Advertisment

দেউতাকৰ অভাৱে কোটিপতি কৰা তিলকৰ কাহিনী...

লাগি থাকিলে মাগি নাখায়। কোনো কাম একাণপতিয়াকৈ আৰু একাগ্ৰতাৰে যদি কৰা হয় সেই কামত সফলতা লাভ কৰাটো অনিবাৰ্য। আমাৰ আশে পাশে এনে অনেক উদাহৰণ আছে। উদ্যমী মন আৰু কৰ্মস্পৃহাৰ গৰাকী সকলো লোকেই বাধাৰ প্ৰাচীৰ ভাঙি লাভ কৰে সফলতা। সেইবাবেই কোৱা হয়, মন কৰিলেই চন…।

author-image
Asomiya Pratidin
New Update
dddd

ডিম্পুল বৰগোহাঁই

Advertisment

লাগি থাকিলে মাগি নাখায়। কোনো কাম একাণপতিয়াকৈ আৰু একাগ্ৰতাৰে যদি কৰা হয় সেই কামত সফলতা লাভ কৰাটো অনিবাৰ্য। আমাৰ আশে পাশে এনে অনেক উদাহৰণ আছে। উদ্যমী মন আৰু কৰ্মস্পৃহাৰ গৰাকী সকলো লোকেই বাধাৰ প্ৰাচীৰ ভাঙি লাভ কৰে সফলতা। সেইবাবেই কোৱা হয়, মন কৰিলেই চন…।

অসমৰ পৰা প্ৰতিবছৰে বহু সংখ্যকলোক উপাৰ্জনৰ পথ বিচাৰি বহিঃ ৰাজ্যলৈ ঢাপলি মেলে। বহিঃৰাজ্যলৈ যোৱা এই লোকসকলৰ ভিতৰত যুৱ প্ৰজন্মৰ সংখ্যা অধিক বুলি কলেও হয়তো ভুল নহব। দৰিদ্ৰতা, শিক্ষা জীৱনত বিফলতা আৰু কোৰোনাকেন্দ্ৰিক পৰিস্থিতিকে ধৰি বিভিন্ন কাৰণত অসমৰ বহু যুৱক সংস্থাপন পথ বিচাৰি বহিঃ ৰাজ্যলৈ যায়। কেতিয়াবা দুষ্ট চক্ৰৰ হাতত পৰি অসমৰ বহু তেজাল যুৱকে প্ৰাণো হেৰুৱাইছে। তাৰ পিছতো কিন্তু বহিঃ ৰাজ্যলৈ যুৱক সকল গৈয়ে আছে। ইয়াৰ কাৰণ আচলতে কি?

দৰাচলতে সকলো কথাতে চৰকাৰ অথবা প্ৰশাসনক দোষাৰোপ কৰিলেই সমস্যাবোৰ সমধান নহয়। কিছু ক্ষেত্ৰত দায়ী আমাৰ সমাজ ব্যৱস্থা আৰু সমাজৰ একাংশ লোকৰ মনোভাৱ। সমাজত থকা উচ্চ-নীচ মনোভাৱে বহুসময়ত যুৱকসকলক জীৱিকা নিৰ্বাচনত বিপাঙত পেলায়। কোনো কামত হাত দিলেও সমাজৰ উচ্চ জাতৰ দোহাই দি কোৱা হয়- অমুকৰ পৰিয়ালৰ লৰা হৈ তই এনে কাম কৰিবিনে! এনে পৰিস্থিতিৰ পাছত কি উৎসাহেৰে নো যুৱকজন সেই কামতটোত সফলতা লাভ কৰিব! অৱশ্যে ইয়াৰ মাজতে একাংশই নিজ লক্ষ্যৰ পৰা কক্ষচ্যুত নহয়।

যুৱ প্ৰজন্মৰ একাংশই যদি কোনো কামত আগবাঢ়িছে, সেই কাম আদৰি লোৱা নাই সমাজ ব্যৱস্থাই। ইয়াৰ বিপৰীতে যুৱ প্ৰজন্মৰ একাংশ আকৌ এই দিশবোৰত উদাসীন। কিন্তু তাৰ মাজতো বহুতে কাম কৰি আছে। যাৰ বাবে শেহতীয়াকৈ অসমৰ থলুৱা উদ্যোগটো কিছু পৰিমাণে হলেও ঠন ধৰি উঠিছে। সময় থাকোতেই আমি সকলোৱে উপলদ্ধি কৰা উচিত যে- যি জাতিয়ে নিজৰ পথাৰ আৰু বজাৰ ৰক্ষা কৰিব নোৱাৰে ,সেই জাতিয়ে নিজকো ৰক্ষা কৰিব নোৱাৰে ।"

