Advertisment

এদিন বেচিছিল টিকট! আজি ১৪খন বাছৰ চাবি তেওঁৰ হাতত...

কৰ্মই ভাগ্য! কেৱল মাত্ৰ ভাগ্যক ধিয়াই লক্ষ্য প্ৰাপ্তি অসম্ভৱ। বিশ্বৰ সৰহভাগ সফল ব্যক্তিয়েই কঠোৰ অধ্যাৱসায় আৰু পৰিশ্ৰমৰ বলত সফলতাৰ শিখৰত উপনীত হৈছে।  গীতাতো উল্লেখ আছে, মানুহৰ ভাগ্য নিৰ্ণয় হয় কৰ্মৰ বলত। কৰ্মৰ জৰিয়তে মানুহৰ ভাগ্য সলনি কৰিব পাৰি।

author-image
Asomiya Pratidin
New Update
প্ৰাণজিত

ডিম্পুল বৰগোহাঁই

Advertisment

ৰ্মই ভাগ্য! কেৱল মাত্ৰ ভাগ্যক ধিয়াই লক্ষ্য প্ৰাপ্তি অসম্ভৱ। বিশ্বৰ সৰহভাগ সফল ব্যক্তিয়েই কঠোৰ অধ্যাৱসায় আৰু পৰিশ্ৰমৰ বলত সফলতাৰ শিখৰত উপনীত হৈছে।  গীতাতো উল্লেখ আছে, মানুহৰ ভাগ্য নিৰ্ণয় হয় কৰ্মৰ বলত। কৰ্মৰ জৰিয়তে মানুহৰ ভাগ্য সলনি কৰিব পাৰি।

সেয়া আছিল ২০০১চনৰ কথা। পিতৃহাৰা এগৰাকী যুৱকে নৈশবাছৰ এটা টিকট চেন্টাৰত কামত সোমাইছিল। এই দিশটোত পূৰ্বৰ কোনো অভিজ্ঞতা নথকাৰ বাবে যুৱকজনৰ দৰমহা ঠিক কৰা হৈছিল মাহিলী ৭০০টকাকৈ। যুৱকজনৰো নাছিল কোনো আপত্তি।  নতুন কিবা এটা কৰাৰ হেপাঁহেৰে নিষ্ঠা আৰু একাগ্ৰতাৰে কৰি গৈছিল সেই কাম। 

দিন বাগৰিল। লাহে লাহে বাছ ব্যৱসায়ৰ ভিতৰৰ কিছু কথা আয়ত্ত কৰিলে যুৱকগৰাকীয়ে। মনতে ভাৱিলে নিজে নতুনকৈ কিবা এটা কৰাৰ কথা। কিন্তু ভাৱিলেই জানো সকলো হয়? মাহিলী ৭০০টকা দৰমহাৰে বাছ ব্যৱসায়ত খোজ পেলোৱাতো আছিল একপ্ৰকাৰৰ অলীক কল্পনা।

যাৰ জীৱনৰ অভিধানত বিশ্বাস, একাগ্ৰতা, নিষ্ঠা আদি শব্দবোৰৰ অৰ্থ সৰল, তেনে ব্যক্তিৰ জীৱনত অসম্ভৱৰ স্থান নাই। কিবা এটা কৰাৰ দুৰন্ত হেপাঁহক সাৰথি কৰি সবল মনেৰে যুৱকজনেও সাহসী খোজ দিলে বাছ ব্যৱসায়ত। আত্মীয়ৰ পৰা কিছু ধন লৈ নগাঁৱৰ এজন ব্যক্তিৰ পৰা ক্ৰয় কৰিলে এখন চেকেণ্ড হেণ্ড বাছ।

সপোনে পোখা মেলিছিল। ২০০৯চনৰ কথা।  হৈছিল এক নতুন যাত্ৰাৰ আৰম্ভণি । কিন্তু যাত্ৰাৰ আৰম্ভণিতেই লাগিল কেনা।  নতুন বাছ কিনি আৰ্শীবাদ ল'বলৈ বুলি নামঘৰলৈ গৈ থাকোতেই বিকল হৈছিল বাছখনৰ ইঞ্জিন। বাছৰ সন্দৰ্ভত সম্যক জ্ঞান নথকাৰ বাবে বাছখনৰ মেৰামতিৰ বাবদ আকৌ খৰছ কৰিব লগীয়া হৈছিল লক্ষাধিক টকা।

