ডিম্পুল বৰগোহাঁই
আহি আছে পঞ্চায়ত নিৰ্বাচন। ২০২৫ৰ ফেব্ৰুৱাৰীত অনুষ্ঠিত হবলগীয়া এই নিৰ্বাচনৰ বাবে শাসক-বিৰোধী সকলোয়ে ককালত টঙালি বান্ধিছে। মুকলিকৈ নহলেও সকলো ভিতৰি ভিতৰি প্ৰস্তুত কৰিছে ৰণনীতি। এনে সময়তে শাসনত থকাৰ সুবাদতে আগন্তুক পঞ্চায়ত নিৰ্বাচনক লক্ষ্য কৰি বিজেপি চৰকাৰেও ভোটাৰক সন্তুষ্ট কৰিবলৈ হৈছে বদ্ধপৰিকৰ।
শেহতীয়া উপনিৰ্বাচনত বিজেপি তথা এন ডি এ মিত্ৰজোঁটে অগ্ৰাসী প্ৰদৰ্শন কৰাৰ পাছত এতিয়া তেওঁলোকৰ লক্ষ্য হৈছে পঞ্চায়ত নিৰ্বাচন। থান-বান হোৱা বিৰোধীৰ দুৰ্বল স্থিতিৰ পূৰ্ণ সুযোগ বিজেপিয়ে পঞ্চায়ত নিৰ্বাচনতো যে লব সেয়া নিশ্চিত। ইয়াৰ বিপৰীতে শেহতীয়া পৰিস্থিতিলৈ চাই পঞ্চায়ত নিৰ্বাচনৰ লৈকে বিৰোধী পুনৰ যে এক হব পাৰিব সেই আশা ক্ষীণ।
ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে উজনিৰ পৰা নামনিলৈ দলীয় স্থিতি মজবুত কৰিব অৰ্হোপুৰুষাৰ্থ প্ৰচেষ্টা চলাইছে। সকলো পঞ্চায়ততে প্ৰাৰ্থী দিব যদিও তেওঁলোকৰ লক্ষ্য পঞ্চায়ত নিৰ্বাচন নহয় বুলি সভাপতিগৰাকীয়ে ইতিমধ্যে ঘোষণা কৰিছে। এই দিশৰ পৰা চাই নিৰ্বাচনৰ পূৰ্বেই অখিল গগৈয়ে পঞ্চায়ত নিৰ্বাচনত আগতীয়াকৈ হাত দাঙি দিলে বুলি কলেও হয়তো ভুল কোৱা নহব।
ইফালে উপনিৰ্বাচনত মিত্ৰজোঁটৰ পৰা পৃথক হোৱা প্ৰধান দল কংগ্ৰেছে পৰম্পৰা অনুসৰিয়েই সকলো পঞ্চায়তত প্ৰাৰ্থী দিবই। তাৰ বিপৰীতে আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ বাবে লুৰীণজ্যোতি গগৈয়ে সকলো এক হব লাগে বুলি কৈ থকাৰ বাহিৰে অসম জাতীয় পৰিষদে পঞ্চায়ত নিৰ্বাচনক লৈ বৰ ততপৰতা দেখুওৱা পৰিলক্ষিত হোৱা নাই। ৰাজ্যিক পৰ্যায়ত আপেও যে পঞ্চায়ত নিৰ্বাচনত চমকীয় এক প্ৰদৰ্শন দেখাব পাৰিব সেয়া মনে নকয়।
এনে পৰিস্থিতিত শাসনাধিষ্ঠ বিজেপিয়েই পঞ্চায়ত নিৰ্বাচনত আধিপত্য বিস্তাৰ কৰাৰ সম্ভাৱনা অধিক। অৱশ্যে ৰাজ্যত যি দলৰ চৰকাৰ থাকে, পঞ্চায়ত নিৰ্বাচনৰ ফলাফল সেই দলৰ সপক্ষেই যায় বুলি এটা ৰাজনৈতিক পৰম্পৰাও নথকা নহয়। আগন্তুক পঞ্চায়ত নিৰ্বাচনক লৈ বিৰোধীৰ এনে দুৰ্বল স্থিতিৰ মাজতো যেন বিজেপিয়ে ৰিস্ক লব বিচৰা নাই।
