/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/0cfd1595-c797-4106-9538-a64696c9ec05/AP_FOR_WEB_NEW____bikhekh_lekha.jpg)
বৰষা শৰ্মা
I- N-D-I-A(ইণ্ডিয়া) অৰ্থাৎ ইণ্ডিয়ান নেছনেল ডেভেলপমেন্ট ইনক্লুচিভ এলায়েঞ্চ। ২৬ টা বিৰোধী ৰাজনৈতিক দলেৰে বিজেপিক পৰাভূত কৰিবলৈ গঠন হ'ল বিৰোধী মৰ্চা ইণ্ডিয়া। বেংগালুৰত কংগ্ৰেছৰ নেতৃত্বত আয়োজিত হোৱা বিৰোধী দলৰ বৈঠকত বিজেপিক পৰাস্ত কৰিবলৈ একেলগে আগবঢ়াৰ সিদ্ধান্ত ল'লে ২৬ টা ৰাজনৈতিক দলে।
অৱশ্যে এই নামটোক লৈ এতিয়াও সকলো বিৰোধী ৰাজনৈতিক দল ঐক্যমতত উপনীত হোৱা নাই। তথাপিও গৰিষ্ঠসংখ্যক ৰাজনৈতিক নেতাই এই নামটোকেই চূড়ান্ত কৰাৰ পক্ষত থিয় দিছে।
বিৰোধীৰ এই মৰ্চা গঠন হোৱাৰ লগে লগে জোকাৰণিৰ সৃষ্টি হৈছে শাসকীয় পক্ষ বিজেপিত। বিৰোধীৰ সমান্তৰালকৈ আজি দিল্লীৰ অশোক হোটেলত এন ডি এৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈছিল। এই বৈঠকত উপস্থিত থাকে মুঠ ৩৮ টাকৈ ৰাজনৈতিক দল। এন ডি এৰ এই বৈঠকত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত নতুন ৰণনীতি প্ৰস্তুত কৰাৰ যো যা চলায়।
মন কৰিবলগীয়া যে ইণ্ডিয়া অৰ্থাৎ বিৰোধী মৰ্চাত আছে আম আদমী পাৰ্টি, তৃণমূল কংগ্ৰেছ , কংগ্ৰেছ , জে ডে ইউ, শিৱসেনা আদিকে ধৰি কেইবাটাও শক্তিশালী দল। ইণ্ডিয়াৰ দল সমূহ হৈছে- কংগ্ৰেছ,তৃণমূল কংগ্ৰেছ,ডি এম কে,আম আদমি পাৰ্টী,জে ডি ইউ,আৰ জে ডি,চি পি এম,চি পি আই, চি পি আই এমএল, এন চি পি,শিৱসেনা,সমাজবাদী পাৰ্টী,নেশ্যনেল কনফাৰেঞ্চ,পি ডি পি, জে এম এম, আৰ এল ডি,আৰ এছ পি,আই ইউ এম এল,কেৰালা কংগ্ৰেছ এম,বি চি কে,এম ডি এম কে,কেৰালা জে,কে ডি এম কে,ফৰৱাৰ্ড ব্লক,এম এম কে আৰু অপনা দল কমেৰাবাদী।
আনহাতে এন ডি এত আছে- ভাৰতীয় জনতা পাৰ্টীঅল ইণ্ডিয়া আন্না ডি এম কে,শিৱসেনা একনাথ সিন্দে গোট,এন পি পি, মেঘালয়,নেশ্যনেল ডেমক্ৰেটিক প্ৰগেছিভ পাৰ্টী,ছিকিম ক্ৰান্তিকাৰী মৰ্চা, জননায়ক জনতা পাৰ্টী,ইণ্ডিয়া মক্কাল কালভি মুনেট্ৰা কাজঘাম,অল ঝাৰখণ্ড ষ্টুডেণ্টছ ইউনিয়ন, ৰিপাব্লিক পাৰ্টী অফ ইণ্ডিয়া,মিজু নেশ্যনেল ফ্ৰণ্ট, তামিল মনিলা কংগ্ৰেছ,ত্ৰিপুৰা,বড়ো পিপলছ পাৰ্টী,পাটালি মাক্কাল কাচ্চি, মহাৰাষ্ট্ৰবাদী গোমাণ্টক পাৰ্টী,অপনা দল,অসম গণ পৰিষদ,ৰাষ্ট্ৰীয় লোক জনশক্তি পাৰ্টী,নিশাদ পাৰ্টী,ইউ পি পি এল,অল ইণ্ডিয়া এন আৰ কংগ্ৰেছ পুডুচেৰী,শিৰোণি আকালি দল সংযুক্ত,জনসেনা,অজিত পাৱাৰৰ এন চি পি,ৰাম বিলাশ পাছোৱানৰ লোক জনশক্তি পাৰ্টী,হিন্দুষ্টানি আৱাম মৰ্চা,ৰাষ্ট্ৰীয় লোক সমতা পাৰ্টী,সুহেলদেৱ ভাৰতীয় সমাজ পাৰ্টী, বি ডি জি এছ,কেৰালা কংগ্ৰেছ,গোৰ্খা নেশ্যনেল লিবাৰেশ্যন ফ্ৰণ্ট,জনধিপতি ৰাষ্ট্ৰীয় সভা,নাগা পিপলছ ফ্ৰণ্ট,ইউনাইটেড ডেমক্ৰেটিক পাৰ্টী,হিল ষ্টেট ডেমক্ৰেটিত পাৰ্টী,জনসুৰাজ শক্তি পাৰ্টী আৰু প্ৰহাৰ জনশক্তি পাৰ্টী।
সংখ্যাত এন ডি এৰ লগত বেছি দল আছে। এন ডি এৰ লগত থকা দলসমূহে ২০১৯ চনৰ নিৰ্বাচনত প্ৰায় ৩ কোটি ভোট লাভ কৰিছিল আনহাতে ইণ্ডিয়াৰ লগত থকা দলসমূহে লাভ কৰিছিল প্ৰায় ১৩ কোটি ভোট।
গতিকে বিৰোধীৰ এনে চিক্সাৰে শাসকীয় পক্ষৰ মূৰৰ কামোৰণি হোৱাৰে কথা। সেই কথা বুজিব পাৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ মন্তব্যৰ দ্বাৰা। প্ৰধানমন্ত্ৰী মোডীয়ে কংগ্ৰেছক লক্ষ্য কৰি কয় যে তেওঁলোকৰ মুখৰ পিছফালে বহুতো মুখ আছে। তেওঁলোকে জাতিবাদ, দুৰ্নীতিৰ দোকানত খুলি বহি আছে।
বিৰোধীৰ লক্ষ্য হৈছে পৰিয়াল। তেওঁলোকৰ একমাত্ৰ কাৰ্যসূচী হৈছে পৰিয়ালটোক ৰক্ষা কৰা । আজিকালি তেওঁলোক বেংগালুৰুত ব্যস্ত হৈ আছে। তেওঁলোকে কেলেংকাৰীৰ ক্ষেত্ৰত নীৰৱ ভূমিকা পালন কৰে। ইয়াৰোপৰি আৰু বিৰোধীক উদ্দেশ্য কৰি মোডীয়ে কেতবোৰ মন্তব্য কৰে যাৰ দ্বাৰা প্ৰমাণ হয় যে গাদী হেৰুওৱাৰ ভয়ত মোডী উদ্বিগ্ন হৈ পৰিছে।
কিন্তু ইয়াত বিৰোধীৰ ক্ষেত্ৰতো সমস্য়া যে আহি নপৰিব তেনেকুৱা নহয়। বিৰোধী শিবিৰত এটাৰ পাছত আন এটা ডাঙৰ ৰাজনৈতিক দল আছে। বিৰোধী শিবিৰত আছে মমতা বেনাৰ্জী, অৰবিন্দ কেজৰিৱাল, নীতিশ কুমাৰ, তেজস্বী যাদৱকে ধৰি বাঘা বাঘা নেতা।
এয়া সকলোৰে জ্ঞাত যে, বিৰোধী শিবিৰত থকা একাংশ নেতাই বিচাৰে প্ৰধানমন্ত্ৰীৰ চকী। শাসনৰ বাঘজৰীৰ বাবে এই নেতা সমূহে কি কি কাণ্ড কৰি থৈছে সেয়া সকলোৱে জানে। অৱশ্যে ইয়াৰ মাজতে কংগ্ৰেছে কৈছে যে তেওঁলোকে নিবিচাৰে প্ৰধানমন্ত্ৰীৰ পদ।
কিন্তু এনেদৰেই প্ৰধানমন্ত্ৰীৰ পদ এৰি দিব জানো কেজৰিৱাল, মমতা, নীতিশ কুমাৰে? ৰাজনৈতিক দিশৰ পৰা চালে এই আটাইকেইগৰাকী নেতাৰে প্ৰধানমন্ত্ৰী পদৰ বাবে যোগ্যতা আছে। আটাইকেইগৰাকীয়ে ক্ষমতাৰ বাবে বহু কাম কৰি আহিছে। তেনেস্থলত হাতলৈ অহা চকীখন কি চৰ্তত এৰি দিব?
