মই নাথাকিলে সাঁজৰ তৰাই মোৰেই কথাকে ক'ব...

মই নাথাকিলে সাঁজৰ তৰাই মোৰেই কথাকে ক'ব...
মই নাথাকিলে সাঁজৰ তৰাই মোৰেই কথাকে ক'ব...

বৰষা শৰ্মা

এই আকাশ বৰ বিশাল/এই পথাৰ বৰ ৰসাল/তেৱো কিয় লাগে উকা/মোৰ মন পথাৰতে/তই ৰ’বি হৈ জীপাল….সকলোৰে মৰমৰ, শ্ৰদ্ধাৰ ৰাণা দা। যাৰ প্ৰতিটো গীতৰ কলিত মানুহে বিচাৰি পাই প্ৰেম, বিষাদ এক বিশেষ অনুভৱ।

তেওঁ কৈছিল - মই সূত্ৰগত ভাৱে সুৰ বিচাৰি নুফুৰো। সুৰ মই ভাল পাঁও। উৎস কি বা কত মই নিজেই নাজানো। কাৰণ পৃথিনীখনেই সুৰৰ তৰংগৰে ভৰপূৰ। হয় এইগৰাকীয়েই শিল্পী জয়ন্ত হাজৰিকাৰ। যিগৰাকী কিংবদন্তী শিল্পীয়ে জীৱনৰ অতি কম সময়তে দি গৈছে মহান অৱদান।

সময় গতিশীল। সেয়ে মহান শিল্পীগৰাকীয়ে কৈছিল- সময় গতিশীল/ নতুন সিও হয় যে/ অতীত পুৰণি/ ওচৰ হয় গতিতে/ সুদূৰ দূৰণি। সময় গতিশীল হ'লেও কিন্তু কিছুমান বিশেষ অনুভৱ সলনি নহয়। যেনেকৈ সলনি নহয় ৰাণা দাৰ কণ্ঠ,গীতৰ প্ৰতি আৱেগ।

অতি কম সময়তে নিজকে গায়ক, বাদক,সুৰকাৰ, গীতিকাৰ, সংগীত পৰিচালনাৰূপে প্ৰতিষ্ঠা কৰা ৰাণা দাৰ কণ্ঠত আছিল আৱেদন। তেওঁৰ গীতৰ প্ৰতিটো শব্দত আছিল প্ৰেম, যন্ত্ৰণা, বিষাদ। যিয়ে মানুহক আজিও আৱেগিক কৰি তোলে।

ৰাণা দাৰ গানত আছিল প্ৰেম। সেয়ে তেওঁ কৈছিল- তোমাৰ মৰমে মোৰ/দেহত তুলিলে ঢৌ/বুকুত দিলে যে মৌ/কিযে মিঠা মিঠা।

এই মহান শিল্পীগৰাকীৰ মঙলদৈত জন্ম হৈছিল যদিও পাছলৈ গুৱাহাটীত থাকিবলৈ লৈছিল।  পিতৃ আছিল নীলকান্ত হাজৰিকা আৰু মাতৃ শান্তিপ্ৰিয়া হাজৰিকা। ড. ভূপেন হাজৰিকা আছিল জয়ন্ত হাজৰিকাৰ জ্যেষ্ঠ ভাতৃ । ১৯৪৩ চনৰ ২০ ছেপ্টেম্বৰত মঙলদৈত থকা কালত নীলকান্ত হাজৰিকাৰ পৰিয়ালৰ কনিষ্ঠ সন্তান জয়ন্ত হাজৰিকাৰ জন্ম হৈছিল। সৰুৰেপৰাই সংগীতত ৰাপ থকা হাজৰিকাই গুৱাহাটীৰ সোণাৰাম হাইস্কুলত পঢ়া-শুনা কৰিছিল। ১৯৬২ চনৰ প্ৰৱেশিকা পৰীক্ষাত অকৃতকাৰ্য হৈ তেওঁ কলিকতালৈ যায় আৰু তাতে এইচ.এম.ভি. কোম্পানীত দুটা গীত বাণীবদ্ধ কৰিছিল।