সংগ্ৰামৰ মাজেৰেই জীৱন। জীৱনৰ প্ৰতিতো মুহূৰ্ততে প্ৰতিগৰাকী লোকে সংগ্ৰাম কৰিবলগীয়া হয়। আৰম্ভণিতে কোৱাৰ দৰে একাগ্ৰতা আৰু উদ্যমী মনৰ গৰাকী প্ৰতিজনেই জয়ী হয় এই জীৱন যুজঁত। বিফলতা থাকেই, সেই বিফলতাক সফলতাৰ দুৱাৰমুখলৈ ৰূপান্তৰ কৰিব পৰা জনহে প্ৰকৃত যোদ্ধা। এই লেখাত আজি তেনে ২ গৰাকী লোকৰ জীৱন কাহিনীৰ বিষয়ে আলোকপাত কৰা হব।

এজন ১৬ বছৰীয়া কিশোৰ। নাম তিলক মেহতা। আপোনালোকে হয়তো ভাবিছে ২ জন সফল ব্যক্তিৰ জীৱনৰ বিষয়ে কবলৈ গৈ হঠাতে ১৩ বছৰীয়া তিলকৰ প্ৰসংগ কিয় অনা হল। কিন্তু আমি কব খোজা ২ জন ব্যক্তিৰ ভিতৰৰে এজন হৈছে মুম্বাইৰ তিলক মেহতা নামৰ কিশোৰজন। বয়স কম, কিন্তু তিলকৰ চিন্তা-চৰ্চা ডাঙৰ। তিলকৰ চিন্তাধাৰাৰ প্ৰতি মুগ্ধ হৈ আৰু তেওঁৰ কথা শুনি বেংকৰ মেনেজাৰেও এৰি দিছিল চাকৰি।

মুম্বাইত তিলকৰ জন্ম। অষ্টমমান শ্ৰেণীত পঢ়া তিলকৰ দেউতাকে মুম্বাইৰে এটা অফিচত কৰ্মৰত। ৰাতি-দিন একাকাৰ কৰি তিলকৰ দেউতাকে কাম কৰা কথাতো গোপনে লক্ষ্য কৰিছিল তিলকে। কিন্তু এদিন তিলকৰ ঘৰত সংঘটিত হল এটা ঘটনা। চন ২০১৮, তিলকৰ বছেৰেকীয়া পৰীক্ষা কাষ চাপিছিল। পৰীক্ষাৰ বাবে প্ৰয়োজনীয় কিতাপ সময়ৰ অভাৱত কিনি দিব পৰা নাছিল দেউতাকে। দিনটো কষ্ট কৰি উভতা দেউতাকক কোনো হেচাঁ দিব খোজাও নাছিল তিলকে। এনে অৱস্থাৰ মাজতে তিলকৰ মনলৈ আহিল এটা বিশেষ আইডিয়া।

উদ্যমী মনৰ গৰাকী তিলকে মুম্বাইৰ ভিতৰৰে সকলো স্থানলৈ ২৪ ঘন্টাই সঠিক সময়ত কিতাপৰ লগতে বিভিন্ন পাৰ্চেল ডেলিভাৰী দিয়াৰ কথা ভাৱিলে। সৰু লৰা, এনে সময়ত এইবোৰ কথাক বহুতে গুৰুত্ব নিদিয়ে। কিন্তু তিলকে এই কথা গৈ কলে সেই অঞ্চলৰে এজন বেংক বিষয়াৰ আগত। কেৱল কোৱাই নহয়, প্ৰতিষ্ঠানটো কেনেদৰে আৰম্ভ কৰি, কি কৌশলেৰে আগবঢ়াই নিয়া হব সেই সন্দৰ্ভত বহু আইডিয়াও বিৱৰি কলে। তিলকৰ কথা শুনি বেংক বিষয়াজন এনেদৰে মুগ্ধ হল যে, তেওঁ বাদ দিলে বেংকৰ চাকৰি।

