মৃদুল কুমাৰ সন্দিকৈ
এখন তদন্ত আয়োগৰ প্ৰতিবেদন। এ পি এছ চি কেলেংকাৰীৰ তদন্তৰ বাবে গঠন কৰা বিপ্লৱ শৰ্মা আয়োগে প্ৰস্তুত কৰিছিল দুটা খণ্ডৰ প্ৰতিবেদন। দ্বিতীয় খণ্ডৰ ৬৪৫ পৃষ্ঠাজোৰা প্ৰতিবেদনখনত কেইটামান পৃষ্ঠাত থকা এজন বিশেষ ব্যক্তিৰ স্বীকাৰোক্তি এইয়া। প্ৰতিবেদনখনত ৫০০ পৃষ্ঠাৰ পৰা ৫০৮ পৃষ্ঠালৈ আছে সেই ব্যক্তিজনৰ এই বিস্ফোৰক স্বীকাৰোক্তিবোৰ।
আয়োগৰ সন্মুখত তেখেতে স্বীকাৰোক্তি প্ৰদান কৰিছিল ১৮ অক্টোবৰ ২০২১ত। ব্যক্তিজনে তেওঁৰ নাম, পদবী আৰু তেওঁৰ পৰিচয় আয়োগৰ সন্মুখত স্বীকাৰোক্তি প্ৰদানৰ পূৰ্বে শপতযোগে জনাইছিল এইদৰে- “মই ডা০ মৃগেন শইকীয়া, বয়স ৬০ বছৰ, প্ৰয়াত মণিৰাম শইকীয়াৰ পুত্ৰ। মোৰ বাসস্থান বতাহঘুলি, বগৰীতলত। থানা দিশপুৰ আৰু জিলা কামৰূপ মেট্ৰ।
মই এই আয়োগৰ পৰা ৮ অক্টোবৰ ২০২১ত এখন চমন পাইছিলো আৰু সেই ভিত্তিত মই এই স্বীকাৰোক্তি আগবঢ়াইছো। তাৰ পাছত আয়োগক তেওঁ জনোৱা কথাবোৰৰ সাৰংশ এনে ধৰণৰ- বৰ্তমান মই অসম চৰকাৰৰ পশুপালন আৰু পশু চিকিৎসা বিভাগৰ আৰ এ আই অ(নিলম্বিত) কৰ্মৰত। ২৮- ১১- ২০১৬ত মোক ডিব্ৰুগড় থানাৰ গোচৰ নম্বৰ ৯৩৬২০১৬ত অভিযুক্ত কৰি নিলম্বন কৰা হৈছিল।
নিলম্বন হৈ থকাৰ অৱস্থাতে ৩০-১১-২০২১ত মই অৱসৰ লওঁ। মই চি চি ই- ২০১৩ আৰু এই পৰীক্ষা সন্দৰ্ভত যিখিনি কথা জানো, সেই কথাখিনি আয়োগৰ সন্মুখত কব বিচাৰিছো।“ তেওঁ কৈ গৈছিল কথাবোৰ- “ৰাকেশ পাল, তেতিয়াৰ এ পি এছ চিৰ অধ্যক্ষ। তেওঁক মই ২০১২ৰ ডিচেম্বৰৰ পৰা লগ পাইছো। সৎ সংগ বিহাৰৰ ৰেহটিক সন্মিলন অনুষ্ঠিত হৈছিল ২০১২ৰ ডিচেম্বৰৰ পৰা ২০১৩ৰ জানুৱাৰীলৈ।
খানাপাৰাৰ ভেটেনেৰী কেম্পাছত আয়োজন কৰা হৈছিল এই সন্মিলন। মই কেম্পাছ কমিটীৰ সভাপতি আছিলো। সেই সময়ত মোৰ পদবী আছিল মহকুমা বিষয়া। তেওঁ মোক খানাপাৰাৰ ভেটেনেৰী ফিল্ডখন এই সন্মিলনৰ বাবে দিবলৈ অনুৰোধ কৰিছিল। মই তেওঁক এই কামত সহায় কৰিছিলো আৰু এই সম্পৰ্কই পিছলৈ তেওঁৰ ঘনিষ্ঠ হৈ পৰিছিলো।