২০২৪ চনৰ লোকসভা নিৰ্বাচনত বিজেপিত পৰাজয় কৰিবলৈ বিৰোধীল বদ্ধ পৰিকৰ। সমান্তৰালভাৱে বিজেপিয়েও কঁকালত টঙালি বান্ধিছে। অৱশ্যে বিৰোধী ইয়াৰ পূৰ্বেও একত্ৰিত হৈছিল। তাৰ মাজতে এন চি পিত ভাঙণিৰ সৃষ্টি হৈছিল। গতিকে এইবাৰ বিৰোধীয়ে নিজৰ ঠাইত তিষ্টি থাকিব পাৰেনে নাই সেয়াহে হ'ব লক্ষণীয়।
এটা কথা স্পষ্ট যে মোডী নেতৃত্বাধীন চৰকাৰখনক লৈ অসন্তুষ্টি বৃদ্ধি পাইছে জনতাৰ মাজত। সম্পত্তিৰ ব্যক্তিগতকৰণ, মূল্যবৃদ্ধিৰে জৰ্জৰিত জনতাৰ মাজত হ্ৰাস পাইছে প্ৰধানমন্ত্ৰীৰ জনপ্ৰিয়তাও। এই সুযোগেই লোৱাৰ সময় এতিয়া বিৰোধীৰ।
ৰাজনীত ক্ষেত্ৰখনত আগন্তুক সময়খিনি বৰ ৰোমাঞ্চকৰ হ'বলৈ গৈ আছে। ক্ষমতাৰ লোভতে আৱদ্ধ একাংশ ৰাজনৈতিক নেতা। ঘনে ঘনে ৰং সলোৱা নীতিশ কুমাৰ, বংগৰ মমতা বেনাৰ্জী, কেজৰিৱাল, ছোনিয়া গান্ধীয়ে কেনেকৈ চম্ভালে বিৰোধী শিবিৰ সেয়া হ'ব লক্ষণীয়।
কংগ্ৰেছ তথা আন বিৰোধী দল সমূহৰ বাবে লোকসভা নিৰ্বাচন অতি গুৰুত্বপূৰ্ণ। তেওঁলোকৰ এটা ভুলে শাসকীয় পক্ষক সুযোগ দিব আক্ৰমণ কৰিবলৈ। আৰু সেই সুযোগৰ বাবে ৰৈ থাকিব শাসকীয় বিজেপি।
লোকসভা নিৰ্বাচনলৈ আৰু বহু দিন বাকী। ৰাজনীতিত এটা নিশাৰ ভিতৰত সলনি হয় সকলো। নেতাই নিজৰ আদৰ্শ, দলৰ প্ৰতি থকা কৰ্তব্য আদি সকলো জলাঞ্জলি দি কেৱল ক্ষমতাৰ লোভত অন্য দললৈ গতি কৰে। তদুপৰি ঘোৰা কিনা-বেচাত বিজেপি পাকৈত বুলি কথা এষাৰ আছে। গতিকে পৰৱৰ্তী সময়তহে দেখা যাব দেশত ''এন ডি এ চৰকাৰ হ'ব নে ইণ্ডিয়া''।
Also Read: ভিউজ নে ভগৱান?