নিপন গোস্বামী...

নিপন গোস্বামী...

মৃদুল কুমাৰ সন্দিকৈ

'মই আচৰিত! কেনেকৈ বিয়পাব পাৰে এনে খবৰ…। বৰ মানসিক আঘাত পাইছো। কালিৰ পৰা ইটোৰ পিছত সিটো ফোন… মোক বেয়া পোৱা মানুহবোৰে চাগে এই খবৰ বিয়পাই দিছে। এটা খবৰ সঁচা, মিছা একো নজনাকৈ এনেদৰে অপ্ৰচাৰ চলালে কিমান কষ্ট পাব পাৰে, সেই কথা তেওঁলোকে নাভাবিলে…'

গৈ পোৱাৰ লগে লগে তেওঁ এইদৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিল। ২৮ জুন, ২০১৯, শুকুৰবাৰে হঠাৎ বিয়পিছিল এই খবৰ- 'বিশিষ্ট অভিনেতা নিপন গোস্বামী আৰু নাই!' ফেচবুক, হোৱাটছএপ সকলোতে ভাইৰেল হৈ পৰিছিল খবৰটো। এই খবৰ গৈ পৰিছিলগৈ যিগৰাকী অভিনেতাৰ মৃত্যু হৈছে বুলি কোৱা হৈছিল।

অস্ত্ৰোপচাৰৰ পাছত ঘৰত জিৰণিত আছিল বিশিষ্ট অভিনেতা নিপন গোস্বামী।
অস্ত্ৰোপচাৰৰ পাছত ঘৰত জিৰণিত আছিল বিশিষ্ট অভিনেতা নিপন গোস্বামী। User

এনে খবৰ বিয়পোৱা সকলৰ বিৰুদ্ধে মানুহজন জাঙুৰ খাই উঠিছিল। সুস্থ হ'বলৈ ধৰা এগৰাকী ব্যক্তিক এইদৰে মানসিক নিৰ্যাতন চলোৱাৰ কাৰো অধিকাৰ নাই। চিলনীয়ে কাণ নিলে বুলি ক'লেই কাণখন আছে নে নাই নাচাই এনে খবৰৰ পিছত দৌৰা সকলৰ ওপৰত ক্ষুব্ধ হৈ পৰিছিল এইগৰাকী বিশিষ্ট অভিনেতা।

২৯ জুন, ২০১৯, শনিবাৰে আমি ফোন কৰিছিলো নিপন গোস্বামীলৈ। তেখেতে নিজেই ফোনটো ধৰি কৈছিল- 'কথা পাতিব পাৰিম। ওলোৱা সোমোৱাহে কৰিবহে নোৱাৰো। তুমি আহা…।' তাৰ পাছতেই নিপন গোস্বামীৰ কাষলৈ আমি তেখেতৰ অনুমতি সাপেক্ষে গৈছিলো।

ঘৰত থকা ল'ৰাটোক কৈ থৈছিল । কলিং বেল টিপাৰ লগে লগে ল'ৰাজনে আহি তমস্কাৰ এপাৰ্টমেন্টৰ এ-১ ফ্লেটটোৰ দুৱাৰ খুলি দিলে। লৈ গ'ল কাষৰ এটা কোঠালৈ। বিচনাতে আৰাম কৰি আছিল অসমীয়া বোলছবি জগতৰ মহানায়কগৰাকী।

২০১৯ চনত বিশিষ্ট অভিনেতা গৰাকীৰ সৈতে কথা-বতৰা পতা সময়ত
২০১৯ চনত বিশিষ্ট অভিনেতা গৰাকীৰ সৈতে কথা-বতৰা পতা সময়তUser

আমি পুনৰ তেওঁক সুধিলো- আপোনাৰ লগত কথা পাতিলে অসুবিধা হয় যদি আমি নাপাতো। আমি খবৰ ল'বহে আহিছো। সেই স্বভাৱসুলভ হাঁহি আৰু গাম্ভীৰ্যতাৰে তেওঁ ক'লে- 'নাই নাই, মই ঠিকেই আছো। উঠা মেলাতহে সমস্যা… পাতিব পাৰা কথা। দেখিছানে কি ধৰণৰ কথাবোৰ উলিয়াই দিলে…।'

অত্যন্ত মনোকষ্টত আছিল তেওঁ। বুজি পালো তেওঁ কিছু কথা ক'ব খোজে। তাৰ পাছত আমি তেওঁৰ সৈতে কথা পতাৰ যত্ন কৰিলো। তেতিয়া সেই কোঠাটোত আমাৰ সৈতে আছিল তেওঁৰ অসুস্থতাৰ খবৰ পাই মুম্বাইৰ পৰা দৌৰি অহা বোৱাৰী কিংকিনী।

