/asomiyapratidin/media/media_files/2025/01/18/mhSVpfzD1b3k7EBpMOH9.png)
ৰাজীৱ শদিয়া Photograph: (ৰাজীৱ শদিয়া)
ডিম্পুল বৰগোহাঁই
ৰাজীৱ শদিয়াৰ মৃত্যুৰ পাছতে ৰাজ্যত ভিন্ন প্ৰসংগ চৰ্চালৈ আহিছে। ৰাজীৱ শদিয়াক কোনে চিনি পায়, কোনে নাপায়, ৰাজীৱ শদিয়াই জীৱিত কালত কি পালে, কি কৰিছিল ইত্যাদি ভিন্ন কথাক লৈ সামাজিক মাধ্যমত তীব্ৰ চৰ্চা অব্যাহত আছে। এনেবোৰ চৰ্চাৰ মাজতে আজি এই লেখাত এই সমগ্ৰ ঘটনাক লৈ বিশেষভাৱে চৰ্চা নোহোৱা এটা দিশৰ কথাহে উনুকিয়াব খুজিছো।
হৃদজনিত ৰোগত আক্ৰান্ত হৈয়ে ৰাজীৱ শদিয়াৰ মৃত্যু হৈছিল। উক্ত দিনটোত দিনৰ ভাগৰে পৰাই বুকুৰ বিষত ভুগি আছিল শিল্পীগৰাকী। বুকুৰ বিষ লৈয়ে পূৰ্বে দিয়া প্ৰতিশ্ৰুতি ৰক্ষা কৰি সংগীতানুষ্ঠান পৰিৱেশনৰ বাবে তিনিচুকীয়াৰ ফিলবাৰীত উপস্থিত হৈছিল।
দুটামান গান পৰিৱেশন কৰাৰ পাছতে হঠাতে ঢলি পৰিছিল ৰাজীৱ শদিয়া। ইয়াৰ পাছতে তেওঁক পোনতে লৈ যোৱা হল এখন নাছিংহোমত আৰু তাৰ পিচত ডিব্ৰুগড় মেডিকেল কলেজলৈ লৈ গৈছিল পৰিয়ালৰ লোকে।
তিনিচুকীয়াৰ ফিলবাৰীৰ পৰা অসম চিকিৎসা মহাবিদ্যালয় লৈ যাওতে সময় লাগে প্ৰায় ২ ঘণ্টা। এই সময়খিনিৰ মাজতে ৰাজীৱ শদিয়াই শেষ নিশ্বাস ত্যাগ কৰিছিল। ইয়াৰ পিছতে হুৱা-দুৱা লাগিল। সমগ্ৰ অসমত শিল্পীগৰাকীৰ মৃত্যুৰ পাছতে সৃষ্টি হল নানান চৰ্চা। কিন্তু এই চৰ্চাবোৰৰ মাজত যেন তল পৰি ৰ'ল প্ৰকৃততে চৰ্চা হ'বলগীয়া কিছু বিষয়।
১. তিনিচুকীয়াৰ এখনো চৰকাৰী চিকিৎসালয়ত কিয় নাই হৃদৰোগৰ চিকিৎসা...
