সেই শক্তিশালী মন্ত্ৰীজনৰ নাম নুসুধিব...

আজি এজন প্ৰাক্তন আৰক্ষী বিষয়াৰ স্বীকাৰোক্তি। অসম আৰক্ষীত কৰ্মৰত আছিল তেওঁ। সমাজ কল্যাণৰ ২০০০ কোটিৰ কেলেংকাৰীৰ পৰা বহু হাই প্ৰফাইল দুৰ্নীতিৰ গোচৰৰ তদন্ত কৰিছিল তেওঁ।

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
মনম

মৃদুল কুমাৰ সন্দিকৈ

Advertisment

আজি এজন প্ৰাক্তন আৰক্ষী বিষয়াৰ স্বীকাৰোক্তি। অসম আৰক্ষীত কৰ্মৰত আছিল তেওঁ। বহু হাই প্ৰফাইল দুৰ্নীতিৰ গোচৰৰ তদন্ত কৰিছিল তেওঁ। সমাজ কল্যাণৰ ২০০০ কোটিৰ কেলেংকাৰীৰ পৰা আৰম্ভ কৰি কাৰ্বি আংলঙৰ ১২ কোটি টকীয়া অবৈধ সুৰা জব্দলৈকে দুৰ্নীতি কেলেংকাৰীৰ তদন্ত কৰা এই বিষয়া জনৰ নাম মুকুল শইকীয়া।

অৱসৰপ্ৰাপ্ত বিষয়াজনে ৰাকেশ পালৰ দুৰ্নীতি সন্দৰ্ভতো তদন্ত কৰিছিল। সাহস আৰু সততাৰে এই কামবোৰ কৰাৰ বাবে তেওঁ পুৰষ্কাৰ পোৱা নাছিল। চাকৰি জীৱনত তেওঁৰ বাবে বদলিয়ে আছিল পুৰষ্কাৰ। এইগৰাকী অৱসৰ প্ৰাপ্ত আৰক্ষী অধীক্ষকে এখন ৭৪ পৃষ্ঠাৰ কিতাপ লিখিছিল।

২০২৫ ত তেওঁৰ সেই স্বীকাৰোক্তি শীৰ্ষক গ্ৰন্থখন প্ৰকাশ পাইছিল। কিতাপখনত তেওঁ লাভ কৰা অভিজ্ঞতাৰ বৰ্ণনা কৰিছে। এক অৰ্থৎ সেয়া তেওঁৰ চাকৰি জীৱনৰ স্বীকাৰোক্তি। কিতাপখনত লিখা কথাবোৰ এতিয়ালৈকে কোনেও অস্বীকাৰ কৰা নাই।

এ পি এছ চিৰ ৰাকেশ পাল সন্দৰ্ভত তেওঁ তিনিটা অধ্যায় লিখিছে। ২০১৩ ত তেওঁ দুৰ্নীতি নিবাৰক আৰু তদাৰকী সঞ্চালকালয়ত যোগ দিছিল। ৰাকেশ পালৰ সন্দৰ্ভত বাতৰি কাকতত ওলোৱা খবৰৰ ভিত্তিত তেওঁ অসম লোকসেৱা আয়োগত চলা দুৰ্নীতিৰ তদন্ত কৰিবলৈ দায়িত্ব দিয়া হৈছিল।

সেই তদন্ত কৰিবলৈ গৈ তেওঁ কি পৰিস্থিতিৰ সন্মুখীন হৈছিল তাৰ বৰ্ণনা আছে। ওপৰৰ পক্ষৰ হেঁচাত তেওঁক বদলি কৰা হৈছিল। উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত পুনৰ উক্ত পদলৈ তেওঁক ঘূৰাই আনিবলৈ বাধ্য হৈছিল চৰকাৰ।

