'আছামছাট' সপোন, 'অৰুণোদয়'হে বাস্তৱ !

চৰকাৰে দেখুওৱা সপোনৰ পম খেদিয়েই আমি পাহৰি যাওঁ বাস্তৱক। অৱশ্যে তাৰ মাজতেই এচাম বাস্তৱতাবাদী মানুহে সপোন আৰু বাস্তৱৰ সেই দোদুল্যমানস্থিতিত পৰি ককবকাই থাকে।

author-image
Tushar Pratim
আপডেট কৰা হৈছে
New Update
 'আছামছাট' সপোন, 'অৰুণোদয়'হে বাস্তৱ !

তুষাৰ প্ৰতিম

Advertisment

সপোন দেখাত আপত্তি নাই। সপোনৰ ডেউকাৰে আমি কেতিয়াবা বহু উচ্চতালৈ অথবা দূৰ, দিগন্তৰ সীমনা ভেদি উৰি যাব পাৰো। বাস্তৱক উপলব্ধি কৰিব নোৱাৰালৈকে আমি যিদৰে ডেউকা কোবাই উৰি ফুৰো ঠিক সেইদৰেই বাস্তৱৰ মুখামুখি হ’লেই নিজক মাটিত বিচাৰি পাওঁ।

মাটিৰ স্পৰ্শত আমি ঘূৰাই পাওঁ সম্বিত আৰু ক্ষন্তেকীয়া সেই সপোনৰ পম খেদিয়েই কিছু সময়লৈ সুখী হোৱাৰ যত্ন কৰোঁ। মাজে মাজে অসম চৰকাৰৰ কিছুমান কথাই আমাক তেনেকৈ সপোন দেখিবলৈ বাধ্য কৰে।

চৰকাৰে দেখুওৱা সপোনৰ পম খেদিয়েই আমি পাহৰি যাওঁ বাস্তৱক। অৱশ্যে তাৰ মাজতেই এচাম বাস্তৱতাবাদী মানুহে সপোন আৰু বাস্তৱৰ সেই দোদুল্যমানস্থিতিত পৰি ককবকাই থাকে। বাস্তৱক যিমানেই ব্যাখ্যা কৰিবলৈ চেষ্টা কৰে, ৰঙীন সপোনৰ ঢৌত উটি, ভাঁহি ফুৰাসকলে সেয়া উপলব্ধি কৰিব নোৱাৰে।

আজি অসম বিধানসভাত বিত্তমন্ত্ৰী অজন্তা নেওগে দাখিল কৰিলে ২০২৫-২৬ বিত্তীয় বৰ্ষৰ বাজেট। এই বাজেটে যিদৰে আমাক নতুনকৈ সপোন দেখাৰ এক পৰিবেশ তৈয়াৰ কৰি দিছে, ঠিক সেইদৰে বাস্তৱৰো মুখামুখি হোৱাৰ এক সুযোগ দিছে। কিন্তু সেই ৰঙীন সপোনৰ মাজত বাস্তৱখিনিক উপলব্ধি কিমানে কৰিব সেয়াহে লক্ষ্যণীয়।  

আজি বাজেটত বিত্তমন্ত্ৰী অজন্তা নেওগে অসম চৰকাৰৰ এক অভিলাষী প্ৰকল্পৰ কথা ঘোষণা কৰিলে। তেওঁ মহাকাশলৈ অসমৰ নিজা খোজ দিয়াৰ পৰিকল্পনাৰ কথা বাজেটত গৌৰৱেৰে উল্লেখ কৰিছে। মহাকাশলৈ অসমৰ নিজা খোজ দিয়াৰ কথা ঘোষণা কৰি তেওঁ কয়, অসমৰো হ’ব এটা নিজা কৃত্ৰিম উপগ্ৰহ বা ছেটেলাইট।

