/asomiyapratidin/media/media_files/2025/04/18/CQqNdthfy04MEgiPkIA9.jpg)
ছেমি ফাইনেলত শক্তিহীন বিৰোধী !
সমাগত পঞ্চায়ত নিৰ্বাচনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া। ইতিমধ্যে মনোনয়ন দাখিল, পৰীক্ষণ আৰু প্ৰত্যাহাৰ প্ৰক্ৰিয়া অন্ত পৰিছে। ভোটযুদ্ধলৈ সাজু হৈছে শাসক, বিৰোধী। অৱশ্যে একত্ৰিতভাৱে নিৰ্বাচন খেলাৰ চেষ্টা কৰিও পুনৰ ব্যৰ্থ হ'ল বিৰোধী। ইয়াৰ বিপৰীতে এন ডি এয়ে বিনা প্ৰতিদ্বন্দিতাৰে দখল কৰিলে ৩৭ খনকৈ জিলা পৰিষদৰ আসন। পঞ্চায়ত নিৰ্বাচনৰ এই সকলো দিশ সামৰি অসমীয়া প্ৰতিদিন ডিজিটেলৰ এক বিশেষ প্ৰতিবেদন।
ব’হাগ বিহুৰ পাছত এতিয়া ৰাজ্যত বলিছে নিৰ্বাচনী বতাহ। ২ আৰু ৭ মে’ত অনুষ্ঠিত হ’বলগীয়া পঞ্চায়ত নিৰ্বাচনৰ মনোনয়ন দাখিল আৰু পৰীক্ষাৰ আনুষ্ঠানিক পৰ্ব সম্পূৰ্ণ হৈছে। ২০২৬ ৰ অসম বিধানসভাৰ নিৰ্বাচনৰ পূৰ্বে ছেমি ফাইনেল সদৃশ হৈ পৰা এই নিৰ্বাচনত বিৰোধীয়ে পূৰ্ণ শক্তিৰে জপিয়াই পৰিব বুলি ভবা হৈছিল যদিও এইবাৰ নিৰ্বাচনত তেনে প্ৰেক্ষাপট দেখা পোৱা হোৱা নাই।
ইতিমধ্যে জিলা পৰিষদৰ ৩৭ খন আসনত বিনা প্ৰতিদ্বন্দিতাৰে জয়ী হৈছে এন ডি এ প্ৰাৰ্থী। ইয়াৰে ৩৫ খনত বিজেপিৰ প্ৰাৰ্থী আৰু দুখন জিলা পৰিষদ আসনত অগপ প্ৰাৰ্থী জয়ী হৈছে। আঞ্চলিক পঞ্চায়ত পৰ্যায়ত ২৫৯ খনত বিজেপি আৰু ২৯ খন অগপৰ দখললৈ গৈছে।
এ আই ইউ ডি এফে আঞ্চলিক পঞ্চায়তৰ এখন আসন, নিৰ্দলীয়ই ১৩ খন আৰু কংগ্ৰেছে ৯ খন আসনত বিনা প্ৰতিদ্বন্দিতাৰে জয়ী হোৱা বুলি জানিব পৰা গৈছে। উল্লখযোগ্য যে, ২ মে’ত ৰাজ্যৰ পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ ১৪ খন জিলাত অনুষ্ঠিত হ’ব।
প্ৰথম পৰ্যায়ত পঞ্চায়ত নিৰ্বাচনৰ ভোটগ্ৰহণ অনুষ্ঠিত হ’বলগীয়া জিলা কেইখন ক্ৰমে তিনিচুকীয়া, ডিব্ৰুগড়, চৰাইদেউ, শিৱসাগৰ, মাজুলী, যোৰহাট, গোলাঘাট, ধেমাজি, লখিমপুৰ, শোণিতপুৰ, বিশ্বনাথ, কাছাৰ, হাইলাকানন্দি আৰু শ্ৰীভূমি।
দ্বিতীয় পৰ্যায়ত ৭ মে’ত অনুষ্ঠিত হ’ব ১৩ খন জিলাত পঞ্চায়ত নিৰ্বাচন। দ্বিতীয় পৰ্যায়ত ভোটগ্ৰহণ হ’বলগীয়া জিলা কেইখন ক্ৰমে ধুবুৰী, দক্ষিণ শালমৰা, মানকাচৰ, গোৱালপাৰা, বঙাইগাওঁ, বৰপেটা, বজালী, নলবাৰী, কামৰূপ, কামৰূপ মহানগৰ, হোজাই, নগাওঁ, মৰিগাওঁ আৰু দৰং।
এই নিৰ্বাচনৰ অধিসূচনা ৰাজ্যিক নিৰ্বাচন আয়োগে জাৰি কৰিছিল ২ এপ্ৰিল ২০২৫ ত। দুয়োটা পৰ্যায়তে ভোটগ্ৰহণ পুৱা ৭ বজাৰ পৰা বিয়লি ৪-৩০ বজালৈ অনুষ্ঠিত হ’ব। অনুষ্ঠিত হ’বলগীয়া এই পঞ্চায়ত নিৰ্বাচনত মুঠ ভোটাৰৰ সংখ্যা ১৮০৩৬৬৮২ গৰাকী।
ইয়াৰে পুৰুষ ভোটাৰৰ সংখ্যা ৯০৭১২৬৪ গৰাকী। মহিলা ভোটাৰৰ সংখ্যা ৮৯৬৫০১০ গৰাকী। তৃতীয় লীংগৰ ভোটাৰৰ সংখ্যা ৪০৮ গৰাকী।
পঞ্চায়ত নিৰ্বাচনৰ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব ২৫০০৭ টা ভোটগ্ৰহণ কেন্দ্ৰত। এই পঞ্চায়ত নিৰ্বাচনত গাওঁ পঞ্চায়তৰ মুঠ সদস্যৰ আসন হৈছে ২১,৯২০ খন। ইয়াৰে ৯২৭০ খন মুক্ত আসন। এই আসনসমূহৰ ভিতৰত মহিলাৰ বাবে সংৰক্ষিত আসনৰ সংখ্যা ১০৮৮৩ খন।
গাওঁ পঞ্চায়তৰ সভাপতিৰ বাবে নিৰ্বাচন অৱনুষ্ঠিত হ’বলগীয়া মুঠ আসনৰ সংখ্যা ২১৯২ খন। তাৰে ১০৯৭ খন মহিলাৰ বাবে সংৰক্ষণ। গাওঁ পঞ্চায়তৰ উপ-সভাপতি পদৰ বাবে মুঠ আসনৰ সংখ্যা ২১৯২ খন।
আঞ্চলিক সদস্য পদৰ বাবে মুঠ আসনৰ সংখ্যা ২১৯২ খন। জিলা পৰিষদৰ আসনৰ সংখ্যা ৩৯৭
খন।