আড্ডাত কৈছিল, "তই ষ্ট্ৰিক্ট হ'লে কি হ'ব ? প্ৰশ্নকাকত হাতে হাতে !" তাৰপাছত...

আড্ডাত কৈছিল, "তই ষ্ট্ৰিক্ট হ'লে কি হ'ব ? প্ৰশ্নকাকত হাতে হাতে !" তাৰপাছত...

-মৃদুল কুমাৰ সন্দিকৈ

সকলো একেই নহয় । এজনে মেট্ৰিক পৰীক্ষাৰ এটা কেন্দ্ৰত তত্বাৱধায়কৰ দায়িত্বত থাকি দুজন আন শিক্ষকক সহযোগী কৰি লৈ প্ৰশ্ন কাকত ফাদিল কৰিলে আৰু আন এজনে সেই কাণ্ড সহ্য কৰিব নোৱাৰি ইয়াক পোহৰলৈ আনিলে । শচীন্দ্ৰ দ'লে নামৰ গোগামুখ মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপকজনৰ উদ্যোগৰ বাবেই আজি এই কেলেংকাৰী ৰাজহুৱা হ'ল ।

৩ মাৰ্চ, ২০২৩ৰ পৰা আৰম্ভ হোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বৰদলনীৰ এটা পৰীক্ষা কেন্দ্ৰৰ বাহ্যিক নিৰীক্ষকৰ (External ) দায়িত্বত আছিল দ'লে । পৰীক্ষা কেন্দ্ৰটোত অতি কঠোৰ হৈছিল এইগৰাকী নিৰীক্ষক । নকল কৰা ছাত্ৰ-ছাত্ৰীক কোনো কাৰণতেই ক্ষমা কৰা নাছিল তেঁও । আনকি এতিয়ালৈকে অনুষ্ঠিত হৈ যোৱা পৰীক্ষাত পৰীক্ষাৰ দায়িত্বত থকা শিক্ষককো তেওঁ ৰেহাই দিয়া নাছিল ।

কৰ্তব্যত গাফিলতি কৰা নিৰীক্ষকক তেওঁ ছাত্ৰ-ছাত্ৰীৰ দৰেই এই প্ৰক্ৰিয়াটোৰ পৰা অতৰাই ৰাখিছিল । ৪ জনকৈ শিক্ষকক তেওঁ অব্যাহতি দিছে কেৱল তেওঁলোকৰ অৱহেলাৰ বাবে । প্ৰথম দিনা পৰীক্ষাৰ দায়িত্ব শেষ কৰি আড্ডাত বন্ধু-বান্ধৱৰ সৈতে বহি থাকোতেই বন্ধুৱেই তেওঁক ক'লে "তই কঠোৰ হৈ কি লাভ ? প্ৰশ্নকাকতেই দেখোন ওলাই গৈছে । "

সেই কথাটো তেওঁৰ মনত লাগিল । এয়া কেনেকৈ সম্ভৱ আৰু ইয়াৰ সত্যতা নিৰূপণ কৰিবলৈ তেওঁ পণ ল'লে । তেওঁ সুধিলে, কোনোবাই তেওঁক প্ৰশ্নকাকত সংগ্ৰহ কৰি দিব পাৰিব নেকি ? এজন বিশেষ ব্যক্তিক তেওঁ দায়িত্ব দিলে । সাধাৰণ বিজ্ঞান আৰু সমাজ বিজ্ঞানৰ প্ৰশ্নকাকত সংগ্ৰহ কৰিবলৈ ।

ইয়াৰ বাবে তেওঁ ১ হাজাৰ টকা নিজৰ পকেটৰ পৰাই ব্যয় কৰিলে । যিজন লোকে এই প্ৰশ্ন কাকতৰ যোগান ধৰিছিল তেওঁক গুগল পে'ৰ জৰিয়তে ধন আদায় দিবলৈ QR CODE ল'লে । সেই কোড পৰীক্ষা কৰি তেওঁ নিশ্চিত হ'ল বজাৰত এনেদৰে প্ৰশ্ন কাকত বিক্ৰী কৰি থকা লোকজন আচলতে এজন ছাত্ৰহে । ছাত্ৰজন পঢ়ে ছল্ট ব্ৰুক একাডেমীত ।