তাৰ পাছত তেওঁ আৰম্ভ কৰিছিল ৰাকেশ পালৰ বিৰুদ্ধে অনুসন্ধান। এই গ্ৰন্থখনত তেওঁ সেই অভিজ্ঞতাৰ কথা আৰু এজন মন্ত্ৰীয়ে দিয়া অফাৰৰ কথা মুকলিকৈ লিখিছে। মুকুল শইকীয়াই লিখা এই কথাবোৰ তেওঁৰ ভাষাৰে- "ৰাকেশ পালৰ বিৰুদ্ধে মোৰ অভিযানৰ কথা আগৰ অধ্যায়ত উল্লেখ কৰিছোঁ। এই অধ্যায়ত মই এনে কিছু কথা উল্লেখ কৰিম, যিবিলাক তদন্তৰ লগত প্রত্যক্ষভাৱে জড়িত নহয়। কিন্তু কোনোবা শিৰনত কৰা বিষয়া থকাহেঁতেন সমগ্র তদন্ত প্রক্রিয়াটোৱেই কোনো ফলাফল নোলোৱাকৈ শেষ হৈ গ'লহেঁতেন।

মোৰ প্ৰাৰম্ভিক তদন্তৰ প্ৰতিবেদনৰ পাছতেই মোক কাজ-কর্ম নথকা এটা বিভাগলৈ বদলি কৰাৰ কথা আগৰ অধ্যায়টোত উল্লেখ কৰিছোঁ। আদালতে মোক তদন্তৰ নিৰ্দেশ দিয়াৰ তিনি দিন মান পাছত (মোৰ সঠিককৈ মনত নাই) মোৰ দুটা সন্তান আৰু পৰিবাৰ মোৰ গাড়ীৰে মোৰ ঘৰৰ পৰা ওলাই যায়। সেই সময়ত গড়চুকত অ'ভাৰব্ৰীজ নাছিল। গড়চুক চাৰিআলিৰ পৰা লখৰাৰ দিশে কিছু দূৰ আগবঢ়াৰ সময়তেই মোৰ ঘৰৰ সন্মুখৰ পৰাই অনুসৰণ কৰি থকা এখন গাড়ীয়েই গড়চুক পাৰ হৈ হঠাতে আগচি ধৰে। গাড়ীখনত মই নাছিলোঁ।

মোৰ গাড়ীখন পথৰ কাষত থকা নলাত সোমাই যদিও গাড়ীখন বা পৰিয়ালৰ লোকৰ কোনো ক্ষয়-ক্ষতি নোহোৱাকৈ ৰক্ষা পৰিল। লগে লগে ঘটনাস্থলীৰ ওচৰে-পাজৰে থকা মানুহৰ উপস্থিতিৰ হুলস্থূলৰ ফলত আগচি ধৰা গাড়ীখনে তীব্র গতিৰে পলায়ন কৰে। এই ঘটনাটো ৰাকেশ পালৰ তদন্তৰ সৈতে কিবাকৈ জড়িত আছে নে নাই, সেই সম্পর্কে মই নিশ্চিতকৈ ক'ব নোৱাৰিম। কিন্তু এই ঘটনাটোৱে মোক মোৰ পৰিয়ালবৰ্গৰ নিৰাপত্তাৰ বিষয়ে চিন্তিত কৰি তুলিছিল।

সমান্তৰালভাৱে মই ৰাজ্যৰ অন্যতম এক বৃহৎ দুর্নীতিৰ বিৰুদ্ধে যুঁজ দিবলৈ শাৰীৰিক তথা মানসিকভাৱে দায়বদ্ধ আছিলোঁ। উপৰোক্ত ঘটনাৰ সময়ত দুটা কাৰণত মই আৰক্ষীক জনোৱা নাছিলোঁ। কাৰণ, আৰক্ষীক জনোৱাৰ লগে লগে সংবাদমাধ্যমৰ যোগেদি বহুল প্ৰচাৰ হৈ মই চলোৱা অনুসন্ধানত যাতে প্ৰভাৱ নপৰে বা বাধাৰ সৃষ্টি নকৰে, লগতে মোৰ সৰু ল'ৰা (ষষ্ঠ-সপ্তম শ্রেণীত পঢ়ি থকা অৱস্থাত) ৰ ওপৰত যাতে কোনো মানসিক প্ৰভাৱ নপৰে, তাৰ প্ৰতি লক্ষ্য ৰাখিয়েই আৰক্ষীক নজনোৱাৰ সিদ্ধান্ত লৈছিলোঁ।

