লুট ফুকন লুট...

পত্নীৰ প্ৰতি হয়তো বিশ্বজিৎ ফুকনৰ এয়া আন্তৰিকতাৰ নমুনা। কিন্তু বেংকৰ আন বহু সৎ পথত থকা বিষয়াৰ কৰ্মচাৰীৰ মতে এয়া এপেক্স বেংকত গ্ৰাহকে জমা থোৱা ৰাজহুৱা ধনৰ অপচয়।

author-image
Asomiya Pratidin
New Update
ুপ

মৃদুল কুমাৰ সন্দিকৈ

Advertisment

এপেক্স বেংকৰ ভিতৰচ'ৰাত ফুকন বাহিনীয়ে কি হাৰত লুন্ঠন চলাই আছে সেয়া অকল্পনীয়। বাহিৰত অতি ভদ্ৰ লোক যেন দেখা এইগৰাকী সৰুপথাৰ সমষ্টিৰ বিধায়ক তথা এপেক্স বেংকৰ অধ্যক্ষ ফুকনক যেন বেংকটোত লুন্ঠন চলাবলৈ নিযুক্তি দিয়া হৈছে।

এপেক্স বেংকে আন কোনো শৈক্ষিক প্ৰতিষ্ঠান বা মহাবিদ্যালয়ক আৰ্থিক অনুদান দিয়াৰ নজিৰ নাই। সম্ভৱতঃ অসমৰ এখন মহাবিদ্যালয়কে এই বেংকটোৱে না কৰিব নোৱাৰে। সেয়েহে মহাবিদ্যালয়খনত এখন চেমিনাৰ পাতিবলৈ বেংকৰ ফালৰ পৰা দিয়া হৈছিল ২.২০ লাখ টকা।

বেংকৰ ৱৰ্ড অফ ডাইৰেক্টৰচৰ কোনো অনুমতিৰ অবিহনেই অধ্যক্ষ বিশ্বজিৎ ফুকনৰ অনুগ্ৰহত এই ধন লাভ কৰা মহাবিদ্যালয়খনৰ নাম সৰুপথাৰ মহাবিদ্যালয়। চেমিনাৰৰ বাবে স্পনচৰশ্বিপ লাভ কৰা এই মহাবিদ্যালয়খনৰ অধ্যক্ষ প্ৰাপ্তি ঠাকুৰ।

শ্ৰীমতী ঠাকুৰ ফুকনৰ সহধৰ্মিনী হোৱাৰ বাবেই এপেক্স বেংকে এই কৃপা কৰি আহিছে। সময়ে সময়ে আন আলোচনী এই মহাবিদ্যালয়ৰ পৰা প্ৰকাশ হ'লে এপেক্স বেংকৰ এটা বিজ্ঞাপন থকাতো নিয়মে হৈ পৰিছে। সেই সত্যতা প্ৰমাণ কৰিবলৈ এই কথা অবিশ্বাস কৰা সকলে সৰুপথাৰ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ জাৰ্নেল পানচৈৰ সংখ্যবোৰ চালেই যথেষ্ঠ।

পত্নীৰ প্ৰতি হয়তো বিশ্বজিৎ ফুকনৰ এয়া আন্তৰিকতাৰ নমুনা। কিন্তু বেংকৰ আন বহু সৎ পথত থকা বিষয়াৰ কৰ্মচাৰীৰ মতে এয়া এপেক্স বেংকত গ্ৰাহকে জমা থোৱা ৰাজহুৱা ধনৰ অপচয়। বিশ্বজিৎ ফুকনৰ এনে বহু অনিয়মৰ কাহিনীৰে লিখা পত্ৰ গৈ পাইছেগৈ ৰিজাৰ্ভ বেংকৰ উৰ্ধ্বতম কৰ্তৃপক্ষৰ।

