বিৰোধীক ইতিকিং, নিজৰ গুণ গাওঁতেই লাগিল প্ৰায় ডেৰ ঘন্টা...

মণিপুৰতকৈ ডাঙৰ সমস্যা ইয়াৰ আগতেও আহিছিল। কিন্তু আমি লগ হৈ সমাধানৰ পথ উলিয়াইছিলো। আহক আমি এক হৈ চলো। ৰাজনীতিৰ বাবে মণিপুৰক যাতে আমি ব্যৱহাৰ নকৰো।

author-image
Asomiya Pratidin
New Update
বিৰোধীক ইতিকিং, নিজৰ গুণ গাওঁতেই লাগিল প্ৰায় ডেৰ ঘন্টা...

বৰষা শৰ্মা

Advertisment

অনাস্থা প্ৰস্তাৱৰ বিতৰ্কৰ মাজতে বৃহস্পতিবাৰে সদনত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। সদনত প্ৰধানমন্ত্ৰী গৰাকীয়ে অনাস্থা প্ৰস্তাৱৰ প্ৰত্যত্তৰ দিয়াৰ উদ্দশ্যে ভাষণ আৰম্ভ কৰে।সকলোৰে এটাই আশা, মণিপুৰ সন্দৰ্ভত কিবা কব প্ৰধানমন্ত্ৰীয়ে। কিন্তু নাই, প্ৰায় ২ ঘন্টা সময় বিৰোধীক ইতিকিং কৰোতেই পাৰ হল মোডীৰ।

মোডীয়ে কয় যে, দেশৰ জনতাই আমাৰ চৰকাৰৰ প্ৰতি বাৰে বাৰে যি বিশ্বাস ৰাখিছে মই তাৰ বাবে কোটি কোটি জনতাক কৃতজ্ঞতা জ্ঞাপন কৰিবলৈ উপস্থিত হৈছো। কোৱা হয়, ভগৱান বহুত দয়ালু। ভগৱানৰ ইচ্ছা থাকে যে তেওঁ যিকোনো মাধ্যমৰে নিজৰ ইচ্ছা পূৰণ কৰে। মই ভগৱানৰ আশীৰ্বাদ বুলি ভাৱো যে বিৰোধীয়েক অনাস্থা প্ৰস্তাৱ আনিছে।

২০১৮ চনতো এয়া ইশ্বৰৰে আদেশ আছিল যেতিয়া বিৰোধীৰ নেতাই অনাস্থা প্ৰস্তাৱ আনিছিল। সেই সময়তো মই কৈছিলো অনাস্থা প্ৰস্তাৱ আমাৰ চৰকাৰৰ ফ্লোৰটেষ্ট নহয়। সেয়া তেওঁলোকৰে ফ্লোৰটেষ্ট। সেয়াই হ'ল যেতিয়া নিৰ্বাচন হ'ল তেতিয়া বিৰোধীৰ ভোট কমিহে গ'ল।

ইমানেই নহয়,যেতিয়া আমি জনতাৰ ওচৰত গৈছিলো। তেতিয়া জনতাই এওঁলোকৰ বাবে অনাস্থা ঘোষণা কৰি দিছিল। পৰিণতিত এন ডি এৰ লগতে বিজেপিয়ে বেছি আসন পালে। অৰ্থাত বিৰোধীৰ অনাস্থা প্ৰস্তাৱ আমাৰ বাবে শুভ ফলদায়ক হয়। মই দেখিছো যে এন ডি এ আৰু বিজেপি ২০২৪ ত সকলো ৰেকৰ্ড ভংগ কৰি পুনৰ ক্ষমতালৈ আহিব।

অনাস্থা প্ৰস্তাৱৰ ওপৰত ৩ দিন ধৰি চৰ্চা হৈ আছে। ভাল হ'লহেতেন যদিহে অধিৱেশন আৰম্ভ হোৱাৰ পৰা বিৰোধীয়ে সদনৰ কাম-কাজত সহযোগ কৰিলেহেতেন। বিগত দিনবোৰত দুই সদনত কেইবাখনো বিধেয়ক গৃহীত হৈছে। আৰু এই সমূহ এনে বিধেয়ক আছিল যি মাছমৰীয়া সকলৰ অধিকাৰৰ বাবে আছিল। যাৰ বাবে সকলো লাভ কেৰলাই লাভ পালেহেতেন। আশা কৰিছিলো কেৰলাৰ সংসদসসকলে অংশ ল'ব। কিন্তু ৰাজনীতিত তেওঁলোক ইমানেই নিমজ্জিত হৈ গৈছে যে মাছমৰীয়াক লৈ তেওঁলোকৰ চিন্তা নাই।