শেহতীয়াকৈ অসম জাতীয় পৰিষদ সাধাৰণ সম্পাদক জগদীশ ভূঞাই এটা বিষয় চৰ্চালৈ আনিছে। তেওঁ প্ৰশ্ন তুলিছে যে, জিলাখনত এখন মেডিকেল কলেজ আছে, অসামৰিক চিকিৎসালয় আদি আছে । তাত কিয় হৃদৰোগৰ চিকিৎসাৰ ব্যৱস্থা নাই ? স্থানীয় মেডিকেল কলেজখনতে যদি ততাতৈয়াকৈ চিকিৎসাৰ সুবিধা পালেহেতেঁন তেন্তে সেই দুঘণ্টা সময়ত তেওঁ বহুখিনি সকাহ পালেহেতেঁন ।
ৰাজনৈতিক দৃষ্টিকোণৰ পৰা যদিও বিৰোধী হিচাপে ভূঞাই এই প্ৰসংগ উত্থাপন কৰিছে প্ৰকৃততে কিন্তু এই কথা ভাৱিবলগীয়া। শেহতীয়াকৈ নতুন নতুন মেডিকেল কলেজৰ নামত শ-শ কোটি টকা ব্যয়ৰে বৃহৎ বৃহৎ বিল্ডিং সজা পৰিলক্ষিত হৈছে। কিন্তু চিকিতসাৰ নামত যথোপযুক্ত চিকিৎসাৰ সা-সুবিধা নাই। গুৰুতৰ ৰোগ হলেই গুৱাহাটী , ডিব্ৰুগড় মেডিকেল কলেজলৈ ৰোগী স্থানান্তৰ কৰিবলগীয়া হয় । এই গুৰুতৰ অভিযোগ সঘনাই উত্থাপিত হৈয়েই থাকে।
ৰাজীৱ শদিয়াৰ মৃত্যুৰ পাছতহে বিৰোধী দলসমূহে এনে অভিযোগ কঠোৰভাৱে উত্থাপন কৰিছে। এই ক্ষেত্ৰত চৰকাৰৰ সমানেই বিৰোধী দলসমূহেও জনমত গঠনৰ বাবে পূৰ্বৰে পৰাই চেষ্টা কৰিব লাগিছিল। কিন্তু বাস্তৱত সেয়া বিৰোধী দলসমূহে কৰা পৰিলক্ষিত হোৱা নাই। ৰাইজৰ ৰাজহুৱা স্বাস্থ্য- ব্যৱস্থাটোৰ সামৰ্থ্য আৰু দায়বদ্ধতাৰ সন্দৰ্ভত কোনো এটা ঘটনা সংঘটিত হোৱাৰ পাছতে সকলোবোৰ অধিক সচেতন হোৱা দেখা যায়।
২. স্বাস্থ্যক লৈ আমাৰ অসাৱধানতা, অসচেনতা...
হৃদৰোগৰ চিকিতসকৰ মতে, হাট এৰ্টেক সাধাৰণতে এক ৰোগ নহয়, বৰঞ্ছ ই এক সংঘটন বা event. অৰ্থাৎ হাট এৰ্টেক হোৱাৰ আগেয়ে সাধাৰণতে ৰোগীয়ে কম-বেছি পৰিমাণে কিছু অসুবিধাত ভুগি থাকে। অথবা হৃদৰোগ হোৱাৰ মূলতে হল- মধুমেহ, উচ্চ ৰক্তচাপ, হাই কলেষ্টৰেল, ধূমপানৰ অভ্যাস আদি। অৱশ্যে, কোনো আগজাননী নিদিয়াকৈ আৰু কোনো ফেক্টৰ নথকাকৈও হাট এৰ্টেক হʼব পাৰে ।
যদি তেখেতৰ তেনে অসুবিধা আছিল, কিবা চিকিৎসা হৈছিল নে বা কোনো প্ৰতিষেধক লোৱা হৈছিল নে? এই প্ৰশ্ন শেহতীয়াকৈ উত্থাপন কৰি হৃদৰোগৰ চিকিতসক ড০ দিগন্ত বুঢ়াগোহাঁয়ে আমাক কয়- শিল্পীজনে বোধহয় মাজনিশা অনুষ্ঠান পৰিবেশন কৰি আছিল । মাজনিশা নিদ্ৰাৰ কাৰণে, কামৰ কাৰণে নহয় । 'আজিকালি' আমি প্ৰায় সকলোৱেই মাজনিশালৈ সাৰে থাকোঁ; 'আজিকালি' আমাৰ জীৱন-শৈলীলৈ এনে বহু শৰীৰক ক্ষতি কৰিব পৰা আৰু ইচ্ছা কৰিলে এভইড কৰিব পৰা পৰিৱৰ্তন আমি নিজেই আনি লʼলোঁ ।
