হেমেন দাস...

হেমেন দাস...

(১)

১৯৯১ চনৰ ৭মে’। দিল্লীৰ শ্ৰীফৰ্ট প্ৰেক্ষাগৃহত উজলি উঠিছিল এজন অসমীয়া পৰিচালক। নাম হেমেন দাস। তেতিয়াৰ ৰাষ্ট্ৰপতি আৰ ভেংকট ৰমণৰ পৰা তেওঁ গ্ৰহণ কৰিছিল ৰজত কমল বঁটা।

এখন অনন্যধৰ্মী ছবি ‘যুঁজ’ নিৰ্মাণেৰে এই সন্মান অৰ্জন কৰিছিল তেওঁ। অভিনয় আৰু পৰিচালনাত তেওঁৰ আছিল বিশেষ হাত। গুণগত ছবি নিৰ্মাণত তেওঁৰ আছিল বিশেষ সুনাম। ৰজত কমল ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা গ্ৰহণ কৰোতে তেওঁ লাভ কৰিছিল ৫হাজাৰ টকা। ৰাজধানী চৌহদৰ মুকলি মঞ্চত ‘যুঁজ’ৰ অভিনেতা আৰু কলা-কুশলীসকলক আপ্যায়ন কৰিছিল সেই ধনেৰে।

(২)

অসমৰ গ্ৰাম্য কৃষিজীৱি সমাজৰ অন্যতম গুৰুত্বপূৰ্ণ উৎসৱ- মাঘৰ বিহু। সেই মাঘৰ বিহুতে অনুষ্ঠিত হয় ম’হ যুঁজ। লক্ষ্মীনাথ বেজবৰুৱাৰ জন্মস্থান আঁহতগুৰি অঞ্চলত অনুষ্ঠিত ম’হ যুঁজেই আছিল হেমেন দাসৰ যুঁজ ছবিৰ আধাৰ।

শিমলুগুৰি অঞ্চলৰ গেৰেলা দাস ম’হ যুঁজৰ বাবে ব্যাকুল এজন ব্যক্তি। তেওঁৰ ম’হটো যদি যুঁজত পৰাজিত হয় ১০দিনলৈকে ঘৰৰ বাহিৰ নোলায়। পৰাজয় হোৱা ম’হটোক বিক্ৰী কৰি আকৌ নতুন গোনা ম’হ কিনি আনে যুঁজৰ বাবে। হেমেন দাসৰ এই ছবিৰ নায়ক তেঁৱেই। ছবিখনত সেই চৰিত্ৰৰ নাম ৰাখিলে গণপতি।

(৩)

কাহিনী-চিত্ৰনাট্য সকলো সাজু হৈছিল ‘যুঁজ’ৰ। কিন্তু পোৱা নাছিল প্ৰযোজক। ৪বছৰ অপেক্ষা কৰিব লগা হৈছিল প্ৰযোজকৰ বাবে। ছবিখনৰ স্ক্ৰিপ্ট দাখিল কৰা হৈছিল নেচনেল ফিল্ম ডেভলপমেণ্ট ক’পাৰেচনক। কিন্তু অহা নাছিল তেতিয়ালৈকে কোনো ভাল খবৰ।

ডা০ হেমেন বৰ্মনক কৈছিল এদিন হেমেন দাসে ছবিখনৰ কথা। তেৱেঁই সন্ধান দিছিল ব্যৱসায়ী বিপুল বৰুৱাৰ। এদিন তিনিওজনে আলোচনাত বহি ছবিখন নিৰ্মাণৰ সিদ্ধান্ত চূড়ান্ত কৰিছিল।

তাৰমাজতে আহিল আন এক ভাল খবৰ। প্ৰযোজক বিপুল বৰুৱাক জনালে এন এফ ডি চিয়ে নিৰ্মাণ কৰিব ছবিখন। কিন্তু বিপুল বৰুৱাই সিদ্ধান্ত সলনি নকৰিলে। ১৯৮৯ চনৰ অক্টোবৰৰ ২০ তাৰিখৰ পৰা ১৫ নৱেম্বৰলৈ দৃশ্যগ্ৰহণৰ প্ৰথমসূচী চূড়ান্ত কৰা হ’ল।

(৪)

ছবিখন নিৰ্মাণৰ পাছত মানুহৰ মাজত তেওঁৰ এটা অন্য পৰিচয় লাভ কৰিলে। মানুহে সোধে-“আপুনি যুঁজৰ হেমেন দাস নেকি?” পুৰস্কাৰ পালে,কিন্তু ছবিখনকলৈ ক’ৰবাত অৱহেলা কৰিলে প্ৰযোজকে। এইখন ছবিয়েই নহয় বুলি প্ৰযোজকৰ কাণ ঘোলা কৰি অপপ্ৰচাৰ চলালে এচামে।

পৰিচালকৰ আওকাণৰ বাবে ভাৰতীয় পেনাৰোমাত আঞ্চলিক নিৰ্বাচনলৈ ছবিখন নিৰ্বাচিত নহ’ল। ৰহস্যজনকভাৱে ছিংগাপুৰৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱলৈয়ো নপঠালে ছবিখন।