নেছনেল ৰিচাৰ্ছ বিধেয়ক দেশৰ যুৱ সকলৰ বাবে নতুন দিশ নিৰ্ণয় কৰিব পৰা বিধেয়ক আছিল। তাক লৈও আপোনাৰ অশান্তি। ডিজিটেল ডাটা প্ৰটেকশ্যন বিল। এই বিধেয়ত যুৱসকলৰ সৈতে জড়িত আছিল। সেই সমূহ বিষয়ত চৰ্চা জৰুৰী আছিল। কিন্তু আপোনালোকৰ বাবে ৰাজনীতি জৰুৰী আছিল।

আদিৱাসী, গৰীবৰ কল্যানৰ বাবে ভৱিষ্যতৰ লগত জড়িত বিধেয়কে ধৰি বহু বিধেয়ক সদনত উত্থাপন হ'ল। কিন্তু তাত তেওঁলোকৰ কোনো ৰুচি নাছিল। জনতাই যি কামৰ বাবে তেওঁলোকক পঠিয়াইছে সেই সকলোৰে বিশ্বাসঘাটকতা কৰিছে বিৰোধীয়ে।

বিৰোধীৰ কেইটামান দলৰ ব্যৱহাৰৰ পৰা এয়া প্ৰমাণ হৈছে যে দেশতকৈ বেছি দল প্ৰয়োজন, দেশতকৈ ডাঙৰ দল, দেশতকৈ আগত স্থান দিয়ে দলক। আপোনালোকে দুখীয়াৰ ভোকৰ কথা চিন্তা নকৰে। আপোনালোকৰ আছে কেৱল ক্ষমতাৰ ভোক, এয়াই আপোনালোকৰ মূৰত ধৰিছে।

আপোনালোকে দেশৰ যুৱ সমাজৰ ভৱিষ্যতৰ চিন্তা নকৰে। আপোনালোকে নিজৰ ৰাজনৈতিক ভৱিষ্যতৰ কথা চিন্তা কৰে।

অনাস্থা প্ৰস্তাৱৰ ওপৰত কেনেদৰে চৰ্চা কৰিছে? এয়া আপোনালোকৰ অৱস্থা। ফিল্ডিং বিপক্ষে অৰগেনাইজ কৰিছে কিন্তু চিক্স, ফ'ৰ আমাৰ পৰা লাগিছে। বিৰোধীয়ে ন' বল কৰি কৰি আগবাঢ়ি আছে।

বিৰোধীয়ে সাজু হৈ কিয় নাহে? অলপ কষ্ট কৰক। ৫ বছৰ দিছো আপোনালোকক কষ্ট কৰিবলৈ। কিন্তু নাই। কিয় এই অৱস্থা আপোনালোকৰ?

আপুনি পাহৰি নাযাব আপোনাৰ এটা এটা শব্দ দেশে দেখি আছে। কিন্তু আপোনালোক প্ৰতিবাৰে দেশত নিৰাশাৰ বাহিৰে একো দিয়া নাই।

অনাস্থা প্ৰস্তাৱত কিছুমান এনে বিচিত্ৰ দেখিছো যি আগতে কেতিয়াও দেখা নাই, শুনা নাই, কল্পনা কৰা নাই। সকলোতকৈ ডাঙৰ বিৰোধী দলৰ নেতাৰ নাম ভাষণৰ তালিতাক নাছিল। আগৰ উদাহৰণ চাওক। ১৯৯৯ ত চৰকাৰৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ আছিল। শাৰদ পাৱাৰে নেতৃত্ব দিছিল। ২০০৩ অটল বিহাৰীৰ চৰকাৰৰ বিৰুদ্ধে ছোনীয়া গান্ধীৰ নেতৃত্বত অনাস্থা প্ৰস্তাৱ আনিছিল।

২০১৮ চনত খাৰ্গে আছিল বিৰোধীৰ নেতা। তেওঁ বিষয়টো আগবঢ়াইছিল। কিন্তু এইবাৰ অধিৰ বাবুক কি অৱস্থা হ'ল? তেওঁ দলে তেওঁক কবলৈ সুযোগ দিয়া নাই। কালি অমিত শ্বাহে ক'লে যে এয়া ভাল লগা নাছিল । এয়া শ্বাহৰ উদাৰতা যে তেওঁৰ সময় শেষ হোৱাাৰ পাছতো কবলৈ সুয়োগ দিছিল। কিন্তু গুড়ক কেনেদৰে গোবৰ বনাব পাৰি অধিৰ বাবুই জানে।

আপোনালোকৰ কিয় এনে অধীৰক বাহিৰ কৰি দিছে? কলকাতাৰ পৰা ফোন আহিছে নেকি? কংগ্ৰেছে বাৰে বাৰে তেওঁক অপমান কৰি আহিছে। অধিৰ বাবুৰ প্ৰতি আমাৰ সংবেদনা।

