/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/d2995418-0bab-443f-b9c4-ffa1f3776e3b/AP_FOR_WEB_NEW____bikhekh_lekha.jpg)
ডিম্পুল বৰগোহাঁই
ঈশ্বৰক প্ৰাৰ্থনা কৰোতে, মন খুলি হাঁহোতে নাইবা হিয়া ধাকুৰি কান্দোতে আমাৰ চকু আপোনা-আপুনি বন্ধ হৈ যায়। কিয় হয় বাৰু এনেকুৱা, ভাৱিছেনে কেতিয়াবা? - মঞ্চত অন্ধ লৰাটোৱে কৰা এই প্ৰশ্ন শুনি প্ৰেক্ষাগৃহৰ সকলোৱে ইজনে সিজনৰ মুখলৈ চালে। সভাত মুখ্য অতিথি হিচাপে উপস্থিত থকা ৰাষ্ট্ৰপতিয়েও হাত চাপৰি বজালে। ৰাষ্ট্ৰপ্ৰধানগৰাকীয়ে অন্ধ লৰাটোৰ এনে চিন্তাক চেল্যুট দিয়াৰ লগতে কেতিয়াবা কোনো সহায় লাগিলে ক’বলৈও ক’লে।
অন্ধ ল’ৰাটোৰ এনে ব্যতিক্ৰমী প্ৰশ্ন শুনি মুগ্ধ হোৱা ৰাষ্ট্ৰপতি গৰাকী হৈছে এ পি জে আব্দুল কালাম। আৰু পৰিধিৰ বাহিৰত গৈ এনে চিন্তা কৰা সেই অন্ধ লৰাটো হৈছে দেশৰ এতিয়াৰ বিখ্যাত উদ্যোগপতি শ্ৰীকান্ত বোল্লা। শ্ৰীকান্ত বোল্লাৰ নাম বহুতৰ বাবে হয়তো অচিনাকি! কিন্তু যিসকলে তেওঁক চিনি পায় তেওঁলোকৰ বাবে প্ৰেৰণাৰ অন্যতম এটা নাম শ্ৰীকান্ত।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/dc3933e1-0d7d-443c-908f-2fd4d0b06f8f/1712309286_bolla-with-kalam.jpg)
শ্ৰীকান্ত জন্মগতভাৱেই দুয়োটা চকুৰে নেদেখে। তথাপিও সৰুৰে পৰা প্ৰচুৰ মনোবল আৰু প্ৰৱল আত্মবিশ্বাসৰ গৰাকী আছিল তেওঁ। ১৪বছৰ মান বয়সত এবাৰ কেইগৰাকীমান লগৰীয়াৰ সৈতে শ্ৰীকান্তৰ কাজিয়া হৈছিল। লগৰবোৰে অন্ধ শ্ৰীকান্তক বৰ বেয়াকৈ মাৰিছিল। ঘৰত তেতিয়া দেউতাকে তেওঁক কৈছিল- তই তাৰ পৰা পলাব নোৱাৰিলি? শ্ৰীকান্তে উত্তৰ দিছিল- পলাবলৈ নহয়, মই কেৱল যুঁজিবলৈহে জন্ম হৈছো।
সৰুতে কোৱা এই কথাষাৰকেই বাস্তৱ জীৱনত প্ৰয়োগ কৰি আহিছে শ্ৰীকান্তে। অন্ধ হোৱাৰ বাবে তেওঁক কামৰ পৰা খেদি দিছিল, বহুতে পুতৌ কৰিছিল। কিন্তু এই সকলোবোৰ উফৰাই অদম্য মনোবলৰ বাবেই আজি ৫০০কোটি টকাৰ মালিক শ্ৰীকান্ত।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/a8df4f69-b905-40c3-b951-3c90c787d178/1c34f20a-959f-45cb-9888-83632e872e46.jpg)