এই পৰিৱৰ্তনবোৰ আমি এনেকৈয়ে ৰাখিম নে - সেই প্ৰশ্নটোও আগৰ প্ৰশ্নটোৰ সৈতে সোধাৰ প্ৰয়োজন আছে ।
চিকিতসকগৰাকীয়ে লগতে কয়, হাট এৰ্টেকৰ ক্ষেত্ৰত প্ৰথম ১২ ঘণ্টাক window period আৰু প্ৰথম ৩-৪ ঘণ্টাক Golden period বুলি কোৱা হয় আৰু এই মূল্যৱান সময়খিনিত কৰিব পৰা চিকিৎসাৰ কিছুমান গাইডলাইন আছে । তেওঁ এই window period বা golden period ত চিকিৎসালয় পাইছিলগৈ নে নাই, সেয়াও লক্ষ্যণীয়।
৩. শীতকালত কিয় হাৰ্ট এটেকৰ সম্ভাৱনা বৃদ্ধি পায়-
আমি প্ৰায়ে দেখা পাও যে, শিল্পীসকলৰ ক্ষেত্ৰত সাধাৰণতে হাট এৰ্টেকৰ ঘটনা অধিক। বলিউদত এনে ঘটনা সঘনাই সংঘটিত হয়। লক্ষণীয়ভাৱে শীতকাল আৰম্ভ হোৱাৰ লগে লগে হৃদযন্ত্ৰৰ লগত জড়িত সমস্যা বৃদ্ধি পোৱা পৰিলক্ষিত হয় ৷ শীতকালত ৰক্তবাহী নলী বন্ধ হোৱাৰ বাবে কলেষ্টেৰল বৃদ্ধি হোৱাৰ সম্ভাৱনা বেছি ৷ যাৰ বাবে হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি পায় ৷ এই ঋতুত হৃদযন্ত্ৰৰ কাৰ্য সম্পাদনতো কিছু বাধাৰ সৃষ্টি হয় ৷ কাৰণ এই সময়ত হৃদযন্ত্ৰই পৰ্যাপ্ত অক্সিজেন লাভ নকৰে ৷
শীতকালত হাৰ্ট এটেকৰ সমস্যা কিয় বৃদ্ধি পায় ? তথা ইয়াৰ পৰা কেনেকৈ হাত সাৰিব পাৰি আৰু হৃদযন্ত্ৰৰ লগত জড়িত ৰোগ থাকিলে কি কৰিব লাগে, এই বিষয়ে জানিবলৈ বহু লোক ইচ্ছুক ৷ এই সন্দৰ্ভত সংবাদ মাধ্যমৰ সৈতে হোৱা সাক্ষাৎকাৰত নেশ্যনেল হাৰ্ট ইনষ্টিটিউটৰ CEO ডাঃ অ’ পি যাদৱে এনে প্ৰতিটো প্ৰশ্নৰ সহজ উত্তৰ আগবঢ়াইছে ৷
তেওঁ কয় যে, শীতকালত হাৰ্ট এটেকৰ সম্ভাৱনা বৃদ্ধি পোৱাৰ বহু কাৰণ থাকিব পাৰে ৷ তেওঁ জানিবলৈ দিয়া মতে ঠাণ্ডা বতৰত শিৰাবোৰ সংকুচিত হয় বাবে তেজ সঠিকভাৱে পাম্প কৰিব নোৱাৰি ৷ এনে পৰিস্থিতিত হাৰ্ট এটেকৰ সম্ভাৱনা বাঢ়ি যায় ৷ ইয়াৰ বাহিৰেও এই ঋতুত তেজ ডাঠ হৈ বুকুৰ ওচৰলৈ ভালদৰে যাব নোৱাৰে ৷ এনে কাৰণতো হাৰ্ট এটেকৰ সম্ভাৱনা বৃদ্ধি পায় ৷ ঠাণ্ডাৰ দিনত মানুহে প্ৰায়ে কোনো শাৰীৰিক ক্ৰিয়া-কলাপ নকৰে ৷ ঠাণ্ডাৰ বাবে অধিকাংশ লোক ঘৰতে আৱদ্ধ হৈ থাকে ৷
