ভাগৰ লগা সময়ত আদৰ বাঢ়িছে পুৰণি বিজেপিৰ!

सब्र का फल मीठा होता है- মন্ত্ৰিত্ব লাভ কৰি সাংবাদিকৰ আগত এনেদৰে প্ৰথমটো প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে প্ৰশান্ত ফুকনে। বিজেপিৰ অন্যতম এগৰাকী জ্যেষ্ঠ নেতা ফুকনে  সচাঁকৈয়ে ধৈৰ্যৰ ফল পালে।

New Update
বিশেষ লেখা

ডিম্পুল বৰগোহাঁই

Advertisment

सब्र का फल मीठा होता है- মন্ত্ৰিত্ব লাভ কৰি সাংবাদিকৰ আগত এনেদৰে প্ৰথমটো প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে প্ৰশান্ত ফুকনে। বিজেপিৰ অন্যতম এগৰাকী জ্যেষ্ঠ নেতা ফুকনে  সচাঁকৈয়ে ধৈৰ্যৰ ফল পালে। সক্ৰিয় ৰাজনীতিৰ শেষভাগত হ'লেও প্ৰশান্ত ফুকনক অৰ্পণ কৰা হ'ল মন্ত্ৰিত্বৰ দায়িত্ব।

এতিয়াৰ তুলনাত অসম তথা দেশত বিজেপিৰ বেয়া দিনতো ডিব্ৰুগড়ৰ পৰা জয়ী হৈ আহিছিল প্ৰশান্ত ফুকন। সেই সময়ত অসম বিধানসভাৰ ১২৬গৰাকী ভিতৰত বিজেপিৰ মাত্ৰ ১০জনহে বিধায়ক আছিল। তাৰ ভিতৰতে অন্যতম এজন বিধায়ক আছিল প্ৰশান্ত ফুকন। সেয়া ২০০৬চনৰ কথা।

২০০৬চনত প্ৰশান্ত ফুকন ডিব্ৰুগড় সমষ্টিত ৩৫.৬৫শতাংশ ভোট লাভ কৰি জয়ী হৈছিল। তেওঁৰ সৈতে সেই নিৰ্বাচনত বিধানসভালৈ জয়ী হৈ আহিছিল বিহালীৰ পৰা ৰঞ্জিত দত্ত, ধলাইৰ পৰা পৰিমল শুক্লবৈদ্য,ৰাতাবাৰীৰ পৰা চম্ভুসিং মাল্লা।

সেই নিৰ্বাচনতে বিজেপিৰ টিকটত জয়ী হৈ আহিছিল বৰখলাৰ পৰা ৰুমী নাথ, ৰঙাপাৰাৰ পৰা অভিজিত হাজৰিকা, দুলীয়াজানৰ পৰা ৰামেশ্বৰ তেলী, লামডিঙৰ পৰা সুচীল দত্ত, পাথাৰকান্দিৰ পৰা কাৰ্তিক সেন সিনহা আৰু উত্তৰ কৰিমগঞ্জৰ পৰা মিছন ৰঞ্জন দাস।

২০০৬চনত বিধায়ক হোৱা বহুজন পিছৰ নিৰ্বাচনত পৰাজিত হল। কিন্তু ডিব্ৰুগড়ৰ প্ৰশান্ত ফুকন আৰু শেহতীয়াকৈ সাংসদ হোৱা পৰিমল শুক্লবৈদ্যৰ জয়ক কোনেও ৰুদ্ধ কৰিব নোৱাৰিলে। একেলগে বিধায়ক হোৱা পৰিমল শুক্লবৈদ্যক দুবাৰকৈ অসম মন্ত্ৰীসভাৰ গুৰু দায়িত্ব দিয়া হৈছিল যদিও বঞ্চিত হৈ ৰৈছিল প্ৰশান্ত ফুকন।

২০১৬চনত সৰ্বানন্দ সোণোৱালে এবাৰ  মন্ত্ৰীসভা সম্প্ৰাসৰণ কৰোতে প্ৰশান্ত ফুকনে মন্ত্ৰিত্ব পাব বুলি চৰ্চা হৈছিল যদিও সময়ত সেয়া মিছা হল।  সেই সময়ত কিছু অসন্তুষ্টিও প্ৰকাশ কৰিছিল ফুকনে। কিন্তু পিছৰ পৰ্যায়ৰ পুনৰ একে উদ্যম আৰু স্বভাৱ সুলভভাৱে দলৰ হৈ কাম কৰি গৈছিল।

২০১৬চনত পৰা বঞ্চিত হোৱাৰ পাছত মন্ত্ৰিত্বক লৈ বৰ বেছি গুৰুত্ব দিয়া দেখা নগৈছিল ফুকনক। অৱশ্যে মাজে-সময়ে সাংবাদিকৰ আগত মন্ত্ৰিত্ব লাভৰ কিছু কথা কৈ বিৰ্তকৰ সূচনা নকৰাও নহয়। শেহতীয়াকৈ হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনে তেওঁ কেবিনেট মৰ্যদাও প্ৰদান কৰিছিল। তাৰ পিছতো যেন ৭০বছৰীয়া ফুকনৰ কিছু আশা ৰৈ গৈছিল।