এই ছেটেলাইটৰ নাম দিয়া হৈছে আছামছাট (ASSAMSAT)। বিত্তমন্ত্ৰীয়ে বাজেটত উল্লেখ কৰা মতে ইনস্পেছৰ সহযোগত জটিল আৰ্থ-সামাজিক প্ৰকল্পসমূহৰ কাৰ্য ৰূপায়ণৰ স্বাৰ্থত বিশ্বাসযোগ্য আৰু অবিৰত তথ্যৰ সৰবৰাহ নিশ্চিত কৰাৰ বাবে চৰকাৰে নিজা কৃত্ৰিম উপগ্ৰহ আছামছাট স্থাপন কৰিব বিচাৰিছে।

ইয়াৰ জৰিয়তে অসমৰ কৃষি, দুৰ্যোগ ব্যৱস্থাপনা, আন্তঃগাঁথনি বিকাশ, সীমান্ত সুৰক্ষা ব্যৱস্থাপনা আৰু আৰক্ষীৰ অভিযান আদিৰ ক্ষেত্ৰত উৎসৰ্গীত সেৱা যোগানত সহায় কৰিব। যদিও মহাকাশ, কৃত্ৰিম উপগ্ৰহৰ এই বিষয়বোৰ কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ আৰু ইছৰো, নাছাৰ সৈতে জড়িত বিষয় তথাপিও অসম চৰকাৰে নিজা উপগ্ৰহ স্থাপন কৰিব বুলি কোৱা এই কথাই মানুহক সপোন দেখিবলৈ বাধ্য কৰাইছে।

আজিৰ পৰা কিছু বছৰ আগতে অসমৰ ডিজিটেল তথ্যপাতিসমূহ সুৰক্ষিত কৰি ৰাখিবলৈ ক্লাউড কম্পিউটিঙৰ কথা চৰ্চা হৈছিল। ১৯৮৪ চনত স্থাপন কৰা হৈছিল এমট্ৰন। তথ্য প্ৰযুক্তিৰ গতিবিধি তথা উত্তৰ পূৰ্বাঞ্চলত তথ্য-প্ৰযুক্তিৰ বিনিয়াদ গঠনৰ বাবে স্থাপন কৰা হৈছিল এমট্ৰন। দূৰ সঞ্চাৰ আৰু আই টি ডমেইনৰ সমাধানৰো উদ্দেশ্য আছিল এমট্ৰনৰ।

মুকলি উৎসৰ ব্যৱহাৰৰ দ্বাৰা এমট্ৰনে উত্তৰ-পূব ভাৰতৰ বিভিন্ন কোম্পানীসমূহক প্ৰযুক্তিৰ ক্ষেত্ৰত সমাধান আৰু ছফটৱেৰৰ বিকাশৰ লগতে প্ৰযুক্তিগত সমাধানৰ বিকাশৰ লক্ষৰে স্থাপন কৰা এমট্ৰন এতিয়া কেৱল এটা কম্পিউটাৰ যোগানকাৰী প্ৰতিষ্ঠানলৈহে ৰূপান্তিৰত হ'ল।

তথ্য প্ৰযুক্তি বিভাগ গঠন কৰি ইয়াৰ দায়িত্বত একোজন মন্ত্ৰী আছে যদিও এই তথ্য প্ৰযুক্তি বিভাগো বগাহাতীলৈয়ে পৰিণত হৈছে। ৰাজ্যৰ ডিজিটেল কামকাজ তথা তথ্যপাতিৰ সংৰক্ষণৰ কাম এতিয়া বহিঃৰাজ্যৰ প্ৰতিষ্ঠানৰ ওপৰতে নিৰ্ভৰশীল।

তথ্য প্ৰযুক্তিৰ ক্ষেত্ৰত ৰাজ্যত ব্যৰ্থতাৰ এই উদাহৰণ যদিও দৃষ্টিকটুভাৱে স্পষ্ট হৈ আছে তথাপিও বাজেটত কোৱাৰ দৰেই এই কৃত্ৰিম উপগ্ৰহ স্থাপনে অসমক কৃষি, দুৰ্যোগ ব্যৱস্থাপনা, আন্তঃগাঁথনিৰ বিকাশ, সীমান্ত সুৰক্ষাৰ ব্যৱস্থাপনাত সহায় কৰিব বুলি ধৰি লয়েই বাৰু এয়া এক যোগাত্মক আৰু দূৰদৰ্শী চিন্তা বুলিয়েই মানি ল’লো।