আনকি বহু লোকে দৈনিক কৰি অহা মৰ্নিং ৱাকৰ অভ্যাসো ঠাণ্ডা দিনত ত্যাগ কৰা দেখা যায় ৷ এনে পৰিস্থিতিত আমাৰ শৰীৰৰ ৰক্তকণিকা (RBC) একেলগে আবদ্ধ হৈ পৰে, যাৰ ফলত হৃদযন্ত্ৰত ৰক্ত সঞ্চালন কমি যায় ৷ সেয়েহে হৃদযন্ত্ৰৰ লগত জড়িত সমস্যাৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পায় ৷ আমাৰ খাদ্যাভ্যাসে হাৰ্ট এটেকৰ সম্ভাৱনা বৃদ্ধি কৰাত ডাঙৰ ভূমিকা পালন কৰে ৷ ভাৰসাম্যহীন খাদ্যই হাৰ্ট এটেকৰ সমস্যা বৃদ্ধিতো সহায় কৰে ৷
শীতকালত সুষম আহাৰ, স্বাস্থ্যকৰ জীৱনশৈলী আৰু যোগাসন, প্ৰাণায়াম আৰু ধ্যানৰ অভ্যাস কৰি হৃদৰোগৰ লগতে অন্যান্য ৰোগৰ পৰা হাত সাৰিব পাৰি ৷ ইয়াৰ পিছতো যদি কোনো ৰোগে দেখা দিয়ে তেতিয়াহ’লে চিকিৎসকৰ কাষ চপাটোৱেই উত্তম ৷
হাৰ্ট এটেকৰ লক্ষণসমূহ হ’ল বুকুৰ বিষ, হাত, হনুৰ বিষ আৰু ডিঙিৰ বিষ, মূৰ ঘূৰোৱা, ঠাণ্ডা ঘাম, শ্বাস-প্ৰশ্বাসত কষ্ট, অসুস্থ অনুভৱ আৰু চেতনা হেৰুৱা। যদি এই লক্ষণসমূহ দেখা দিয়ে তেন্তে তৎক্ষণাত এম্বুলেন্স মাতিব লাগে। শেহতীয়াকৈ ৰাজীৱ শদিয়াক লৈ হোৱা শোকাৱহ ঘটনাত হয়তো এই দিশবোৰৰ প্ৰতি বিশেষ লক্ষ্য ৰখা হোৱা নাছিল।
৪. যুৱক-যুৱতীসকলৰ মাজত কিয় বৃদ্ধি পাইছে হাৰ্ট এটেকৰ ঘটনা ?
মানুহৰ মাজত এটা সাধাৰণ বিশ্বাস যে হাৰ্ট এটেক কেৱল বৃদ্ধ লোকৰ ক্ষেত্ৰতহে হয় ৷ অৱশ্যে ইয়াৰ বয়সৰ লগত কোনো সম্পৰ্ক নাই ৷ আমাৰ জীৱনশৈলী আৰু জেনেটিক্স হৃদৰোগৰ বাবে দায়ী হ’ব পাৰে ৷ ইয়াৰ উপৰিও তলত উল্লেখ কৰা কাৰকসমূহেও হাৰ্ট এটেকৰ সৃষ্টি কৰে ৷
- চিকিৎসাজনিত অৱস্থা- কিছুমান চিকিৎসাজনিত অৱস্থা যেনে ডায়েবেটিছ, উচ্চ ৰক্তচাপ আৰু কলেষ্টেৰল আদিয়ে হৃদৰোগৰ বিকাশত অৰিহণা যোগাব পাৰে । কেৱল এয়াই নহয়, বহুতো নিয়ন্ত্ৰিত অৱস্থাই হৃদযন্ত্ৰৰ পৰিঘটনাৰ সূচনাও কৰিব পাৰে ।
- বংশগত কাৰণ- যদি আপোনাৰ বংশত কাৰোবাৰ হৃদৰোগ আছে তেন্তে কম বয়সতে হৃদৰোগ সম্পৰ্কীয় সমস্যাৰ সন্মুখীন হোৱাৰ সম্ভাৱনা যথেষ্ট বৃদ্ধি পায় । বংশগতভাবেও যদি অকাল হৃদৰোগৰ সমস্যা আছে তেন্তে এনে ব্যক্তিসকলে নিজৰ হৃদযন্ত্ৰৰ স্বাস্থ্যৰ প্ৰতি বিশেষভাৱে সজাগ হোৱাটো উচিত ।
