এ চি গাড়ী-ঘৰত থকা নেতা-মন্ত্ৰীয়ে কেনেকৈ বুজিব গৰম কি...

এ চি গাড়ী-ঘৰত থকা নেতা-মন্ত্ৰীয়ে কেনেকৈ বুজিব গৰম কি...

বৰষা শৰ্মা

উফ! বৰ গৰম। যোৱা কেইটামান দিনৰ পৰা বৃদ্ধি পোৱা গৰমৰ প্ৰকোপে জ্বলা কলা খুৱাইছে ৰাইজক। মূল্যবৃদ্ধিৰ মাজত বিদ্যুতৰ সঘন লুকা-ভাকুত অতিষ্ঠ হৈ পৰিছে সকলো। দিনক দিনে ভাবিব নোৱাৰা ধৰণে বৃদ্ধি পাইছে তাপমান। প্ৰকৃতিৰ এই ৰূপত এতিয়া চিন্তিত সচেতন মহল।

আগৰ দিন এতিয়া নাই যে আকাশখন চাই অনুমান কৰিব পাৰি বতৰ কি হ'ব। আধুনিকতাই গ্ৰাস কৰা সমাজখনত মানৱ জীৱনলৈ যেন এতিয়া সংকট নামি আহিছে। বৰষুণ দিলে বানপানী, ৰ'দ দিলে গৰম।

নে বৰষুণত শান্তি, নে ৰদ'ত। যোৱা কেইবছৰমানৰ পৰা ৰ'দৰ উত্তাপ বহু পৰিমাণে বৃদ্ধি পাইছে। চলিত বৰ্ষৰো মে'ৰ শেষৰ ফালৰ পৰা উষ্ণতা বৃদ্ধি পাই ৩৯ ডিগ্ৰী ছেলচিয়াছ পৰ্যন্ত পাইছেগৈ।

আগৰ দিনত মানুহে হাততে বিচনীখন লৈ গছৰ তলত বহিছিলগৈ গৰমৰ দিনত। আধুনিকতাৰ শিখৰলৈ গতি কৰি থকা সমাজখনে পাছলৈ শিকিলে বিদ্যুতৰ ব্যৱহাৰ। এতিয়া গৰমৰ দিন বুলিলে ফেন, কুলাৰ, এচি নহ'লে নচলেই।মুঠতে এতিয়া বিদ্যুৎ নহ'লে জন জীৱন ব্যাহত।

কিন্তু তাতেই জানো সমস্যা শেষ? এতিয়া উৎকট গৰমৰ মাজতে লোড শ্বেডিঙৰ বাবে হাৰাশাস্তি হৈছে জনতাৰ। গাঁৱৰ কথা নকওৱেই, গুৱাহাটীৰ দৰে এখন মহানগৰীতো বিদ্যুতৰ এতিয়া অচল অৱস্থা। ২৪ ঘন্টাৰ প্ৰায় ৬ ঘন্টাই বিদ্যুৎ নাথাকে ৰাজ্যত।

বিদ্যুতৰ সঘন লুকা-ভাকু নথাকিলেও কিন্তু মাচুলক কৈ খেলি মেলি নকৰে শাসকীয় বিজেপি চৰকাৰে। প্ৰায় প্ৰতিমাহেই ৰাজ্যৰ শক্তি বিভাগে সলনি কৰে বিদ্যুতৰ মাচুল।

কেৱল এই স্বাভাৱিক মাচুল বৃদ্ধিতেই শেষ নহয় সমস্যাৰ। চৰকাৰে মানুহৰ ঘৰে ঘৰে বহালে স্মাৰ্ট মিটাৰ। য'ত গ্ৰাহকে এটা এপত গৈ বিদ্যুৎ বিল বিল দিব লাগে আৰু সেই অনুপাতেহে গ্ৰাহকজনে লাভ কৰিব সেৱা।

কিন্তু এই স্মাৰ্ট মিটাৰ দিয়াৰ পাছত গ্ৰাহৰ চিন্তা দুগুণহে হ'ল। পূৰ্বতে যদি কাৰোবাৰ মাচুল মাহিলী ২০০ টকা আহিছিল স্মাৰ্ট মিটাৰ লগোৱাৰ পাছত আহে ৫০০-৬০০ টকা। আনকি আপুনি গমো নাপাব ক'ত ব্যয় হ'ল এই ধন।

স্মাৰ্ট মিটাৰৰ সমস্যা শেষ নৌহওতেই ৰাজ্যৰ শক্তি বিভাগে পুনৰ বৃদ্ধি কৰিলে বিদ্যুৎ মাচুল। ২৮ মে', ২০২৩, ত জাৰি কৰা এক জাননী অনুসৰি ৰাজ্যত বিদ্যুতৰ মাচুল ৩০ ৰ পৰা ৭০ পইচালৈ বৃদ্ধি কৰিলে চৰকাৰে। মুঠতে জনতাৰ বিষয়ে চিন্তা কৰে বুলি কোৱা চৰকাৰখনৰ এটাৰ পাছত আন এটা মাধমাৰ এয়া।

ৰাইজে বহু আশা কৰি জনপ্ৰতিনিধি নিৰ্বাচিত কৰে। জনতাৰ সমস্যাৰ ওৰ পেলাব পৰা, জনতাৰ বিষয়ে চিন্তা কৰিব বুলি ভৱা জনপ্ৰতিনিধি সকলে কিন্তু ৰাজঘৰলৈ যোৱাৰ পাছত পাহৰি যায় সকলো।