যদিহে ইয়াক বাস্তৱসন্মত কৰিব পাৰে তেন্তে নিশ্চয়কৈ ই হৈ পৰিব এক যুগান্তকাৰী পদক্ষেপ। অসমৰ নিজা ছেটেলাইটৰ এই সপোনৰ বিপৰীতে কিন্তু এই একেখন বাজেটতে বিত্তমন্ত্ৰীয়ে বাকী যিবোৰ আঁচনি ঘোষণা কৰিলে সেই আঁচনিয়ে ৰাজ্য চৰকাৰখনৰ বাস্তৱক উপলব্ধি কৰাত হয়তো বৰ বিশেষ জটিলতাৰ সৃষ্টি কৰা নাই।

যদিও তেওঁ নিটি আয়োগৰ প্ৰতিবেদনৰ তথ্য উল্লেখ কৰি অসমৰ ৪৬.৮৭ লাখ লোক দৰিদ্ৰতাৰ পৰা মুক্ত হোৱাৰ কথা কৈছে তথাপিও কিন্তু  বাজেটত বিত্তমন্ত্ৰীগৰাকীয়ে আঁচনিসমূহৰ ঘোষণা আৰম্ভ কৰিছে অৰুণোদয় আঁচনিখনৰ জৰিয়তে। ১২৫০ টকাকৈ প্ৰদান কৰা এই আঁচনিৰ মুঠ হিতাধিকাৰী চলিত বিত্তীয় বৰ্ষত ৩৭.২ লাখলৈ বৃদ্ধিৰ লক্ষ্য লৈছে চৰকাৰে। ইয়াৰ বাবে আছুটীয়াকৈ নিৰ্ধাৰণ কৰিছে ৫ হাজাৰ কোটি টকা।

মহিলা উদ্যমিতা আঁচনিৰ জৰিয়তে গ্ৰামাঞ্চলৰ ৩০ লাখ আত্মসহায়ক গোট আৰু নগৰাঞ্চলৰ ২ লাখ আত্মসহায়ক গোটক সামৰি প্ৰথমে ১০ হাজাৰকৈ টকা প্ৰদান কৰা হ’ব। যিসকলে এই ধন সঠিক ব্যৱহাৰ কৰিব তেওঁলোকক বেংকৰ জৰিয়তে পৰৱৰ্তী সময়ত ২৫ হাজাৰ টকা আগবঢ়াব। এই আঁচনিৰ বাবে ব্যয় কৰিব ৩,০৩৮ কোটি টকা।

আন এখন হিতাধিকাৰী আঁচনি নিযুত মইনাৰ জৰিয়তে ১০ মাহৰ বাবে প্ৰতিমাহে একাদশ শ্ৰেণীৰ ছাত্ৰীক এক হাজাৰকৈ, স্নাতক প্ৰথম বৰ্ষৰ ছাত্ৰীক ১,২৫০ টকাকৈ, স্নাতকোত্তৰ আৰু বি এডৰ প্ৰথম বৰ্ষৰ ছাত্ৰীক ২,৫০০ টকাকৈ প্ৰদান কৰিব। পূৰ্বে ১.৮ লাখ ছাত্ৰীক সামৰি লোৱা এই আঁচনিয়ে এইবাৰ সামৰি ল’ব ৪.৩ লাখ ছাত্ৰীক।

ইয়াৰ বাবে চলিত বিত্তীয় বৰ্ষত ব্যয় কৰিব ৩৯১ কোটি টকা। তাৰোপৰি মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনিৰ জৰিয়তে স্নাতক উত্তীৰ্ণলৈ এবছৰৰ বাবে প্ৰতি মাহে ২,৫০০ টকাকৈ প্ৰদান কৰিব। 