(৫)

তাৰ পাছতো হতাশ নহ’ল হেমেন দাস। নিৰ্মাণ কৰিলে দ্বিতীয়খন ছবি ‘গৰখীয়া’। ৰাজ্যৰ এজন বিশিষ্ট গল্পকাৰ,সাহিত্যিক হোমেন বৰগোহাঁঞিৰ চুটিগল্প ‘গৰখীয়া’ৰ কাহিনীকলৈ এই ছবি।

প্ৰযোজকো বিচাৰি দিলে হোমেন বৰগোহাঁঞিয়ে। ছবিখন নিৰ্মাণ অন্ত হ’ল। অপ্সৰা ছবিগৃহত অনুষ্ঠিত হ’ল প্ৰিমিয়াৰ শ্ব’। হোমেন বৰগোহাঁঞিৰ উপস্থিতিত তেতিয়াৰ মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াই ছবিখন মুকলি কৰিছিল।

হঠাৎ সংঘাত হ’ল সূত্ৰধাৰৰ সম্পাদক বৰগোহাঁঞি আৰু হিতেশ্বৰ শইকীয়াৰ মাজত। অসমবাণী লৈ গুচি আহিল বৰগোহাঁঞি। তাতেই গৰখীয়াৰ তুলাধুনা চলিল। ভাৰতীয় পেনোৰোমাৰ আৰু ৰাষ্ট্ৰীয় চলচ্চিত্ৰ প্ৰতিযোগিতালৈ পঠোৱা নহ’ল ছবিখন। মুক্তিয়ো নিদিলে ছবিগৃহত। প্ৰডাকচন কাৰ্য্যালয়তে হেৰাই গ’ল গৰখীয়া ছবিৰ একমাত্ৰ প্ৰিণ্টটো।তাৰ পাছত তৃতীয়খন ছবিৰ কাম হাতত ল’লে তেওঁ। নাম মৃগনাভি।সেয়াও আন এক কাহিনী।

২০১৬ চনত ষষ্ঠ দাদা চাহেব ফাল্কে আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ অভিনেত্ৰীৰ শিতানত সোণতৰা চৰিত্ৰৰ বাবে পুৰস্কাৰ পালে প্ৰস্তুতি পৰাশৰে।

(৬)

এয়া এজন পৰিচালকৰ ছবি নিৰ্মাণৰ অভিজ্ঞতা। ১৯৪৬ চনৰ ১ নৱেম্বৰত হেমেন দাসৰ জন্ম হৈছিল মৰিগাঁও জিলাৰ আঁহতগুৰিত। আঁহতগুৰি ৰুপাইবড়ি প্ৰাথমিক স্কুলত শিক্ষাজীৱন আৰম্ভ কৰি ১৯৬৩ চনত চেন্ট্ৰেল ধৰমতুল মতিৰাম বৰা হাইস্কুলৰ পৰা তেওঁ মেট্ৰিক পৰীক্ষা পাছ কৰিছিল। বি বৰুৱা আৰু শ্বিলংত কলেজীয়া শিক্ষা লোৱা হেমেন দাসৰ পিতৃৰ নাম-বগাচিং দাস আৰু মাতৃৰ নাম-ধৰ্মেশ্বৰী দাস।

১৯৯৫ চনত দাসে নিৰ্মাণ কৰিছিল এখন উল্লেখযোগ্য টেলিফিল্ম-‘আঁহতগুৰিত নতুন বাট’। মহেন্দ্ৰ বৰঠাকুৰৰ কাহিনীৰে অন্ধবিশ্বাস আৰু শোষণৰ বিৰুদ্ধে এই টেলিফিল্মে নতুন পথৰ সন্ধান দিছিল।

সৰুকালৰ পৰাই তেওঁ অভিনয়ৰ সৈতে জড়িত হৈ পৰিছিল। নাটক,অংকীয়া নাট,অনাতাঁৰ নাট মিলি ৭০খনৰো অধিক নাটত তেওঁ অভিনয় আৰু ১৭খনৰো অধিক নাটক পৰিচালনা কৰিছে।

সমান্তৰালভাৱে তেওঁ চলাই গৈছিল কলম। তেওঁৰ লিখনিবোৰ অতি উচ্চমানৰ।'শিল্প চিন্তা' তাৰ এক উৎকৃষ্ট উদাহৰণ।

(৭)

