বৰষুণ, গৰমে হেনো গধুৰ কৰিছে বিদ্যুতৰ বিল...

author-image
Asomiya Pratidin
New Update
বৰষুণ, গৰমে হেনো গধুৰ কৰিছে বিদ্যুতৰ বিল...

apdcl

মৃদুল কুমাৰ সন্দিকৈ  

হঠাৎ ইমান কেনেকৈ বাঢ়িছে। সকলোৰে মনত সেই প্ৰশ্ন উঠিছে। কাৰোবাৰ কাৰোবাৰ ঘৰৰ বিদ্যুতৰ বিল পূৰ্বৰ বিলৰ তুলনাত দুগুণ হৈছে। বিদ্যুতৰ অস্বাভাৱিক মূল্যবৃদ্ধিয়ে মানুহক আচৰিত কৰি তুলিছে।

Advertisment

 অতি সংগোপনে বিদ্যুতৰ বিলৰ নামত সাধাৰণ গ্ৰাহকক টেটু চেপিবলৈ এপিডিচিএলে কেনেকৈ সাহস কৰিছে। প্ৰতিবছৰে একাধিকবাৰ বিদ্যুতৰ মাছুল বৃদ্ধি কৰা হয়। মাছুল বৃদ্ধি কৰিবলৈকে যেন এপিডিচিএল বহি আছে।

 ৰাইজৰ তীব্ৰ প্ৰতিক্ৰিয়াৰ পাছত এপিডিচিএলে জাননী দিছে। অসম শক্তি বিতৰণ কোম্পানী লিমিটেড চমুকৈ এপিডিচিএলে জাননীত কৈছে স্মাৰ্চ মিটাৰ সংযোগৰ বাবে বিদ্যুতৰ বিল বৃদ্ধি হোৱা বিভিন্ন খবৰ সংবাদ মাধ্যম বা সামাজিক মাধ্যমত প্ৰকাশ হৈছে। এই খবৰবোৰ সঁচা নহয়।

পূৰ্বতে ৮০০ ৰ পৰা ১০০০ টকা বিল অহা গ্ৰাহকৰ বিলে হঠাৎ ২০০০ ঘৰ চুইছে। প্ৰিপেইড যোগে  ৰিচাৰ্জ কৰি বিদ্যুতৰ সেৱা গ্ৰহণ কৰা গ্ৰাহকে ৰিচাৰ্জ কৰি কৰি ভাগৰি পৰিছে।

এপিডিচিএলৰ কথা সঁচা। স্মাৰ্ট মিটাৰ সংস্থাপনৰ ফলত বাৰু বিদ্যুতৰ বিল বঢ়া নাই। তেনেহ'লে কিহৰ বাবে এনেদৰে অস্বাভাৱিক হাৰত বিদ্যুতৰ বিল বাঢ়িছে সেই ৰহস্য এপিডিচিএলে ফাদিল কৰিব লাগে।

মানুহে পূৰ্বৰ বিদ্যুতৰ বিল আৰু বৰ্তমানৰ বৰ্ধিত বিদ্যুতৰ বিলৰ তথ্য দি বিষয়টো এপিডিচিএলৰ দৃষ্টিগোচৰ কৰাৰ পাছত এনেকৈ বিজ্ঞাপন দি গা এৰা দিব খুজিলে নহ'ব।

বিদ্যুতৰ বিল বৃদ্ধি হোৱা প্ৰসংগত এপিডিচিএলে অদ্ভূত যুক্তি দিছে।এপিডিচিএলৰ পিপি এণ্ড ডি মুখ্য মহাপ্ৰৱন্ধকে স্বাক্ষৰ কৰা জাননীত লিখা হৈছে যোৱা কেইমাহমানত বহু গ্ৰাহকৰ মাহেকীয়া বিদ্যুতৰ বিল বৃদ্ধি হোৱাৰ কাৰণ এইটো হ'ব পাৰে যে জুলাই আৰু আগষ্ট মাহত প্ৰচণ্ড গৰম আৰু বিগত মাহ বোৰৰ তুলনাত কম বৰষুণৰ বাবে বিদ্যুতৰ ব্যৱহাৰ যথেষ্ঠ বৃদ্ধি পাইছে।

তদুপৰি প্ৰতিবছৰে জুলাই, আগষ্ট, ছেপ্টেম্বৰত সমগ্ৰ ৰাজ্যতে সাধাৰণতে প্ৰচণ্ড গৰমৰ বাবে সকলো ঘৰুৱা গ্ৰাহকৰ বিদ্যুতৰ ব্যৱহাৰ বৃদ্ধি পাইছে।

এয়া এপিডিচিএলৰ কথা।কিন্তু তেওঁলোকৰ এই যুক্তিক মানি ল'ব পৰা একো ভিত্তি নাই।কিয়নো  যি হাৰত বিদ্যুতৰ মাছুল বৃদ্ধি হৈছে সেই হাৰত বিদ্যুতৰ ব্যৱহাৰ বঢ়াৰ বাবেই বিদ্যুতৰ বিল বৃদ্ধি হ'ব পাৰে বুলি কোৱা কথাতো যুক্তিহীন আৰু এটা নিয়মমাফিক উত্তৰ।