অভিযোগৰ আঙুলি উঠিলে চতুৰ বিশ্বজিৎ ফুকনে এই দোষ জাপি দিয়ে আন কাৰোবাৰ গাত। ইমান দিনে তেনেকৈয়ে তেওঁ নিজকে ৰক্ষা কৰি আহিছে। অলপতে অসম চৰকাৰৰ সমবায় বিভাগৰ উপ সচিবে এখন পত্ৰ প্ৰেৰণ কৰিছে ৰেজিষ্টাৰ অৱ কৰ্পাৰটিভ চ'ছাইটিলৈ।

৩ মাৰ্চ ২০২৫ ত সমবায় বিভাগৰ উপ সচিব শান্তনু গগৈয়ে লিখা এই পত্ৰৰ নম্বৰ COOP 623864/4। পত্ৰখনৰ বিষয় হ'ল এপেক্স বেংকৰ ভিতৰত সংঘটিত আৰ্থিক কেলেংকাৰী সন্দৰ্ভত। পত্ৰখনত উপ সচিব গগৈয়ে কৰ্পাৰটিভ চ'ছাইটিচৰ পঞ্জীয়কক জনাইছে যে কেন্দ্ৰীয় চৰকাৰৰ তদাৰকী কোষে এই অনিয়মৰ সন্দৰ্ভত ৩০ জানুৱাৰী ২০২৫ ত এখন অভিযোগ পত্ৰ দাখিল কৰিছে।

সেয়েহে পঞ্জীয়ক গৰাকীক বিষয়টো পৰীক্ষা কৰি ১৫ দিনৰ ভিতৰত এখন প্ৰতিবেদন জমা দিবলৈ নিৰ্দেশ দিয়া হৈছে। বিষয়টো অতি জৰুৰী বুলি উল্লেখ কৰি এই পত্ৰত এয়াও লিখা হৈছে যে, সমবায় বিভাগৰ অতিৰিক্ত মুখ্য় সচিবৰ অনুমোদন সাপেক্ষে তেওঁক এই নিৰ্দেশ দিছে।

কেন্দ্ৰীয় চৰকাৰৰ ভিজিলেন্স কমিছনাৰলৈ লিখা এই পত্ৰত উল্লেখ আছে আন এক বিস্ফোৰক অনিয়মৰ কাহিনী। এই কাহিনীৰো খলনায়ক হিচাপে পত্ৰখনত এপেক্স বেংকৰ অধ্যক্ষ বিশ্বজিৎ ফুকনলৈকে আঙুলি টোৱা হৈছে। এপেক্স বেংকৰ ডিজিটেল ট্ৰেন্সফৰ্মেচনৰ কাম আৰম্ভ হৈছিল ২০১০ ত।

CBS প্লেটফৰ্মলৈ বেংকৰ সকলো তথ্য ছিফ্ট কৰি এটা ইন্টিগ্ৰেটেত অপাৰেচন চিষ্টেম কাৰ্যকাৰী কৰা হৈছিল ২০১৩ ৰ পৰা। এই CBS ৰ জৰিয়তে বেংকটোৰ কাম-কাজ,ডাটা পৰিচালিত হয়। ইয়াৰ বাবে ইনফ্ৰেচফ্ট প্ৰাইভেট লিমিটেডে ছফ্টৱেৰ যোগান ধৰিছিল বেংকক। 

আন হাৰ্ডডিক্সৰ সুবিধা সমূহ কৰি দিছিল আন এটা প্ৰতিষ্ঠানে। আৰু এই CBS চিষ্টেম পৰিচালনা কৰিছিল কেপিএনজি নামৰ এটা কনচাটেন্ট প্ৰতিষ্ঠানে। এই ৩ টা প্ৰতিষ্ঠানৰ সৈতে মুঠ ২৮ কোটি টকাত এই সেৱা যোগানৰ বাবে এপেক্স বেংক চুক্তিবদ্ধ হৈছিল।

৫ বছৰৰ বাবে ২০১৭ চনত এই চুক্তি স্বাক্ষৰিত হৈছিল যদিও ২০২২ চনত সেই চুক্তি ম্যাদ অন্ত পৰে। তাৰ পাছত CBS চিষ্টেম পৰিচালনাৰ বাবে কোনো প্ৰতিষ্ঠানক বেংকটোৱে দায়িত্ব প্ৰদান কৰা নাছিল। যিকোনো সময়ত বেংকৰ এই CBS চিষ্টেমত বিসংগতি হ'লে বেংকটোৰ অৱস্থা কি হ'ব পাৰে সেয়া কল্পনাৰো অতীত।

