আই চি ইউত ৭০খন কলেজ !

আজি নহ’লেও এদিন চৰকাৰে এই হঠকাৰী সিদ্ধান্ত গ্ৰহণ কৰা সম্ভাৱনা অধিক। আই চি ইউত এই মহাবিদ্যালয়সমূহক থৈ প্ৰতিক্ৰিয়া মাৰ যোৱা লৈ অপেক্ষা কৰিব শিক্ষা বিভাগে।
আই চি ইউত ৭০খন কলেজ !

চৰকাৰে তালিকা প্ৰস্তুত কৰিছিল ৭০খন কলেজৰ। শিক্ষক-অধ্যাপক আছে,পৰ্যাপ্ত ছাত্ৰ-ছাত্ৰী নাই এই কলেজবোৰত। কেৱল প্ৰাদেশীকৃত মহাবিদ্যালয়ৰে এই অৱস্থা নহয়,চৰকাৰী পৃষ্ঠপোষকতাত পতা একাংশ চৰকাৰী মহাবিদ্যালয়ৰো এই দশা।

কিয় এনে হৈছে? নামভৰ্তিৰ সময়ত ৰাজ্যৰ বহু মহাবিদ্যালয়ে ছাত্ৰ-ছাত্ৰীক আসন দিব নোৱাৰে। কলেজ কৰ্তৃপক্ষই নতুনকৈ শ্ৰেণীকোঠা নিৰ্মাণ কৰি ছাত্ৰ-ছাত্ৰীক নামভৰ্তিৰ ব্যৱস্থা কৰি দিব লগা হয়।

তেন্তে কেৰোণটো ক’ত এইবোৰ মহাবিদ্যালয়ত? যিবোৰ স্থানত এনে মহাবিদ্যালয় আছে সেইবোৰৰ প্ৰয়োজনেই নাছিল নেকি? নতুবা গুণগত শিক্ষা প্ৰদানত সেই মহাবিদ্যালয়বোৰ বিফল বুলি ক’ব পাৰি নেকি ?

মহাবিদ্যালয় এখনত কৰ্মৰত অধ্যাপকক ভাৰত চৰকাৰ মানৱ সম্পদ মন্ত্ৰালয়ৰ উচ্চ শিক্ষা বিভাগৰ তথ্য অনুসৰি বহু ভাল দৰমহা দিয়া হয়। ইউ জি চি গাইড লাইন অনুসৰি এজন অধ্যাপকৰ দৰমহা ১,৪৪,২০০ টকাৰ পৰা ২,১৮,২০০টকা।

এইয়া এজন অধ্যাপকৰ পে' স্কেল। পূৰ্বতে এজন অধ্যাপকৰ পে' স্কেল আছিল ৩৭,৪০০-৬৭,০০০টকা। সেয়া বৃদ্ধি কৰা হ’ল ১,৪৪,২০০ টকাৰ পৰা ২,১৮,২০০টকালৈ।

অন্যান্য সুবিধাসহ এই দৰমহাৰ সৈতে আৰু ধন যোগ হয়। তাৰ ভিতৰত একাডেমিক গ্ৰেড পে' অন্যতম।

ৰাজ্যৰ ৭০ খন ৫০০ৰ তলৰ ছাত্ৰ-ছাত্ৰী থকা মহাবিদ্যালয়ৰ গৰিষ্ঠসংখ্যক ক্ষেত্ৰতে এই অভিযোগ মনকৰিবলগীয়া। এই মহাবিদ্যালয়সমূহৰ যি শিক্ষাদানৰ গুণগত প্ৰতিষ্ঠা থাকিব লাগে সেয়া নাই। একাংশ মহাবিদ্যালয়ত শিক্ষকে শ্ৰেণীকোঠাত উপস্থিত থাকিবলৈ ইচ্ছা নকৰে।

অন্য কিছু কাৰণো ইয়াৰ সৈতে জড়িত হৈ থাকে। অতি কম ছাত্ৰ-ছাত্ৰী থকা দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়ৰ এজন অধ্যক্ষৰ মতে সেই স্থানত ছাত্ৰ-ছাত্ৰীৰ পঢ়াৰ প্ৰতি কোনো আগ্ৰহেই নাই। চৰকাৰে পাতিব লাগে কাৰণে কলেজ পাতিলে। এতিয়া ছাত্ৰ-ছাত্ৰী নাহে তেওঁলোকে কি কৰিব ?

