰিলে। হয়তো আৰক্ষীয়ে এই অভিযোগৰ ভিত্তি কি তাক জানিব বিচাৰিব নতুবা এনে অভিযোগে নিকাকৈ চাকৰি দিম বুলি কোৱা হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ মুখত চাই সনাৰ বাবে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব পাৰে।
যুৱক জনৰ অভিযোগ একেষাৰে সঁচা বুলি ক'ব নোৱাৰি। একেদৰে তেওঁৰ অভিযোগ ভিত্তিহীন বুলি ক'বলৈও পূৰ্বৰ চাকৰি কেন্দ্ৰিক কথা বতৰাবোৰে নকয়। চাকৰিৰ নামত ব্যাপক কেলেংকাৰী হয়।
এতিয়া চৰকাৰী চাকৰিৰ বজাৰে এখন ডাঙৰ বজাৰ। এই চিণ্ডিকেটৰ সৈতে ভাবিব নোৱাৰা ধৰণৰ মানুহ জড়িত হৈ থাকে। পূৰ্বৰ দৰে হেনো এতিয়া কেৱল টকা দিলেই চাকৰি নাপায়। এনে কেলংকাৰী যাতে আইন, আদালতৰ জৰিয়তে প্ৰমাণ কৰিব নোৱাৰি তাৰ বাবেও সতৰ্ক দৃষ্টি ৰাখে এই চক্ৰই।
চাকৰি সকলোকে লাগে। কিন্তু চাকৰিৰ সংখ্যা কম।চাকৰিৰ বাবে টকা দিয়া মানুহৰ অভাৱ নাই। লাখ লাখ টকা দি চাকৰি এটা লৈ তেনে নিযুক্তিৰে পোৱা সকলে দুৰ্নীতিৰ আন এখন বজাৰ নিযুক্তিৰ পাছত গঢ়ে।
এটা সময়ত চৰকাৰী চাকৰি মানুহত মাতি মাতি দিছিল। ইটোৰ পাছত সিটো চৰকাৰী চাকৰি কৰাৰ পৰিৱেশ আছিল। সেই দিনবোৰ এতিয়া সাধুকথাৰ দৰে। ৰাজ্যৰ বাহিৰৰ বহু যুৱক-যুৱতীৰো অসমৰ চৰকাৰী চাকৰিত দৃষ্টি থাকে।
বিভিন্ন নথি পত্ৰ উলিয়াই লৈ অসমৰ বুলি কৈ চৰকাৰী চাকৰি কৰি থকা বহি ৰাজ্যৰ লোকো আছে। এতিয়া কি পদ সেয়া চাবলৈ কাৰো সময় নাই। অসম লোকসেৱা আয়োগে অনুষ্ঠিত কৰা এচিএছ, এপিএছ পৰীক্ষাত কি হাৰত কেলেংকাৰী সেয়া ৰাকেশ পালে দেখুৱাই দিলে।
ইয়াৰ পূৰ্বেও তাৰা প্ৰসাদ দাস বা আন সকলৰ সময়তো এপিএছচি কেলেংকাৰী যে হৈছিল সেয়া সকলোৱে জানে। সৰ্বানন্দ সোণোৱালৰ চৰকাৰৰ দিনত গ্ৰামোন্নয়ন বিভাগত হোৱা নিযুক্তিৰ ব্যাপত খেলি মেলিৰ অভিযোগ উত্থাপন হ'ল যদিও সেইবোৰৰ তদন্তয়ে নহ'ল।
চৰকাৰী নিযুক্তি প্ৰক্ৰিয়াক নিকা কৰিবলৈ ৰজা ঘৰৰ লগতে সমগ্ৰ প্ৰশাসন আৰু ৰাজনৈতিক সদ ইচ্ছাৰ প্ৰয়োজন হ'ব। এবাৰ সেই প্ৰক্ৰিয়া সঠিক পথলৈ আহিলে লাহে লাহে সকলো ঠিক হৈ পৰিব।
টকা দি চাকৰি লোৱা প্ৰৱণতাৰ পৰা আমিও নিজকে মুক্ত কৰি ৰাখিব পাৰিব লাগিব।এয়া কেৱল ইন্টাৰনেট সেৱা বন্ধ কৰি নিযুক্তি প্ৰক্ৰিয়াক নিকা কৰাৰ কথা নহয়। ২৬ হাজাৰ পদৰ বাবে পৰীক্ষাত বহা ১৩-১৪ লাখ ল'ৰা-ছোৱালীয়ে আশা কৰি আছিল এইবাৰ অন্তত সৎ আৰু নিকা নিযুক্তি হ'ব । কিন্তু ভিতৰি ভিতৰি নিযুক্তিৰ নামত যদি এনে বজাৰ বহিছে তেনে এইবাৰো পূৰ্বৰ দৰেই এক ভেকোভাঁওনা যে নহ'ব সেই কথা এতিয়াই ন দি ক'ব নোৱাৰি।