সেয়ে হয়তো কোনোৱে জনতাৰ সমস্যাৰ সময়ত তৰল মন্তব্য দিয়াতো কুণ্ঠাবোধ নকৰে। বিদ্যুতৰ বিল সন্দৰ্ভত অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে কয় যে, ''বিদ্যুৎ মাচুল বাঢ়িছে।যদি কমত চলিব বিচাৰে ফেন, চেন নচলাব। গছৰ তলত থাকিব অলপমান। তেতিয়া খৰচ কমিব। চৰকাৰৰ উপাই নাই। কোম্পানীৰ পৰা বিদ্যুৎ কিনিছে। এতিয়া কোম্পানীৰ নিৰিখ যদি বাঢ়ি গৈছে তেন্তে সেয়া দিবৰ বাবে চৰকাৰে মানুহৰ পৰাই ল'ব। চৰকাৰৰ একস্ট্ৰা নাই নহয়''।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, ''গেছৰ দাম বঢ়া বাবে মাচুল বাঢ়িছে । কমি যাব। এইবোৰ চিন্তা কৰিব নালাগে। যোৱা মাহত ২৫ পইচা কমিছিল। আকৌ কমিব''। মুঠতে সকলোৰে কেৱল তৰল মন্তব্য। গৰমৰ দিনত আকৌ এই জনপ্ৰতিনিধি সকলৰ গা গৰম উঠি যোৱা মন্তব্য।

বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে হয়তো নাজানে যে গছৰ তলত বহিবলৈ বিজেপি শাসনাধীন চৰকাৰখনে সমগ্ৰ ৰাজ্যতে গছ কাটি তহিলং কৰিছে। প্ৰকৃতিক ধ্বংস কৰি উন্নয়নৰ বাট মোকলাইছে এতিয়া চৰকাৰখনে।

এডাল গছ কাটিলে ১০০ ডাল গছ ৰুব লাগে। সৰুতে বিদ্যালয়ত শিকোৱা এই বাক্যশাৰীও যেন পাহৰি গ'ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। প্ৰকৃতিক ধ্বংস কৰি কেনে উন্নয়ন এয়া? গছ কাটিছে, তাৰ অনুপাতে কিমান গছ ৰুইছে চৰকাৰে? কেইবাটাও বন বিভাগৰ কাৰ্যালয়ত এতিয়াও ডাঙৰ ডাঙৰ তলা।

সমগ্ৰ ৰাজ্যতে এতিয়া গছ-পাহাৰ কটাৰ অঘোষিত প্ৰতিযোগিতা। গুৱাহাটী মহানগৰীত নিৰ্মাণ হৈছে এখনৰ পাছত আন এখন ফ্লাই অভাৰ, এটাৰ পাছত আন এটা অট্টালিকা। তাৰ বিপৰীতে চৰকাৰে কাটিছে শ শ গছ।

জু ৰোড, মালিগাঁও আদিকে ধৰি বিভিন্ন স্থানত গছ কাটি তহিলং কৰিছে। একাংশই আমিনগাঁও, চাংসাৰী আদি দিশৰ পাহাৰ সমূহ কাটি ধ্বংস কৰিছে। যাৰ ফল ভুগিছে এতিয়া জনতাই।

আজি দিনটোত গুৱাহাটীত উষ্ণতা প্ৰায় ৩৮ ডিগ্ৰী ছেলচিয়াচ। জনতাইহে বুজি পাইছে কিমান গৰম। দিনে ৰাতি এচি গাড়ী, এচি ৰুমত বহি থকা নেতা মন্ত্ৰীয়ে জানো বুজিব গৰম কি। উন্নয়ন কাকনো নালাগে! কিন্তু গছেই যদি নাথাকে মানুহ কেনেকৈ থাকিব। গছ-পাহাৰবিহীন উন্নয়নতো কামনা কৰা নাছিল জনতাই।

দিনক দিনে ৰাজ্যত বিদ্যুতৰ পৰিমান বাঢ়ি গৈ আছে। ২০০৪ চনত ৰাজ্যত 'পিক আৱাৰ্ছত' ৬১৪ মেগাৱট বিদ্যুতৰ প্ৰয়োজন থকাৰ সময়ত বিদ্যুৎ বিভাগে মাত্ৰ ১২০ মেগাৱটহে বিদ্যুৎ উৎপাদন কৰিব পাৰিছিল। বিতৰণৰ সময়তো ইয়াৰেই বহু বিদ্যুৎ অপচয় হয়। আজি ষোল্ল বছৰৰ আগৰ সেই ছবিখন এতিয়াও সলনি হোৱা নাই। ২০২১-২২ বৰ্ষত ৰাজ্যত বিদ্যুতৰ প্ৰয়োজন ৩৯৮৫ মেগাৱটলৈ বৃদ্ধি পালে।

এফালে প্ৰকৃতিৰ বিধ্বংস্ত ৰূপ, এফালে গৰম, মূল্যবৃদ্ধি আৰু এফালে চৰকাৰৰ গা এৰি চলা মন্তব্য। যদি এনেকৈয়ে থাকে সকলো তেন্তে কি থাকিব ভৱিষ্যতে। উন্নয়ন হওক, ভাল কথা। কিন্তু এনেদৰে প্ৰকৃতি ধ্বংস কৰা উন্নয়ন কাম্য কাৰোৱেই নহয়। এতিয়াই যদি গৰমৰ নে প্ৰকোপ তেন্তে পৰৱৰ্তী সময়ত আৰু বিপদৰ সন্মুখীন হ'বলৈ গৈ আছে সাধাৰণ জনতা...

এ চি গাড়ী-ঘৰত থকা নেতা-মন্ত্ৰীয়ে কেনেকৈ বুজিব গৰম কি...
সপোন বিক্ৰী হোৱা দেশত এনে দুৰ্ভাগ্যই স্বাভাৱিক...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in