হাজৰিকা এনে এটা সাংস্কৃতিবান পৰিয়ালত জন্ম লাভ কৰিছিল য'ত সৰুৰে পৰা সংগীতৰ লগত জড়িত হৈ থকাৰ সুযোগ লাভ কৰিছিল।  কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ দৰে শিল্পীৰ সান্নিধ্যও লাভ কৰিছিল নিচেই সৰুকালৰ পৰাই।

জয়ন্ত হাজৰিকাই নিচেই সৰুৰে পৰা মাউথ অৰগান বজাব পাৰিছিল। পাছলৈ ভায়েকলৈ ভূপেন হাজৰিকাই আমেৰিকাৰ পৰা তেওঁলৈ এটা গীটাৰ লৈ আহিছিল। তাৰপাছত গীটাৰৰ প্ৰেমত পৰিছিল তেওঁ।  মাজে মাজে  সেই সময়ৰ বিখ্যাত গীটাৰ বাদক ভৱ বেনাৰ্জী আৰু বিনয় দাসৰ পৰা গীটাৰ শিকিছিল।

ভূপেন হাজৰিকাৰ সাগৰ সংগমত গীতটোত মাত্ৰ ৯ বছৰ বসয়তে তেওঁ গীটাৰ বজাইছিল। তেওঁৰ দেহৰ প্ৰতিটো বিন্দুতে যেন সংগীতৰ মূৰ্ছনা প্ৰৱাহিত হৈ আছিল। গীটাৰ, মেণ্ডলিন, হাৰমনিয়াম আদি কম সময়তে তেওঁ আয়ত্ব কৰি লৈছিল। ভূপেন হাজৰিকাই ৫-৬ বছৰ বয়সতে জয়ন্ত হাজৰিকাৰ হাতত তুলি দিছিল  ইয়োক্ৰেনিয়াম 'ডোম্ব্ৰা'।  সেই বাদ্যতো নিজেই বজাবলৈ শিকিছিল তেওঁ।

জয়ন্ত হাজৰিকাই প্ৰথমে স্কুলীয়া শিক্ষা গ্ৰহণ কৰিছিল গুৱাহাটীতেই। সৰুৰে পৰা তেওঁ বিভিন্ন সংগীত প্ৰতিযোগীতাত ভাগ লৈছিল। সদৌ অসম ভিত্তিত অনুষ্ঠিত প্ৰতিযোগীতাত ‘ভাৰতৰ জাতীয় সংগীত' (জনগন মন...) ৪৫ চেকেণ্ডৰ ভিতৰত নিখুঁতকৈ গাই হাজৰিকাই প্ৰথম পুৰস্কাৰ লাভ কৰি স্কুললৈ গৌৰৱ কঢ়িয়াই আনিছিল। ইয়াৰ উপৰিও স্কুলৰ একাংকিকা নাট প্ৰতিযোগিতা আদিৰ সংগীত পৰিচালনাৰো ভাৰ পৰিছিল সদায় জয়ন্ত হাজৰিকাৰ ওপৰত।

অতি কম বয়সতে সংগীতৰ জগত খনত আধিপত্য বিস্তাৰ কৰা এই মহান শিল্পী জনাৰ কলেজলৈ যোৱাৰ সৌভাগ্য হোৱা নাছিল৷ তেওঁ মেট্ৰিক পৰীক্ষাত অনুতীৰ্ণ হৈছিল৷ পৰীক্ষাৰ খবৰ পোৱাৰ পাছতে দুখতে তেওঁ ঘৰলৈ ঘূৰি অহা নাছিল। পেপাৰ, পুলিচ আদিত খবৰ দিয়া হৈছিল। তাৰ এসপ্তাহমান পিছত তেওঁ গৌৰীপুৰত থকা বুলি খবৰ পোৱা গৈছিল। এই সময় খিনিত গোৱালপৰীয়া লোকগীতৰ সম্ৰাজ্ঞী প্ৰতিমা পাণ্ডে বৰুৱাৰ ঘৰত থাকি তেওঁ আহৰণ কৰি আছিল গোৱালপৰীয়া লোকগীতৰ সোৱাদ।