পঞ্চায়ত নিৰ্বাচনক লক্ষ্য কৰিয়েই আগন্তুক ডিচেম্বৰৰ পৰা ফ্ৰেব্ৰুৱাৰীৰ প্ৰথম সপ্তাহৰ ভিতৰত মুখ্যমন্ত্ৰীয়ে ২০২৪-২৫বৰ্ষৰ বাজেটত ঘোষণা কৰা ১২খন আচঁনিৰ কাম সম্পূৰ্ণ কৰাত গুৰুত্ব দিছে। এই সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে দিছপুৰৰ শীৰ্ষ বিষয়াৰ লগতে প্ৰতিখন জিলাৰ আয়ুক্তৰ সৈতে বৈঠকত মিলিত হৈছে।
গ্ৰামাঞ্চলৰ প্ৰত্যোককে সন্তুষ্ট কৰিবলৈ হিমন্ত বিশ্ব শৰ্মা চৰকাৰ বদ্ধপৰিকৰ। পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে কোনো এগৰাকী হিতাধিকাৰীয়ে পাপ্য আঁচনিৰ পৰা বঞ্চিত নহয় তাৰ বাবে সৰ্তকতাৰে আয়ুক্তসকলক কাম কৰাৰ নিৰ্দেশ প্ৰদান কৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।
কেৱল এয়াই নহয়, ডিচেম্বৰৰ পৰা ২৫ৰ ফেব্ৰুৱাৰীৰ প্ৰথম সপ্তাহৰ ভিতৰত বাজেট ঘোষণ অনুসৰি হিতাধিকাৰীয়ে আঁচনি অনুসৰি নগদ ধন আৰু সামগ্ৰী পোৱাটো নিশ্চিত কৰিবলৈ নিৰ্দেশ দিছে অসম চৰকাৰে। প্ৰাপ্ত খবৰ অনুসৰি, প্ৰতিগৰাকী হিতাধিকাৰীৰ সৈতে সম্পৰ্ক স্থাপন কৰি আঁচনি অনুসৰি নগদ ধন আৰু সামগ্ৰী পোৱাৰ পাছতহে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ চলাব।
পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে ৰাজ্যৰ মহিলা আত্মসহায়ক গোটৰ ৩২লাখ সদস্যক ১০হাজাৰ টকাকৈ প্ৰদান কৰা হব। এই ধনৰাশি প্ৰতিগৰাকী মহিলাই যাতে ডিচেম্বৰ মাহৰ ভিতৰতে পায়, সেয়া নিশ্চিত কৰিবলৈ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীয়ে। শেহতীয়াকৈ মুখ্যমন্ত্ৰীয়েও ঘোষণা কৰিছে যে, ২০২৪বৰ্ষৰ মেধা সন্মান চৰকাৰে প্ৰাপ্য সকলোকে প্ৰদান কৰিব।
২৫ৰ ফ্ৰেব্ৰুৱাৰী মাহৰ ভিতৰত বাণীকান্ত কাকতি মেধা বঁটাপ্ৰাপকসকলৰ ৪৮হাজাৰ ৬৭৩গৰাকী গৰাকীয়ে লাভ কৰিব স্কুটাৰ। আনন্দৰাম বঁটাপ্ৰাপকসকলৰ ২৬,৯৬৯গৰাকী যোগ্য বিবেচিত শিক্ষাৰ্থীসকলৰ মাজত ৩৪.৩৮কোটি টকাৰ সামগ্ৰী বিতৰণ কৰা হব পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে।
আনফালে মুখ্যমন্ত্ৰী বিশেষ আঁচনিৰ বাবে যোগ্য বিবেচিত ৩,২৪,৬৪০গৰাকী শিক্ষাৰ্থীক চাইকেল প্ৰদান কৰা হব। লগতে প্ৰজ্ঞান ভাৰতীৰ মাচুল ৰেহাই হিচাপে ৯৪,৮৩৮গৰাকী শিক্ষাৰ্থীৰ মাজত ৬৮.৪৪কোটি টকা বিতৰণ কৰা হব। মুঠৰ ওপৰত পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে বাজেটত ঘোষণা কৰা সকলো হিতাধিকাৰীকেন্দ্ৰিক আঁচনিৰে মুখ্যমন্ত্ৰীয়ে গ্ৰামাঞ্চলৰ প্ৰতিজন ভোটাৰৰ ওচৰ চাপিবলৈ বিচাৰিছে।
