/asomiyapratidin/media/media_files/2025/03/13/f06VITDQfWVUHnJ6XRlZ.png)
বিশেষ লেখা
মৃদুল কুমাৰ সন্দিকৈ
ৰাজ্যৰ এগৰাকী প্ৰভাৱশালী মন্ত্ৰী অশোক সিংহল। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ এজন ঘনিষ্ঠ সতীৰ্থ তেওঁ। এইজন মন্ত্ৰীৰ বিৰুদ্ধে উত্থাপিত হোৱা অভিযোগ গুৰুতৰ যদিও সেই অভিযোগৰহে তদন্ত নহয়। গুৱাহাটী উন্নয়নৰ দায়িত্বও মুখ্যমন্ত্ৰীয়ে তেওঁকেই দিছিল।
হেলিকপ্টাৰত উঠি এইজন মন্ত্ৰীয়ে গুৱাহাটীত কৃত্ৰিম বান পৰিদৰ্শন কৰাৰ খবৰে ব্যাপক চৰ্চা লাভ কৰিছিল। গুৱাহাটী মহানগৰ উন্নয়ন আৰু আন গুৰুত্বপূৰ্ণ দপ্তৰ লাভ কৰা পাছত মন্ত্ৰী অশোক সিংহলে তেওঁৰ বিভাগত অনিয়মকে নিয়ম কৰিছিল।
সেয়া লাগে ঠিকা আৱন্টন বা আন সা-সামগ্ৰী ক্ৰয়ৰ ক্ষেত্ৰত এই মন্ত্ৰীজনৰ হাতোৰা বিয়পি আছে চৌদিশে। ২০২১ চনৰ কথা, গুৱাহাটী স্মাৰ্ট চিটি লিমিটেডৰ ধনেৰে গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণ চমুকৈ জিএমডিএ ২০ খন ছুপাৰ ছাকাৰ ক্ৰয় কৰিছিল।
এই ছুপাৰ ছাকাৰ কেইখন ক্ৰয় কৰা উদ্দেশ্য আছিল মহানগৰীৰ নলা-নৰ্দমাসমূহৰ পৰা বোকা নিষ্কাশন কৰা। মুঠ ২৫.৭৩ কোটি টকা ব্যয় কৰা হৈছিল এই ছুপাৰ ছাকাৰ কেইখন ক্ৰয় কৰিবলৈ। ছুপাৰ ছাকাৰ কেইখন কিনি জি এম ডি এ ইয়াক জি এম চিৰ হাতত গতাই দিছিল।
দুদিনমান গুৱাহাটী পৌৰনিগমে এই ছুপাৰ ছাকাৰ কেইখনেৰে নলা চাফা কৰি বাতৰি শিৰোণামো দখল কৰিছিল। পিছলৈ সেই ছুপাৰ ছাকাৰ ক'ত হেৰাল সেই খবৰ হে নোহোৱা হ'ল। কিন্তু ছুপাৰ ছাকাৰ ক্ৰয়ৰ নামত সংঘটিত হোৱা এক কেলেংকাৰীহে পৰৱৰ্তী সময়ত পোহৰলৈ আহিল।
জিএমডিএ এই ছুপাৰ ছাকাৰ কেইখন ক্ৰয় কৰিছিল টিপিএচ আৰু এম এছ মেণ্ডি এন্টাৰপ্ৰাইজ নামৰ এটা প্ৰতিষ্ঠানৰ পৰা। যি কেইখন ছুপাৰ ছাকাৰ ক্ৰয় কৰিছিল সেই কেইখনৰ মডেল নম্বৰ আৰু বৰ্তমান এই কোম্পানীটোৱে বিক্ৰীৰ বাবে ৰখা ছুপাৰ ছাকাৰৰ মূল্য তুলনা কৰিলে দেখা যায় আকাশ-পাতাল পাৰ্থক্য।
টিপিএচ কোম্পানীয়ে একোখন ছুপাৰ ছাকাৰ বিক্ৰী কৰে ৪৭.২০ লাখ টকাত। কিন্তু একেটা কোম্পানীয়ে ২০২১ চনতে জিএমডিএক বিক্ৰী কৰিলে কেবাগুণ অধিক দামত। একোখন ছুপাৰ ছাকাৰৰ নামত জিএমডিএ টিপিএচ ক আদায় দিলে ১ কোটি ২৮ লাখ ৬৭ হাজাৰ ৯০০ টকাত।
সেই মূল্যতে ২০খন ছুপাৰ ছাকাৰ ক্ৰয়ৰ নামত জিএমডিএ টিপিএচক আদায় দিলে ২৫ কোটি ৭৩ লাখ ৫ হাজাৰ ৮০০ টকা। তথ্য জনাৰ আইনৰ অধীনত এই তথ্য দিলে সংশ্লিষ্ট বিভাগে। আৰ টি আই কৰ্মী দিলীপ নাথক দিয়া তথ্যত এই দুৰ্নীতি পোহৰলৈ আহিল।
