Advertisment

মুখ্যমন্ত্ৰীৰ হাতত 'লিষ্ট'! ২৬ৰ বাবে কোন 'ফিট', কোন 'আনফিট'...

সম্মুখত পঞ্চায়ত নিৰ্বাচন। কিন্তু ২৫ৰ এই নিৰ্বাচনৰ সমান্তৰালভাৱে ২৬ৰ বিধানসভা নিৰ্বাচনক লৈ ইতিমধ্যে আৰম্ভ হৈছে প্ৰাৰম্ভিক কুছকাৱাজ। কোনে টিকট পাব, কাক টিকট দিয়া হ’ব ইত্যাদি বিষয়বোৰ লাহে লাহে চৰ্চা হৈছে।

author-image
Asomiya Pratidin
New Update
মুখ্যমন্ত্ৰীৰ হাতত লিষ্ট

মুখ্যমন্ত্ৰীৰ হাতত লিষ্ট Photograph: (মুখ্যমন্ত্ৰীৰ হাতত লিষ্ট)

ডিম্পুল বৰগোহাঁই

Advertisment

সন্মুখত পঞ্চায়ত নিৰ্বাচন। কিন্তু ২৫ৰ এই নিৰ্বাচনৰ সমান্তৰালভাৱে ২৬ৰ বিধানসভা নিৰ্বাচনক লৈ ইতিমধ্যে আৰম্ভ হৈছে প্ৰাৰম্ভিক কুছকাৱাজ। কোনে টিকট পাব, কাক টিকট দিয়া হব ইত্যাদি বিষয়বোৰ লাহে লাহে চৰ্চা হৈছে।

এই চৰ্চাৰ মাজতে প্ৰায়বোৰ সমষ্টিত শাসক-বিৰোধীৰ বিধায়কসকলৰ লগতে বহু ন ন নেতাইও ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰাৰ প্ৰতিযোগিতাত নামি পৰিছে। ২০২৬ৰ নিৰ্বাচনৰ বাবে বিশেষকৈ শাসকীয় দলটোৰ মাজত বিশেষ তৎপৰতা আৰম্ভ হৈছে।

বিজেপিৰ ভিতৰচৰাতে চলা চৰ্চা অনুসৰি, ২০২৬ত বৰ্তমানৰ বহুকেইগৰাকী বিধায়কৰ পাখি কাটিব পাৰে হাইকামাণ্ডে। চলি থকা এই চৰ্চাক একপ্ৰকাৰৰ মোহৰ মাৰিছিল খোদ মুখ্যমন্ত্ৰীয়েও। ২০২৫ৰ ২জানুৱাৰীত দলৰ সকলো বিধায়কক লৈ অনুষ্ঠিত হোৱা সভাত কঠোৰভাৱে এই কথা জনাই দিছিল মুখ্যমন্ত্ৰীগৰাকীয়ে।

অপাৰদৰ্শী বিধায়কে আগন্তুক ২০২৬ৰ বিধানসভা নিৰ্বাচনত দলীয় প্ৰাৰ্থিত্ব নাপাব বুলি ড০ হিমন্ত বিশ্ব শৰ্মাই সকিয়নী প্ৰদান কৰিছিল ২জানুৱাৰী, ২০২৫ত বহা বৈঠকখনত। এই সকিয়নী প্ৰদান কৰাৰ পূৰ্বেই মুখ্যমন্ত্ৰী কাৰ্যালয়ে সকলো বিধায়কৰ কাম-কাজৰ পৰ্যালোচনা সম্পূৰ্ণ কৰিছিল আৰু তাৰ পিছতহে এই স্পষ্ট সকিয়নী প্ৰদান কৰিছিল।

মুখ্যমন্ত্ৰীৰ এই সকিয়নীৰ পাছতে শাসকীয় দলৰ বিশেষ ২০গৰাকী বিধায়ক ততাতৈয়াকৈ সমষ্টিলৈ ঘূৰি হৈ পূৰ্ণদৰ্মে কামত ধৰিছে। আনকি প্ৰতিটো কামৰ সবিশেষ আপলোড কৰিছে নিজা সামাজিক মাধ্যমত।

উল্লেখ কৰা প্ৰয়োজন যে, মুখ্যমন্ত্ৰী কাৰ্যালয়ে ১২৬টা বিধানসভা সমষ্টিৰ কাম-কাজৰ খতিয়ান লৈ সকলোবোৰ পৰ্যালোচনা কৰা কাৰ্য ইতিমধ্যে সমাপ্ত কৰিছে। প্ৰধানমন্ত্ৰী আৰু কেন্দ্ৰীয় নেতৃত্বক সমষ্টিসমূহৰ কাম-কাজৰ খতিয়ান দিব লগা হোৱাৰ বাবেই সময়ে সময়ে এনে পৰ্যালোচনা কৰে মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে।

এই পৰ্যালোচনাৰ অন্তত পোহৰলৈ আহিছে বিশেষ ২০গৰাকী বিধায়কৰ সমষ্টিত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ আঁচনিসমূহৰ ৰূপায়ন সন্তুোষজনকভাৱে ফলপ্ৰসু হোৱা নাই। এই ২০গৰাকী বিধায়কৰ মাজত আছে মিত্ৰদল অগপ আৰু ইউ পি পি এলৰ বিধায়কো।

এই পৰ্যালোচনা অনুসৰি দিছপুৰৰ বিধায়ক অতুল বৰা, বিজেপি বিধায়ক চক্ৰধৰ গগৈ, গণেশ কুমাৰ লিম্বু, ৰমাকান্ত দেউৰীৰ দৰে বিধায়কৰ সমষ্টিত সকলো আঁচনিৰ ফলপ্ৰসূ ৰূপায়ন হোৱা নাই। ৰিৰ্পট কাৰ্ড বেয়া বিধায়কৰ তালিকাত আছে ঢকুৱাখনা সমষ্টিৰ বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী নৱ কুমাৰ দলেৰ নামো।

