চহৰত বিক্ৰী নহয় মাটি,মানুহ আৰু গাঁৱৰ পৰিৱেশে দিয়া ভোগালীৰ মাদকতা

কাইলৈ উৰুকা। শীতৰ নিশা জুইৰ উত্তাপ লৈ লগে ভাগে খোৱাৰ মাদকতাই বেলেগ। একুৰা জুইৰ চাৰিওফালে এজাক মানুহে বহি কথা পাতিছে।
চহৰত বিক্ৰী নহয় মাটি,মানুহ আৰু গাঁৱৰ পৰিৱেশে দিয়া ভোগালীৰ মাদকতা

বৰষা শৰ্মা

কাইলৈ উৰুকা। শীতৰ নিশা জুইৰ উত্তাপ লৈ লগে ভাগে খোৱাৰ মাদকতাই বেলেগ। একুৰা জুইৰ চাৰিওফালে এজাক মানুহে বহি কথা পাতিছে। মাজে মাজে ভাহি আহিছে পিঠা পনাৰ গোন্ধ। কোনোবাই জুহালত মাছ বনাইছে, কোনোবাই মাংস। এয়া অসমীয়া লোক জীৱনৰ ভোগালী উৰুকাৰ দিনাৰ এক চিনাকী দৃশ্য।

শালি ধান, মাহ, তিল আদিৰে ভৰি পৰিছে ভঁৰাল। এই সময়ত কৃষক সকলে খেতি চপাই ভঁৰাল উপচাই ৰাখে বাবে মাঘ বিহুক ভোগালী বিহু বুলিও কোৱা হয়।মাছ- মাংস আদি সকলোকে উভৈনদী হৈ পৰিছে। ভোগালীক আদৰিবলৈ অসমীয়া সাজু হৈছে।

ভোগালী মানে ভোগৰ উৎসৱ। চহৰৰ যান্ত্ৰিকতাৰ বিপৰীতে ভোগ আছে গাঁৱত। সেয়ে ভোগালী বুলি ক'লে সকলোৱে গাঁৱলৈ বুলি ঢাপলি মেলে। সকলোৰে উৰ্ধত এই বিহু। ধনী দুখীয়া সকলোৰে ওচৰত দুমুঠি খাবলৈ থাকে। সকলোৱে সাধ্য অনুসৰি যোগাৰ কৰে আনন্দমনে এসাঁজ খায়। দূৰত থকা ঘৰৰ মানুহ জনো ঢপলিয়াই আহে।

সেয়ে এই বিহুৰ সময়ত চহৰৰ প্ৰায়ভাগ মানুহে গাঁৱলৈ ঢাপলি মেলে। চহৰৰ আভিজাত্যই এই বিহুত স্থান নাপায়। টকা-পইচা, সা-সম্পত্তিৰে চহৰত পয়োভৰ হৈ থাকিলেও গাঁৱলৈয়ে মনত কৰিছে সকলোৱে।

পূৰ্বতে বহু পৰম্পৰা আছিল। এতিয়া কিছুমান পৰম্পৰা হেৰাই গ'ল। তথাপিও ভোগালীৰ প্ৰকৃত সোৱাদ গাঁৱতহে পোৱা যায়। চহৰৰ যান্ত্ৰিকতাৰ মাজত ভোগালীৰ মাদকতা পোৱা নাই। গাঁৱত পৰম্পৰা অনুসৰি গাঁৱৰ ডেকা সকলে লগ লাগি ভেলাঘৰ, মেজি সাজে।

উৰুকাৰ দিনা একেলগে সকলোৱে খাই নিশা উজাগৰে কটায়। তাৰ পাছদিনাই মেজি চলাই সকলোৱে নাম কীৰ্তন কৰে। ওচৰ-চুবুৰীয়া এজনে আনজনৰ ঘৰলৈ গৈ পিঠা পনা জলপান খায়। এক আনন্দ মুখৰ পৰিৱেশ।

একাংশই পৰম্পৰা ৰক্ষাৰ্থে মহানগৰীতো ভোগালীৰ আয়োজন কৰিছে। মহানগৰীৰ বজাৰ ভৰি পৰিছে মাছ-মাংস, পিঠা পনা আদিৰে। আনকি দেখা হৈছে মেজিও। ৫০০ বা তাতকৈ অধিক দামত বিক্ৰী হৈছে একোটাকৈ মেজি। ঠায়ে ঠায়ে বহিছে ভোগালীৰ মেলা।