১৯৬৯ চনৰ ৪ আগষ্টত জয়ন্ত হাজৰিকাই বিয়া কৰাইছিল কলকাতাৰ মনীষা সেনগুপ্তক ৷ তাৰ পিচত মনীষা সেনগুপ্ত হৈ পৰিল অসমীয়া বোৱাৰী মনীষা হাজৰিকা (মিঠু বৌ)। সংগীত ভালপোৱা পৰিয়ালৰ জীয়ৰী, গায়িকা, নৃত্য শিল্পী মনীষাৰ লগত চিনাকিও সংগীতৰ ক্ষেত্ৰ খনতে৷ তেওঁলোকৰ সংসাৰ বৰ সুখৰ আছিল। ১৯৭০ চনত তেওঁলোকৰ পুত্ৰ সন্তান ময়ূখ হাজৰিকা (ৰাজা) ৰ জন্ম হৈছিল।

আৰ্থিক সমস্যাতো ভুগিছিল হাজৰিকাই। কিন্তু গীতৰ সাধনা সদায় কৰি গৈছিল। পত্নী মণিষা হাজৰিকাই তেওঁক জগাইছিল অনুপ্ৰেৰণা।

জয়ন্ত হাজৰিকাই নেপথ্য কণ্ঠশিল্পী হিচাপে কণ্ঠদান কৰা প্ৰথম ছবিখন আছিল মণিৰাম দেৱান। তাৰপাছত আৰু বহু গান লিখি, গাই অসমীয়া সংস্কৃতিক চহকী কৰি থৈ গৈছিল তেওঁ।

ভূপেন হাজৰিকাৰ লগতে একেলগে দেখা গৈছিল বিহুৰ প্ৰতিখন মঞ্চত। ভূপেন হাজৰিকাই গান গালে তেওঁ গীটাৰ বজাইছিল, তেওঁ গান গালে ভূপেন হাজৰিকাই গীটাৰ বজাইছিল। দুয়োৰে যুটীত মুগ্ধ হৈ পৰিছিল শ্ৰোতা।কেৱল যে ৰাজ্যতে জয়ন্ত হাজৰিকাই গান গাইছিল তেনে নহয়, দেশ বা আন্তৰাষ্ট্ৰীয় পৰ্যায়তো গীত গাইছিল তেওঁ।

‘নতুন আশা’ কথাছবিৰ আৱহ সংগীতৰ কামৰ বাবে ১৯৭৭ চনত জয়ন্ত হাজৰিকা কলকাতালৈ গৈছিল ৷ পিচে তাৰ পৰা তেওঁ আৰু ঘূৰি নাহিল,মাথোঁ ঘূৰি আহিল তেওঁৰ নশ্বৰ দেহ ৷

হঠাতে অসুস্থ হৈ ১৯৭৭ চনৰ ১৫ অক্টোবৰৰ নিশা কলকতাৰ পি.জি হাস্পাতালত অসমবাসীৰ প্ৰাণৰ শিল্পী জয়ন্ত হাজৰিকাই শেষ নিশ্বাস ত্যাগ কৰিছিল ৷ বহু সোনকালেই গুচি গল সকলোৰে মৰমৰ ৰাণা দা।

তেওঁ গুচি গ'ল সঁচা। কিন্তু তেওঁৰ স্মৃতি আজিও সজীৱ হৈ আছে প্ৰতিগৰাকী অনুৰাগীৰ মনত। সেয়ে হয়তো তেওঁ কৈ গৈছিল- মই নাথাকিলে সাঁজৰ তৰাই মোৰেই কথাকে ক'ব।

মই নাথাকিলে সাঁজৰ তৰাই মোৰেই কথাকে ক'ব...
তেজপিয়া ডাক্টৰ ! জীৱন গৌণ, ধনহে ফেক্টৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in