কথাটো মনকৰিবলগীয়া। নিৰ্বাচনী ইচ্ছু বা আন কাৰণত এইবোৰ কলেজ স্থাপন কৰি এতিয়া সেয়া গলগ্ৰহ হৈছে চৰকাৰৰ বাবে। ইয়ালৈ নতুন শিক্ষানীতিৰ পৰিকাঠামো মানি চলিবলৈ গৈ লাজে-মানে চৰকাৰে নিজেই পতা মহাবিদ্যালয়ৰ নামো অন্তৰ্ভুক্ত কৰিব লগা হৈছে।

শিক্ষামন্ত্ৰী ডা০ ৰণোজ পেগুৱে ছাত্ৰ-ছাত্ৰী ৫০০ৰ তলত থকা মহাবিদ্যালয়সমূহ একত্ৰীকৰণ বা বন্ধ নহয় বুলি অতি কৌশলেৰে কৈছে। ৭০খন মহাবিদ্যালয় বন্ধ হ’ব বুলি খবৰ প্ৰকাশ পোৱাৰ পাচত টুইটাৰ/X হেণ্ডেলত এনে সিদ্ধান্ত লোৱা নাই বুলি কৈ ‘সাপো মৰক-লাঠীও নাভাগক’ স্থিতি লৈছে।

২০ ফেব্রুৱাৰী ২৪ত উচ্চ শিক্ষা সঞ্চালকালয়ৰ সঞ্চালক পমী বৰুৱাই EFC NO-311275/2 নম্বৰৰ এখন পত্ৰ ৭০খন মহাবিদ্যালয়ৰ অধ্যক্ষ লৈ প্ৰেৰণ কৰিছিল। কম ছাত্ৰ-ছাত্ৰী থকা বিষয়টো উল্লেখ কৰি এই পত্ৰত সঞ্চালিকা বৰুৱাই উল্লেখ কৰিছিল-SAMARTH প’ৰ্টেলত থকা তথ্য অনুসৰি সংশ্লিষ্ট মহাবিদ্যালয়সমূহত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা ৫০০ৰ কম।

তাৰে বাবে উদ্বিগ্নতা প্ৰকাশ কৰি ২৪ফেব্ৰুৱাৰী ২৪ৰ পুৱা ১০-৪৫বজাত এখন পৰ্যালোচনা সভা পাতিছিল। পুৰণি চি এম ব্লকৰ কনফাৰেন্স হলত এই সভাৰ আয়োজন কৰিছিল।

নতুন শিক্ষানীতিত লক্ষ্য লোৱা হৈছে যে, ২০৪০ত এনে শিক্ষানুষ্ঠানবোৰত বহুমুখী শিক্ষাকেন্দ্ৰ আৰু অতিকমেও ৩০০০ছাত্ৰ-ছাত্ৰী থাকিব লাগিব। সেই চৰ্ত অসমৰ মহাবিদ্যালয়সমূহৰ গৰিষ্ঠসংখ্যকে পূৰণ কৰিব নোৱাৰিব আজিৰ প্ৰেক্ষাপটত।

শিক্ষা সঞ্চালকালয়ে প্ৰস্তুত কৰা ৫০০ৰ কম ছাত্ৰ-ছাত্ৰী থকা মহাবিদ্যালয়ৰ শীৰ্ষত আছে এখন চৰকাৰী কলেজ । কৃষ্ণকান্ত সন্দিকৈ সংস্কৃত মহাবিদ্যালয়ত এই তালিকাত মাত্ৰ ৩১জন ছাত্ৰ-ছাত্ৰী আছে বুলি উল্লেখ কৰা হৈছে।

ইয়াৰ বিপৰীতে মহাবিদ্যালয়খনৰ অধ্যক্ষগৰাকীৰ মতে প’ৰ্টেলত এই পৰিসংখ্যা আপলোড কৰোতে ভুল আৰু সমস্যা হৈছিল। তেওঁলোকৰ মহাবিদ্যায়লত ৩১নহয় প্ৰায় ২০০ ছাত্ৰ-ছাত্ৰী আছে। হ’লেও ৫০০ৰ কম ছাত্ৰ-ছাত্ৰী আছে এইখন চৰকাৰী শিক্ষানুষ্ঠানতে। তালিকাত উল্লেখ থকা আন ৬৯খন মহাবিদ্যালয়ৰ নাম আৰু
ছাত্ৰ-ছাত্ৰীৰ সংখ্যা এনেধৰণৰ (ব্ৰেকেটৰ ভিতৰত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা উল্লেখ কৰা হৈছে)-