বহুতে হয়তো নাজানে, সেয়া ২০১২চনৰ কথা। অন্ধ লোকসকলৰ জীৱিকাৰ বাবে শ্ৰীকান্ত বোল্লাই এটা বিশেষ উদ্যোগ স্থাপনৰ চিন্তা কৰিছিল। বহু লোকক এই উদ্যোগত বিনিয়োগৰ বাবে শ্ৰীকান্তে অনুৰোধ কৰিছিল। কোনো লোকেই শ্ৰীকান্তৰ এই প্ৰকল্পত সহযোগ কৰা নাছিল।
তেনে সময়তে এদিন শ্ৰীকান্তক মাতি পঠিয়ালে ৰাষ্ট্ৰপতি এ পি জে আব্দুল কালামে। এই উদ্যোগটোৰ কনচেপ্ট আৰু পৰিকল্পনাৰ বিষয়ে বুজ লৈ প্ৰায় ২৫লাখ টকাৰ এখন চেক শ্ৰীকান্তৰ হাতত দিছিল কালামে। স্বাভিমানী শ্ৰীকান্তে সেই ধন লবলৈ অস্বীকাৰ কৰিছিল। কিন্তু আব্দুল কালামে কৈছিল- এই ধন তোমাৰ উদ্যোগত মই বিনিয়োগ কৰিছো। ইয়াৰ লাভ ময়ো লম।
এনেদৰেই আৰম্ভ হৈছিল শ্ৰীকান্তৰ সপোন প্ৰজেক্ট। কেৱল ব্যৱসায়িক দৃষ্টিকোণৰ পৰা নহয়। সমাজে লেই লেই চেই চেই কথা অন্ধ লোকসকলে যাতে মূৰ তুলি ধন ঘটিব পাৰে, তাৰ বাবে এই উদ্যোগটো স্থাপন কৰা হৈছিল। উদ্যোগটোৰ সকলোবোৰ সা-সৰঞ্জাম এনেভাৱে প্ৰস্তুত কৰা হৈছিল যে, এগৰাকী অন্ধলোকেও অনাসায়ে সেইবোৰ চলাব পাৰে।
শ্ৰীকান্তৰ ব্যৱসায়িক এই সফলতাৰ বিষয়ে বহু কথাই আছে। তাৰ মাজতে জানো আহক শ্ৰীকান্তৰ শৈক্ষিক জীৱনৰ বিষয়ে। অন্ধ হোৱাৰ বাবে সৰুৰে পৰাই বহু কঠিন পৰিস্থিতিৰ সন্মুখীন হৈছিল তেওঁ। লগৰ বোৰে পঢ়া স্কুলতে পঢ়িবলৈ হেপাঁহ থকা শ্ৰীকান্তক বাৰে বাৰে বাহিৰ কৰি দিছিল। শ্ৰীকান্তৰ দৰে অন্ধ এটা লৰাই সাধাৰণভাৱে শিক্ষা লাভ কৰিব নোৱাৰে বুলি ভৱা হৈছিল। এনেদৰেই যুঁজ-বাগৰ কৰি দশম মান শ্ৰেণীৰ লৈকে অইনে পঢ়া স্কুলতে পঢ়িছিল তেওঁ।
ভাল নম্বৰ লৈ উৰ্ত্তীণ হোৱা শ্ৰীকান্তে এইবাৰ কলেজত পঢ়িবলৈ মন মেলিলে। কিন্তু আকৌ সেই একে বাধা। এইবাৰ ভাৰতীয় শিক্ষা ব্যৱস্থাৰ বিৰুদ্ধে আদালতত গোচৰ তৰিলে শ্ৰীকান্তে। নিজে আদালতত নানান যুক্তিও দিলে। প্ৰায় ৬মাহ আইনী যুজঁৰ অন্তত বিজ্ঞান শাখাত নামভৰ্তি কৰিলে শ্ৰীকান্তে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/eba2adfe-4554-43c8-aaeb-60dc44d05269/84f61679-4d7b-4222-aaf4-1ef07db3de5b.jpg)