চহৰৰ একাংশই বজাৰৰ পৰা কিনি নিজে পিঠা-পনা আদি সকলোৱে। উদ্দেশ্য ভোগালী বিহু পালন কৰা। চহৰত সকলো পোৱা যায়। ধন থাকিলে কোনো বস্তুৰ পৰাই বঞ্চিত হ'ব নালাগে। কিন্তু পোৱা নাযায় কেৱল গাঁৱত পোৱা সেই সুখ কন।

গাঁৱৰ মাদকতা, বিহুক লৈ থকা আৱেগ অনুভূতি চহৰত পোৱা নাযায়। নিজৰ হাতেৰে উৎপাদন কৰা শস্যৰে ভঁৰাল ভৰি পৰিছে, শাক পাচলি আদিও পয়োভৰ। গৃহিনীয়ে ঢেঁকিশালত দিনটো কটাই পিঠাগুৰি খুন্দিছে। জুইশালত বহি পিঠা লাড়ু বনাইছে। মুঠতে এয়া এনে এক আৱেগ যি চহৰত পোৱা নাযায়।

আধুনিকতাই জগতখন গ্ৰাস কৰিব খুজিলেও সেয়ে হয়তো মানুহে গাঁৱক বিচাৰি যায়। ব্যস্ত জীৱন, যান্ত্ৰিকতাময় সময়ৰ মাজেদি মানুহবোৰ হয়তো সেয়ে গাঁওমুখী হয়।

কিন্তু গাঁৱৰ আনন্দ জানো চহৰত পোৱা যায়। উৰুকাৰ দিনা মেজিৰ কাষত সমবেত হোৱা লোক সকলৰ মাজেৰে প্ৰতিফলিত হোৱা অসমীয়া লোকজীৱনৰ সঁচা ছবি খন গাওঁতহে দেখিবলৈ পোৱা যায় ।

নিশা ভেলাঘৰত ল'ৰাহতৰ সকলে স্ফূৰ্তি কৰে ।উৰুকাৰ নিশা ডেকা সকলে শাক-পাচলি , ঢেকি,জেওৰা জপনা আদি মনে মনে লৈ যায় আনন্দ কৰে। এইবোৰত কোনোৱে বেয়াও নাপায়। ইয়াৰ অনুভৱেই সুকীয়া।

এই বিহুৰ সময়ত গাঁৱত নাথাকে অভাৱ। নগৰীয়া ব্যৱস্থাত বজাৰ-সমাৰৰ পৰা অনা ভোগৰ খাদ্য সমূহ শ্ৰমৰ মৰ্যদা নাই । মৰ্যদা আছে ডেকা সকলে ১০-১২ দিন ধৰি যোগাৰ কৰা খেৰ খৰিৰে সাজি উলিওৱা মেজি, ভেলাঘৰৰ।

 অসমীয়া ব্যৱস্থাত লোক জীৱনক প্ৰতিনিধিত্ব কৰা এই উৎসৱ সমূহৰ আধা মাটি আৰু খেতিৰ লগত জড়িত । ভোগালীৰ ভোগৰ তাৎপৰ্য্য মাটি আৰু মানুহৰ মাজত থাকি উপলব্ধ কৰাতোহে সহজ। সেই মাটিৰ গোন্ধ গাঁৱতহে পোৱা যায়।

ভোগালীৰ বিহুক লৈ বহু পৰম্পৰা কমি গ'লেই ইয়াৰ স্বকীয়তা আধুনিকতাই গঢ়কিব পৰা নাই। মাটি,মানুহ আৰু গাওঁৰ পৰিৱেশে দিয়া ভোগালীৰ মাদকতা নগৰৰ বজাৰত বিক্ৰী নহয় ।

ভোগালীৰ উৰুকাৰ নিশা খোৱা ভোজে আমাক দি যায় এক সমন্বয়ৰ বাৰ্তা। মানুহ য'তেই নাযাঁওক কিয়, শিপা বিচাৰি আহিবই। ভোগালীয়ে লৈ আনে সকলোকে টানি। সেয়ে এতিয়া ২-৩ দিনৰ বাবে চহৰখন হৈ পৰিব শান্ত, ভৰি পৰিব গাঁৱৰ প্ৰতিখন ঘৰ...

আৰু পঢ়ক: ঘৰৰ মাটিত শোচনীয় পৰাজয় অসমৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in