পৰৱৰ্তী সময়ত ঘটা আন এটা ঘটনা মই উল্লেখ কৰিব খুজিছোঁ। য'ত তেতিয়াৰ এগৰাকী কেবিনেট মন্ত্রী পোনপটীয়াকৈ জড়িত হৈ পৰিছিল। উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত দুর্নীতি নিবাৰক শাখাত যোগ দিয়াৰ ২-৩ দিন পাছত এগৰাকী এম এছ চৌধুৰী নামৰ গুৱাহাটীৰ এখন হোটেলৰ মালিকে তেওঁৰ ফোনৰ পৰা মোলৈ ফোন কৰে।

এম এছ চৌধুৰীক মই ব্যক্তিগতভাৱে জানিছিলোঁ। আমাৰ মাজত এটা ব্যক্তিগত আৰু পাৰিবাৰিক সু-সম্পৰ্ক আছিল। মই আচৰিত হৈছিলোঁ যে ইমান দিনৰ মূৰত হঠাৎ কিয় তেওঁৰ ফোন! ফোনত তেওঁ অসমৰ এজন কেবিনেট মন্ত্ৰীৰ নাম লৈ মন্ত্ৰীগৰাকীয়ে মোৰ সৈতে ফোনত কথা পাতিব বুলি জনায়।

অর্থাৎ তেওঁ যোগসূত্ৰকাৰী হিচাপে সেই দিনাখন মোৰ সৈতে যোগাযোগ কৰিছিল। মন্ত্ৰীগৰাকীয়ে চৌধুৰীৰ ফোনৰ পৰা কৰা যোগাযোগত মই তেওঁক যথোপযুক্ত সন্মান জনাই কথা পাতো। মন্ত্ৰীগৰাকীয়ে মোক সেইসময়ত তেওঁৰ মালিকানাধীন বেলতলাত থকা এখন নির্দিষ্ট হোটেললৈ বিশেষ কথা পতাৰ উদ্দেশ্যেৰে তাৎক্ষণিক নিমন্ত্রণ জনায়। অৱশ্যে মই মোৰ কৰ্মক প্রাধান্য দি সেইদিনাই যাব নোৱাৰিম বুলি কৈ পৰৱৰ্তী দিনটোতহে লগ ধৰিব পাৰিম বুলি জনাওঁ। 

ৰাকেশ পালক লোকসেৱা আয়োগৰ সদস্যৰ পৰা অধ্যক্ষ পদ দিয়াৰ ক্ষেত্ৰত এইগৰাকী কেবিনেট মন্ত্রীয়ে বিশেষ ভূমিকা পালন কৰিছিল। মই অনুসন্ধানত পোৱা মতে তেখেতৰ বহুকেইগৰাকী প্ৰাৰ্থীক অবৈধভাবে নিযুক্তি প্রদান কৰিছিল।

মন্ত্ৰীগৰাকীয়ে মোক ব্যক্তিগত হোটেললৈ মাতি পঠিওৱা বিষয়টো মই সহজভাৱে ল'ব পৰা নাছিলো। কাৰণ তেওঁ ৰাকেশ পালৰ সৈতে গভীৰভাৱে সম্পৰ্ক ৰখাৰ সুনিশ্চিত খবৰ মোৰ হাতত আছিল। সিদিনাই মই ফোনযোগে সমগ্ৰ বিষয়টো মোৰ কাৰ্যালয়ৰ মুৰব্বী অতিৰিক্ত আৰক্ষী সঞ্চালক প্রধান চন্দ্ৰনাথনক জনাওঁ আৰু মন্ত্ৰীক হোটেলত মই লগ কৰা নকৰা সম্পৰ্কে তেখেতৰ পৰামৰ্শ বিচাৰোঁ।