সেই আশাই বাস্তৱ ৰূপ পালে ৫ডিচেম্বৰ, ২০২৪ত। দিল্লী নহয়, মহাৰাষ্ট্ৰ পৰা আহিল সেই ভাল খবৰটো। অন্য চাৰি বিধায়কৰ লগতে প্ৰশান্ত ফুকনকো দলীয় শীৰ্ষ নেতৃত্বই প্ৰদান কৰিলে মন্ত্ৰিত্ব। প্ৰশান্ত ফুকনে মন্ত্ৰিত্ব পাব বুলি কোনেও ভাৱি থকা নাছিল। কিন্তু এইখন চৰকাৰ অন্ত পৰিবলৈ ডেৰ বছৰ বাকী থকা সময়তে প্ৰশান্ত ফুকনৰ বহু দশকৰ এটা সপোন সচাঁ হল।

২০০৬, ২০১১, ২০১৬ আৰু ২০২১ত ধাৰাবাৰিকভাৱে বিজেপিৰ পৰা  ডিব্ৰুগড়ত জিকি আহিছে প্ৰশান্ত ফুকন। ৭০বছৰীয়া ফুকনে কংগ্ৰেছৰ শাসন কালত ব্যতিক্ৰমী ধৰণে প্ৰতিবাদ কৰি চৰ্চালৈ আহিছিল। এসময়ত বিধানসভাৰ বাহিৰে ভিতৰে কংগ্ৰেছ চৰকাৰ অকলেই তীব্ৰ বিৰোধিতা কৰিছিল ফুকনে।

সময় সলনি হৈছিল। যাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছিল, সেই সকলৰ লগতেই একেলগে কাম কৰাৰ সময় আহিছিল। পুৰণি হলেও নতুনক আদৰি সমিলমিলেৰে ফুকনে কাম কৰি যোৱাৰ পুৰস্কাৰ পালেও বুলিও বহুতে কব খোজে। অৱশ্যে ফুকনৰ এই চৰিত্ৰক বহুতে সুবিধাবাদী বুলিও অভিধা দিব খোজে।

সেয়া যি কি নহলেও, বৰ্তমানৰ বিজেপি চৰকাৰখনত অন্যতম এগৰাকী পুৰণি নেতাই মন্ত্ৰিত্ব পালে। পৰিমল শুক্লবৈদ্যৰ অনুপস্থিতিত প্ৰশান্ত ফুকনে মন্ত্ৰিত্ব পোৱাক লৈ বহু পুৰণি বিজেপি নেতাই সন্তুষ্টি ব্যক্ত কৰিছে। মন্ত্ৰিত্ব পাই প্ৰশান্ত ফুকনেও কলে- এতিয়া ভাগৰাৰ সময় নাই। আগতকৈ দুৰন্ত গতিৰেহে কৰিম কাম।

কেৱল প্ৰশান্ত ফুকনেই নহয়। ধৈৰ্য ধৰি ৰাজনীতিৰ পথাৰখনত সক্ৰিয় হৈ থকা প্ৰায়বোৰ নেতাক শেহতীয়াকৈ বিজেপিয়ে পুৰস্কাৰ দিয়াৰ পৰ্ব আৰম্ভ কৰিছে। সেয়া লাগিলে শেহতীয়াকৈ ৰাজ্যপাল হোৱা ৰমেন ডেকাই হওঁক নাইবা ৰাজ্যসভালৈ নিৰ্বাচিত হোৱা পুৰণি নেতা মিছন ৰঞ্জন দাসেই হওঁক। পুৰণি নেতাক যোগ্য স্থান দিয়াৰ এক পৰম্পৰা আৰম্ভ কৰিছে বিজেপিয়ে।

ইয়াৰ বিপৰীতে শেহতীয়াকৈ মহাৰাষ্ট্ৰতো ত্যাগ আৰু ধৈৰ্যৰ পুৰস্কাৰ দিলে দেবেন্দ্ৰ ফাড়নবিছক। দলৰ স্বাৰ্থত বেয়া দিনত ক্ষমতা এৰি দিয়া নেতা দেবেন্দ্ৰ ফাড়নৱিছক পুনৰ মুখ্যমন্ত্ৰী আসনত বহুৱাই বহু বিসম্বাদী নেতালৈ এক সবল বাৰ্তাও দিলে বিজেপিয়ে।

অসম বিজেপিৰ ক্ষেত্ৰত সততে পুৰণিক বঞ্চিত কৰোৱাৰ অভিযোগ খণ্ডন কৰাবলৈকে হয়তো এই নতুন ৰণনীতি দলৰ শীৰ্ষ নেতৃত্বৰ। শেহতীয়াকৈ পুৰণি বহুকেইগৰাকী নেতাক যোগ্য স্থানত সংস্থাপিত কৰি ২০২৬ৰ পূৰ্বে দলৰ মাজতে থকা ন-পুৰণিৰ বিভাজন নিঃশেষ কৰাৰ পৰিকল্পনাও হয়তো বিজেপিয়ে নকৰা নহয়...

 

 

 

বিজেপি