সেই সময়ত ৰাকেশ পাল আছিল এ পি এছ চিৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ। মই তেওঁক মোৰ পদোন্নতিৰ সন্দৰ্ভত যোগাযোগ ৰক্ষা কৰি চলিছিলো আৰু তেতিয়াই মই এ পি এছ চি গৱেষণা বিষয়া মুকুল ডেকাৰ সংস্পৰ্শলৈ আহিছিলো। ডেকাৰ ভগ্নী আৰু মোৰ পত্নী সহপাঠী আছিল। মই তেতিয়াৰ মুখ্যমন্ত্ৰী তৰুণ গগৈৰ চুবুৰীয়া আছিলো। সেই সূত্ৰে মোৰ সুসম্পৰ্ক আছিল প্ৰয়াত গগৈৰ সৈতে। লাহে লাহে ৰাকেশ পাল আৰু মোৰ সম্পৰ্ক গাঢ় হৈছিল। তেওঁ মোক মুখ্যমন্ত্ৰীৰ এটা সাক্ষাৎ লবৰ বাবে অনুৰোধ কৰিছিল।
সেই অনুসৰি ২০১৩ৰ ফেব্ৰুৱাৰীত ডা০ শইকীয়াই মুখ্যমন্ত্ৰী গগৈৰ ঘৰলৈ লৈ গৈছিল। মুখ্যমন্ত্ৰী গগৈক ৰাকেশ পালে তেওঁক অসম লোকসেৱা আয়োগৰ স্থায়ী অধ্যক্ষ পদত নিযুক্তি দিবলৈ অনুৰোধ জনাইছিল। এবাৰ মুখ্যমন্ত্ৰী গগৈৰ ঘৰলৈ যাওতে তেওঁলোকে কিছু উপহাৰ লৈ গৈছিল।
সেই উপহাৰবোৰৰ ভিতৰত আছিল- সোণৰ চেইন, আঙুঠি, ব্ৰেছলেট আদি। কিয়নো মুখ্যমন্ত্ৰীৰ পুত্ৰ গৌৰৱ গগৈৰ বিয়া আছিল। আৰু এই উপহাৰবোৰ আছিল মুখ্যমন্ত্ৰীৰ পুত্ৰ গৌৰৱ গগৈৰ বাবে। আয়োগৰ সন্মুখত তেওঁ দিয়া স্বীকাৰোক্তি তেওঁৰ ভাষাৰে আছিল এনেধৰণৰ- এবাৰ মই নিজেও মুখ্যমন্ত্ৰী গগৈক এ পি এছ চিৰ অধ্যক্ষ হিচাপে স্থায়ী নিযুক্তি দিবলৈ অনুৰোধো কৰিছিলো। তেওঁ মোক কিছুদিন অপেক্ষা কৰাৰ কথা কৈছিল।
আমাৰ এনে ভ্ৰমণতে মুখ্যমন্ত্ৰী গগৈয়ে জনাইছিল যে ৰাকেশ পালক আয়োগৰ স্থায়ী অধ্যক্ষ কৰিবলৈ তেওঁ পাৰ্চনেল ডিপাৰ্টমেণ্টক নিৰ্দেশ দিছে আৰু এই সন্দৰ্ভত ফাইল পুট- আপ কৰা হৈছে। ইয়াৰ বাবে পালে যাৱতীয় কাম আগবঢ়াই নিবলৈ মোক ৫লাখ টকা দিছিল।
সেই সময়ত এই ফাইলটো ল ডিপাৰ্টমেণ্টৰ টেবুলত ডেপুটি ছেক্ৰেটাৰী এম বৰভুঞাই হল্ড কৰি ৰাখিছিল। মই তেওঁক যোগাযোগ কৰিছিলো আৰু তেওঁ মোক জনাইছিল – এই ফাইলটোত বহু আসোঁৱাহ আছে আৰু ইয়াক সহজতে ক্লিয়াৰ কৰি দিব নোৱাৰি।“
ডা০ শইকীয়াই আয়োগক কোৱা মতে ধন পোৱাৰ পাছত এই ফাইলটো নিস্পত্তি কৰি দিয়া হৈছিল। আৰু ৰাকেশ পালক উপ সচিব এম বৰভুঞাই প্ৰত্যক্ষ যোগাযোগ কৰিবলৈ কৈছিল। পালক এই কথা জনোৱাত তেওঁ বৰভুঞাৰ সৈতে ফোনত কথা পাতিছিল। ৰাকেশ পালে এবাৰ ডা০ শইকীয়াক ফোনযোগে মহানগৰীৰ জি এছ ৰোডত থকা হোটেল প্ৰগতি মেনৰলৈ মাতি পঠিয়াইছিল। তাতে তেওঁ মুকুল ডেকা, অধিবক্তা জাহিদ চৌধুৰী আৰু ডেপুটি ছেক্ৰেটাৰী এম বেজবুৰুৱাক লগ পাইছিল। ৰাকেশ পালৰ ঘনিষ্ঠ সুদীপ দাসো আছিল সেইদিনা।