দিল্লীত বিদ্যুৎ বিনামূলীয়া কৰা হৈছে। পঞ্জাৱতো আপৰ চৰকাৰে একে নীতি লৈছে। কিন্তু অসমত সেইবোৰ কৰাৰ সলনি সাধাৰণ দৰিদ্ৰ জনতাৰ ওপৰত অতি কৌশলেৰে মাধমাৰ সোধাইছে চৰকাৰে।

এপিডিচিএলে কৈছে ৰাজ্যত উৎকট গৰম। কিন্তু বতৰ বিজ্ঞানৰ তথ্যই কয় জুলাই মাহত বৰষুণৰ পৰিমাণেই বেছি আছিল। আগষ্টতো দুটামান দিন বাদ দি প্ৰায়েই বৰষুণ হৈ আছিল। তেনে ক্ষেত্ৰত এপিডিচিএলে চূড়ান্ত মিথ্যাচাৰৰ আশ্ৰয় লৈ অতি গোমনে দিছপুৰৰ সেউজ সংকেটতে বিদ্যুতৰ মাছুল বৃদ্ধি কৰিছে।

২৭ আগষ্ট ২০২২ ত এপিডিচিএে প্ৰকাশ কৰা ফুৱেল এণ্ড পাৱাৰ পাৰছেচ প্ৰাইচ এডজাচমেন্ট চমুকৈ এফপিপিএ জৰিয়তে প্ৰতি ইউনিট বিদ্যুতৰ ৩০ পইচাকৈ আৰোপ কৰা হৈছিল।সকলো গ্ৰাহকৰ বাবে সেই অতিৰিক্ত ৩০ পইচা প্ৰতি ইউনিটৰ বাবদ আৰোপ কৰাৰ বাবে ইমান বিদ্যুৎ মাছুল বৃদ্ধি হোৱাতো সম্ভৱ নহয়।

এনেকুৱা হ'ব পাৰে নেকি অতিৰিক্ত ৰাজহ সংগ্ৰহৰ বাবে এক নিৰ্দিষ্ট লক্ষ্য লৈছে শক্তি বিভাগে। সেই লক্ষ্য পূৰণ কৰিবলৈ গ্ৰাহকৰ বিদ্যুতৰ বিল অবিশ্বাস্য হাৰত বৃদ্ধি কৰাৰ গোপন কৌশল এপিডিচিএলে হাতত লৈছে। তাৰ প্ৰভাৱ গ্ৰাহকৰ ওপৰত পৰিছে।

যদি এয়াই হয় তেনেহ'লে দৰিদ্ৰ লোক সকলে ঘৰত থকা বিদ্যুৎ সংযোগ কৰ্তন কৰি দিয়াৰ বাদে আন একো পথ নাথাকিব। সাধাৰণ গ্ৰাহকে গৰমত বিদ্যুৎ নথকাৰ বাবে জ্বলা কলা খায়।ইমান বেছি যদি বিদ্যুতৰ ব্যৱহাৰ বাঢ়িছে সেই অনুপাতে এপিডিচিএলে কিমান অতিৰিক্ত বিদ্যুৎ ক্ৰয় কৰিলে তাৰ হিচাপ ৰাজহুৱা কৰক।

 পূৰ্বতে কিমান বিদ্যুৎ প্ৰয়োজন হৈছিল আৰু এপিডিচিএলে গৰম বুলি কোৱা মাহটোত কিমান বিদ্যুৎ ব্যৱহাৰ বাঢ়িল সেই তথ্য চালেই সকলো ওলাই পৰিব।

এপিডিচিএলৰ গৰম হোৱাৰ বাবে বিল বঢ়া নাটক কোনো কাৰণতেই গ্ৰহণযোগ্য নহয়। ইয়াৰ বিৰুদ্ধে মানুহ ইতিমধ্যে সৰৱ হৈছে। লক্ষ্মণ ৰেখা অতিক্ৰম কৰি মানুহক বুৰ্বক সজাব খুজিলে মানুহ জানো হাত সাৱতি বহি থাকিব।

শক্তি বিভাগৰ এগৰাকী মন্ত্ৰীও আছে। তেওঁ বিষয়টোকলৈ এষাৰ মাত দিওক। তেওঁ নিশ্চয় সেইবোৰ কথা অৱগত। মুঠৰ ওপৰত মানুহক এনেদৰে ৰাম টাঙোন সোধাব নাপায়। বিদ্যুতৰ বিল কি হাৰত কিয় বৃদ্ধি পাইছে সেইটো জনাৰ অধিকাৰ প্ৰতিজন গ্ৰাহকৰে আছে।

assam himanta biswa sarma assam govt apdcl nandita gorlosa