অলপতে ইয়াৰ বাবে নিবিদা অনুষ্ঠিত হৈছিল যদিও পূৰ্বৰ ইনফ্ৰাচফ্ট প্ৰাইভেট লিমিটেড, কেপিএমজি সহ পূৰ্বৰ এই প্ৰতিষ্ঠান কেইটাকে বেংকটোৰ CBS প্লেটফৰ্মৰ কাম দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। কম দৰত বেলেগ কোম্পানীয়ে এই সেৱা প্ৰদান কৰা বাবে নিবিদাত অংশ লৈছিল যদিও বিভিন্ন কাৰণ দৰ্শাই এপেক্স বেংকৰ অধ্যক্ষ বিশ্বজিৎ ফুকন আৰু পৰিচালন সঞ্চালক ডম্বৰু শইকীয়াই এনে সিদ্ধান্ত গ্ৰহণ কৰাৰ অভিযোগ উঠিছে।

পূৰ্বৰ তুলনাত দুগুণৰো অধিক ধনৰ বিনিময়ত এই CBS চিষ্টেম পূৰ্বৰ কোম্পানী কেইটাকে গটাব বিচৰাৰ আঁৰত আছে কমিছনৰ অংক। জানিব পৰা মতে, হাৰ্ডৱেৰৰ বাবদ ২৮ কোটি, ছফ্টৱেৰৰ বাবদ ৬ কোটি,মেইটেন্সৰ বাবদ ১৪ কোটি আৰু কনচাল্টটেন্টৰ বাবদ ৪ কোটি টকা বেংক পৰা উলিয়াই দিব এই কোম্পানী কেইটাক।

অভিযোগ অনুসৰি এই CBS ৰ নামত বেংকটোৰ ভিতৰচ'ৰাত ১৫ কোটিৰ অধিক টকাৰ অনিয়ম সংঘটিত হৈছে। যি সময়ত বেংকটোৰ ধন সুৰক্ষিত আৰু সদ ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত বেংকটোৰ অধ্যক্ষ ফুকনে পদক্ষেপ গ্ৰহণ কৰিব লাগিছিল তেনে সময়ত বেংকৰ ভিতৰত সংগোপনে সংঘটিত এইবোৰ কৰ্ম-কাণ্ডই চকু কপালত তুলিছে।

লক্ষ্যণীয় যে, বেংকৰ এই ভিতৰৰ খবৰ সদৰি কৰি বেংকটোৰে এজন উচ্চ পদস্ত বিষয়াই নতুন দিল্লীত থকা চেন্ট্ৰেল ভিজিলেন্স কমিছনৰ ভিজিলেন্স কমিছনাৰলৈ পত্ৰ লিখিছিল। যাৰ আধাৰত চেন্ট্ৰেল কমিচনে বিষয়তো পৰীক্ষা কৰিবলৈ অসম চৰকাৰলৈ পত্ৰ প্ৰেৰণ কৰিছে।

উক্ত পত্ৰৰ প্ৰতিলিপি মুখ্যমন্ত্ৰী কাৰ্যালয়, মুখ্য সচিব আদিলৈ প্ৰেৰণ কৰা হৈছিলে। এনেবোৰ গুৰুতৰ অভিযোগৰ পাছতো ৰাজ্য চৰকাৰে গুৰুত্ব দিয়া নাই এপেক্স বেংকত ভিতৰচ'ৰাত সংঘটিত এই অনিয়মবোৰক। ইটোৰ পাছত সিটো এপেক্স বেংকৰ কেলেংকাৰী পোহৰলৈ অহাৰ পাছতো নিমাত হৈ থকা চৰকাৰে যেন "লুট ফুকন লুট" বুলি বিশ্বজিৎ ফুকনক উৎসাহিতহে কৰিছে।  

এপেক্স বেংক