মৰাণ কলেজ (৯১), পণ্ডিত দীন দয়াল আদৰ্শ মহাবিদ্যালয়, বিহালী(৯৭), চৰকাৰী আদৰ্শ মহাবিদ্যালয় বৰখোলা(১০৯), এছএমডি কলেজ চিৰাং(১২৪), চৰকাৰী মডেল কলেজ কাজিৰঙা (১৩৮), চৰকাৰী মডেল কলেজ দেইথৰ (১৫৮), পণ্ডিত দীন দয়াল উপধ্যায় আদৰ্শ মহাবিদ্যালয় আমজঙা(১৮৪)।

পি ডি ইউ এ এম কাটলিচাৰা(১৯১), ৰামপুৰ আঞ্চলিক কলেজ(১৯৩), পণ্ডিত দীনদয়াল উপধ্যায় আদৰ্শ মহাবিদ্যালয় ইৰালীগ্ৰুল(১৯৪), ঘনকান্ত বৰা কলেজ তামুলীচিঙা (১৯৭), দুলীয়াজান গাৰ্লছ কলেজ(১৯৮), তেলাহী টুৱাৰাম নাথ কলেজ(১৯৯), গোলাঘাট পূৰ্বাঞ্চলিক কলেজ(২১৬), বামুন্দী মহাবিদ্যালয় (২১৭), উত্তৰ বৰপেটা কলেজ(২১৯), উত্তৰ কামপীঠ কলেজ(২২১)।

সাপেখাটী কলেজ (২২৬), চন্দ্ৰনাথ বেজবৰুৱা কলেজ (২২৯), ধেমাজি গাৰ্লছ কলেজ(২৩০),  মেলামৰা কলেজ (২৪০, এইচ চি ডি জি কলেজ নিতাইপুখুৰী (২৪৫), সোণাৰী কমাৰ্চ কলেজ (২৪৮), পৃথু বৰ গাৰ্লচ ডিগ্ৰী কলেজ খোৱাং(২৬৯), লিডু কলেজ(২৭৬)।

দিখৌমুখ কলেজ( ২৭৮), ব্ৰহ্মপুত্ৰ ডিগ্ৰী কলেজ(২৮১), কামাখ্যা ৰাম বৰুৱা গাৰ্লচ কলেজ (২৮৭), বৰপেটা গাৰ্লচ কলেজ( ২৮৮), আলহাছ সোনাই বিবি চৌধুৰী কলেজ(৩০০), ইউএমকে কলেজ(৩০০), চিচিবৰগাঁও কলেজ(৩০৪), ন-কছাৰী কলেজ(৩১৫), পদ্মনাথ গোহাঞি বৰুৱা চৰকাৰী কলেজ কাকপথাৰ(৩২৪), লুইতপৰীয়া কলেজ(৩২৮), মধ্য কামপীঠ কলেজ(৩৩১), বৰহাট বিপিবি মেমৰিয়েল কলেজ(৩৩৬)।

ৰঙাচাহী কলেজ(৩৩৬),  টেঙাখাত কলেজ(৩৪৭), যমুনামুখ কলেজ(৩৫৪), পানীগাঁও অপিডি কলেজ(৩৫৪), শিলচৰ কলেজ(৩৫৬), কমাৰবন্ধ কলেজ (৩৬৩), মহেন্দ্ৰ কুমাৰ দে কলেজ(৩৬৪), মৰঙী মহাবিদ্যালয় গোলাঘাট(৩৬৮), কন্যা মহাবিদ্যালয় (৩৭৩), মাছখোৱা ডিগ্ৰী কলেজ(৩৮০), হাহি কলেজ(৩৯৪), পূৱ মাজুলী কলেজ(৩৯৯), পূৱ ডিক্ৰং কলেজ(৪১০), নামৰূপ কলেজ(৪১৯)।

কমাৰ্চ কলেজ কোকৰাঝাৰ(৪২৩), ড০ এনডি কলেজ(৪২৩), জনপ্ৰিয় কলেজ(৪২৭), মৰিয়নি কলেজ(৪২৭), এছপিপি কলেজ(৪৩০), জীয়াঢল কলেজ(৪৩৩), সাৰদা চৰন দে কলেজ(৪৩৫), সতীন্দ্ৰ মোহন দেৱ কলেজ(৪৩৭), লখিমপুৰ কেন্দ্ৰীয় মহাবিদ্যালয় (৪৪৯), স্বামী যোগেন্দ্ৰ গীৰি কলেজ (৪৫২), চামৰিয়া আঞ্চলিক কলেজ(৪৫৬), জে এইচ এম এছ কলেজ(৪৬৫)।