জিলা আয়ুক্তৰ পৰামৰ্শ মতে আকৌ এইসকলক পৰৱৰ্তী সময়ত ২৫,০০০ টকাৰ এককালীন সাহায্যও প্ৰদান কৰা হ’ব। এই আঁচনিৰ বাবে ব্যয় কৰিব ২৫ কোটি টকা।  

ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন-২০১৩ ৰ অধীনত ৰাজ্যত বিনামূলীয়া চাউল যোগান ধৰি থকা হৈছে। ৰেচন কাৰ্ড অধিকাৰী এই লোকসকলক এইবাৰ চৰকাৰে ২৫ টকাত এক কেজি মচুৰ দাইল, ২০ টকাত এক কেজি চেনী, ১০ টকাত এক কেজি নিমখো যোগান ধৰিব।

অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশংলঘী মূল্যবৃদ্ধিৰ সময়ত এই পদক্ষেপে এইসকল লোকক সকাহ প্ৰদান কৰিব যদিও লক্ষ্যণীয় বিষয়টো হ’ল অসমৰ মুঠ গ্ৰামাঞ্চলৰ ৮৪ শতাংশ আৰু চহৰাঞ্চলৰ ৬০ শতাংশ লোকেই এই আঁচনিৰ অন্তৰ্ভুক্ত। ইয়াৰ পৰাই ৰাজ্যৰ সাধাৰণ লোকসকলৰ অৰ্থনৈতিক অৱস্থাৰ এক আভাস পোৱা যায়।

এইদৰেই ৰাজ্যত হিতাধিকাৰী সৃষ্টিৰে অভিলেখ গঢ়াৰ সমান্তৰালকৈ তেওঁলোকলৈ আগবঢ়োৱা নানান আঁচনিয়ে পৰিয়ালসমূহৰ অৰ্থনৈতিক অৱস্থাৰ দিশটোকে উন্মোচিত কৰিছে। এই বিষয়ত নতুনকৈ ব্যাখ্যাৰ প্ৰয়োজন নাই।

ইফালে ২০০ বছৰ গৰকা অসমৰ চাহ শিল্পক বিশ্ব মঞ্চত তুলি ধৰিবলৈ সৌ সিদিনা সৰুসজাইত অসম চৰকাৰৰ উদ্যোগত ঝুমইৰ বিনন্দিনী অনুষ্ঠান সম্পন্ন হৈ গ’ল। এই অনুষ্ঠানত চাহ শ্ৰমিকসকলক ভূমিৰ অধিকাৰ প্ৰদান কৰিব বুলি প্ৰতিশ্ৰুতি দিয়া হৈছিল।

কিন্তু তেওঁলোকৰ প্ৰাপ্য মজুৰী, জনজাতীকৰণৰ দৰে সমস্যাৰ বিষয়ে কোনো কথা উল্লেখ নকৰিলে। আজিও বাজেটত ৬.৮ লাখ চাহ শ্ৰমিকক ৫ হাজাৰকৈ এককালীন বিত্তীয় সাহায্যৰ কথাহে ঘোষণা কৰিলে। ইয়াৰ বাবে ব্যয় কৰিব ৩৪২ কোটি টকা। অথচ তেওঁলোকৰ সমস্যা সমাধানৰ সন্দৰ্ভত কোনো কথাই উল্লেখ নহ’ল।

চৰকাৰে সৃষ্টিশীল, বিজ্ঞানসন্মত আৰু শৈক্ষিক বিষয়ক সামৰি লোৱা ১০০০ যুৱ লেখক ২৫,০০০ কৈ টকা বিত্তীয় সমৰ্থন দিয়াৰ কথাও উল্লেখ কৰিছে। পূৰ্বেও চৰকাৰে এইদৰে লেখকলৈ ধন আগবঢ়োৱাৰ উদাহৰণ আছে।