তেওঁৰ মৃত্যুৰ মিছা খবৰ বিয়পোৱাক লৈ তেওঁ-'মই বৰ আচৰিত হৈছো। এইটো বৰ অন্যায় কাম কৰিছে। মই ভাবো এই ধৰণৰ মানুহ বিলাকৰ শাস্তি হ’ব লাগে। মইতো দুখ পাইছো। সাংঘাতিক দুখ পাইছো।'

এক দুৰ্ঘটনাৰ পাছত তেওঁ এইদৰে চিকিৎসাধীন হৈ আছিল। দুৰ্ঘটনা হোৱাৰ আগদিনা তেওঁ নগাঁৱলৈ গৈছিল। বাথৰুমত পৰি তেওঁ চিকিৎসাধীন হৈছিল। 'তেতিয়া তেওঁ সুস্থ হোৱাৰ পথত। মানুহৰ মাজলৈ ইমান এটা ভুল বাতৰি দিয়াত তেওঁ আচৰিত হৈছিল। কৈছিল - মোক ইমানখিনি মানুহে ভাল পায়, তাৰ মাজতে এনেকুৱা মোক বেয়া পোৱা মানুহ আছে চাগে। এই খবৰবোৰ দিছে, কিন্তু নজনা, নুশুনাকে দিছে। একো খবৰেই লোৱা নাই মোৰ। এনেকুৱা কাম কৰিব নাপায় কাৰো ক্ষেত্ৰতে। মই বৰ মানসিক আঘাত পাইছো।'

নিপন গোস্বামী অসমীয়া ছবিজগতৰ এক প্ৰাণস্পন্দন। ১৯৪২ চনৰ ২ ছেপ্টেম্বৰত জন্মগ্ৰহণ কৰা নিপন গোস্বামীয়ে এশৰো অধিক ছবিত অভিনয় কৰিছিল। অভিনেতাগৰাকীৰ পিতৃ আছিল বিশিষ্ট অভিনেতা চন্দ্ৰধৰ গোস্বামী। তেওঁৰ মাতৃ আছিল কণ্ঠশিল্পী নিৰুপমা গোস্বামী। তেজপুৰৰ কলিবাৰীত জন্মগ্ৰহণ কৰা নিপন গোস্বামীয়ে এল পি স্কুলত পঢ়ি থকা সময়তেই লাচিত বৰফুকন নাটকত অভিনয় কৰিছিল। ১৯৫৭ চনত মুক্তি পোৱা ফণী শৰ্মাৰ 'পিয়লি ফুকন' ছবিতো অভিনয় কৰিছিল নিপন গোস্বামীয়ে।

বি এ পৰীক্ষাৰ ফাইনেল দিয়েই কলিকতাত ইন্টাৰভিউ দি তেওঁ ১৯৬৫ চনত গৈছিল পুনেলৈ। পুনে ফিল্ম ইনষ্টিটিউতত তেওঁ নামভৰ্তি কৰি অভিনয়ৰ শিক্ষা লৈছিল। সুভাষ ঘাই, শত্ৰুঘ্ন সিনহা, নবীন নিচ্চল, ৰাকেশ পাণ্ডে আছিল তেওঁৰ অভিনয়ৰ শিক্ষাৰ সহপাঠী। দুবছৰীয়া অভিনয়ৰ শিক্ষা সাং কৰি তেওঁ কেইবাখনো হিন্দী ছবিতো অভিনয় কৰিছিল। তেওঁ অভিনয় কৰা হিন্দী ছবিবোৰৰ ভিতৰত- 'দো অনজানে', 'জগ্গু', 'দো ভাই', 'মৌকা', 'বিৰোধী', 'দামন' আছিল অন্যতম।

'কাদম্বৰী'ত নিপন গোস্বামী।
'কাদম্বৰী'ত নিপন গোস্বামী। User

নিপন গোস্বামীৰ সৈতে কথাবোৰ পাতি থাকোতে ঘনে ঘনে সেইদিনা বাজি আছিল ফোনটো। সকলোৱে তেওঁৰ খবৰ লৈছিল। চিনাকি, অচিনাকি অজস্ৰজনে তেওঁৰ কুশল বাৰ্তা সুধিছিল। আমাক তেওঁ ৰখাই কৈছিল- 'ৰ'বাচোন দেই, ফোনটো ধৰি লও…।'

