বিকাশ শৰ্মাঃ বাতৰিৰ নিচা লগা মানুহজন...

বিকাশ শৰ্মাঃ বাতৰিৰ নিচা লগা মানুহজন...

মৃদুল কুমাৰ সন্দিকৈ

চন, তাৰিখ কি আছিল তেওঁ পাহৰিলে। কিন্তু সেইদিনাৰ কথাখিনি তেওঁৰ ভালদৰে মনত আছে। গৰমৰ এটা দুপৰীয়া। তেওঁ কৰ্মৰত কাকতখনৰ পৰা সম্পাদকে তেওঁক এটা এচাইন্টমেন্ট দিছিল।

এটা নিৰ্দিষ্ট দিনৰ বাবে এটা এক্সক্লুচিভ খবৰ লাগে। খবৰটো হব লাগে বোলছবি সম্পৰ্কীয়। কোনোবা পুৰণি অভিনেতা-অভিনেত্ৰীৰ খবৰ হ’লে ভাল বুলি সম্পাদকে কৈছিল। তেতিয়া তেওঁ অসমীয়া প্ৰতিদিন কাকতত কৰ্মৰত।

সেইদিনা তেওঁৰ সৈতে আছিল লক্ষণ শৰ্মা। বৃত্তিত তেওঁ গাড়ীৰ কনডাক্টৰ। শৰ্মাৰ সৈতে তেওঁ আছিল যদিও মনৰ ভিতৰত পাগুৰি আছিল কি বাতৰি কৰিব তেওঁ। মনলৈ অহা নাছিল সম্পাদকগৰাকীয়ে বিচৰা ধৰণে তেনে এটা খবৰ।

লক্ষণ শৰ্মাই তেওঁক তেওঁৰ চিন্তাক্লিষ্ট মুখখন দেখি সুধিছিল- কি ভাৱি আছে? শৰ্মাক তেওঁ কৈছিল সম্পাদকগৰাকীয়ে দিয়া দায়িত্বৰ কথা। লাইন বাছৰ কনডাক্টৰ লক্ষণ শৰ্মাৰ ঘৰ গোলাঘাটৰ কমাৰগাঁৱত।

শৰ্মাই তেওঁক এগৰাকী অভিনেত্ৰীৰ কথা কৈছিল- আমাৰ ঘৰৰ ওচৰৰ পানী দিহিঙিয়া গাঁৱত এগৰাকী অভিনেত্ৰী আছে। তেওঁ বোলে অসমীয়া চিনেমাৰ প্ৰথম হিৰোইন। নাম আইদেউ সন্দিকৈ।

এই খবৰটোৱে তেওঁৰ চিন্তাৰ যতি পেলাইছিল। তেওঁৰ গৃহ চহৰ গোলাঘাটৰ পৰা কমাৰগাওঁ ৩০কিঃমিটাৰৰো বেছি দূৰ। তেতিয়া পৰিবহন ব্যৱস্থাও আজিৰ দৰে সুচল নাছিল। পুৱাৰ ভাগত ৩খন মান গাড়ী কমাৰগাঁৱৰ পৰা গোলাঘাট নগৰলৈ আহে আৰু আবেলি ঘূৰি যায়।

তেওঁৰ জেপত আছিল মাত্ৰ টকা ১০টা। কি কৰো, কি নকৰো কৰি থাকোতে সেই ঠাই আহি ওলাইছিল গোলাঘাটৰ এগৰাকী প্ৰতিষ্ঠিত ব্যৱসায়ী অপূৰ্ব বল্লভ গোস্বামী। গোস্বামীয়েও প্ৰস্তাৱ দিলে তেওঁৰ গাড়ীৰে যোৱাৰ।

হাতত কেমেৰাটো আছিলেই। নোটবহী আৰু কলমটো থাকেই লগত। গুচি গ’ল তেওঁ সেই বাতৰিৰ সন্ধানত। ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা নামি একেবাৰে কাষতে তেওঁৰ ঘৰ।

এগৰাকী কম বয়সীয়া বোৱাৰীয়ে দুৱাৰখন খুলি দিলে। তেওঁ সুধিলে আইদেউ সন্দিকৈৰ কথা। সেই ঘৰটোৰ চৌহদৰে কিছু নিলগত এটা পজাঁঘৰ দেখুৱাই মানুহগৰাকীয়ে তাতেই লগ পাব বুলি কৈ ভিতৰলৈ সোমাই গ’ল।

সেই ঘৰটোতে তেওঁ লগ পালে আইদেউ সন্দিকৈক। এখন কাঠৰ বিচনাত এগৰাকী প্ৰোঢ় অভিনেত্ৰী। বগা ৰঙৰ কাপোৰযোৰ মলিয়ন হৈ পৰিছে, অৱশ্যে বগা তেজাল মুখখন তেতিয়াও জ্বিলিকি আছে।

