/asomiyapratidin/media/media_files/2025/02/10/9qZMSa7uyuu9uXTBW4bx.jpg)
আপৰ পৰাজয়ৰ কাৰন
ডিম্পুল বৰগোহাঁই
কেৱল প্ৰেম, সংসাৰ আৰু বন্ধুত্বতেই যে ত্যাগ আৰু বুজাপৰাৰ প্ৰয়োজন আছে তেনে নহয়। ৰাজনীতিতো আছে ত্যাগ তথা বুজাপৰাৰ মহত্ব আৰু গুৰুত্ব। সেই ত্যাগ আৰু বুজাপৰাৰ বাবেই দেৱেন্দ্ৰ ফড়নবিছৰ নেতৃত্বত বিজেপিয়ে অকলেই দখল কৰিছিল মহাৰাষ্ট্ৰ। লোভনীয় মুখ্যমন্ত্ৰী আসনখন বেলেগক এৰি দি মহাৰাষ্ট্ৰত বিজেপিয়ে মিত্ৰদলৰ সৈতে বহুদিন চলাইছিল চৰকাৰ। আৰু অৱশেষত সেই ত্যাগৰ প্ৰতিদান পাইছিল বিজেপি তথা দেৱেন্দ্ৰ ফড়নবিছে। আজি বাৰু মহাৰাষ্ট্ৰৰ কথা বৰ বেছি আলোচনা নকৰো।
এই লেখা দিল্লীক লৈহে। দিল্লীৰ নিৰ্বাচন শেষ হ'ল। কিন্তু এতিয়াও শেষ হোৱা নাই নিৰ্বাচনী চৰ্চা। এতিয়াও যেন ওলোৱা নাই বহু নিৰ্বাচনী সমীকৰণৰ উত্তৰ। বিজেপিৰ মুখ্যমন্ত্ৰী কোন হ'ব তাক লৈও চলি আছে জল্পনা-কল্পনা। বিজেপিৰ বিধায়ক প্ৰৱেশ বাৰ্মাৰ নাম আগত আছে বুলি সকলোৱে কৈ আছে যদিও তাৰ মাজতো চমক দিব পাৰে মোডীয়ে। কিয়নো ইতিমধ্যে মধ্যপ্ৰদেশ, চত্তীশগড়ৰ দৰে ৰাজ্যত মুখ্যমন্ত্ৰী নিৰ্বাচনত বিজেপিৰ শীৰ্ষ নেতৃত্বই চৰ্চাত নথকা নেতাক মুখ্যমন্ত্ৰী পাতি সেই চমক দি থৈছে।
সেয়া যি কি নহ'লেও প্ৰায় ২৭বছৰৰ পাছত দিল্লী দখল কৰি বিজেপিৰ আত্মবিশ্বাস অধিক প্ৰৱল হৈ পৰিছে। ইফালে দিল্লীত সম্পূৰ্ণৰূপে বেকফুটত পৰিলগৈ বিৰোধী। কংগ্ৰেছে দিল্লীত এইবাৰ নিৰ্বাচনত শূণ্য আসনৰ হেটট্ৰিকো লগালে। একেৰাহে তিনিটা নিৰ্বাচনত কংগ্ৰেছে খাটাই খুলিব নোৱাৰিলে। সেইবোৰ কথা ইতিমধ্যে বহুবাৰ আলোচনা হৈছে। এতিয়া আহিছো অন্য এক প্ৰসংগলৈ।
দিল্লী নিৰ্বাচনত আপৰ শোচনীয় পৰাজয়ৰ আঁৰত বহু কাৰণ আছে, বিজেপিৰ অগ্ৰাসী নীতি, কেজৰিৱালৰ মুখ্যমন্ত্ৰীৰ চকীখনৰ প্ৰতি থকা লোভৰ কথা ক'বই নালাগে। কিন্তু এইবেলি নিৰ্বাচনত আপক শোচনীয় পৰাজয় বিজেপিৰ কাৰনে নহয়, কংগ্ৰেছ কাৰনেহে হৈছে। কথাটো শুনাত আচহুৱা আৰু আচৰিত জানিলেও ইয়াৰ আঁৰতো এক সবল তথা গ্ৰহণযোগ্য যুক্তি।