সেয়াই আৰম্ভণি । সাধাৰণ বিজ্ঞানৰ হাতে লিখা প্ৰশ্ন কাকত লাভ কৰি তেওঁ এই কথা বিদ্যালয় পৰিদৰ্শকক জনাবলৈ ফোন কৰিলে । কিন্তু তেখেতে ফোনটো নধৰিল । হাতে লিখা প্ৰশ্ন কাকতখন তেওঁ এজন সাংবাদিকলৈ প্ৰেৰণ কৰিলে । কিন্তু কোনেও সেই প্ৰশ্ন কাকতখন যে প্ৰকৃত প্ৰশ্নকাকত সেইয়া মানি ল'বলৈ টান পালে ।

সাংবাদিকজনেই তেওঁক পৰামৰ্শ দিলে বিষয়টো ছেবাক জনাবলৈ । ১২ মাৰ্চ,২০২৩ত তেওঁ আবেলি এই সমগ্ৰ ঘটনাটোৰ বিষয়ে ছেবাৰ এজন উপ সচিবক জনালে । লগতে সকলো তথ্যও দিলে । উপ সচিবগৰাকীয়ে তেওঁক কথাটো পোনপোটীয়াকৈ ছেবাৰ অধ্যক্ষ ৰমেশ চন্দ্ৰ জৈনক জনাবলৈ পৰামৰ্শ দিলে । কিন্তু অধ্যক্ষ ৰমেশ চন্দ্ৰ জৈনে সেই কথা মানি ল'বলৈ টান পালে । তেওঁ যুক্তি দিলে এইবাৰ পৰীক্ষাত MCQ আৰ্হিত প্ৰশ্ন কটা হৈছে । সেয়েহে কমন পৰিব পাৰে । তাৰ পাছত ফোনটো কাটি দিলে ।

ছাত্ৰ-ছাত্ৰীক সু-পথে নিবলৈ যত্ন কৰা এইগৰাকী অধ্যাপকে প্ৰায়েই কয় নকল কৰি দুটা নম্বৰ বেছিকৈ পাব পাৰি কিন্তু জ্ঞান আহৰণ কৰিব নোৱাৰি । প্ৰতিযোগিতামূলক পৰীক্ষাত সফলতা লাভ কৰিবলৈ বিষয়বস্তুৰ তন্ন তন্নকৈ পঢ়িবই লাগিব । এই সমগ্ৰ ঘটনাৰ কথা জনাই তেওঁ এইবাৰ কি কৰো নকৰোকৈ নিশা ৭ বজাত শিক্ষামন্ত্ৰী ৰণোজ পেগুলৈ এটা মেছেজ দিলে । তেওঁ জনালে যে শিক্ষামন্ত্ৰীগৰাকীৰ সৈতে কথা পাতিব বিচাৰে ।

তাৰ মাজতে ছেবাৰ উপ সচিবগৰাকীয়ে তেওঁক জানিবলৈ দিলে বিষয়টোক লৈ উপ-পৰীক্ষা নিয়ন্ত্ৰকৰ সৈতে কথা পাতিছে । কিন্তু ছেবাৰ পৰা ফলাফল নহাত শিক্ষামন্ত্ৰীলৈ মেছেজ দি তেওঁ আৰু ২ঘন্টা ৰ'ব লগা হ'ল ।

নিশা প্ৰায় ৯ বজাত শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে তেওঁলে ফোন কৰিলে । ফোনতে তেওঁ সকলোবোৰ বিৱৰি ক'লে । বিষয়টো তদন্ত কৰাৰ আশ্বাস দি সকলো তথ্য প্ৰমাণ তেওঁলৈ পঠিয়াবলৈ দিয়াত তাকেই কৰিলে । শিক্ষামন্ত্ৰীলৈ তেওঁ তেওঁৰ হাতত থকা গণিত, সমাজ বিজ্ঞান, ইংৰাজীৰ যি তথ্য আছিল সেইয়া পঠিয়াই দিলে ।