ঘৰটোৰ চৌপাশলৈ তেওঁ চালে। চকীতো নায়েই, বহিবলৈ মূঢ়া এটাও নাই। মজিয়াখনলৈ চাওতে দেখিলে কেচুঁমূটাৰে ভৰি আছে। বিচনাৰ পৰা আইদেউ সন্দিকৈ উঠি আক্ষেপ কৰি ক’লে- কি আহিলা মোৰ ইয়ালৈ। বহিবলৈও ঠাই এ়ডোখৰ নাই...।

তাৰ পিছত তেওঁ সহজ কৰি ল’লে পৰিৱেশ। অবিৰত কৈ গ’ল আইদেউ সন্দিকৈয়ে। তেওঁৰ অভিনয় জীৱনৰ অভিজ্ঞতাৰ কথা। সেই ৰক্ষণশীল সমাজখনৰ পৰা কেনেদৰে তেওঁক সম্বন্ধীয় ককায়েক ডিম্বেশ্বৰ বৰগোহাঁয়ে জয়মতীত অভিনয় কৰিবলৈ নিছিল, সেই কাহিনীৰ সাক্ষী হ’ল তেওঁ।

লগত লৈ যোৱা নোট বহীখনত বহু কথা টুকি ল’লে। তাৰ পাছত ঘূৰি আহিল তেওঁ। দুদিন মানৰ পাছত সম্ভৱত অসমীয়া প্ৰতিদিন কাকতৰ প্ৰথম পৃষ্ঠাত প্ৰকাশ হ’ল এটা খবৰ। খবৰটোৰ লগত প্ৰকাশ কৰিলে আইদেউ সন্দিকৈৰ এখন আলোকচিত্ৰ। যিখন সেইদিনা তেওঁৰ কেমেৰাতে বন্দী হৈছিল।

খবৰটোৰ শিৰোনাম আছিল- এখন হুইলচেয়াৰৰ অপেক্ষাত অসমীয়া ছলচ্ছিত্ৰ জগতৰ প্ৰথমগৰাকী অভিনেত্ৰী আইদেউ সন্দিকৈ। ৰক্ষণশীল সমাজৰ এলান্ধুকলীয়া ৰীতি ভৰিৰে গচকি উত্তৰ পুৰুষৰ বাবে সম্ভাৱনাৰ বাট মুকলি কৰি যোৱা অভিনেত্ৰীগৰাকীৰ বিষয়ে প্ৰথমবাৰৰ বাবে সবিস্তাৰে এনে এক খবৰ প্ৰকাশ হৈছিল।

তাৰ পাছত আইদেউ সন্দিকৈৰ ঘৰত ভিৰ কৰিছিলগৈ বহু দল-সংগঠন, অভিনেতা-অভিনেত্ৰী আৰু নেতা-মন্ত্ৰীয়ে। জীৱনৰ বিয়লি বেলাত হ’লেও এই খবৰৰ বাবে আইদেউ সন্দিকৈয়ে কিছু সকাহ পাইছিল।

১৯৯৯চনৰ আন এক কাহিনী। সেই বছৰৰ কোনো এটা ৰাতিপুৱা তেওঁৰ ফোনটো বাজি উঠিছিল। এইবাৰো এটা ডাঙৰ এচাইন্টমেন্ট গুৱাহাটীৰ পৰা। আকৌ সম্পাদকৰ তাগিদা। যাব লাগে সোণালী ত্ৰিভূজৰ সন্ধানত ম্যানমাৰলৈ।

ম্যানমাৰৰ পৰাই ড্ৰাগছ সৰবৰাহ হয় অসমলৈ। লগত দুজন সহযোগী সাংবাদিক। আন এক বিচিত্ৰ অভিজ্ঞতাৰ সন্মুখীন হৈ ম্যানমাৰ সেনাৰ হাতত তেওঁ বন্দী হৈছিল। অপৰাধ আছিল ম্যানমাৰৰ পৰা তৰমুজৰ ভিতৰত অতি কৌশলেৰে অসমলৈ ড্ৰাগছ সৰবৰাহ কৰা আলোকচিত্ৰ তোলা।

এজন শিখ সম্প্ৰাদায়ৰ লোকৰ বাবে সেইবাৰ তেওঁ ৰক্ষা পৰিল। নহ’লে ম্যানমাৰৰ কাৰাগাৰত বন্দী হৈ থাকিব লগা হ’লহেঁতেন। ঘূৰি আহিল অসমলৈ । তাৰ পাছত কৰ্মৰত অসমীয়া প্ৰতিদিনত কেইবাখনো ধাৰাবাহিক প্ৰতিবেদন ওলাল। ড্ৰাগছ সম্পৰ্কীয় বিস্তৃত তথ্যৰে ভৰা আছিল সেই খবৰবোৰ। যত লিখা আছিল, ম্যনমাৰৰ পৰা বিকাশ শৰ্মা।