কোনো দেশৰ জীৱনৰ ইতিহাসত এটা এনেকুৱা সময় আহে যিয়ে পুৰণি বান্ধোন ভংগ কৰি নতুন সংকল্প লৈ আগবঢ়াৰ বাবে চেষ্টা কৰে। ২১ শতিকাৰ এই কালখণ্ড, য'ত ভাৰতৰ বাবে সকলো সপোন পূৰণ কৰাৰ সুযোগ আমাৰ ওচৰত আছে। আমি সকলোৰে বাবে এই সময় বহু গুৰুত্বপূৰ্ণ। যদি এবাৰ কালখণ্ড পূৰ্ণ হ'ব ইয়াৰ প্ৰভাৱ এই দেশৰ আহিবলগীয়া ১০০০ বছৰলৈ থাকিব। এইবাবে এই কালখণ্ডত আমাৰ বহু দায়িত্ব আছে।

আমি বিশ্বত ভাৰতৰ অৱনতি হোৱা খ্যাতিৰ মোকাবিলা কৰিছো আৰু ইয়াক পুনৰ নতুন উচ্চতালৈ লৈ গৈছো, তথাপিও কিছুমান লোকে বিশ্বত আমাৰ খ্যাতি কলুষিত কৰিবলৈ চেষ্টা কৰি আছে, কিন্তু বিশ্বই এতিয়া দেশক জানে, ভাৰতৰ অৱদানৰ ওপৰত বিশ্বৰ বিশ্বাস বৃদ্ধি পাইছে।

বিৰোধীয়ে ভাৰতৰ ভাল কথা শুনিব নিবিচাৰে। আজি দুখীয়াৰ হৃদয়ত সপোন পূৰণ কৰাৰ সুযোগ আহিছে। নীতি আয়োগৰ মতে ৫ বছৰত ১৩ কোটিতকৈ অধিক লোক দৰিদ্ৰতাৰ পৰা বাহিৰ হৈছে।

বিৰোধীয়ে বেংক, এৰোস্পেচ ফাৰ্ম এইচএএল আৰু বীমা কোম্পানী এলআইচিক সমালোচনা কৰে আৰু কয় যে তেওঁলোক ডুব গৈ আছে। কিন্তু সকলোৱে এতিয়া ভাল কৰি আছে আৰু নতুন উচ্চতাত উপনীত হৈছে। আমাৰ তৃতীয় কাৰ্যকালত, ভাৰত বিশ্বৰ তৃতীয় সৰ্ববৃহৎ অৰ্থনীতি হ'ব।

বিৰোধীয়ে এক বৰদান পাইছে। তেওঁ যাৰ বেয়া বিচাৰে তাৰ ভাল হয়। উদাহৰণ মই। আপোনালোকৰ এটাই শ্লোগাম মোডী কা কব্ৰ খোদেগা। আপোনালোকৰ গালি মই টনিক হিচাপে লও। সেয়ে মোৰ ভাল হৈ আছে।

নাগালেণ্ডত ১৯৮৮ ত কংগ্ৰেছে শেষৰটো জয় আছিল। দিল্লী, অন্ধ্ৰ প্ৰদেশ, পশ্চিম বংগত কংগ্ৰেছৰ এজনো বিধায়ক নাই। জনতাই কংগ্ৰেছৰ প্ৰতি বাৰে বাৰে অনাস্থা ঘোষণা কৰিছে।

বিৰোধী প্ৰতি মোৰ সংবেদনা। কিছুদিন পূৰ্বে বেংগালুৰত ইউপিএৰ অন্তোষ্টিক্ৰিয়া কৰিছে। তেতিয়াই আপোনালোকক সংবেদনা ব্যক্ত কৰিব লাগিছিল। কিন্তু দেৰি হৈ গ'ল। তাত মোৰ ভুল নাই। কিয়নো আপুনি এফালে ইউ পি এৰ অন্তোষ্টিক্ৰিয়া কৰিছে আৰু এফালে আনন্দ কৰি আছিল।

প্ৰায় ডেৰ ঘন্টা বিৰোধীক কটাক্ষ কৰাৰ পাছত মণিপুৰ সন্দৰ্ভত কি ক'লে মোডীয়ে...