দুবাৰকৈ শচীন্দ্ৰ দ'লেৰ সৈতে যোগাযোগ কৰিছিল শিক্ষামন্ত্ৰী গৰাকীয়ে । ১৩ মাৰ্চত বিদ্যালয় উপ-পৰিদৰ্শকে জনালে এই সন্দৰ্ভত অভিযোগ দিয়া হৈছে ডিব্ৰুগড় আৰক্ষীক । নিশালৈ তেওঁক আৰক্ষী অধীক্ষকগৰাকীয়ে মাতি পঠিয়ালে । যিজনে তেওঁক এই প্ৰশ্ন কাকতখন আনি দিছিল তেওঁ হেনো প্ৰশ্ন কাকত দিওতাজনে এই গেৰান্টী দিছিল প্ৰশ্ন মিল নাথাকিলে পইছা ঘূৰাই দিব ।

ডিব্ৰুগড় আৰক্ষী অধীক্ষক তথা আন বিষয়াসকলে বহু প্ৰশ্ন কৰিছিল । ছাত্ৰ কেইজনক ধৰি অনা, সোধ-পোছ কৰা এইবোৰ কাম নিশা ৪ বজালৈকে চলিল । লগত থাকিল এইগৰাকী শিক্ষকো । ৪.৩০ বজাত তেওঁ আৰক্ষীয়ে থিক কৰি দিয়া এটা কোঠাত গৈ কিছু জিৰণী ল'লে । আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে তেওঁৰ মুখেৰে সকলো কথা শুনিছিল আৰু তেওঁক আশ্বাস দিছিল মূল কালপ্ৰিত ধৰিবই ।

আৰক্ষীয়ে সেই ধৰণে প্ৰশ্ন কাকত কেলেংকাৰীৰে জড়িত দোষীসকলক কৰায়ত্ত কৰিলে। যদি শচীন্দ্ৰ দ'লেই উদ্যোগ নল'লেহেতেন তেনেহলে এইবোৰ চলিয়েই থাকিলহেতেন। গোগামুখতেই ঘৰ শচীন্দ্ৰ দ'লেৰ । দুবাৰকৈ তেওঁ বি এচ ছি কৰিছে । ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা তেওঁ গণিত বিষয়ত স্নাতকোত্তৰ ।

২০১১ চনৰ পৰাই তেওঁ অধ্যাপনাৰ সৈতে জড়িত । বহু প্ৰতিযোগিতামূলক পৰীক্ষাত তেওঁ অৱতীৰ্ণ হৈছে । এবাৰ গ্ৰুপ ডিচকাছনলৈ গৈছে । শিক্ষকতাক অতি সততাৰে তেওঁ আগুৱাই লৈ যাব খোজে । তেওঁকেই সুধিছিলো আপোনাৰ দৰে এজন শিক্ষকে ইমান সজাগ আৰু সততাৰে কাম কৰিছে আৰু আন এচামে প্ৰশ্ন কাকত বিক্ৰী কৰি ধন ঘটিছে । কিয় এনে হৈছে বুলি ভাবে আপুনি ? ধনৰ বাবে নে আন কিবা ? শচীন্দ্ৰ দ'লে ক'লে "ধনটো এটা কাৰক হয়েই । তাতোকৈ ডাঙৰ আন দুটামান কাৰক আছে । ছাত্ৰ-অভিভাৱক, শিক্ষক সকলোৱে দায়ী । সকলোবোৰ হেঁচাত থাকে এতিয়া । অভিভাৱকৰ চিন্তা কেনেকৈ দুটামান নম্বৰ বেছি পাব পাৰে, প্ৰথম ডিভিজন, ষ্টাৰ পালে স্কুটী পোৱাৰ লোভ, পৰীক্ষাৰ ফলাফল ভাল নহ'লে বিদ্যালয়সমূহক বন্ধ কৰি দিয়াৰ ভয় । এইবোৰ জানো ফেক্টৰ নহয় ? মুঠতে ৰিজাল্ট লাগে যেনেকৈয়ে নহওক ।"

শচীন্দ্ৰ দ'লেৰ সৈতে কথা পাতি এই উপলব্ধি হ'ল মেট্ৰিক পৰীক্ষাৰ এই বিসংগতিৰ কাৰণবোৰৰ বাবে ক'ৰবাত চৰকাৰৰ এনে নীতিবোৰতো পৰোক্ষ বা প্ৰত্যক্ষভাৱে দায়ী নেকি ?

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in