জ্যেষ্ঠ সাংবাদিক বিকাশ শৰ্মাৰ সাংবাদিকতা জীৱনৰ অভিজ্ঞতা এয়া। কিমান খবৰ তেওঁ কৰিছে, সেয়া হিচাপ কৰা নাই। কিন্তু সেই খবৰৰ সংখ্যাই হয়তো লাখৰ ঘৰ অতিক্ৰম কৰিছে কেতিয়াবাই।

এজন সক্ৰিয় আৰু তথ্যশীল অভিজ্ঞ সাংবাদিক হিচাপে তেওঁৰ সুনাম আছে। সাংবাদিকতাৰ উপৰিও সৃষ্টিশীল সাহিত্যৰে আন এক পৰিচয় তেওঁ গঢ়ি তুলিছিল। প্ৰথম মাহেকীয়া আলোচনীবোৰত গল্প লিখা বিকাশ শৰ্মাই পিছলৈ দুৰ্নীতিগ্ৰস্ত বহু বিষয়াৰ চকুৰ কূটা হৈ পৰা সাহসী সাংবাদিক বিকাশ শৰ্মা হৈ পৰিছিল।

গোলাঘাটৰ এখন গাওঁ কালুজান। সেই গাঁৱতে ১৯৬৬চনত জন্ম হৈছিল বিকাশ শৰ্মাৰ। পিতৃৰ নাম হেমকান্ত শৰ্মা আৰু মাতৃৰ নাম প্ৰয়াত ৰেণু দেৱী। ১৯৮৮চনত তেজপুৰৰ পৰা প্ৰকাশিত অগ্নিগড় আৰু সাদিনীয়া সংবাদৰ যোগেদি তেওঁ সংবাদক্ষেত্ৰত ভৰি থৈছিল।

প্ৰায় ৩৭বছৰ তেওঁৰ সাংবাদিকতাৰ ক্ষেত্ৰখনৰ সৈতে জড়িত। ১৯৯০চনত তেওঁ যোগদান কৰিছিল দৈনিক অসম কাকতত। সেই সময়ৰ অন্যতম এখন কাকত আজি অসমৰো তেওঁ আছিল গোলাঘাটৰ সংবাদদাতা।

১৯৯৫চনৰ কথা। তেওঁ আহিছিল গুৱাহাটীলৈ। নতুনকৈ প্ৰকাশ পাব লগা এখন দৈনিক কাকতৰ স্থানীয় সংবাদদাতা পদৰ বাবে সাক্ষাৎকাৰ দিবলৈ। আন কেইবাজনো লোকৰ সৈতে তেওঁক সেইদিনা সাক্ষাৎকাৰ লৈছিল পৰাগ দাসে। সুধিছিল- দৈনিক অসমৰ দৰে এখন কাকতত কাম কৰি থকাৰ পাছত এই নতুন কাকতখনত কিয় যোগ দিব বিচাৰিছা?

তেওঁ উত্তৰ দিছিল সাদিনৰ প্ৰসংগ আনি। সেই সময়ৰ আটাইতকৈ প্ৰভাৱশালী সাপ্তাহিক আছিল সাদিন। অসমৰ সংবাদজগতত নতুন ধাৰাৰ আৰম্ভণি ঘটাইছিল এই সাপ্তাহিকখনে। জাতীয়তাবাদৰ ধ্বজ্জা উৰুৱাই অসমৰ মৌলিক সমস্যাবোৰ দাঙি ধৰিছিল।

সেই সাদিন গোষ্ঠীৰ পৰাই প্ৰকাশ পাব লগা এই নতুন দৈনিক কাকতখনে সেই নতুন ধাৰাক আৰু অধিক গতিশীল কৰি জনতাৰ কন্ঠ হৈ পৰিব বুলি তেওঁ বিশ্বাসী আছিল। সেই আশাতেই এই নতুন কাকতখনত যোগদান কৰিবলৈ আগ্ৰহী বুলি সেইদিনা তেওঁক পৰাগ দাসক কৈছিল।

সাক্ষাৎকাৰ দি তেওঁ গোলাঘাটলৈ উভতি গল। এসপ্তাহ মানৰ পাছত সম্ভৱত তেওঁৰ হাতত পৰিছিলগৈ এখন চিঠি। সেই চিঠিখনেই তেওঁলৈ কঢ়িয়াই নিছিল এটা সুখবৰ। তেওঁক নিযুক্তি দিয়া হৈছিল অসমীয়া প্ৰতিদিনৰ স্থানীয় সংবাদদাতা ৰূপে।