আগিয়া কলেজ( ৪৬৯), দলগোমা আঞ্চলিক কলেজ(৪৭১), চিনামৰা কলেজ(৪৮২), পশ্চিম বাৰিগোগ আঞ্চলিক মহাবিদ্যালয়(৪৮৮), স্বামী বিবেকানন্দ কলেজ(৪৯৪) আৰু বৰপেটা বঙাইগাঁও কলেজ, লাংৰা(৪৯৭)।

এই ৭০খন মহাবিদ্যালয়ত বৰ্তমান থকা মুঠ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা হ’ল ২১,৫৬২জন। গড়ে এতিয়া এই মহাবিদ্যালয়সমূহত আছে ৩০৮জনকৈ ছাত্ৰ-ছাত্ৰী। প্ৰতিখন মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা ৫০০ কৰিবলৈ হ’লে প্ৰয়োজন হ’ব অতিৰিক্ত ১৩,৪৪০গৰাকী ছাত্ৰ-ছাত্ৰী। ইমান বৃহৎ সংখ্যক ছাত্ৰ-ছাত্ৰী যোগাৰ কৰাৰ দায়িত্ব এই ৭০খন মহাবিদ্যালয়ৰ অধ্যক্ষৰ।

চৰকাৰীখণ্ডৰ শিক্ষা ব্যৱস্থাৰ ছবি এয়া। ব্যক্তিগতখণ্ডৰ শিক্ষানুষ্ঠানত প্ৰতিদিনে ছাত্ৰ-ছাত্ৰীৰ সংখ্য়া বৃদ্ধি পায়। চৰকাৰীখণ্ডৰ শিক্ষানুষ্ঠানত আকৌ ছাত্ৰ-ছাত্ৰীৰ অভাৱত শিক্ষানুষ্ঠানসমূহৰ বন্ধ কৰে চৰকাৰে।

প্ৰায় ৮সহস্ৰাধিক বিদ্যালয় ছাত্ৰ-ছাত্ৰীৰ অভাৱত চৰকাৰে বন্ধ কৰাৰ পাছত এইবাৰ কলেজৰ ফালে মন দিছে। কিন্তু ছাত্ৰ-ছাত্ৰী এই শিক্ষানুষ্ঠানসমূহলৈ নোযোৱা কেৰোণটো ক’ত সেই কাৰণ চৰকাৰে বিচাৰি উলিয়াবলৈ চেষ্টা কৰা নাই।

ছাত্ৰ-ছাত্ৰী নাই,বন্ধ কৰি দিয়া নীতিৰে চৰকাৰে যেন দুখীয়া দৰিদ্ৰৰ উচ্চ শিক্ষাৰ অধিকাৰ এফালে কাঢ়ি ল’ব বিচাৰিছে আনফালে ব্যক্তিগতখণ্ডৰ শিক্ষানুষ্ঠানসমূহৰ প্ৰাসংগিকতা অধিক কৰি তুলিছে।

চৰকাৰে হয়তো লক্ষ্য কৰিছে-RUSAৰ অধীনত স্থাপন কৰা দীনদয়াল উপাধ্যায় মহাবিদ্যালয়সমূহতো ছাত্ৰ-ছাত্ৰী নাই। কেইবাখনো এনে মহাবিদ্যালয়ৰ নাম এই তালিকাত আছে।

ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযানৰ অধীনত পতা চৰকাৰী আদৰ্শ মহাবিদ্যালয়ৰ এই কৰুণ পৰিণতি দেখি শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে তালিকা প্ৰস্তুত কৰিও সিদ্ধান্ত ল’ব পৰা নাই। কিন্তু এনেই এই তালিকা জানো প্ৰস্তুত কৰা হৈছে ?

আজি নহ’লেও এদিন চৰকাৰে এই হঠকাৰী সিদ্ধান্ত গ্ৰহণ কৰা সম্ভাৱনা অধিক। আই চি ইউত এই মহাবিদ্যালয়সমূহক থৈ প্ৰতিক্ৰিয়া মাৰ যোৱা লৈ অপেক্ষা কৰিব শিক্ষা বিভাগে। চৰকাৰীখণ্ড শিক্ষা ব্যৱস্থা জহন্নামে যাওক,তালৈ চিন্তা নাই শিক্ষা বিভাগৰ, একাংশ অধ্যাপক-অধ্যাপিকাৰ।

আই চি ইউত ৭০খন কলেজ !
সংকটত দল ! গ্ৰীণউডত বৰা-গগৈ ফূৰ্তিত মচগুল

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in