যীশুৰ জন্মস্থানত মৃতদেহেৰ দ'ম

যীশুৰ জন্মস্থানত মৃতদেহেৰ দ'ম

সকলোফালে বৰদিনৰ উছাহ। খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলৰ বাবে ইশ্বৰৰ এটি অৱতাৰস্বৰূপ যীশুখ্ৰীষ্টৰ আৱিৰ্ভাৱ এই দিনটোতেই হোৱা বুলি বিশ্বাস কৰা হয় সমগ্ৰ বিশ্বতে । জেৰুজালেমৰ বেথেলহেমত এটি গোহালিত মাতৃ মেৰীৰ ঔৰসত দৈৱ আশীৰ্বাদত জন্ম গ্ৰহণ কৰিছিল যীশুৱে ।

প্ৰায় ৬ খ্ৰীষ্টপূৰ্বৰ পৰা ৪ খ্ৰীষ্টপূৰ্বৰ মাজৰ কোনো এক সময়ত জন্ম লাভ কৰা যীশুক ধৰালৈ ইশ্বৰে প্ৰেৰণ কৰিছিল সমাজত প্ৰচলিত অসূয়া-অপ্ৰীতি দূৰ কৰি সম্প্ৰীতিৰ বাৰ্তা বিলাবলৈ । ইশ্বৰৰ এই পৱিত্ৰ বাৰ্তা বিলোৱা যীশু অতি শীঘ্ৰেই সমগ্ৰ জেৰুজালেমত সকলোৰে বাবে হৈ পৰিছিল ইশ্বৰৰ সন্তান । যাক মৰ্ত্যৰ লোকসকলৰ দুৰাচাৰ দূৰ কৰিবলৈ স্বয়ং ইশ্বৰে প্ৰেৰণ কৰিছিল ।

এই পৱিত্ৰ বৰদিনটি কেৱল খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলেই নহয় বৰং পৃথিৱীৰ সকলো লোকৰ বাবেও এক সম্প্ৰীতিৰ উৎসৱ । চৌদিশে ৰং-বিৰঙি আলোকসজ্জ্বাৰে সজাই পৰাই তোলা গীৰ্জাঘৰ, ৰাজহুৱা স্থান সমূহে লৈ ফুৰে এক আনন্দময় পৰিৱেশ ।

বিশ্বৰ শান্তি, মানৱ প্ৰীতিৰ হকে আজি সমগ্ৰ বিশ্বই পালন কৰিছে বৰদিন। কিন্তু এই পবিত্ৰ দিনটোতেই নিমাওমাও পৰিৱেশ বিৰাজ কৰিছে যীশুৰ জন্মভূমি বেথেলহেম। আজি যীশুৰ জন্মভূমিত নাই বৰদিনৰ আনন্দ। আছে মাঁথো হুমুনিয়াহ।

সকলোফালে এতিয়া কান্দোনৰ ৰোল। ইজৰাইল-হামাছৰ যুদ্ধৰ পৰা সাৰি নগ'ল যীশুৰ জন্মভূমিও।  যি স্থানত যীচুৰ জন্ম হৈছিল সেই গিৰ্জাৰ সন্মুখত এতিয়া দেখা গৈছে কাঁইটীয়া তাঁৰ আৰু ধ্বংসস্তুপৰ অৱশিষ্ট। গাজাত নিহতসকলৰ প্ৰতি শ্ৰদ্ধা জনাই গিৰ্জাৰ সন্মুখত ধ্বংসস্তুপৰ দ'ম ৰখা হৈছে।

আজি বন্ধ ঘোষণা কৰা হৈছে বেথেলহেমত। তাৰ মানুহে আজি পালন কৰা নাই বৰদিন। কৰিব কোন স'তে? চাৰিওফালে এতিয়া কেৱল কান্দোনৰ ৰোল, চাৰিওফালে এতিয়া কেৱল মৃত্যুৰ কিৰিল। বেথেলহেমত এতিয়া অতীত হৈ পৰিছে কেৰলৰ ধ্বনি।