ৰাজনীতিত সকলো সম্ভৱ। কিন্তু সেই সম্ভৱকো যেন অসম্ভৱ কৰি পেলাইছিল বিৰোধীয়ে। ইণ্ডি মৰ্চাৰ নামত বিশাল বিশাল ৰাজহুৱা সভা পাতি হাতে হাত ধৰি ফটো উঠিলেও দিল্লীত কংগ্ৰেছ আৰু আপৰ মাজত অধিক স্পষ্ট হৈ উঠিছিল নিৰ্বাচনী যুঁজ। বহু সমষ্টিত বিজেপিৰ সলনি আপ আৰু কংগ্ৰেছে নিজৰ মাজতেই তীব্ৰ বাক্যবাণ নিক্ষেপ কৰিছিল। আপৰ অৰবিন্দ কেজৰিৱালে মুকলিকৈ কৈছিল যে, দিল্লীত কংগ্ৰেছক কোনেও চিৰিয়াছলি নলয়। সেইখিনিতেই কিজানি ভুল কৰি দিছিল আপে!
যদিহে কংগ্ৰেছৰ সৈতে কিছু সমষ্টিত আপে বুজা পৰা কৰিলেহেতেন তেন্তে দিল্লী নিজৰ হাতত ৰাখিব পাৰিলেহেতেন আপে। দিল্লীত এনে ১৪টা সমষ্টি আছিল, যি কেইটা সমষ্টিত কংগ্ৰেছৰ বাবেই বিজেপিৰ বিৰুদ্ধে হাৰিল আপৰ প্ৰাৰ্থী। বাকী বাদেই, কংগ্ৰেছক চিৰিয়াছলি নোলোৱাৰ বাবেই অৰবিন্দ কেজৰিলৱালে নিজেই দেখিলে পৰাজয়ৰ মুখ।
নতুন দিল্লী সমষ্টিত আপৰ মুৰব্বী অৰবিন্দ কেজৰিৱাল হাৰিল। সমষ্টিটোত ৪,০৮৯টা ভোটত বিজেপিৰ প্ৰাৰ্থী প্ৰৱেশ বৰ্মাৰ বিৰুদ্ধে পৰাজয় বৰণ কৰিলে কেজৰিৱালে। এই সমষ্টিটোত কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীয়ে লাভ কৰিছিল ৪৬০০টা ভোট। যদিহে কংগ্ৰেছ-আপৰ মাজত সমষ্টিটোত বুজা পৰা থাকিলহেতেনে তেন্তে অৰবিন্দ কেজৰিৱাল জয়ী হোৱাৰ সম্ভাৱনা আছিল। কিন্তু আকোৰগোঁজ স্থিতিৰ বাবে সেয়া নহ'ল, তাৰ ফল পালে বিৰোধীয়ে।
বিজেপিয়ে দখল কৰা আন এটা সমষ্টি আছিল তিমাৰপুৰ। সমষ্টিটোত আপৰ প্ৰাৰ্থী সুৰেন্দৰ পাল সিঙক ১১৬৮টা ভোটত পৰাস্ত কৰিছিল বিজেপিৰ সূৰ্য প্ৰকাশ খ্যাতিয়ে। এই সমষ্টিটোত কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীয়ে পাইছিল ৮৩৬১টা ভোট। এই সমষ্টিটোতো বিৰোধী এক হোৱা হলে ফলাফল সলনি হোৱাৰ পূৰ্ণ সম্ভাৱনা আছিল।