যদি তেওঁলোকে মণিপুৰ সন্দৰ্ভত গৃহমন্ত্ৰীৰ আলোচনাৰ বিষয়টোৰ সৈতে একমত হ'লহেঁতেন, তেন্তে এক বিতং আলোচনা হ'ব পাৰিলেহেঁতেন। আমি জানিব পাৰিলো যে এই লোকসকলে কিমান মিছা কথা বিয়পাইছে, তেওঁলোকে কিমান পাপ বিয়পাইছে। মণিপুৰৰ পৰিস্থিতি সন্দৰ্ভত দেশৰ গৃহমন্ত্ৰীয়ে অতি ধৈৰ্য্যআৰু ৰাজনীতি অবিহনে সমগ্ৰ বিষয়টো বিতংভাৱে ব্যাখ্যা কৰিছে। দেশৰ জনসাধাৰণক সজাগ কৰাৰ চেষ্টা কৰা হৈছিল। মণিপুৰৰ সমস্যাৰ বাবে উপায় বিচাৰি উলিওৱাৰ চেষ্টা কৰা হৈছিল।

মণিপুৰৰ লোক সকললৈ মোৰ বিশেষ আহ্বান। আপোনালোকক কব বিচাৰো দেশ আপোনালোকৰ লগত আছে। সদন আপোনালোকৰ আছে। আমি মিলি এই সমস্যাৰ সমাধান বিচাৰিম। মণিপুৰত আকৌ শান্তি স্থাপন কৰিম। বিশ্বাস দিব খোজো যে মণিপুৰে আকৌ বিকাশৰ বাবে তীব্ৰ গতিৰে আগবাঢ়িব।

উত্তৰ-পূৱক লৈ কি ক'লে মোডীয়ে...

১৯৬৬ চনৰ ৫ মাৰ্চত কংগ্ৰেছে মিজোৰামৰ অসহায় নাগৰিকসকলক ইয়াৰ বায়ু সেনাৰে আক্ৰমণ কৰিছিল। কংগ্ৰেছে উত্তৰ দিয়া উচিত যে এইটো আন এখন দেশৰ বায়ু সেনা আছিল নেকি? মিজোৰামৰ লোকসকল মোৰ দেশৰ নাগৰিক নাছিল নেকি? তেওঁলোকৰ নিৰাপত্তা ভাৰত চৰকাৰৰ দায়িত্ব নাছিল নেকি?

তেওঁলোকৰ বেদনা, সংবেদনশীলতা নিৰ্বাচিত। এই সকলোবোৰ ৰাজনীতিৰে আৰম্ভ হয়, ৰাজনীতিৰে শেষ হয়। তেওঁলোকে ৰাজনীতিৰ বাহিৰে আন একো বুজি নাপায়। মণিপুৰৰ চৰকাৰে ছয় বছৰ ধৰি সমস্যাটোৰ সমাধান বিচাৰি আছে। আগতে, দৈনন্দিন বন্ধ আছিল, কাৰফিউ আছিল। এতিয়া চৰকাৰে সমাধান বিচাৰি আছে। আমাৰ উত্তৰ-পূৰ্বাঞ্চলৰ বিকাশ হ'বলৈ গৈ আছে, ই এই উন্নয়নৰ কেন্দ্ৰবিন্দু হ'ব। সেইকাৰণে আমাৰ চৰকাৰে উত্তৰ-পূৰ্বাঞ্চলক অগ্ৰাধিকাৰ দিছে। ন বছৰত, আমি উত্তৰ-পূৰ্বাঞ্চলৰ বাবে অগ্ৰাধিকাৰৰ ওপৰত গুৰুত্বপূৰ্ণ কাম কৰিছো।

কি মন্তব্যৰে সামৰিলে ভাষণ

মণিপুৰতকৈ ডাঙৰ সমস্যা ইয়াৰ আগতেও আহিছিল। কিন্তু আমি লগ হৈ সমাধানৰ পথ উলিয়াইছিলো। আহক আমি এক হৈ চলো। ৰাজনীতিৰ বাবে মণিপুৰক যাতে আমি ব্যৱহাৰ নকৰো। যি হৈ আছে তাতা সেয়া দুখজনক। কিন্তু সেই দুখ বুলি, দুখৰ ঔষধ হিচাপে কাম কৰিব লাগে।

প্ৰায় ২ ঘন্টা ১২ মিনিট সময় সদনৰ মজিয়াত ভাষণ দিলে প্ৰধানমন্ত্ৰী মোডীয়ে। কিন্তু মণিপুৰ বা উত্তৰপূৱ সন্দৰ্ভত বৰ বিশেষ একো নক'লে মোডীয়ে। গতিকে মণিপুৰ জ্বলিয়েই থাকিব নে পৰৱৰ্তী সময়ত চৰকাৰে কিবা সিদ্ধান্ত ল'ব সেয়া লক্ষণীয় হ'ব।

Also Read: হে নেতা, জনতাৰ কথা অলপ শুনা...

narendra modi manipur