''আমাৰ কোনো অতিথি নাই। কোন স'তে আমি পালন কৰো খ্ৰীষ্টমাছ। সকলোফালে কেৱল মৃত্যুৰ কিৰিলি। এতিয়ালৈকে এয়া আটাইতকৈ দুৰ্ভাগ্যজনক খ্ৰীষ্টমাছ। বেথলেহেম খ্ৰীষ্টমাছৰ বাবে বন্ধ কৰি দিয়া হৈছে। খ্ৰীষ্টমাছ ট্ৰী নাই, আনন্দ নাই, খ্ৰীষ্টমাছৰ আনন্দ নাই''- এয়া এগৰাকী বেথেলহেমৰ বাসিন্দাৰ মন্তব্য।

বিশ্বৰ ইতিহাসত এইবাৰ প্ৰথমবাৰৰ বাবে হৈছে যে এইবাৰ বেথেলহেমত নাই কোনো আনন্দ। যীশুৰ জন্মস্থানত এতিয়া সকলো ৰৈ আছে শান্তিৰ অপেক্ষাত।

৭ অক্টোবৰৰ পৰা বিশ্বব্যাপী শিৰোনাম দখল কৰিছে ইজৰাইল-হামাছৰ যুদ্ধই। প্ৰথমে আকস্মিকভাৱে হামাছৰ ইজৰাইল আক্ৰমণ, পাছত ইজৰাইলৰ হামাছত সামৰিক অভিযান। হাজাৰ হাজাৰ মানুহৰ প্ৰাণ হানি আদিয়ে এফালৰ পৰা দখল কৰি গৈছে শিৰোনাম।

এতিয়ালৈকে এই যুদ্ধই বহু হানি কৰিছে। যীশুৰ জন্মস্থলী বুলি বিশ্বাস কৰা স্থানত এতিয়া কেৱল মৃত্যু। সকলোৱে কিবা হেৰুৱাইছে, অলপ শান্তিৰ উশাহ বিচাৰি ফুৰিছে এতিয়া সকলোয়ে।

ইজৰাইল-পেলেষ্টাইনৰ যুদ্ধ আজিৰ নহয়। শতিকা ধৰি ইজৰাইল-পেলেষ্টাইনৰ যুদ্ধই সকলোৰে দৃষ্টি আকৰ্ষণ কৰি আহিছে। কিন্তু ইয়াৰ ফলত মানুহে কেৱল হেৰুৱাইছে। শেষ হৈ গৈছে ইশ্বৰৰ সৃষ্টি ঠাইসমূহ।

যুদ্ধ কাৰো কাম্য নহয়। যুদ্ধ মানেই ক্ষতি, যুদ্ধ মানেই মৃত্যুৰ কিৰিলি।  যুদ্ধই ঘূণীয়া কৰে এখন সমাজ, এটা প্ৰজন্ম, ভাঙি পেলাই লাখ লাখ মানুহৰ সপোন। যুদ্ধৰ দ্বাৰা কাৰো উপকাৰ নহয়। ধ্বংসস্তুপত পৰিণত হয় সকলো।

হয়তো আজি পৃথিৱীৰ এই অৱস্থা দেখি যীশুয়ে দুখ কৰিছে। কাঢ়িছে হুমুনিয়াহ। কোনেনো বিচাৰিব নিজৰ সন্তানৰ দুখ? যীশুয়ে শুনিবনে সকলোৰে আৰ্তনাদ?

আশা এটাই, শান্তি ঘূৰি আহক ইজৰাইল-পেলেষ্টাইনলৈ। পুনৰ হাঁহি উঠক বেথেলহেমৰ মানুহ। লওক সকলোৱে শান্তিৰ উশাহ। যীশুয়ে শুনক খ্ৰীষ্টান ধৰ্মাৱলম্বীৰ লগতে আন ধৰ্মৰ লোকসকলে বিশ্ব শান্তিৰ হকে কৰা প্ৰাৰ্থনা। এইবাৰ নহ'লেও অহাবাৰলৈ উলহ-মালহেৰে বেথেলহেমত পালন হওক বৰদিন...

যীশুৰ জন্মস্থানত মৃতদেহেৰ দ'ম
কি পালে, কি হেৰুৱালে...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in