বুজাপৰাৰ অভাৱৰ বাবে বিৰোধীৰ হাতৰ পৰা বিজেপিয়ে কাঢ়ি নিয়া আন এটা সমষ্টি হৈছে বাদলি। সমষ্টিটোত বিজেপিৰ প্ৰাৰ্থীগৰাকীগৰাকীয়ে আপৰ আশীষ যাদৱক ১৫,১৬৩টা ভোটত পৰাস্ত কৰিছিল। এই সমষ্টিটোত কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীয়ে লাভ কৰিছিল ৪১,০৭১টা ভোট। এই সমষ্টিটোতো সমীকৰণ একেবাৰে স্পষ্ট।
নাঙ্গলৈ সমষ্টিটোত বিজেপিৰ প্ৰাৰ্থীগৰাকীয়ে লাভ কৰিছিল ৭৫,২৭২টা ভোট। ইয়াৰ বিপৰীতে আপৰ প্ৰাৰ্থীগৰাকীয়ে লাভ কৰিছিল ৪৯,০২১টা ভোট। সমষ্টিটোত কংগ্ৰেছৰ প্ৰাৰ্থী ৰোহিত চৌধুৰীয়ে ৩২,০২৮টা ভোট লাভ কৰিছিল। আপৰ প্ৰাৰ্থীগৰাকীক বিজেপিৰ প্ৰাৰ্থীগৰাকীয়ে ২৬,২৫১টা ভোটত পৰাস্ত কৰিছিল। ইয়াতো সমীকৰণ সলনি হোৱাৰ স্থল নিশ্চিতভাৱে আছিল।
মাদিপুৰ সমষ্টিত বিজেপিৰ প্ৰাৰ্থীগৰাকী আপৰ প্ৰাৰ্থীগৰাকীক ১০,৮৯৯টা ভোটত পৰাস্ত কৰিছিল। সমষ্টিটোত কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীয়ে কাঢ়ি নিছিল ১৭,৯৫৮টা ভোট। ইয়াৰ বিপৰীতে ৰাজেন্দ্ৰনগৰ সমষ্টিত বিজেপি প্ৰাৰ্থীগৰাকী জয়ী হৈছিল মাত্ৰ ১২৩১টা ভোটত। এই সমষ্টিটোতো কংগ্ৰেছে লাভ কৰিছিল ৪হাজাৰৰো অধিক ভোট।
আপৰ জয়ৰ সম্ভাৱনা থকা আন এটা সমষ্টি হৈছে জাংপুৰা। সমষ্টিটোত প্ৰাৰ্থী আছিল খোদ মনীষ চিছোডিয়া। এই সমষ্টিটোত আপৰ প্ৰাৰ্থী মনীষ চিছডিয়াতকৈ বিজেপিৰ প্ৰাৰ্থীগৰাকীয়ে মাত্ৰ ৬৭৫টা ভোট বেছিকৈ লাভ কৰিছে। এই সমষ্টিটোতো কংগ্ৰেছৰ খাটালৈ গৈছিল ৭৩৫০টা ভোট। আনফালে কস্তুৰবা নগৰ সমষ্টিত ১১,০৪৮টা ভোটত জয়ী হৈছিল বিজেপি। তাৰ বিপৰীতে কংগ্ৰেছে লাভ কৰিছিল ১৯হাজাৰ ভোট।
মাল্যৱা নগৰ সমষ্টিত ২১৩১টা ভোটৰ ব্যৱধানত বিজেপিৰ প্ৰাৰ্থীৰ হাতত পৰাস্ত হৈছিল আপ। এই সমষ্টিটোত কংগ্ৰেছে লাভ কৰিছিল ৬৭৭০টা ভোট। মেহৰাওলি সমষ্টিটোতো একেই হৈছিল আপৰ সৈতে। বিজেপিৰ প্ৰাৰ্থীগৰাকীয়ে মাত্ৰ ১৭৮২টা ভোটত আপক পৰাস্ত কৰাৰ বিপৰীতে কংগ্ৰেছে লাভ কৰিছিল ১০হাজাৰ ভোট।