জেপত ধন নাছিল। যেনে তেনে ধনৰ যোগাৰ কৰি মেৰামতি কৰিছিল বাছখন। যাত্ৰীৰ সৈতে পূৰ্বতে থকা যোগসূত্ৰৰ বাবে প্ৰথমৰে পৰাই আশানুৰূপ সহাঁৰি লাভ কৰিছিল তেওঁ। গুৱাহাটীৰ পৰা লখিমপুৰলৈ চলিছিল তেওঁৰ সেই সপোনৰ বাছখন। ৰাতি যাত্ৰীৰ সৈতে গাড়ীতে অহা-যোৱাও কৰিছিল যুৱকজনে।

জনাসকলে জানে যে, গাড়ী ব্যৱসায়ে মানিলে বহুত দিয়ে আৰু নামানিলে কোঙা কৰি দিয়ে। এই ব্যৱসায়িক ক্ষেত্ৰখনত অসুবিধা আৰু প্ৰত্যাহ্বান বহুত। যুৱকজনে এই সকলোবোৰ ওচৰৰ পৰা চাবলৈ যত্ন কৰিছিল। যাত্ৰীৰ সুবিধা-অসুবিধাবোৰ নিজে শুনিবলৈ যত্ন কৰিছিল। 

এনেকৈয়ে সময়বোৰ পাৰ হৈছিল। প্ৰত্যাহ্বানৰ মাজতো সপোনৰ পম খেদি ভাগৰি পৰা নাছিল যুৱকজন। ২০০১ৰ পৰা আৰম্ভ কৰা এই যাত্ৰাৰ পৰিধি দিনক দিনে বাঢ়িবলৈ ধৰিল। এদিন এখন গাড়ী কিনিবলৈ আনৰ ওচৰত হাত পতা যুৱকজনৰ এতিয়া আছে নিজৰ আছে ১৪খনকৈ বিলাসী নৈশ বাছ। ইয়াৰো পৰি তেওঁৰ মালিকানাধীন প্ৰাণজিত ট্ৰেভেলচৰ অধীনত চলে ৩০ৰো অধিক  বাছ। 

এই যাত্ৰা সহজ নাছিল। মানুহৰ বিশ্বাস জয়ৰ লগতে এটা নিম্ন মধ্যবিত্ত পৰিয়ালৰ সন্তান হৈ সবল অৰ্থনৈতিক ভেটিঁ গঢ় দিয়াটো মামুলি কথা নহয়। সংগ্ৰাম, সংঘৰ্ষৰ মাজেৰে পাৰ হৈ সফলতাৰ বাট বুলা এই যুৱকজন হৈছে যোৰহাটৰ প্ৰাণজিৎ বৰা। বৰ্তমান প্ৰায় ৪কোটিৰো অধিক টকাৰ মূল্যৰ বাছৰ গৰাকী প্ৰাণজিৎ বৰা।

যিসময়ত চৰকাৰী চাকৰিৰ বাবে বহু উচ্চশিক্ষিত যুৱক-যুৱতী হাবাথুৰি খাইছে, তেনে সময়ত প্ৰাণজিৎ বৰা হব পাৰে প্ৰেৰণাৰ উৎস। সহজ ধনৰ লালসাত পৰি জীৱনৰ সৰ্বস্ব হেৰুওৱা একাংশ নৱপ্ৰজন্মইও অনুপ্ৰেৰণা হিচাপে ল'ব পাৰে প্ৰাণজিত বৰাক।

সপোন সকলোৱে দেখিব পাৰে। কিন্তু ইয়াক বাস্তৱ ৰূপ দিব সাহসী আৰু কৰ্মোদ্যমী জনেহে। মাহিলী ৭০০টকা দৰমহা লাভ কৰা প্ৰাণজিত বৰাই পৰিধি ভাঙি সপোন দেখিছিল আৰু সেই সপোনৰ পিছত দিন-ৰাত একাকাৰ কৰি দৌৰিছিল। সেই কষ্ট আৰু উদ্যমৰ ফলত দুটা দশকৰ পাছত লাভ কৰিছে তেওঁ।