অংকৰ ওপৰত বিশেষভাৱে দখল আছিল শ্ৰীকান্তৰ। কলেজত পঢ়ি থাকোতেই আই আই টিত ইঞ্জিনিয়াৰিঙত নামভৰ্তিৰ যোজা চলালে তেওঁ। কিন্তু সেই সময়ত আৰ্থিক কিছু জটিলতাৰ বাবে আই আই টিত প্ৰৱেশ পৰীক্ষাতো বহিব নোৱাৰিলে শ্ৰীকান্ত। ইয়াৰ পাছতে তেওঁ বিদেশৰ কেইবাখনো বিখ্যাত বিশ্ববিদ্যালয়ত জলপানিসহ পঢ়াৰ বাবে আবেদন কৰিলে।
প্ৰচুৰ মনোবলৰ বাবেই ভাগ্যই হয়তো লগ এৰা নাছিল শ্ৰীকান্তক। একেলগে ৪খন বিশ্ববিদ্যালয়ে জলপানিসহ শ্ৰীকান্তক পঢ়িবলৈ আমন্ত্ৰণ জনালে। তাৰ ভিতৰত তেওঁ নিৰ্বাচন কৰিলে আমেৰিকাস্থিত এম আই টি। এইখিনিতে উল্লেখ কৰিব লাগিব যে, জলপানিসহ বিদেশৰ এনে এখন বিখ্যাত বিশ্ববিদ্যালয়ত পঢ়িবলৈ সুবিধা পোৱা শ্ৰীকান্ত হৈছে প্ৰথমগৰাকী ভাৰতীয়।
বিদেশত সফলতাৰে শিক্ষা গ্ৰহণ কৰি ভাৰতলৈ আহি শ্ৰীকান্তে আৰম্ভ কৰিলে বোল্লান্ট ইণ্ডাটিজ নামৰ উদ্যোগৰ। এই উদ্যোগটোত অধিকাংশ কৰ্মীয়েই হৈছে অন্ধ। কোৰোনাৰ বিভীষিকাৰ সময়তে এই উদ্যোগটোৱে ১৩০কোটিৰো অধিক টকাৰ লাভ কৰিবলৈ সক্ষম হৈছিল। বৰ্তমান এই উদ্যোগটোৰ ভেলুৱেশ্যন হৈছে ৫০০কোটিৰো অধিক।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/fc8d36e3-4144-4c78-80c7-ca80a9ac7de4/1712309461_bolla-with-rao.jpg)
দুচকুৰে নেদেখে যদিও সফলতাৰ জখলাত প্ৰতিটো খোজ সঠিকভাৱে দিয়া শ্ৰীকান্তক ২০১৭চনত ফবছে এচিয়াৰ ৩০গৰাকী প্ৰভাৱশালী ব্যক্তিৰ ভিতৰত স্থান দিছে। ২০২১চনত ইকনমিকছ টাইমছে তেওঁক গ্লোবেল লীডাৰ হিচাপেও অভিহিত কৰিছে। ব্যৱসায়ৰ সমান্তৰালভাৱে সমাজৰ দিব্যাংগ সকলৰ বাবেও বহু প্ৰকল্পৰ কাম কৰি গৈছে শ্ৰীকান্তে। উল্লেখন নকৰিলে নহব যে, ২০১৬চনত শ্ৰীকান্তৰ উদ্যোগত বহু শ কোটি টকা বিনিয়োগ কৰিছিল ৰতন টাটাই।