তাতেই বৰভুঞাক দিবলৈ ডা০ শইকীয়াৰ হাতত টকা ৫০ হাজাৰ দিছিল পালে। অৱশ্যে সেই ধন বৰভুঞাই চিচিটিভি থকাৰ বাবে গ্ৰহণ নকৰি সেয়া পৰৱৰ্তী সময়ত লোৱাৰ কথা কৈছিল। তাৰ কিছুদিনৰ পাছত পালৰ এ পি এছ চিৰ স্থায়ী নিযুক্তিৰ জাননী ওলাইছিল। ৰাকেশ পালে ৰাজভৱনত শপত লৈছিল।
ডা০ শইকীয়াৰ মতে তেতিয়াৰ অসমৰ ৰাজ্যপালগৰাকী পালৰ যথেষ্ট ঘনিষ্ঠ আছিল। ৰাজভৱনলৈ পালে হেনো ব্যক্তিগত নিৰাপত্তাৰক্ষীৰ জৰিয়তে শাক- পাচলি, কাপোৰ আৰু মদৰ বটলো পঠিয়াইছিল। পাল স্থায়ী অধ্যক্ষ নিযুক্ত হোৱাৰ পাছত তেওঁৰ কাষত আৰু বহু মানুহ দেখা পোৱা গৈছিল। সুদীপ দাস আৰু সঞ্জয় সাহাই সেই দৰ্শনাৰ্থীসকলৰ চোৱা-চিতা কৰিছিল।
প্ৰসেনজিৎ কুমাৰ ঘোষ পূৰ্বতে টেক্স ইনস্পেক্টৰ হিচাপে নিৰ্বাচিত হৈছিল। ২০১৪ৰ চি চি ইত তেওঁ পুনৰ পৰীক্ষাত ডি টি অ’তপদত নিযুক্তি পাইছিল। ইয়াৰ বাবে তেওঁ বগা ৰঙৰ এখন ডাষ্টাৰ কাৰ পালৰ নিৰ্দেশত সৎ সংগ বিহাৰত দিব লগা লৈছিল। এই গাড়ীখন দুবছৰ ধৰি সৎ সংগ বিহাৰত চলিছিল আৰু পৰৱৰ্তী সময়ত ছয়মাইলৰ ভগৱান দাস নামৰ এজন লোকে ক্ৰয় কৰিছিল।
এইবোৰ তথ্য আৰু কথা ডা০ শইকীয়াই দিয়া ভাষ্যৰ পৰা জনা। ভগৱান দাস ৰাকেশ পালৰ ঘনিষ্ঠ আছিল। লিংগ পাৰ্থক্যকে নজনা দাসৰ পুত্ৰ ৰাকেশ দাসকো এ চি এছ দিছিল। লাহে লাহে ৰাকেশ পালৰ সৈতে ডা০ শইকীয়াৰ কিছু দুৰত্ব বাঢ়িছিল। সেই সময়ত ৰাকেশ পালৰ কাষত আছিল বিকাশ কুমাৰ প্ৰিন্সা, কৌশিক কুমাৰ কলিতা, ভাস্কৰ দত্ত দাস আদি। এওলোক ৩জনে ৰাকেশ পালে দিয়া নিৰ্দেশ অনুসৰি এ পি এছ চি পাব লগা পৰীক্ষাৰ্থীৰ উত্তৰ বহী লিখি দিছিল।
তেওঁলোকৰ এইবোৰ কথা ডা০ শইকীয়াই সকলোবোৰ গম পাইছিল। জানিছিল তেওঁ ভুৱা উত্তৰ বহীবোৰ ৰাকেশ পালৰ ভাতৃ ৰাজীৱ পালৰ জি এছ ৰোজৰ ভঙাগড়ত থকা ছপাশালত ছপা কৰাৰ কথা। অদীপ নুনিচাই ৫০ লাখ টকা এবাৰ তেওঁক দিছিল। ৰাকেশ পালক সেই ধন দিবলৈ নুনিচাই তেওঁক কৈছিল কাৰণ নুনিচাৰ জোঁৱাইয়েক গুলচান দাওলাগাপোৰ বাবে তেওঁ এটা চাকৰি বিচাৰিছিল।
২০১৪ত নুনিচাৰ জোঁৱায়েকে ডি এছ পি হিচাপে নিৰ্বাচিত হৈছিল। ৰাকেশ পালৰ নৈতিক চৰিত্ৰও হেনো ভাল নাছিল। এই কথা আয়োগক জনাইছিল ডা০ শইকীয়াই। পালৰ পত্নী আৰু মাতৃয়েও এই কথা জানিছিল। যাৰ বাবে পালৰ পত্নীয়ে তেওঁৰ পৰা আঁতৰি থাকি এটা ফ্লেটত বাস কৰিছিল।