বেংকৰ চাকৰি বাদ দি বেংক বিষয়াজনে তিলকৰ সৈতে আৰম্ভ কৰিলে নতুন ব্যৱসায়। মায়া নগৰী মুম্বাইত খোলা হল এটা পাৰ্চেল ডেলিভাৰী প্ৰতিষ্ঠান, নাম দিলে পেপাৰ এণ্ড পাৰ্চেল। অতি কমসময়ৰ ভিতৰতে তিলকে দখল কৰিলে মুম্বাইৰ পাৰ্চেল নেটৰ্ৱক। এইক্ষেত্ৰত দিহা-পৰামৰ্শদাতা হিচাপে প্ৰতি মুহূৰ্ততে তিলকৰ লগত থকা বেংক বিষয়া ঘনশ্যাম পাৰেশক নিযুক্তি দিয়া হল পেপাৰ এণ্ড পাৰ্চেলক মুখ্য কাৰ্যবাহী বিষয়া হিচাপে। সঠিক সময়ত সকলো পাৰ্চেল সঠিক স্থানত পঠিওৱাৰ বাবে তিলক এণ্ড কোম্পানীয়ে সহায় ললে মুম্বাইৰ টিফিন ডেলিভাৰী দিয়াসকলৰ। ঘনশ্যাম পাৰেশ আৰু তিলকৰ নেতৃত্বত লাহে লাহে অধিক সবল হৈ উঠিল পেপাৰ এণ্ড পাৰ্চেল কোম্পানী।

ইয়াৰ পাছতে পেপাৰ এণ্ড পাৰ্চেল নামত আহিল এটা মোবাইল এপ। এই এপটোৰ জৰিয়তে মুম্বাই চহৰৰ সকলো লোকে নিধাৰিত সময়ত পাৰ্চেলটোৰ বাবে বুকিং কৰিব পাৰে আৰু এপটোৰ জৰিয়তে পাৰ্চেলৰ বাবদ আদায় কৰিবলগীয়া ধনো প্ৰদান কৰিব পাৰে। প্ৰাপ্ত খবৰ অনুসৰি প্ৰতিদিনেই ১২০০ ৰো অধিক পাৰ্চেল ডেলিভাৰী দিয়ে পেপাৰ এণ্ড পাৰ্চেলে। ৩ কেজিতকৈ অধিক ওজনৰ সামগ্ৰী ডেলিভাৰী নকৰে প্ৰতিষ্ঠানটোৱে। প্ৰতিটো পাৰ্চেলৰ বাবদ দুৰত্ব অনুসৰি তেওলোকে লয় ৪০ ৰ পৰা ১৮০ টকা। বৰ্তমান প্ৰতিষ্ঠানটোত আছে ২০০ ৰো অধিক স্থায়ী কৰ্মচাৰী। ইয়াৰোপৰি ৩০০ ৰো অধিক টিফিন ডেলিভাৰী কৰা লোক জড়িত প্ৰতিষ্ঠানটোৰ সৈতে।

পেপাৰ এণ্ড পাৰ্চেলক মুখ্য কাৰ্যবাহী বিষয়া ঘনশ্যাম পাৰেশৰ মতে বৰ্তমান প্ৰতিটো পাৰ্চেলৰ বাবদ যি মূল্য লোৱা হয়, কিছুস্থানৰ বাবে সেয়া যথেষ্ট কম। ইয়াৰোপৰি পাৰ্চেলৰ ওজনৰ ক্ষেত্ৰত কিছুদিনৰ পাছতে পুনৰ বিবেচনা কৰা হব। ৩ কেজিতকৈ এই ওজন বৃদ্ধি কৰা হব বুলিও জনায় মুখ্য কাৰ্যবাহী বিষয়াগৰাকীয়ে। মুম্বাই চহৰৰ কুৰিয়াৰ ছাৰ্ভিজ ক্ষেত্ৰখনত ২০ শতাংশ বজাৰ দখল কৰা পেপাৰ এণ্ড পাৰ্চেল প্ৰতিষ্ঠানে বছৰি ১০০ কোটি টকা উপাৰ্জনৰ দিশে আগবাঢ়িছে।এয়া আছিল মুম্বাইৰ তিলকৰ কাহিনী। আমিও আশা কৰিছো উদ্যমী মনৰ গৰাকী তিলকৰ এই যাত্ৰা অনাদিকাললৈ অব্যাহত থাকক।




মহাৰাষ্ট্ৰ