গুৱাহাটী নলা-নৰ্দমা পৰিষ্কাৰ কৰা বাবে টিপিএচ ইনফ্ৰাষ্ট্ৰাকচাৰ লিমিটেড আৰু এম এছ মেণ্ডি এন্টাৰপ্ৰাইজে ২.৯.২০২১ ত প্ৰথমে যোগান ধৰিছিল ১০ টা চেট ছুপাৰ ছাকাৰ। যি কেইখনৰ ডাম্প ট্ৰাংক মডেল TATA1512 আৰু মেইন ইউনিট মডেল TATA1918 ।
এই সন্দৰ্ভত আৰটিআই কৰ্মী দিলীপ নাথৰ সৈতে যোগাযোগ কৰাত তেওঁ লাভ কৰা আৰ টি আই তথ্যৰ বিষয়ে সবিশেষ জানিবলৈ দিয়ে। এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে, নলাৰ বোকা নিষ্কাশনৰ বাবে এটা ছুপাৰ ছাকাৰ চেটত দুখনকৈ গাড়ী ব্যৱহাৰ হয়।
তাৰে এখন গাড়ীত জেনেৰেটৰ আৰু আনখন গাড়ীত বোকা নিষ্কাশনৰ যন্ত্ৰাংক থাকে। সেই হিচাপত এই ২০খন গাড়ীয়ে ১০ টা চেট ছুপাৰ ছাকাৰে জিএমচিয়ে নলা নিষ্কাশন কৰিব পাৰে। একোটা ছুপাৰ ছাকাৰত ব্যৱহাৰ কৰা গাড়ীৰ মডেল ক্ৰমে TATA1918 আৰু TATA1512।
দিলীপ নাথে টিপিএচ নামৰ প্ৰতিষ্ঠানটোৰ পৰা এই দুইখন গাড়ীৰ মূল্য সন্দৰ্ভত কোটেচন বিচাৰিছিল। প্ৰতিষ্ঠানটোৱে দিয়া কোটেচনত TATA1918 ৰ মূল্য ৪৭ লাখ ২০ হাজাৰ আৰু TATA1512 মডেলৰ মূল্য প্ৰতিখনে ২৭ লাখ ১৪ হাজাৰ টকা বুলি উল্লেখ কৰে।
এই হিচাপত একোটা চেটৰ ছুপাৰ ছাকাৰ দুয়োখন গাড়ীৰ দাম মিলালে হয় গৈ ৭৪ লাখ ৩৪ হাজাৰ টকা। এই মূল্যৰে জিএমডিএ কিনা ২০ খন গাড়ী অৰ্থাত ১০ টা ছুপাৰ ছাকাৰ চেটৰ সঠিক দাম হ'ব লাগে ৭ কোটি ৪৩ লাখ ৪০ হাজাৰ টকা।
কিন্তু জিএমডিএ এই ছুপাৰ ছাকাৰবোৰৰ এটা চেট ক্ৰয় কৰিলে ২ কোটি ৫৭ লাখ ৩৫ হাজাৰ ৮০০ টকাকৈ। একোটা ছুপাৰ ছাকাৰ চেটত ১ কোটি ৮৩ লাখ ১ হাজাৰ ৮০০ টকাকৈ অতিৰিক্তভাৱে ভৰা ৰহস্য কি?
আৰটিআই কৰ্মী দিলীপ নাথৰ প্ৰশ্ন এই অতিৰিক্ত ধনেৰে কাৰ স্বাৰ্থ সিদ্ধি হ'ল বা কাৰ জেপ ভৰিল? দুৰ্নীতি সহনশীলতাৰ কথা কোৱা মুখ্যমন্ত্ৰীয়ে তেওঁৰ কাষতে থকা বিশ্বস্ত মন্ত্ৰীজনৰ এই বিয়াগোম কেলেংকাৰী উন্মোচন কৰি দিয়াৰ পাছত কিয় তদন্তৰ ব্যৱস্থা কৰা নাই।
২৫ কোটি ৭৩ লাখ ৫ হাজাৰ ৮০০কোটি টকীয়া ছুপাৰ ছাকাৰ ক্ৰয়ৰ নামত ১৮ কোটি ৩০ লাখ ১৮ হাজাৰ টকীয়া এটা কেলেংকাৰী সংঘটিত হৈ গ'ল। বিভাগীয় মন্ত্ৰীজনৰ সেউজ সংকেত নাথাকিলে কেনেদৰে সম্ভৱ এই দুৰ্নীতি বা অনিয়মৰ।
এইজনে হ'ল মন্ত্ৰী অশোক সিংহল। এইবোৰে হ'ল তেওঁৰ বিৰুদ্ধে উত্থাপিত দুৰ্নীতি অনিয়মৰ দস্তাবেজ। সেই বিয়াগোম দুৰ্নীতিৰ তদন্ত এতিয়ালৈ হোৱা নাই। মুখ্যমন্ত্ৰীও মন্ত্ৰী সিংহলক ইয়াৰ বাবে জৱাবদিহি কৰিবলৈ সাহস গোটাব পৰা নাই।
এনেদৰে এচাম মন্ত্ৰীক লুন্ঠনৰাজ চলাবলৈ মুখ্যমন্ত্ৰীয়ে লাইচেন্স প্ৰদান কৰা বুলিয়ে ৰাইজে নাভাৱিবই বা কিয়? হয়তো ইয়াতো থাকিব পাৰে আন কিছু অংক।