আমিও আম্বানীৰ সমানেই ধনী!

আমিও আম্বানীৰ সমানেই ধনী!

author-image
Asomiya Pratidin
New Update
আমিও আম্বানীৰ সমানেই ধনী!

মৃদুল কুমাৰ সন্দিকৈ

Advertisment

সকলো মানুহতো আম্বানী নহয়!  সকলো মানুহ নহয় নীতা আম্বানী। যি ইচ্ছা তাকেই কৰিব পৰাকৈ নাথাকে ধন-সম্পত্তি। কিন্তু কিছু কিছু ক্ষেত্ৰত আমাৰ অসমীয়া মানুহবোৰ, অসমীয়া পৰিয়ালবোৰ আম্বানী পৰিয়ালতকৈ ধন আছিল।

সেই উপলদ্ধি কৰিব পৰাকৈ সকলো থকাৰ পাছতো আমি আমাৰ পাৰিবাৰিক বান্ধোনত থকা দায়ৱদ্ধতাক হৃদয়ংগম কৰিব নোৱাৰা বাবেই অসুখী হৈ পৰিছো। একো নথকা বুলি বিষেদগাৰ কৰি কোনে বিয়াত কি কৰিলে, কি পিন্ধিলে, কোন কোন আহিলে তাক লৈ চৰ্চা কৰিছো।

কি নাছিল আমাৰ পৰিয়ালত? আটাইতকৈ দুখীয়া বুলি ভৱা পৰিয়ালতো আছিল প্ৰচুৰ সমৃদ্ধি আৰু সুখ। সেই সুখ ধনেৰে কিনিব নোৱাৰা সুখ। সেই প্ৰাপ্তি আৰু জীৱনৰ শিক্ষা কোনো বিদ্যালয়ে দিব নোৱাৰা শিক্ষা। জীৱনৰ এনে আদিপাঠ আমি পৰিয়ালত স্বৰ্তস্ফূটভাৱে লাভ কৰিছিলো।

সেই সংস্কাৰে জীৱন সমৃদ্ধ কৰিছিল। অনন্ত আম্বানীৰ বিয়াত আটাইতকৈ ভাল লগা কেইটামান দৃশ্য আছিল ককা মুকেশ আম্বানী আৰু নাতি পৃথ্বীৰ মাজৰ সম্পৰ্ক। বহি থকা সময়ত কোলাত বহিবলৈ ককাকে নাতিয়েকক মতা সেই মূৰ্হুতটো তেওঁৰ বাবে বিশেষ আছিল।

বিশ্ব নামী-দামী অতিথিৰে ভৰি থকা সেই বিবাহস্থলীত নাতিৰ প্ৰতি ককাকৰ এই আকৰ্ষণ বা আইতাক নীতা আম্বানীয়ে পৰিয়ালটোক চিনাকি কৰি দিয়া সময়ত পাহৰি যোৱা নাছিল নাতিয়েকক। প্ৰতিজন সদস্যৰ পৰিচয় প্ৰদানৰ পাছতে সেই স্থানলৈ মাতিছিল নাতি পৃথ্বীক।

শৈশৱৰ সেই ল’ৰা ধেমালি, ধন-সম্পত্তি মূল্যহীন। বংশৰ মৰ্যদা আৰু আভিজাত্য এই অবুজ শিশুৰ বাবে হৈ পৰে খেলনা সদৃশ। চোঁচৰি গৈ আইতাকৰ ভৰিৰ কাষত পৰি পুনৰ উঠি আইতাকে তুলি মাইক্ৰফোনটো হাতত লৈ নিজৰ মতে ব্যস্ত হৈ পৰিছিল।

এনেবোৰ দৃশ্য আমাৰ পৰিয়ালত সহজলভ্য আছিল। আইতাকৰ পৰা জীৱনৰ শিক্ষা লোৱা সেই মূৰ্হুতবোৰ কোনে পাহঁৰিব পাৰে। গৰমৰ বতৰত জোনাক নিশা নগা ঢাৰিত বহি চোতালত আইতা-ককাকৰ মুখত শুনা সেই সাধুবোৰ কাল্পনিক হলেও সাধুবোৰৰ মাজেৰে সাঁচ বহাই যোৱা চৰিত্ৰবোৰ জীৱনৰ বাবেই হৈ পৰে ডাঙৰ শিক্ষা।

সেয়েহে ককা-আইতা আৰু নাতিৰ মাজৰ এই সান্নিধ্যই এখন ঘৰ ধৰি ৰাখে। এটা প্ৰজন্মই নতুন প্ৰজন্মক দি যায় জীৱনবোধৰ আধাৰত অৰ্জন কৰা অভিজ্ঞতাৰ ধাৰাবাহিক ফচল। এইবোৰেইতো আমাৰ আছিল। এতিয়া আভিজাত্য আৰু যান্ত্ৰিকতাৰ দৌৰত সেই সম্বন্ধবোৰেই অস্তিত্বহীন হৈ পৰিছে।

পুত্ৰই পিতৃ মাতৃৰ প্ৰতি কৰা অনাদৰ আৰু মাজত বৃদ্ধি পোৱা ব্যৱধানে নতুন প্ৰজন্মক সংযোগহীন কৰি পেলাইছে। বৃদ্ধ মানেই এতিয়া শেষ ঠিকনা বৃদ্ধাশ্ৰম। বৃদ্ধ মানেই যেন একোটা পৰিয়ালৰ বাবে একোজন লোক আৱৰ্জনাৰ বোঁজা।