চত্তাৰপূৰ সমষ্টিত আপৰ পৰাজয় হৈছিল ৬২৩৯টা ভোটৰ বাবে। এই সমষ্টিটোত কংগ্ৰেছৰ ফালে গৈছিল ৭হাজাৰ ভোটাৰৰ ভোট। নেতৃত্বৰ ভুলৰ বাবেই জয় প্ৰায় চূড়ান্ত হৈ থকা এটা সমষ্টি হেৰুৱাইছিল আপে। সমষ্টিটো হৈছে সংগম বিহাৰ। এই সমষ্টিটোত মাত্ৰ ৩৪৪টা ভোটৰ বাবে হাৰিল আপৰ প্ৰাৰ্থী দিনেশ মোহন্যা। ইয়াৰ বিপৰীতে সমষ্টিটোত কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে টানি নিলে ১৫হাজাৰৰো অধিক ভোট।
গ্ৰেটাৰ কৈলাশ সমষ্টিটোতো সেই একেই দশা। আপৰ প্ৰাৰ্থীগৰাকী বিজেপিৰ হাতত ৩১৮৮টা ভোটত পৰাস্ত হোৱাৰ বিপৰীতে কংগ্ৰেছ লাভ কৰিছিল প্ৰায় ৭হাজাৰ ভোট। ত্ৰিলোকপূৰী সমষ্টিত মাত্ৰ ৩৯২টা ভোটৰ বাবে বিজয়ী হল বিজেপি। সমষ্টিটোত আপৰ প্ৰাৰ্থীগৰাকীয়ে লাভ কৰিছে ৬,১৪৭টা ভোট। আপ আৰু কংগ্ৰেছৰ নেতৃত্বৰ ভুল কিছু সিদ্ধান্তৰ বাবেই বিৰোধীৰ হাতৰ পৰা গুছি গৈছিল এই ১৪টা সমষ্টি।
বিৰোধীৰ ইণ্ডি মৰ্চাত কংগ্ৰেছ আৰু আপ দুয়োটা দলেই আছিল। কিন্তু দিল্লী নিৰ্বাচনৰ পূৰ্বে আপ এনেদৰে প্ৰচাৰত নামিল যেন বিজেপি নহয় তেওঁলোকৰ প্ৰধান শত্ৰু কংগ্ৰেছহে। কংগ্ৰেছেও সেই একেই কৰিলে। প্ৰচাৰ সভা সমূহত এটাই আনটো দলৰ ওপৰত ভিন্ন অভিযোগ উত্থাপন কৰিলে। সেই অভিযোগবোৰৰ সুযোগ ল'লে বিজেপিয়ে।
দিল্লীৰ ৰাজনীতিত সকলো সম্ভৱ আছিল। আপে নিজৰ হাততে দিল্লী ৰাখি থোৱাৰ বহু সম্ভাৱনা আছিল। কিন্তু কংগ্ৰেছ দিল্লীৰ ৰাজনীতিত কোনো গুৰুত্ব নাই বুলি কৰা উপলুঙাই যেন কাল হ'ল তেওঁৰ বাবে। দল বাদেই কংগ্ৰেছৰ ভোট বিভাজনৰ বাবেই কেজৰিৱাল নিজেও হাৰিল।
আপে দখল কৰা ২২খন আৰু কিছু চেষ্টা তথা সঠিক ৰণনীতিৰে আগবঢ়া হ'লে এই ১৪খন আসনৰ সৈতে মেজিক নম্বৰ দখল কৰিব পাৰিলেহেতেন বিৰোধীয়ে। কিন্তু অহংকাৰ আৰু 'মই বৰ' ভাৱত মত্ত হৈ থকা বিৰোধী নিজৰ মাজতে লাগি থকা দণ্ডৰ সুযোগ লৈ বিজেপিলে মেলিছিল ৰণচালি। এই ৰণত পৰিছিল কেজৰিৱাল আৰু হেৰুৱাইছিল ক্ষমতা...