২৮ জুন, ২০১৯, শুকুৰবাৰে এই উৰা বাতৰি বিয়পি পৰাৰ পাছত ফোনৰ ওপৰত ফোন আহিছিল তেওঁলৈ। ৰাতি ১০ মান বজালৈকে তেওঁ ফোন ধৰি ধৰি শেষত ফোনটো বন্ধ কৰি থব লগা হৈছিল সেইদিনা।

পুনেত অভিনয়ৰ শিক্ষা লোৱাৰ পাছত তেওঁ প্ৰথম ১৯৬৫ চনত 'সংগ্ৰাম' নামৰ অসমীয়া ছবিখনত অভিনয় কৰিছিল। তাৰ পাছতে 'ডা০ বেজবৰুৱা', 'শেষ বিচাৰ', 'আজলি নবৌ', 'ককাদেউতাৰ নাতি আৰু হাতী', 'নয়নমণি', 'ঘৰ সংসাৰ', 'জীৱন সুৰভি', 'পূজা', 'বৰুৱাৰ সংসাৰ' আদি অসমীয়া ছবিত অভিনয়ৰে দৰ্শকৰ মন মুহিছিল এইগৰাকী তাৰকা অভিনেতাই।

এইবোৰ সোণালী দিনৰ স্মৃতি…
এইবোৰ সোণালী দিনৰ স্মৃতি… User

'তুষাৰতীৰ্থ অমৰনাথ', 'মৌ শেৰ', 'দেবাঞ্জলী', 'দূৰন্ত চৰাই' আদি বাংলা ভাষাৰ ছবিতো অভিনয় কৰা বিশিষ্ট অভিনেতাগৰাকীয়ে অকলেই থাকিছিল ফ্লেটটোত। পিতৃৰ অসুস্থতাৰ খবৰ পাই মুম্বাইত থকা নিপন গোস্বামীৰ পুত্ৰ-বোৱাৰী আহিছিল তেওঁৰ কাষলৈ। চিকিৎসালয়ত থকাৰ সময়ত পুত্ৰ আছিল অভিনেতাগৰাকীৰ কাষত। সেইদিনা তেওঁৰ বোৱাৰী গুৱাহাটীতে আছিল যদিও পুত্ৰ কামৰ বাবে উভতি গৈছিল মুম্বাইলৈ।

১১ জুন, ২০১৯। সেইদিনাই চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল নিপন গোস্বামীক। পুৱাৰ ভাগতে তেওঁ উঠি বাথৰুমত সোমাইছিল গা ধুবলৈ। মূৰত চেম্পু সানি চেম্পুৰ বটলটো থব লওঁতেই তেওঁ পিছল খাই পৰিছিল। তেওঁৰ কোঠাটোৰ সৈতে সংলগ্ন বাথৰুমৰ ভিতৰতে কিছু সময় তেওঁ পৰি আছিল। পিছত বাথৰুমৰ দৰ্জাখনত ধৰি কোনোমতে উঠিছিল।

কিছু সময় পাছতে আহিছিল ঘৰত কাম কৰা মানুহগৰাকী। তেওঁক চকী এখনত বহাই দিবলৈ কৈ ফোন কৰিছিল নিজেই এম্বুলেন্সৰ বাবে। পুত্ৰৰ লগতে আন লোকসকলোকে তেওঁ এই খবৰ জনাইছিল। ফ্লেটটোত থকা আন আৱাসীসকলে তেওঁক সহায় কৰিছিলহি। তাৰ পিছতে এম্বুলেন্স আহি পোৱাত তেওঁ ভৰ্তি হৈছিল গৈ জি এন আৰ চিত।

১১ জুন, ২০১৯ত তেওঁক ভৰ্তি কৰা হৈছিল জি এন আৰ চিত
১১ জুন, ২০১৯ত তেওঁক ভৰ্তি কৰা হৈছিল জি এন আৰ চিত User

জি এন আৰ চিত তেওঁক চিকিৎসকে পৰীক্ষা কৰি এটা সৰু অস্ত্ৰোপচাৰ কৰাৰ কথা কৈছিল। ভৰ্তি হোৱাৰ চাৰি দিনৰ পিছত সুকলমে হৈ গৈছিল সেই অস্ত্ৰোপচাৰ। তেওঁৰ স্বাস্থ্য ভাললৈ আহিছিল। ঘূৰি আহিছিল চিকিৎসালয়ৰ পৰা ঘৰলৈ…।

তেতিয়া তেওঁ ৱাকাৰত ধৰি খোজ কাঢ়িব পাৰিছিল। ওলোৱা সোমোৱা কৰিছিল ঘৰৰ ভিতৰত। সমান্তৰালভাৱে চলি আছিল ফিজিঅ'থেৰাপী। ডাক্তৰে কৈছিল এমাহমান জিৰণি ল'লেই সকলো ঠিক হ'ব। বিচনা খনৰ কাষতে থকা ৱাকাৰডাল দেখুৱাই তেখেতে কৈছিল- 'এইডালত ধৰি মই খোজ কাঢ়িব পৰা হৈছো…।'