এনেবোৰ বহু গোপন কাহিনী আৰু অধ্যায় কৈ গৈছিল ডা০ শইকীয়াই। চাকৰি প্ৰত্যাশী প্ৰাৰ্থীৰ পৰা সংগ্ৰহ কৰা ধন তেওঁ ঝাৰখণ্ডৰ দেওঘৰ আৰু মেঘালয়ৰ তুৰালৈ পঠিয়াইছিল। ঝাৰখণ্ডত তেওঁৰ জ্যেষ্ঠ ভগ্নী আৰু তুৰাত তেওঁৰ কনিষ্ঠ ভগ্নীয়ে বাস কৰিছিল।
আয়োগৰে সদস্য চামেদুৰ ৰহমান আৰু ড০ বসন্ত কুমাৰ দলেও এ পি এছ চিৰ সদস্য হৈ এই অনিয়মৰ সৈতে জড়িত হৈ পৰিছিল। তেওঁলোকৰ নিজা নিজা প্ৰাৰ্থী আছিল আৰু সেই প্ৰাৰ্থীসকলৰ পৰা তেওঁলোকে ধন সংগ্ৰহ কৰিছিল। ড০ দলেয়ে এগৰাকী মহিলাক নিয়োগ কৰি এই সংগ্ৰহত নামি পৰিছিল।
ৰাকেশ পালৰ হৈ ডা০ মৃগেন শইকীয়াই বহুলোকক ধনো দিছিল। আয়োগৰ এই প্ৰতিবেদনৰ ৫০৭ পৃষ্ঠাত ডা০ মৃগেন শইকীয়াই ৰাকেশ পালৰ হৈ তেওঁ ধন দি মেনেজ কৰিব খোজা লোকসকলৰ নাম উল্লেখ কৰিছে। শইকীয়াৰ মতে আৰ টি আই এক্টিভিছ দুলাল বৰা আৰু সেই সময়ৰ কৃষক মুক্তিৰ নেতা কমল কুমাৰ মেধিক তেওঁ নিজ হাতে ধন তুলি দিছিল। দুলাল বৰাক ২লাখ টকা দিয়াৰ কথা উল্লেখ কৰিছে ডা০ শইকীয়াই। এখন চুৰি গাড়ীৰ সন্দৰ্ভত দুলাল বৰাই ৰুজু কৰা গোচৰৰ বাবে দিয়া হৈছিল। যিটো গোচৰ ধন পোৱাৰ পাছত দুলাল বৰাই প্ৰত্যাহাৰ কৰিছিল।
অখিল গগৈক যোগাযোগ কৰিবলৈ পালে অনুৰোধ কৰিছিল ডা০ শইকীয়াক। সেই মতে ডা০ শইকীয়াই অখিল গগৈৰ চানমাৰিৰ ঘৰলৈ গৈছিল। পালৰ সৈতে অখিল গগৈয়ে টেলিফোনত কথা পাতিছিল। তেওঁৰ সাক্ষাৎৰ স্থান আৰু সময়ো নিৰ্ধাৰণ কৰিছিল। পৰৱৰ্তী সময়ত অখিল গগৈয়ে সেই সাক্ষাৎ নকৰি পালক কমল কুমাৰ মেধিৰ সৈতে যোগাযোগ কৰিবলৈ কৈছিল।
২০১৪ত কমল কুমাৰ মেধিক ৩লাখ টকা দিছিল ৰাকেশ পালৰ হৈ ডা০ শইকীয়াই। এইবোৰেই হ’ল এ পি এছ চি কেলেংকাৰীৰ কিছু অকথ্য কাহিনী। ইয়াৰ সত্যতা আৰু অভিযোগৰ আঙুলি উঠা সকলে নিশ্চয় তেওঁলোকৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ সন্দৰ্ভত নিজৰ স্থিতি স্পষ্ট কৰিব পাৰিব।
অখিল গগৈয়ে ইতিমধ্যে কমল কুমাৰ মেধিক স্থিতি স্পষ্ট কৰিবলৈ আহ্বান জনাইছে। বৰ্তমান বিজেপিত থকা কমল মেধিয়ে স্থিতি স্পষ্ট কৰিলে আন বহু দিশ উন্মোচন হ’ব। এজন মানুহৰ কেলেংকাৰীৰ বোকা কেনেকৈ কাৰ গাত ছিটিকি পৰি আছে, সেয়া সাধাৰণ মানুহে কল্পনাই কৰিব নোৱাৰে।