- লক্ষণসমূহক আওকাণ কৰা- যুৱক-যুৱতীসকলৰ মাজত হৃদযন্ত্ৰৰ সৈতে জড়িত সমস্যাৰ লক্ষণসমূহ বিভিন্ন ধৰণে দেখা দিয়ে । এনে পৰিস্থিতিত বুকুৰ অস্বস্তি, উশাহ-নিশাহ লোৱাত কষ্ট, ভাগৰ বা অস্পষ্ট বিষ আদি সৰু সৰু লক্ষণবোৰ কেতিয়াও আওকাণ কৰিব নালাগে ।
- মানসিক চাপ আৰু জীৱনশৈলী- আজিকালি মানুহৰ জীৱনশৈলী দ্ৰুতগতিত সলনি হ’বলৈ আৰম্ভ কৰিছে । অত্যধিক মানসিক চাপ, খাদ্যাভ্যাস বেয়া, শাৰীৰিক ক্ৰিয়া-কলাপৰ অভাৱ আৰু ধূমপান আদিয়ে যুৱক-যুৱতীৰ হৃদযন্ত্ৰৰ সমস্যা বৃদ্ধি কৰিব পাৰে । এনে পৰিস্থিতিত হৃদযন্ত্ৰক সুস্থ কৰি ৰাখিবলৈ মানসিক চাপ ব্যৱস্থাপনা আৰু হৃদযন্ত্ৰৰ সুস্থ জীৱনশৈলী গ্ৰহণ কৰাটো গুৰুত্বপূৰ্ণ ।
৫. হাৰ্ট এটেকৰ পৰা হাত সাৰিবলৈ আমি কি কৰিব লাগে...
- জীৱনশৈলীৰ পৰিৱৰ্তন কৰক- সুষম খাদ্য, নিয়মীয়া ব্যায়াম, মানসিক চাপ নিয়ন্ত্ৰণ আৰু ধূমপান ত্যাগ কৰাৰ দৰে হৃদযন্ত্ৰৰ স্বাস্থ্যসন্মত জীৱনশৈলী গ্ৰহণ কৰিলে ভৱিষ্যতে হৃদযন্ত্ৰৰ সমস্যাৰ সম্ভাৱনা বহু পৰিমাণে হ্ৰাস পায় ।
- আৱেগিক সমৰ্থন– বিশেষকৈ কম বয়সতে হাৰ্ট এটেকৰ সন্মুখীন হোৱাটো আৱেগিকভাৱে কঠিন হ’ব পাৰে । এনে পৰিস্থিতিত আপুনি পৰিয়াল, বন্ধু বা বিশেষজ্ঞৰ পৰা সহায় বিচৰাটো সহজ হ’ব পাৰে ।
- নিয়মীয়াকৈ পৰীক্ষা কৰক– হাৰ্ট এটেকৰ পিছত চিকিৎসকৰ সৈতে যোগাযোগ কৰক আৰু হৃদযন্ত্ৰৰ সৈতে জড়িত সমস্যাৰ বিপদজনক কাৰকসমূহ বুজিবলৈ নিয়মীয়াকৈ পৰীক্ষা কৰক ।
- সময়মতে ঔষধ সেৱন কৰক– হৃদযন্ত্ৰৰ সমস্যা ৰোধ কৰিবলৈ চিকিৎসকে দিয়া ঔষধ মানি চলক । এই ঔষধে হৃদযন্ত্ৰৰ লগত জড়িত সমস্যাৰ সম্ভাৱনা হ্ৰাস কৰি উচ্চ ৰক্তচাপ, কলেষ্টেৰল আৰু ডায়েবেটিছৰ দৰে অৱস্থা নিয়ন্ত্ৰণ কৰাত সহায় কৰে ।
ৰাজীৱ শদিয়াৰ মৃত্যুৰ পাছত বহু দিশক লৈ চৰ্চা হৈছে। জাতি-মাটি-ভেঁটিৰ বাবে গীত গোৱা শিল্পীজনক লৈ এক আৱেগিক পৰিৱেশ সৃষ্টি হোৱাটো স্বাভাৱিক। কিন্তু এইবোৰৰ সমান্তৰালভাৱে আমি চিকিৎসাজনিত এই বিষয়বোৰক লৈও সচেতন হ'ব লাগিব আৰু চিকিৎসাৰ ক্ষেত্ৰখন বাস্তৱত উন্নতকৰণৰ বাবে দাবী কৰিব লাগিব। নতুবা আগন্তুক সময়তো আমি নিবিচৰা বহু ঘটনা সংঘটিত হোৱা থল আছে...