তাৰ পাছত এই কাকতখনৰ তেওঁ এক এৰাব নোৱাৰা অংগ হৈ পৰে। বৰ্তমান তেওঁ অসমীয়া প্ৰতিদিন কাকতৰ গোলাঘাটৰ ষ্টাফ ৰিৰ্পটাৰ। আকাশবাণী গুৱাহাটী কেন্দ্ৰত প্ৰতিমাহে তেওঁ লিখিছিল গোলাঘাট জিলাৰ ৰেহ ৰূপ।

ৰাষ্ট্ৰীয় নিউজ চেনেল টাইমছ নাওৰ জৰিয়তে দুবছৰ তেওঁ গোলাঘাটৰ পৰা সংবাদসেৱা কৰিছিল। গোলাঘাটৰ ইলেক্টনিক মাধ্যমৰ তেওঁ আছিল প্ৰথমজন সাংবাদিক। গোলাঘাট জিলা সাংবাদিক সন্থাৰ তেওঁ সম্পাদক আৰু সভাপতিৰ দায়িত্ব লৈ নেতৃত্ব দিছিল। গোলাঘাট প্ৰেছ ক্লাৱৰো সভাপতি আছিল তেওঁ।

সংবাদজগতলৈ আগবঢ়োৱা বৰঙণিৰ বাবে তেওঁ বহু সন্মান লাভ কৰিছিল। শেহতীয়াকৈ ২০২৪বৰ্ষৰ কাজিৰঙা বঁটা তেওঁক দিয়া হৈছিল। দ্য চেন্টিনেল অনুসন্ধানমূলক সাংবাদিকতা বঁটা, আৰ এন বৰুৱা আৰু প্ৰতিভা বৰুৱা স্মাৰক বঁটা, দৈয়াং-ধনশিৰি ভেলী এৱাৰ্ড-২০১৭, গ্ৰাছ গ্ৰীণ এৱাৰ্ড-২০২৩, পৰাদ দাস সাংবাদিকতা বঁটা-২০২৩ আদি বহু সন্মানৰে সন্মানিত কৰা হৈছে তেওঁক।

এগৰাকী শিশু সাহিত্যিক হিচাপে তেওঁ সুপৰিচিত। নামবৰত ৰাজু, নিতু আৰু চন্দ্ৰ- তেওঁৰ এখন উল্লেখযোগ্য শিশু উপন্যাস। তেওঁৰ প্ৰকাশিত আনখন শিশু উপন্যাস- এখন যুদ্ধ হৈছিল। এই দুয়োখন উপন্যাসে অসম সাহিত্য সভাৰ দ্বাৰা আয়োজিত অসম ভিত্তিক শিশু উপন্যাস প্ৰতিযোগিতাত প্ৰথম পুৰস্কাৰ লাভ কৰিছিল।

বাতৰিৰ পিছত দৌৰি দৌৰি ভাগৰি নপৰা মানুহজন এতিয়া পিছে কিছু অসুস্থ। দেহাই নাটানিলেও মনৰ জোৰ তেওঁৰ সাংঘাটিক। চিকিৎসা চলি আছে, কিছু সুস্থও হৈছে। অৱশ্যে বিষৰ বাবে বিচনাখনেই আশ্ৰয়স্থল হৈ পৰিছে।

তথাপিও তেওঁ বাতৰিৰ পিছ এৰা নাই। প্ৰতিদিনাই তেওঁ পূৰ্বৰ দৰেই প্ৰস্তুত কৰে বিচনাৰ পৰাই খবৰ। দায়ৱদ্ধশীল সাংবাদিকতা তেওঁৰ নিচা হৈ পৰিছে। সময়ে অনা পৰিৱৰ্তন তেওঁ নীৰৱে লক্ষ্য কৰে। অনুভৱ কৰে পূৰ্বৰ দৰে সাংবাদিকতাত নাই আমেজ।

বহু সময়ত খবৰবোৰে বিশ্বাসহীনতাত ভুগে। খবৰৰ নামত মচলা মাৰে বহুতে। এইবোৰে তেওঁক দুখ দিয়ে। তথাপিও তেওঁ নিজক নিৰ্ভেজাল কৰি ৰাখিব খোজে। সেই ব্যতিক্ৰম খবৰবোৰ দি থাকিবলৈকে তেওঁ সুস্থ হৈ উঠক। আকৌ বাতৰিৰ পাছত দৌৰক...

বিকাশ শৰ্মাঃ বাতৰিৰ নিচা লগা মানুহজন...
লাগিলে খেতিয়েই নকৰো, ডাউকৰ সংসাৰ নাভাঙো...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in