/asomiyapratidin/media/media_files/2025/02/06/FWTBg5kfLB0rxZfCtYBN.png)
আমেৰিকা
ডিম্পুল বৰগোহাঁই
আমেৰিকাৰ প্ৰৱাসী ভাৰতীয় সকলক হাতত হেণ্ডকাফ লগাই কিয় অমানবীয়ভাৱে দেশলৈ স্থানান্তৰিত কৰা হ'ল তাক লৈ বিশ্বজুৰি তীব্ৰ প্ৰতিক্ৰিয়া অব্যাহত আছে। লোকসভা আৰু ৰাজ্যসভা উভয় সদনতে এই প্ৰসংগটোক লৈ বৃহস্পতিবাৰে উত্তপ্ত হৈ পৰে। বিৰোধীয়ে দাবী কৰে যে, আমেৰিকাৰ এই কাৰ্যক ভাৰত চৰকাৰে অমানৱীয় আৰু অনীতিগত বুলি ধৰি লৈ সদনত ইয়াৰ বিস্তাৰিত আলোচনা হ'ব লাগে।
বিৰোধীৰ এই দাবীৰ পিছতে কেন্দ্ৰীয় বিদেশ মন্ত্ৰী এছ জয়শংকৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক সাক্ষাৎ কৰে আৰু এই বিষয়টোক লৈ পুংখানুপুংখভাৱে আলোচনা কৰে। ৬ফেব্ৰুৱাৰী, ২০২৫ বৃহস্পতিবাৰে দুপৰীয়া ২.০০ বজাত বিদেশ মন্ত্ৰীগৰাকীয়ে উক্ত বিষয়টোক লৈ ভাৰত চৰকাৰ স্থিতিৰ বিষয়ে অৱগত কৰে। সকলোকে আচৰিত কৰি বিদেশ মন্ত্ৰীগৰাকীয়ে এই বিষয়টোক লৈ আ্মেৰিকাই কোনো ভুল কৰা নাই বুলি পৰোক্ষভাৱে সকলোকে বুজাই দিয়ে।
বিদেশমন্ত্ৰীগৰাকীয়ে কয় যে, আমেৰিকাই বিদেশী বিতাড়ণৰ যি নীতি, সেই নীতি অনুসৰিয়েই এই কাৰ্য সমাপন কৰিছে। বিদেশ নীতি অনুসৰিয়েই আমেৰিকাই প্ৰৱাসী ভাৰতীয়সকলৰ বিৰুদ্ধে ব্যৱস্থা লৈছে। এনে পূৰ্বতেও হৈছিল, এয়া কোনো নতুন প্ৰক্ৰিয়া নহয়। এই ভাষ্য প্ৰদান কৰি বিদেশ মন্ত্ৰীগৰাকীয়ে পূৰ্বতেও আমেৰিকাৰ পৰা কেনেকৈ প্ৰৱাসী ভাৰতীয় সকলক দেশলৈ উভতাই পঠোৱা হৈছিল তাৰ কিছু তথ্যও দাঙি ধৰে।
বিদেশ মন্ত্ৰীগৰাকীয়ে ৰাজ্যসভাত দাখিল কৰা তথ্য অনুসৰি, ২০১০চনত ৭৯৯গৰাকী অবৈধ প্ৰৱাসীক ভাৰতলৈ উভতাই পঠাইছিল আমেৰিকাই। ইয়াৰ পিছৰ বৰ্ষত ২০১১চনত ৫৯৭গৰাকী ভাৰতীয়, ২০১২চনত ৫৩০গৰাকী অবৈধ প্ৰৱাসী ভাৰতীয়, ২০১৩ চনত ৫১৫গৰাকী আৰু ২০১৪চনত ৫৯১গৰাকী ভাৰতীয়ক আমেৰিকাই দেশলৈ উভতাই পঠাইছিল।
বিদেশ মন্ত্ৰীগৰাকীয়ে লগতে তথ্যসহ কয় যে, ২০১৫চনত ৭০৮গৰাকী, ২০১৬চনত ১৩০৩গৰাকী, ২০১৭চনত ১০২৪গৰাকী, ২০১৮চনত ১১৮০গৰাকী, ২০১৯চনত ২০৪২গৰাকী, ২০২০চনত ১৮৮৯গৰাকী, ২০২১চনত ৮০৫গৰাকী, ২০২২চনত ৮৬২গৰাকী, ২০২৪চনত ১৩৬৮গৰাকী আৰু ২০২৫ত ১০৪গৰাকী ভাৰতীয়ক এনেদৰে স্বদেশলৈ উভতাই পঠোৱা হৈছে। কিন্তু সেই সময়ত আমেৰিকাই কোনো প্ৰৱাসী ভাৰতীয়ক এনেদৰে হাতত হেণ্ডকাফ লগাই ভাৰতলৈ উভতাই পঠোৱা নাছিল।