এই অপাৰদৰ্শী বিধায়কৰ তালিকাত থকা আন বিধায়কৰ মাজত আছে শেহতীয়াকৈ মন্ত্ৰীত্বৰ পৰা অপসাৰণ কৰা সঞ্জয় কিষাণৰ নামো। আন বিধায়কসকল হৈছে-  অজয় কুমাৰ ৰায়, বিদ্যাছিং ইংলেং, বিনোদ হাজৰিকা, দৰছিং ৰংহাং, ধৰ্মেশ্বৰ কোঁৱৰ, দীপায়ন চক্ৰৱৰ্তী, অমিয় কুমাৰ ভূঞা, মিহিৰ কান্তি সোম, ৰামকৃষ্ণ ঘোষ, প্ৰমোদ বৰঠাকুৰ, ৰূপসিং তেৰাং, শিৱ মিশ্ৰ, সুমন হৰিপ্ৰিয়া আৰু সুৰেন ফুকন।

এই ২০গৰাকী বিধায়কৰ সমষ্টিসমূহত মুখ্যমন্ত্ৰীয়ে বিচৰধৰণে উন্নয়ন হোৱা নাই বুলি পৰ্যালোচনাত পোহৰলৈ আহিছে। গতিকে এই ২০গৰাকী বিধায়কৰ ৰাজনৈতিক ভৱিষ্যত ২০২৬ত কিছু খেলি-মেলি হব বুলি ধাৰণা কৰিছে ৰাজনৈতিক বিশ্লেষকসকলে।

অৱশ্যে মুখ্যমন্ত্ৰীৰ সকিয়নীৰ পাছতে এতিয়া সমষ্টিত ইটোৰ পাছত সিটো কামত ব্যস্ত এই বিধায়কসকল। নিজ নিজ সমষ্টিত আগন্তুক পঞ্চায়ত নিৰ্বাচনত দলীয় প্ৰাৰ্থীক জয়ী কৰোৱাই ২৬ৰ টিকট লাভৰ পথ মুকলি কৰাৰ আশাৰে এতিয়া কাম আৰম্ভ কৰিছে এই জনপ্ৰতিনিধিসকলে।

মুখ্যমন্ত্ৰীৰ পৰ্যালোচনাত কেৱল যে অপাৰদৰ্শী বিধায়কৰ নামহে পোহৰলৈ আহিছে এনে নহয়। কোন কোন বিধায়কৰ সমষ্টিত কাম মুখ্যমন্ত্ৰীয়ে বিচৰাধৰণে হৈছে, তাৰো তালিকা সুকীয়াকৈ প্ৰস্তুত কৰিছে মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে।

বিধায়ক তথা মন্ত্ৰী অজন্তা নেওঁগ, অশোক সিংহল, বিমল বৰা, জয়ন্ত মল্ল বৰুৱা, যোগেন মহন, ডা০ ৰণোজ পেগু, পীয়ুষ হাজৰিকা, প্ৰশান্ত ফুকন, ৰূপেশ গোৱালাৰ সমষ্টিত সন্তুোষজনক উন্নয়ন হোৱাৰ তথ্য পোহৰলৈ আহিছে।

মুখ্যমন্ত্ৰীয়ে প্ৰস্তুত কৰা পাৰদৰ্শী বিধায়কৰ তালিকাত নাম আছে- ভৱেশ কলিতা, ভাস্কৰ শৰ্মা, ভুৱন পেগু, বিশ্বজিৎ দৈমাৰী, দিগন্ত কলিতা, বিশ্বজিৎ ফুকন, ডাঃ নোমল মমিন, দিগন্ত কলিতা, জিতু গোস্বামী, হিতেন্দ্ৰনাথ গোস্বামী, কৃষ্ণেন্দু পাল, মৃণাল শইকীয়া, নন্দিতা গাৰ্লোচা, পদ্ম হাজৰিকা, ফণীধৰ তালুকদাৰৰ নাম।

মুখ্যমন্ত্ৰীয়ে বাচনি কৰা এই পাৰদৰ্শী আন বিধায়কসকল হৈছে- মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস,ৰূপক শৰ্মা, ৰূপজ্যোতি কুৰ্মী, তৰংগ গগৈ, তেৰছ গোৱালা, উৎপল বৰা আদি। এই সকল বিধায়কৰ সমষ্টিত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰ সকলো আঁচনিৰ ৰূপায়ন সফলভাৱে হৈছে বুলি মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ পৰ্যালোচনাত পোহৰলৈ আহিছে।

মুখ্যমন্ত্ৰীৰ এই পৰ্যালোচনাৰ তথ্য পোহৰলৈ অহাৰ পাছতে এতিয়া একাংশ বিধায়কে ২৬ৰ নিৰ্বাচনক লৈ যথেষ্ট চিন্তাৰে দিন পাৰ কৰিছে। অৱশ্যে পঞ্চায়ত নিৰ্বাচনত সমষ্টিত ইপ্সিত ফলাফল প্ৰদৰ্শন কৰিব পাৰিলে অপাৰদৰ্শী তালিকাত থাকিলেও ২৬ৰ টিকটৰ বাবে বিশেষ অসুবিধা নহব এইসকলৰ বিধায়কৰ। এতিয়া অপেক্ষা মাথোঁ সেই সময়লৈ...

 

 

পঞ্চায়ত নিৰ্বাচন