কাৰণ মোৰ গভীৰ সন্দেহ আছিল যে মই তেওঁৰ হোটেললৈ গ'লে মোৰ বিৰুদ্ধে পাকেপ্ৰকাৰে যিকোনো বদনাম বা অভিযোগ আনি মোক ৰাজহুৱা অথবা আইনগতভাৱে হাৰাশাস্তি কৰিব পাৰে বা ব্লেকমেইল কৰিব পাৰে। সেয়ে অতিৰিক্ত সঞ্চালক প্ৰধানলৈ এখন লিখিত আবেদনো প্রদান কৰিছিলো।

অতিৰিক্ত সঞ্চালক প্রধান মহোদয়ে পাছদিনা কার্যালয়ত মৌখিকভাৱে মোক জনাই যে যিহেতু তেখেত বৰ্তমান কেবিনেট সভাৰ এগৰাকী মন্ত্রী, তেখেতে মাতিলে মই যোৱা উচিত। মন্ত্ৰী এগৰাকী য'ত বহে, সেয়াই তেওঁৰ কাৰ্যালয় বুলিও তদানীন্তন সঞ্চালকে মোক জনায়।

সেইমতে পাছদিনা গধুলি সময়ত প্রায় ৬ মান বজাত বেলতলাত থকা মন্ত্ৰী ডাঙৰীয়াৰ হোটেলত উপস্থিত হওঁ। হোটেলৰ ৰিচিপশ্যনত মোৰ নাম কোৱাৰ লগে লগে হোটেলৰ দায়িত্বপ্রাপ্ত কৰ্তব্যৰত ব্যক্তিগৰাকী আহি মোক আদৰণি জনায় আৰু মন্ত্রী মহোদয় বহি থকা এটা বিশেষ কোঠালৈ লৈ যায়। সেই কোঠাটোত আগৰে পৰা ১০-১১ গৰাকী অন্য ব্যক্তি বহি আছিল। তেওঁলোকে মোক আপ্যায়নৰ সময়ত সুৰা গ্ৰহণ কৰিবলৈ অনুৰোধ জনায়।

মই সেই অনুৰোধ একেমুখেই প্রত্যাখ্যান কৰো। কোঠাটোত প্রায় দহ-এঘাৰজন লোকৰ কোনোজনেই মোৰ চিনাকী নাছিল যদিও কথা বতৰাৰ পৰা গম পাইছিলো যে তাৰে মাজত এগৰাকী অধিবক্তাও উপস্থিত আছিল। মোৰ সৈতে প্রথমে মন্ত্রী মহোদয়ে কথাৰ আৰম্ভণি কৰে।

তেওঁ কয় যে ৰাকেশ পাল এগৰাকী ভাল মানুহ। গতিকে উচ্চ ন্যায়ালয়ে মোক যি প্রতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ প্রদান কৰিছে, সেই নির্দেশত মই ইতিপূর্বেই ২০১৩ চনত দিয়া প্ৰাৰম্ভিক প্রতিবেদনৰ তথ্যসমূহ ভুলক্রমে দিয়া বুলিহে দিবলৈ অনুৰোধ জনায় কেবিনেট মন্ত্ৰীগৰাকীয়ে।

তাত উপস্থিত থকা অধিবক্তাগৰাকীয়ে এগৰাকী কেবিনেট মন্ত্ৰীৰ সন্মুখতে মুকলিকৈয়ে ভাবুকি দিয়ে -"আপুনি যদি হাই ক'ৰ্টত ৰাকেশ পালৰ বিৰুদ্ধে কিবা ৰিপ'ৰ্ট দিয়ে, আমি আপোনাৰ বিৰুদ্ধে ৫০০ কোটি টকাৰ মানহানিৰ গোচৰ তৰিম।” অৱশ্যে অধিবক্তাগৰাকীৰ উচ্চবাক্যৰ বিপৰীতে কোঠাটোত উপস্থিত থকা মন্ত্ৰীগৰাকীয়ে মোক সসন্মানে ব্যৱহাৰ কৰিছিল।