উল্লেখ কৰা প্ৰয়োজন যে, আমেৰিকাই ১০৪গৰাকী অবৈধ প্ৰৱাসী ভাৰতীয়ক ভাৰতলৈ হাতত হেণ্ডকাফ লগাই ভাৰতলৈ উভতাই পঠায়। প্ৰায় ৩৫ঘন্টা বিমান যাত্ৰাৰ পিছত ভাৰতত উপস্থিত হোৱা এই লোকসকলৰ ভিতৰত অধিকাংশই আছিল হাৰিয়ানা, পাঞ্জাৱ আৰু গুজৰাটৰ। ১০৪গৰাকীৰ ভিতৰত ৩০গৰাকী পাঞ্জাৱৰ, ৩৩গৰাকী হাৰিয়ানাৰ, ৩৩গৰাকী গুজৰাটৰ, ৩গৰাকী মহাৰাষ্ট্ৰৰ, ৩গৰাকী উত্তৰ প্ৰদেশৰ। ইয়াৰে ১৯গৰাকী মহিলা, এটি ৪বছৰীয়া শিশু আৰু ১৩টা কিশোৰো আছে।
আজিৰ সদনত কেন্দ্ৰীয় বিদেশ মন্ত্ৰীগৰাকীয়ে অবৈধ প্ৰৱাসী ভাৰতীয়সকলৰ প্ৰতি আমেৰিকাই কৰা ব্যৱহাৰক দুব্যৱহাৰ নহয় বুলিও আওপকীয়াকৈ স্পষ্ট কৰে।
ইফালে শেহতীয়াকৈ পোহৰলৈ অহা তথ্য অনুসৰি, ২০১৮চনৰ পৰা ২০২৩লৈ আমেৰিকাই প্ৰায় ৫,৪৭৭গৰাকী অবৈধ প্ৰৱাসী ভাৰতীয়ক ভাৰতলৈ উভতাই পঠাইছে। ২০২৪ৰ অক্টোবৰ মাহতো এখন বিশেষ চাৰ্টাড প্লেনৰ জৰিয়তে ১০০গৰাকী ভাৰতীয়ক দেশলৈ উভতাই পঠোৱা হৈছিল।
আমেৰিকাই ৰাজহুৱা কৰা তথ্য অনুসৰি, তেওঁলোকে প্ৰায় ১৮হাজাৰ অবৈধ প্ৰৱাসী ভাৰতীয়ক চিহ্নিত কৰিছে। এই বিষয়টোক লৈ কিছুদিনৰ পূৰ্বে মাৰ্কিন ৰাষ্ট্ৰপতি ট্ৰাম্পে এক বক্তব্যত কৈছিল যে, এই সন্দৰ্ভত তেওঁ নৰেন্দ্ৰ মোডীৰ সৈতেও কথা পাতিছে। আৰু ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে ট্ৰাম্পক তেতিয়া আশ্বাস দিছিল যে, যি ভাল সেয়াই কৰিবলৈ।
মোডীৰ এই আশ্বাস লাভ কৰিয়েই হয়তো আমেৰিকাই ইমান কঠোৰ আৰু অমানৱীয়ভাৱে প্ৰৱাসী ভাৰতীয়সকলক উভতাই পঠোৱাৰ পাছতো বিশেষ প্ৰদক্ষেপ গ্ৰহণৰ পৰা আতঁৰি আছে ভাৰত চৰকাৰ। আনহাতে প্ৰধানমন্ত্ৰীগৰাকীৰ সৈতে বিদেশ মন্ত্ৰীগৰাকীয়ে আলোচনাৰ অন্তত আমেৰিকাৰ কোনো ভুল কৰা নাই বুলি দিয়া ভাৰত চৰকাৰে দিয়া স্পষ্টীকৰণৰ পিছত ট্ৰাম্পে কৰা এই দাবী যে সত্য সেয়া প্ৰমাণ হৈছে।