সুস্থ হৈয়ে তেওঁ পুনৰ অভিনয় জগতলৈ ঘূৰি আহিছিল। তাৰ পাছতো তেওঁ কেইবাখনো ছবিত কাম কৰিছিল। ডা০ বেজবৰুৱা -২ পৰিচালনা কৰিছিল তেওঁ। ছবিখন সাজু হৈছিল মুক্তিৰ বাবে। সেইদিনা তেওঁ প্ৰাণ খুলি কথা পাতিছিল। কৈছিল- বহু কাম তেওঁৰ বাকী আছে। বিচৰা চৰিত্ৰতো তেওঁ যেন এতিয়াও পোৱা নাই। সপ্ৰতিভ আৰু অত্যন্ত নিষ্ঠাৰে অভিনয় জগতত সকলোৰে আদৰ্শ আছিল নিপন গোস্বামী। তেওঁ অভিনয় কৰা প্ৰতিটো চৰিত্ৰই দৰ্শকৰ পচন্দৰ। কোনে পাহৰিব পাৰে 'কাদম্বৰী'ৰ সেই বৃদ্ধজনক। তেওঁ যি চৰিত্ৰতে অভিনয় কৰিছিল, সেই চৰিত্ৰকে অদৰি লৈছিল দৰ্শকে।

এসময়ত অসমীয়া ছবি চাবলৈ মানুহে গাড়ী ভাড়া কৰি আহিছিল। এতিয়া সেই দিন নাই। অসমীয়া ছবিৰ প্ৰতি মানুহৰ আগ্ৰহ কমিছে। এইবোৰ দিশতো তেওঁ যথেষ্ট সচেতনতাৰে লক্ষ্য কৰিছিল। তেওঁৰ মতে বিভিন্ন কাৰণত এয়া হৈছে। তেনে কেইটামান কাৰকৰ কথাও তেওঁ কৈছিল।

ডেকা কালৰ ফটো…
ডেকা কালৰ ফটো… User

অত্যন্ত চৌখিন মানুহজন। বিচনাত পৰি থাকিলেও তেওঁৰ মুখত বিৰিঙি আছিল ক্লান্তহীন হাঁহি। মানুহজন দূৰন্ত তৰুণ - 'মই ঠিকেই আছো, ভৰিখন ভাল হ'লেই পুনৰ অভিনয় কৰিম।' বিচনাৰ শিতানতে আছিল এখন বিশেষ ফটো। সেইখনলৈ চাওতে তেওঁ কৈছিল- 'এইখন ডেকা কালৰে ফটো।'

চিনেমাৰ লগতে ভ্ৰাম্যমান থিয়েটাৰৰ সৈতেও জড়িত আছিল নিপন গোস্বামী। আবাহন, হেঙুল, শকুন্তলা থিয়েটাৰত অভিনয় কৰিছিল তেওঁ। কেইবাখনো নাটক পৰিচালনা কৰিছে নিপন গোস্বামীয়ে। মুনীন বৰুৱাৰ সৈতে তেওঁ যৌথভাৱে 'প্ৰতিমা' নামৰ বোলছবি খন পৰিচালনা কৰিছিল। 'হিয়া দিয়া নিয়া', 'মিঠা মিঠা লগন', 'বৰলাৰ ঘৰ', 'মইনাজান', 'শকুন্তলা আৰু শংকৰ যোছেফ আলী' আদি ছবিৰ লগতে  বহুকেইখন ধাৰাবহিকত অভিনয় কৰিছিল নিপন গোস্বামীয়ে।

পুত্ৰ সিদ্ধাৰ্থৰ সৈতে নিপন গোস্বামী…
পুত্ৰ সিদ্ধাৰ্থৰ সৈতে নিপন গোস্বামী… User

বিদায় লোৱাৰ সময়তো তেওঁ কৈছিল- 'এনেকুৱা অন্যায় মানুহক কৰিব নাপায় বুজিছা। ইমান ডাঙৰ খবৰ এটা মিছাকৈ বিয়পাই দিয়াৰ আগতে এবাৰতো ভাবি চাব লাগে। সঁচা মিছাৰ বিচাৰ নকৰাকৈ কেনেকৈ পাৰে এনে খবৰ এটা দিবলৈ? কাৰোবাৰ মনত কিমান আঘাত হানিব পাৰে এই খবৰে, তেওঁলোকে কল্পনাই কৰিব নোৱাৰে। মই ভাবি আছিলো, মোক মানুহে ভাল পায়। কিন্তু এই খবৰ শুনি ভাবিবলৈ লৈছো, মোক ইমান বেয়া পোৱা মানুহ আছেনে..?'