বৰ্তমান প্ৰাণজিত বৰাৰ ব্যৱসায় যথেষ্ট ডাঙৰ। প্ৰাপ্ত খবৰ অনুসৰি, নতুন বছৰত অসমৰ বাছ সেৱাক লৈ অত্যাধুনিক আৰু অগতানুগতিক এক চিন্তা কৰিছে প্ৰাণজিত বৰাই। সকলো ঠিকে ঠাকে থাকিলে অসমবাসীক প্ৰাণজিত বৰাই দিব অধিক আৰামী আৰু আমি ভাৱি থকাতকৈ অধিক লোভনীয় বাছসেৱাৰ সোৱাদ।

ব্যৱসায়ৰ পৰিধি বৃদ্ধি কৰাৰ ক্ষেত্ৰত প্ৰাণজিত বৰাৰ বিনয়ী স্বভাৱ হৈছে অন্যতম এক আহিলা। কোনো গৰ্ব-ভেম নথকা প্ৰাণজিত বৰাই সকলো কৰ্মচাৰী আৰু যাত্ৰীক কৰা ব্যৱহাৰে সকলোকে মুগ্ধ কৰে। ২০১৩চনত অসম পৰিবহন সেৱাত প্ৰথম ৪খন বাছ পঞ্জীয়ন কৰিছিল প্ৰাণজিত বৰাই। বৰ্তমান প্ৰাণজিত বৰাই সংস্থাপন দিছে ৫০ৰো অধিক যুৱকক। 

প্ৰাণজিত ট্ৰেভেলচৰ প্ৰতিখন বাছৰ গাড়ীৰ চালকক ড্ৰাইভাৰ বুলি কোৱা নহয়। তেওঁলোকক কোৱা হয় 'কৰ্চ কেপ্তেইন'। যাত্ৰীৰ সকলৰ সুবিধা হোৱাকৈ প্ৰতিখন বাহনত এগৰাকী লোকক বিশেষভাৱে নিয়োগ কৰে প্ৰাণজিত ট্ৰেভেলচে।  যাত্ৰীৰ বাবে এনে সুবিধা উপলদ্ধ কৰোৱাৰ বাবেই এতিয়া ৰাজ্যৰ বাছসেৱাত অপ্ৰতিৰোধ্য প্ৰাণজিত বৰাৰ কোম্পানী। 

দেশৰ ভিন্ন প্ৰান্ত বহু এনে কাহিনী আছে। সেই কাহিনী প্ৰায়েই ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত হয়। শেহতীয়াকৈ ৫টকাৰ মূলধনেৰে আৰম্ভ কৰা ৰেড বাছ ডট কম নাম কোম্পানীটোৰ স্বত্ত্বাধিকাৰীক লৈও বেচ আলোচনা হৈছে। ২০১৩ চনত ফণীন্দ্ৰ শৰ্মা নাম বেংগালুৰুৰ এগৰাকী যুৱকে আৰম্ভ কৰা এই প্ৰতিষ্ঠানটোৰ মূল্য এতিয়া প্ৰায় ৯০০কোটি টকা। এই সন্দৰ্ভত ৰাষ্ট্ৰীয় সংবাদমাধ্যমত বহুকেইটা বাতৰি শেহতীয়াকৈ প্ৰকাশ হৈছে।

ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত বাদ দি আমাৰ অসমতো আছে প্ৰাণজিৎ বৰাৰ দৰে বহু অসমীয়া, যিয়ে কষ্ট আৰু একাগ্ৰতাৰ বলত সফলতাৰ চৰণ চুমিছে। সহজ ধনৰ লালসাত নৱ প্ৰজন্ম অবাটে গৈছে বুলি আলোচনা হোৱাৰ সমান্তৰালভাৱে এনে অসমীয়াৰ বিষয়েও চৰ্চা হোৱাৰ অৱকাশ আছে। কিয়নো নৱপ্ৰজন্মক কেৱল চুমি, বিশালৰ দৰে একাংশই প্ৰতিনিধিত্ব নকৰে...

 

 

 

সপোন