এইখিনিতে আন এটা উল্লেখ কৰাটোও খুবেই প্ৰয়োজন। ইয়াৰ পূৰ্বে আমেৰিকাৰ বাৰাক ওবামাৰ শাসনকালতো প্ৰায় ৩২লাখ লোকক ভাৰতলৈ ঘূৰাই পঠোৱা হৈছিল। ট্ৰাম্পৰ প্ৰথমটো কাৰ্যকালতো প্ৰায় ৬লাখ অবৈধ প্ৰৱাসী ভাৰতীয়ক দেশলৈ উভতাই পঠোৱা হৈছিল। ২০০১ত সংঘটিত হোৱা ৯/১১ ঘটনাৰ পাছতে আমেৰিকাত অবৈধ প্ৰৱাসীৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিছিল আমেৰিকাই।
অবৈধ বিদেশীক লৈ আমেৰিকাই এনে কঠোৰ প্ৰদক্ষেপ পূৰ্বতেও লৈছে। ইয়াৰ পূৰ্বে কলোম্বিয়াৰ বহু নাগৰিকক এনেদৰে নিজ দেশলৈ পঠাইছিল আমেৰিকাই। আমেৰিকাৰ এনে কাৰ্যৰ বিৰোধিতা কৰি কলোম্বিয়াৰ ৰাষ্ট্ৰপতিয়ে দেশৰ নাগৰিকসকলক নিবলৈ আমেৰিকালৈ পঠাইছিল দুখনকৈ সেনাৰ বিমান। অবৈধ বিদেশ নাগৰিকক লৈ আমেৰিকাই গ্ৰহণ কৰা এনে কঠোৰ প্ৰদক্ষেপৰ অলেখ উদাহৰণ আছে যদিও শেহতীয়াকৈ ভাৰতৰ সৈতে কৰা কাৰ্যৰ পিছতে বিশ্বজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
ইফালে আমেৰিকাই এতিয়াও দাবী কৰিছে যে, কোনো নথি-পত্ৰ নথকাকৈ এতিয়াও আমেৰিকাত আছে ১৪.৫লাখ অবৈধ বিদেশ নাগৰিক। সকলোৰে ক্ষেত্ৰতে তেওঁলোকে একেই ব্যৱস্থা গ্ৰহণ কৰিব। আমেৰিকাত অবৈধ অনুপ্ৰৱেশৰ বিৰুদ্ধে সদা সৰৱ হৈ আহিছে ডোনাল্ড ট্ৰাম্প। ৰাষ্ট্ৰপতিৰ দায়িত্ব লৈয়ে তেওঁ কৈছিল যে, তেওঁৰ লক্ষ্যই হৈছে আমেৰিকাৰ আভ্যন্তৰীণ নিৰাপত্তা শক্তিশালী কৰা আৰু অবৈধ অনুপ্ৰৱেশ ৰোধ কৰা, যিটো দেশৰ অৰ্থনীতি আৰু সামাজিক সুৰক্ষাৰ বাবে ক্ষতিকাৰক হ’ব পাৰে।
ট্ৰাম্প প্ৰশাসনে নিজৰ কাৰ্যবাহী আদেশৰ জৰিয়তে অবৈধভাৱে আমেৰিকাত প্ৰৱেশ কৰা ৩০ হাজাৰ অবৈধ অনুপ্ৰৱেশকাৰীক বিতাড়নৰ নিৰ্দেশ দিছিল। ট্ৰাম্পৰ মতে, ইয়াৰ দ্বাৰা আমেৰিকাৰ আভ্যন্তৰীণ নিৰাপত্তা আৰু আইন-শৃংখলা উন্নত কৰাত সহায়ক হ’ব।
ৰাষ্ট্ৰপতিৰ দায়িত্ব লৈয়ে ট্ৰাম্পে লগতে কৈছিল- তেওঁৰ প্ৰশাসনে শীৰ্ষ অনুপ্ৰৱেশ কৰ্তৃপক্ষৰ জৰিয়তে অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে কঠোৰ আইন বলবৎ কৰিব। এই পদক্ষেপ আমেৰিকানসকলৰ সুৰক্ষা আৰু দেশৰ কল্যাণৰ বাবে অতি প্ৰয়োজনীয় বুলিও মন্তব্য কৰিছিল ট্ৰাম্পে। নিজৰ মুখৰ কথা আখৰে আখৰে পালন কৰিবলৈ গৈয়ে হয়তো বন্ধু ৰাষ্ট্ৰ ভাৰতৰ প্ৰতিও সহানুভূতিৰ দৃষ্টি প্ৰদৰ্শন নকৰিলে ট্ৰাম্পে...