উত্তৰ আমাৰ হাতত নাছিল, আমি তেওঁক কৈছিলো- তেনে মুষ্টিমেয় মানুহৰ বিপৰীতে আপোনাক ভাল পোৱা মানুহেই ভৰি আছে। সেয়েহে ইমান ফোন আপোনালৈ। ছ'চিয়েল মিডিয়াতো আপোনাৰ সুস্বাস্থ্য সকলোৱে কামনা কৰিছে। আপুনি দুখ নকৰিব…।

তেওঁ উদাস চাৱনিৰে ওপৰলৈ চাইছিল আৰু কৈছিল- 'ধন্যবাদ। তোমালোক যে আহিলা সঁচাটো বিচাৰি… ৰাইজে আশীৰ্বাদ কৰক…।' আমি তেওঁক অহাৰ আগতে কৈ আহিছিলো- অসমৰ ৰাইজৰ আশীষ আৰু প্ৰাৰ্থনা সদায় আছে আপোনাৰ সৈতে। এই খবৰবোৰক লৈ মৰ্মাহত নহ'ব। কিমান মনোকষ্ট পাইছে, আমি উপলব্ধি কৰিছো।

তেখেতৰ কাষৰ পৰা উভতাৰ সময়ত কাণত বাজি থাকিল সেই বাক্য কেইটা- 'মোৰ দৰে অন্যায় কাৰো সৈতে নহওক। জীয়াই থাকোতে এনে এটা খবৰ… এনে অপকাৰ কৰিব নাপায়…!' কথা কেইটা কৈ থাকোতে তেওঁৰ চকু দুটাও সেমেকি উঠিছিল।

তাৰ পাছত ২০২২। পুনৰ এনে এক খবৰ বিয়পি পৰিছিল ২৫ অক্টোবৰত । ২৪ অক্টোবৰৰ দিনা অসুস্থতাৰ বাবে তেওঁক ভৰ্তি কৰা হৈছিল নেমকেয়াৰ হস্পাতালত। চিকিৎসাধীন নিপন গোস্বামীৰ মৃত্যু হোৱা বুলি আকৌ উৰিল উৰা বাতৰি।

 সেই খবৰ মিছা আছিল। মানুহে এনে খবৰ দিয়া সকলক সাৱধান কৰি দিলে। প্ৰিয় অভিনেতা জন সুস্থ থকাৰ বাতৰিয়ে এই খবৰবোৰ তল পেলালে। মাজত মাত্ৰ এটা দিন। পুৱা ৯ বাজি ১৫ মিনিটত আহিল আন এটা খবৰ। বিশিষ্ট অভিনেতা নিপন গোস্বামী আৰু নাই।

পূৰ্বৰ দৰে এই খবৰ মিছা নহ'ল। অসমৰ সাংস্কৃতিক জগতক শূণ্য কৰি গুচি গ'ল নিপন গোস্বামী। তেওঁ কেৱল এজন অভিনেতাই নহয় এটা অনুষ্ঠান আছিল। চিকিৎসালয়ত থকাৰ সময়ত মুক্তি পাব লগা ডা০ বেজবৰুৱা-২ সন্দৰ্ভত কথা পাতিছিল ।

তেওঁ কেৱল দি গ'ল। এজন ঘনিষ্ঠ আৰু শুভাকাংশী আই চি ইউত থকাৰ সময়ত তেওঁ অক্সিজেনৰ মাস্কটো গুচাই কৈছিল- হাস্পাতালৰ খৰচটো কি কৰা যায়। চিকিৎসাধীন অৱস্থাত তেওঁ চিন্তা কৰিব লগা হৈছিল চিকিৎসালয়ত দিব লগা ধনৰ।

শুভাকাংশী গৰাকীয়ে তেওঁক কৈছিল- আপুনি এইবোৰ চিন্তা কৰিব নালাগে। আমি আছো, কিবা এটা কৰিম।তেওঁৰ দৰে এজন শিল্পীৰ এই অৱস্থাই  বহু কথা কৈ যায়। মৃত্যুৰ পাছত নিপন গোস্বামীৰ সমস্ত চিকিৎসা ব্যয় ৰাজ্য চৰকাৰে বহন কৰিলে।এইবাৰ যদি মিছা হ'লহেতেন এই খবৰ!

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in