যান্ত্ৰিকতাৰ এই সময়ে আমাক পৰিয়ালৰ অভিকেন্দ্ৰটোৰ পৰাই আতঁৰাই পেলাইছে। কেৱল ব্যস্ত আৰু প্ৰতিযোগিতাৰ দৌৰত আমি দৌৰি ফুৰিছো উদ্দেশ্যহীনভাৱে। এতিয়া পঁকী ঘৰ থাকে, পৰিয়াল নাথাকে। ককা নাতি থাকে, সান্নিধ্য আৰু উমাল সেই ক্ষণ বোৰ নাই।

বৃদ্ধ মানুহবোৰ গুঁচি যায় বৃদ্ধাশ্ৰমলৈ। কোনোবাজন ৰাজপথত পৰি ৰয়। আনহে নালাগে মহাত্মা গান্ধীৰ নাতিয়েকৰ অৱস্থা জীৱনৰ বিয়লি বেলাত কি হৈছিল, কেনেকৈ বৃদ্ধাশ্ৰমত জীৱন কটাইছিল, সেইবোৰ এতিয়া সাধু কথা নহয়, সচাঁ কথা।

সেই উপলদ্ধি যেন আছিল আম্বানীৰ বিয়াখনত। পৰিয়ালটোৰ মাজত একতা আৰু সান্নিধ্য ফুটাঁই তুলিবলৈ চেষ্টা কৰিছিল। ধন-সম্পত্তিৰ অভাৱ নথকা এই পৰিয়ালটোৰ এই বিবাহ অনুষ্ঠানৰ সেই মধুৰ ক্ষণবোৰৰ বাবেই যেন এই উদযাপন কৰা হৈছিল।

প্ৰায়বোৰ মানুহে লক্ষ্য কৰিছিল কোনে কিমান লাখটকীয়া কাপোৰ পিন্ধিছে, কোনে কাৰ লগত নাচিছে। কোন গায়ক কৰ পৰা কিমান টকাত গান গাবলৈ আম্বানীৰ বিয়ালৈ আহিছে! চৰ্চা হোৱা নাই সেই শিশুকেইটাৰ সৈতে তেওঁলোকৰ আত্মীয়তা। কন্যা ঈশা আম্বানীক চিনাকি কৰাই দিওতে ভাবুক হৈ পৰা নীতা আম্বানীৰ মুখত  ফুঁটি উঠিছিল মৰমৰ এখন আপোন আকাশ।

আমাৰ একমাত্ৰ জোঁৱাই বুলি ঈশা আম্বানীৰ স্বামীক চিনাকি কৰা দি গৈছিল আকাশৰ কাষলৈ। ডাঙৰ পুত্ৰক মানুহৰ সন্মুখত চিনাকি দি ‘মোৰ আকাশ’ বুলি কোৱা মাতৃৰ সেই আৱেগ আমাৰ পৰিয়ালত প্ৰতি খোজে খোজে আছিল। সেইবোৰ কিয় আমি হেৰুৱাব গৈ আছো!

মানুহৰ গড় আয়ুস বাঢ়িছে। আগৰ দৰেই মানুহ ৬০বছৰত বৃদ্ধ হৈ নপৰে আজিকালি। ৮০-৯০বছৰত মানুহে অনুভৱ কৰে বুঢ়া হৈছো বুলি। ২০৫০চনলৈ ভাৰতত বয়োজ্যেষ্ঠ অৰ্থাৎ বৃদ্ধ লোকৰ সংখ্যা আজিৰ তুলনাত দুগুণ বৃদ্ধি পাব। সেই সংখ্যাই ৩৪৬নিযুত অতিক্ৰম কৰিব।

ৰাষ্ট্ৰসংঘৰ জনসংখ্যাৰ পুঁজি ভাৰতৰ মুৰব্বী এন্ডিয়া উজনাৰে প্ৰকাশ কৰিছে এই তথ্য। তেতিয়ালৈ চৰকাৰে বহু পদক্ষেপ লোৱাৰ প্ৰয়োজন আহি পৰিছে। কিয়নো বৃদ্ধ মানেই বহু সা-সুবিধা আৰু ব্যৱস্থাৰ প্ৰয়োজন হ’ব। লাগিব এই বৃদ্ধ লোকসকলৰ বাবে স্বাস্থ্য সেৱা, গৃহ পেঞ্চন, বাসগৃহ আদিৰ সুবিধা।

নিসংগতাও বৃদ্ধসকলৰ বাবে হৈ পৰে ডাঙৰ সমস্যা। বৃদ্ধ লোকসকল পৰিয়ালৰ পৰা অৱহেলিত হোৱা সমস্যা বিস্তাৰ হৈ গৈয়ে আছে। ইয়াৰ কথাও চিন্তা কৰিব লাগিব আমি। ভাৰতীয় পৰম্পৰাৰ বুনিয়াদ খঁহি যাবলৈ নিদিয়া হ’লে যান্ত্ৰিকতা আৰু আভিজাত্যই আমাৰ পৰিয়ালবোৰত আঘাত নহনা হ’লে এইবোৰ সমস্যা ব্যাধি নহ’লহেতেন।

এতিয়া তেনে এক প্ৰত্যাহ্বানক সন্মুখত ৰাখি আমি আমাৰ সমাজখন গঢ়ি তুলিবলৈ যত্ন কৰিব লাগিব। আত্মীয়তা ভৰা এটা পৰিয়ালত থকা ককা-আইতা বোঁজা নহয়, মৰমৰ এক উপহাৰ বুলি নতুন প্ৰজন্মক উপলদ্ধি কৰাৰ পৰিৱেশ গঢ়িব লাগিব আমি সকলোৱে মিলি...

Also Read: APSC কেলেংকাৰীৰ ৰায়দানঃ ৰাকেশ পাল সহ ৩২জনক দোষী সাব্যস্ত, ১০বছৰৰ কাৰাদণ্ড...

অনন্ত আম্বানী