গ্ৰামাঞ্চলৰ মহিলাসকলৰ ওচৰ চাপিবলৈ চৰকাৰে শেহতীয়াকৈ মাইক্ৰফাইনেন্সৰ ঋণ ৰেহাইৰ বাবে ৫০০কোটি টকাৰ প্ৰস্তাৱ লৈছিল। উক্ত পুঁজি ঋণ ৰেহাইৰ বাবে পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বেই বিতৰণ কৰাৰ পৰিকল্পনা কৰিছে বিজেপি চৰকাৰে।
২০২৩আৰু ২০২৪চনৰ জুন-জুলাই মাহত বানাক্ৰান্ত কেইবাহাজাৰ পৰিয়ালে চৰকাৰী নিয়ম অনুসৰি ক্ষতিপূৰণৰ বাবে আবেদন কৰিছিল। সেই সকলো আবেদনকাৰীক ডিচেম্বৰ নহলে জানুৱাৰী মাহতে প্ৰাপ্য ক্ষতিপূৰণ কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা প্ৰদান কৰিব বুলি মুখ্যমন্ত্ৰীয়ে নিশ্চিতি দিছে।
যোৱা বহুকেইটা নিৰ্বাচনত বিজেপিয়ে অৰুণোদয় আঁচনিক প্ৰচাৰৰ সময়ত বিশেষ ভাৱে উল্লেখ কৰি আহিছে। আগন্তুক পঞ্চায়ত নিৰ্বাচনতো বিজেপিয়ে অৰুণোদয় আঁচনিক পাশুপাত অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিব। ৰাজ্যৰ ২৭লাখ হিতাধিকাৰীয়ে যাতে সময়মতে ধন লাভ কৰে সেয়া নিশ্চিত কৰিবলৈও মুখ্যমন্ত্ৰীয়ে বিত্ত বিভাগক নিৰ্দেশ দিছে। পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ সংখ্যা ৩৯লাখলৈ বৃদ্ধি কৰাৰ লক্ষ্য লৈছে চৰকাৰে।
ইফালে লক্ষ্যণীয় ভাৱে, পূজা, বিহু, ৰাস আদি সকলো কমিটীক বিত্তীয় সাহায্য প্ৰদান কৰি আছে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰে। হিতাধিকাৰীৰ বাবে যাতে ধনৰ অভাৱ নহয়, তাৰো ব্যৱস্থা গ্ৰহণ কৰা হৈছে। চৰকাৰে চলিত বছৰত সৰ্বমুঠ ২৯হাজাৰ কোটি টকা ঋণ ল’বলৈ প্ৰস্তাৱ গ্ৰহণ কৰিছে।
মুঠৰ ওপৰত আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ ফলাফল নিজৰ ফালে ঢাল খোৱাবলৈ বিজেপি চৰকাৰে সকলো প্ৰকাৰে চেষ্টা চলাইছে। নিৰ্বাচনৰ পূৰ্বে সকলো হিতাধিকাৰীক সন্তুষ্ট কৰি বৈতৰণী পাৰ হোৱাৰ পৰিকল্পনা কৰা হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰ আৰু বিজেপি দল কিমান সফল হয় সেয়া সময়ে কব। কিন্তু পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে ধন ধাৰ লৈ হ’লেও ৰাজ্যত আঁচনিৰ ধনৰ ধল বোৱাতো ১০০শতাংশ নিশ্চিত।