অন্ধ যদিও শ্ৰীকান্তে খুব ভাল দবা আৰু ক্ৰিকেট খেলে। ক্ৰীড়াক্ষেত্ৰত ৰাষ্ট্ৰীয় পৰ্যায়তো সফলতা অৰ্জন কৰিছে শ্ৰীকান্তে। অন্ধ্ৰপ্ৰদেশৰ মছলীপট্টনম নামৰ গাঁৱৰ এটা দুখীয়া পৰিয়ালত ১৯৯১চনত জন্ম হৈছিল এইগৰাকী বিখ্যাত উদ্যোগপতিৰ। জন্মৰ পিছতে পিতৃ-মাতৃক আত্মীয়ই কৈছিল যে, শ্ৰীকান্ত এটা সময়ত তেওঁলোকৰ বোঁজা হৈ পৰিব। কিন্তু নিয়তিৰ কি বিধান! আজি লাখ লাখ জনৰ বাবে আশাৰ পোহৰ হৈ থিয় দিছে শ্ৰীকান্তে।
২০২২চনত ৭বছৰীয়া প্ৰেমৰ সম্পৰ্কৰ অৱসান ঘটাই শ্ৰীকান্তে তেওঁৰ প্ৰেমিকাৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈছিল। বৰ্তমান পত্নী স্বাতিৰ আৰু সন্তানৰ সৈতে এখন সুখৰ সংসাৰ তেওঁৰ। এটা সময়ত কেইবা কিলোমিটাৰ খোজ কাঢ়ি বিদ্যালয়লৈ যোৱা শ্ৰীকান্তৰ ওচৰত এতিয়া আছে বহুকেইখন বিলাসী বাহন।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/7021d52b-3f63-4a42-91c6-8aff9fe9d218/4eb7cd0e-d552-4e14-b9ad-5da3fe2c19e1.jpg)
অতি শেহতীয়াকৈ শ্ৰীকান্তৰ জীৱনক লৈ নিৰ্মাণ কৰা হৈছে এখন হিন্দী চিনেমাও। ৰাজকুমাৰ ৰাৱে অভিনয় কৰা এই ছবিখনক দৰ্শকেও বেছ আদৰি লৈছে। এনেদৰেই শ্ৰীকান্ত বোল্লা এতিয়া দেশৰ কোটি কোটি লোকৰ আদৰ্শ। যি শিক্ষানুষ্ঠানত এদিন শ্ৰীকান্তক পঢ়িবলৈ দিয়া নাছিল, তেনে বহু শিক্ষানুষ্ঠানে আজি তেওঁক বক্তৃতা দিবলৈ আমন্ত্ৰণ জনায়।
শ্ৰীকান্তে প্ৰায় প্ৰতিটো অনুষ্ঠানতে কয়- অন্ধ নাইবা দিব্যাংগ লোকসকলক কেতিয়াও পুতৌ নকৰিব। কেতিয়াও সহজ ধন দান নকৰিব। পৃথিৱীলৈ ভগৱানে প্ৰেৰণ কৰিছে যেতিয়া, নিশ্চয় যুঁজিব পাৰ সামান্যতম শক্তি প্ৰদান কৰিছে। সেই শক্তিক জাগ্ৰত কৰক। আমি কেৱল ৰেল ষ্টেচন নাইবা ফুটপাথত গান গাবলৈ জন্ম হোৱা নাই। আমি বহুতে কোৱা দৰে ‘বেচেৰা’ নহয়।
সমাজৰ অলেখ নেতিবাচক খবৰৰ মাজতো শ্ৰীকান্তৰ দৰে মানুহৰ খবৰে ভীষণ যোগাত্মক প্ৰভাৱ পেলাব পাৰে। ভীৰৰ মাজতো অকলশৰীয়া যেন লগা, প্ৰতিটো কামত বাৰে বাৰে বিফল হোৱা লক্ষজনৰ বাবে শ্ৰীকান্তৰ দৰে এজনৰ উদাহৰণেই যথেষ্ট নহয় জানো?
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/c9c650a4-d8da-4288-bb62-0ca881f0f1a3/e0289566-a91c-48ed-b96d-8a459e35d1d0.jpg)