এয়া আছিল মোৰ বাবে এক ব্যতিক্রম অভিজ্ঞতা। কাৰণ, কেবিনেট মন্ত্ৰীগৰাকীৰ বাদে অধিবক্তাগৰাকীৰ উপৰিও দহ-এঘাৰগৰাকীৰ ভিতৰত কেইবাগৰাকীয়েও মোক আৱৰি ধৰি উচ্চবাচ্য কৰিছিল। তাৎপর্যপূর্ণ কথা যে সেইসময়ত মোক দিয়া হৈছিল অন্য এক বিশেষ অ'ফাৰ।

যি অফাৰৰ গইনা লৈ ময়ো মোৰ ব্যক্তিগত সম্পত্তিৰ তালিকাখনত আৰু কিছু যোগ কৰি তথাকথিত ধনীতকৈ অলপ বেছি ধনী ব্যক্তিলৈ উন্নীত হ'লো হেঁতেন। অৱশ্যে মোৰ মনত তেতিয়া তেনে কোনো ধাৰণা নাছিল, আজিও নাই। সেয়ে বৰাক উপত্যকাৰ যিকোনো জিলালৈ আৰক্ষী অধীক্ষক হিচাপে বদলিকৰণৰ অ'ফাৰ লাভ কৰিও তাক পোনছাটেই প্রত্যাখ্যান কৰিছিলোঁ।

সেই সময়ত মন্ত্রী মহোদয়ে মোক এই কথা কৈছিল যে পূর্বে মই দিয়া প্রতিবেদনৰ বিপৰীতে এইবাৰ নতুনকৈ দিবলগীয়া প্রতিবেদনত পূৰ্বৰ কথাবোৰ ভুলক্রমে দিয়া বুলি জনাব লাগে আদালতক। কিন্তু এইকথাত মই মন্ত্রী মহোদয়ক স্পষ্টকৈ কৈছিলোঁ যে পূর্বে মই ৰাকেশ পালৰ সম্পৰ্কত দাখিল কৰা প্ৰতিবেদনৰ বিপৰীতমুখী স্থিতি লোৱাটো মোৰ বাবে অসম্ভৱপৰ।

ইয়াৰোপৰিও মই এই ঘটনা সংক্রান্তত প্রত্যক্ষ বা পৰোক্ষভাৱে আৰু কিছু ব্যক্তিৰ পৰা ভাবুকি বা সুযোগ তথা প্রস্তাৱ লাভ কৰিছিলো যদিও সেইবোৰৰ কথা বহলাই লিখিবলৈ গ'লে বহু দীঘলীয়া হ'ব। যদিহে মই পৰৱৰ্তী সময়ত লিখাৰ কথা ভাবো, তেন্তে এইবিষয়ে মই সবিস্তাৰে উল্লেখ কৰিম।"- এয়া হ'ল এজন অনুসন্ধানকাৰী আৰক্ষী অধীক্ষক পৰ্যায়ৰ বিষয়াৰ অসহায় স্বীকাৰোক্তি।

তেওঁ এই মন্ত্ৰীজনৰ নাম লোৱা নাই। কিন্তু তেওঁ কোন বুজাই বুজি পাব। সেই ইংগিত এই স্বীকাৰোক্তিত আছে। কিন্তু এতিয়া এই সকল লোক ধোৱা তুলসীৰ পাত, যিসকলে ৰাকেশ পালৰ দৰে এজন দুৰ্নীতিৰ সম্ৰাটৰ স্ৰষ্টা আৰু মূল পৃষ্ঠপোষক আছিল।

অসম লোক সেৱা আয়োগ