১৯৯৪ চনৰ মাঘৰ বিহুৰ সময়। হঠাৎ আঁহতগুৰি ম’হ যুজস্থলীত উপস্থিত হ’লহি ভূপেন হাজৰিকা। ৰাস্তাৰ কাষত ৰৈ যুঁজস্থলীৰ ফালে চাই আছিল। কোনোবাই গৈ খবৰ দিলে ভূপেন হাজৰিকা এনেদৰে ৰৈ থকাৰ কথা। যুঁজস্থলীত উপস্থিত আছিল হেমেন দাসো।গৈ লৈ আহিলে তেওঁক মঞ্চলৈ। জনোৱা হ’ল সম্বৰ্ধনা। তাৰপাছত কিছু কথা ক’লে ভূপেন হাজৰিকাই-“এইখিনিতে এটা কথা কোৱা উচিত হ’ব যে,আপোনালোকৰ অঞ্চলৰে সুযোগ্য সন্তান হেমেনে এই ম’হ যুঁজকলৈ ‘যুঁজ’ নামৰ ধুনীয়া ছবি এখন নিৰ্মাণ কৰিছে। সেইবাৰ চিনেমাৰ ৰাষ্ট্ৰীয় পুৰস্কাৰ বিচাৰকমণ্ডলীৰ অন্যতম বিচাৰক ময়ো আছিলো। চেয়াৰমেন আছিল অশোক কুমাৰ। আমি সকলোৱে ছবিখন চাই একমুখে প্ৰশংসা কৰিছিলো।"

(৮)

ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ পটভূমিত ৰচনা কৰা বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ এখন কালজয়ী উপন্যাস ‘মৃত্যুঞ্জয়’। মৃত্যুঞ্জয় নামৰ উপন্যাসখনৰ আধাৰত হিন্দীত এখন মেগাচিৰিয়েল নিৰ্মাণৰ কাম চলিছিল। চাৰুকমল হাজৰিকাই এই দায়িত্ব লৈছিল। মধু গোসাই লগুৱা চৰিত্ৰত প্ৰথমে ওমপুৰীৰ কথা ভবা হৈছিল। তেওঁ লণ্ডনত সেই সময়ত থাকিব লগা হোৱাত হেমেন দাসক এই চৰিত্ৰৰ বাবে নিৰ্বাচন কৰিছিল। গোসাই চৰিত্ৰত অৰুণ গভীল আৰু ধনপুৰৰ চৰিত্ৰত অভিনয় কৰিছিল ইৰফান খানে। ছয়গাঁৱকে ধৰি গুৱাহাটীৰ আশে-পাশে ইয়াৰ দৃশ্যগ্ৰহণ হৈছিল।

২০১২ৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ প্ৰতিযোগিতাৰ আঞ্চলিক তথা উত্তৰ-পূবৰ ছবিৰ পৰা মূল প্ৰতিযোগিতালৈ নিৰ্বাচন কৰা কমিটিৰ অন্যতম জুৰী আছিল হেমেন দাস। এইবছৰ ইৰফান খানে পান সিং তোমৰ নামৰ ছবিখনত কৰা অভিনয়ৰ বাবে শ্ৰেষ্ঠ অভিনেতাৰ বঁটা পাইছিল।

১৫বছৰ পাছত দিল্লীস্থ বিজ্ঞান ভৱনত আয়োজিত বঁটা প্ৰদান অনুষ্ঠানত হেমেন দাসক পুনৰ লগ পাইছিল ইৰফানে। হেমেন দাসক দেখিয়েই ইৰফানে কৈছিল-আহক হেমেনদা। ভালে আছে আপুনি ? চাৰুদাৰ খবৰ কি?

(৯)

এইজনেই আছিল হেমেন দাস। শিল্পক যথোপযুক্ত সন্মান দি ছবি নিৰ্মাণ কৰা এজন বিশিষ্ট পৰিচালক,লিখক-অভিনেতা। পিতৃয়ো আছিল অভিনয়ৰ সৈতে জড়িত। তেওঁৰ কৃতিত্বৰ আচল বিচাৰ হয়তো নহ’ল। সচিবালয়ত কৰ্মৰত হেমেন দাসৰ ২৯ অক্টোবৰ ২০২৩ত প্ৰকাশ পাইছিল এখন বিশেষ গ্ৰন্থ। নাম আছিল-‘হেমেন দাসৰ বৰ্ণাঢ্য জীৱনৰ কথা’। ব্যতিক্ৰমভাৱে প্ৰকাশ কৰিছে য’ত আত্মকথাবোৰ।

(১০)

সেইজন বিশিষ্ট পৰিচালক-অভিনেতা হেমেন দাসৰে মহাপ্ৰয়াণ ঘটিল। ১৭ নৱেম্বৰ ২০২৩ত পুৱা তেওঁ চাহকাপ খাই মহানগৰীৰ বৰবাৰীৰ বাসগৃহত বহি আছিল চকীখনত।হঠাৎ পৰিয়ালৰলোকে দেখে-মানুহজন নিথৰ হৈ বহি আছে। লাগিল হুৱাদুৱা। চিকিৎসক আহিল,লৈ যোৱা হ’ল জি এন আৰ চিলৈ। দিনৰ ১১ বাজি ১০মিনিটত তেওঁৰ মৃত্যুৰ আনুষ্ঠানিক ঘোষণা হ’ল। এনেকৈয়ে অন্ত পৰিল এক বৰ্ণিল জীৱনৰ।

হেমেন দাস...
বিশ্বকাপ আমাৰ!

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in