এই বিষয়ক লৈয়ো বিতৰ্কৰ সৃষ্টি হোৱাৰো নজিৰ আছিল। গ্ৰন্থৰ ক্ৰয়ৰ বাবে চৰকাৰী কৰ্মচাৰীসকলক অতিৰিক্ত ১০০০ কৈ এককালীন অনুদান আগবঢ়োৱাৰো প্ৰস্তাৱ আছে এই বাজেটত। গ্ৰন্থৰ প্ৰয়োজন আছে যদিও চৰকাৰী কৰ্মচাৰীকে যদি গ্ৰন্থ ক্ৰয়ৰ বাবে চৰকাৰী অনুদানৰ প্ৰয়োজন তেন্তে সাধাৰণ পাঠকৰ অৱস্থা কি? সেয়াও প্ৰশ্নৰ বিষয়।

এইসমূহৰ উপৰিও বাজেটত অসম দৰ্শন আঁচনিৰ অধীনত ঐতিহ্য সংৰক্ষণ, আন্তঃগাঁথনি উন্নয়নৰ বাবে ১৭ হাজাৰতকৈ অধিক ধৰ্মীয় অনুষ্ঠানলৈ ২৫,০০০ কৈ বিত্তীয় সাহায্য, ২৫ হাজাৰ নামঘৰ, ধৰ্মীয় অনুষ্ঠানলৈ দুটা সমান কিস্তিত ৩ লাখা টকাকৈ প্ৰদান কৰিব। ইয়াৰ বাবে ব্যয় কৰিব ৪২০ কোটি।

এইদৰেই আজিৰ বাজেটত একপ্ৰকাৰে অনুদান, সাহায্য আদিৰ বৰষুণ হৈছে। অৱশ্যে তাৰ মাজতেই কেইবাখনো ফলপ্ৰসূ আঁচনিৰ বিষয়েও বাজটেত উল্লেখ আছে। বিশেষকৈ কৃষকৰ বাবে, হাতী-মানুহৰ সংঘাত দূৰ কৰাৰ বাবে, উদ্যমিতাৰ বাবে যিসমূহ আঁচনি আছে সেই আঁচনিৰ সঠিক ৰূপায়ণে বহু সমস্যাৰ সমাধান কৰাৰ পথ প্ৰশস্ত কৰিব বুলি আশা কৰিব পাৰি। 

বিত্তমন্ত্ৰীগৰাকীয়ে আজি যি বাজেট দাখিল কৰিলে সেই বাজেট ১ লাখ ৫৫ হাজাৰ ৪২৮ কোটিৰ। এই বাজেট ৬২০ কোটি ২৭ লাখ টকাৰ ঘাটি বাজেট। অজন্তা নেওগৰ এই বাজেটৰ সন্দৰ্ভত অৰ্থনীতিবিদসকলে, বিশেষজ্ঞসকলে তেওঁলোকৰ বিশ্লেষণ নিশ্চয়কৈ আগবঢ়াব। বিৰোধী দলসমূহেও তাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব।

আমি এই লেখাত বাজেটক অৰ্থনৈতিক দৃষ্টিকোণেৰে বিশ্লেষণৰ পৰিবৰ্তে কিদৰে সপোন আৰু বাস্তৱৰ মাজত এক বিৰাট পাৰ্থক্যৰ সৃষ্টি কৰিছে সেয়াহে দাঙি ধৰাৰ প্ৰয়াস কৰিছো। এই বাজেটে এফালে যিদৰে মহাকাশ, কৃত্ৰিম উপগ্ৰহৰ কথা ক’লে, সেইদৰেই হিতাধিকাৰী আঁচনিৰে ভৰাই পেলালে।

আত্মনিৰ্ভৰশীলতাৰ নামত যি কেইখন আঁচনিৰ কথা উল্লেখ কৰিলে সেয়াও একপ্ৰকাৰে হিতাধিকাৰী আঁচনিলৈয়ে ৰূপান্তৰিত হ’ল। সেয়ে হিতাধিকাৰীৰে ভৰি থকা এই ৰাজ্যৰ বাবে মহাকাশ, কৃত্ৰিম উপগ্ৰহৰ এই বিষয়বোৰ কিমান বাস্তৱিক সেয়া নিশ্চয়কৈ সহজেই অনুমেয়।

হিমন্ত বিশ্ব শৰ্মা অজন্তা নেওগ অৰুণোদয় অসম বাজেট