মৃদুল কুমাৰ সন্দিকৈ
কাৰোবাক সমালোচনা কৰা ভাষা ৰুচিশীল হোৱাতো প্ৰয়োজন। দায়িত্বশীল লোকসকল এই ক্ষেত্ৰত অধিক সংবেদনশীল আৰু সচেতন হ’ব লাগে। অখিল গগৈ কেৱল এজন বিধায়কেই নহয়। অসমৰ শেহতীয়া সংগ্ৰামী ইতিহাসৰ এজন নায়ক।
বিভিন্ন সময়ত চৰ্চাত থাকে শৃংখল চলিহা। প্ৰায় তিনিটা প্ৰজন্ম জাতি-মাটিৰ হকে মাত মাতি অহা এক পৰিয়ালক প্ৰতিনিধিত্ব কৰে তেওঁ। পৰাগধৰ চলিহাৰ পৰা ৰুমু চলিহাৰ লৈকে জাতীয়তাবাদৰ ধ্বজ্জা বহন কৰা সত্তা এতিয়া শৃংখলৰ গাত।
শৃংখল চলিহাৰ সকলো কথা সমৰ্থন কৰিব নোৱাৰি। আদৰ্শগত সংঘাত শৃংখলৰ সৈতে থাকিব পাৰে। কিন্তু তেওঁ জাতি প্ৰেমক নুই কৰিব নোৱাৰি। সংকটৰ সময়ত শৃংখলৰ আহ্বান আৰু ভূমিকা মানুহে ইতিবাচক আৰু নেতিবাচক দুই দৃষ্টিৰে মূল্যায়ন কৰে।
শৃংখল চলিহা কেৱল এটা সৰু ল’ৰা নহয়। এক প্ৰতিবাদী প্ৰতীক হৈ পৰা শৃংখলৰ বিৰুদ্ধে বহু অভিযোগো আছে। সেই অভিযোগৰ সত্যতা আৰু মান্যতা কোনো এক দৃষ্টিভংগীৰে বিচাৰ কৰিলে নহ’ব।
অখিল গগৈৰ বিৰুদ্ধেও এনে অপ্ৰচাৰ চলে। বিভিন্ন সময়ত তেওঁৰ স্থিতিক লৈ মানুহৰ মাজত সন্দেহৰ অৱকাশৰ সৃষ্টি হয়। তাৰপাছতো অখিল গগৈক যেনেদৰে নুই কৰিব নোৱাৰি, একেদৰেই শৃংখল চলিহাকো আওকাণ কৰি চলিব নোৱাৰি।
২০২১ৰ নিৰ্বাচনৰ সময়ত অখিল গগৈক জয়ী কৰাবলৈ শিৱসাগৰত শৃংখল চলিহা আৰু তেওঁৰ সংগী সকলে লোৱা ভূমিকা মন কৰিব লগা আছিল। পৰৱৰ্তীসময়ত সেই সম্পৰ্ক সংঘাতলৈ ৰূপান্তৰ হ’ল।
দুয়োজনে দুয়োৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ উঠে। বিভিন্ন প্ৰসংগ উত্থাপনেৰে তৰ্ক যুদ্ধত লিপ্ত হয়। এই সংঘাতৰ ফলত জাতীয়তাবাদৰ বিপৰীতে থকা শক্তিবোৰ লাভাৱম্বিত হয়। নিজৰ মাজত এনে সংঘাতে সেই শক্তিবোৰক সৰ্তক আৰু সাৱধান কৰি দিয়া শৃংখল, অখিল দুয়োকেই দুৰ্বল কৰে।
২০২৬ৰ নিৰ্বাচনত শিৱসাগৰৰ প্ৰাৰ্থী হ’ব পাৰে শৃংখল। এনে খবৰ বিভিন্ন সময়ত শুনিবলৈ পোৱা যায়। শৃংখল চলিহা প্ৰাৰ্থী হলে সেই সমষ্টিটোত অখিল গগৈৰ জয়ৰ সম্ভাৱনা বহুখিনি হ্ৰাস পাব। সেয়ে হয়তো অখিল গগৈয়ে নিবিচাৰে শিৱসাগৰ তথা ৰাজ্যজুৰি শৃংখল চলিহাৰ প্ৰাংসগিকতা থাকক।
এইবোৰ মৌলিক আৰু ৰাজনৈতিক কাৰণতে দুয়োৰ মাজত সংঘাত তুংগত উঠে বুলি বহুতে ভাৱে। তেনে সংঘাতৰ পৰিণাম যে শুভকাৰক নহয়, সেই কথা দুয়ো নবুজিলে আনে বুজি লাভ নাই।
শৃংখল চলিহাক অপ্ৰাসংগিক কৰা এক বৌদ্ধিক কচৰত প্ৰায়ে অখিল গগৈয়ে কৰা দেখা যায়। তাৰ বিপৰীতে অখিল গগৈৰ সমালোচনাত মুখৰ হৈ শৃংখল চলিহাইও তেওঁৰ ৰাজনীতিৰ বাটত হেঙাৰ হোৱাৰ চেষ্টা কৰে। এই সকলোবোৰ আচৰণত কেতিয়াবা কোনোজনে লক্ষ্মণ ৰেখা অতিক্ৰম কৰিলে সেয়া দৃষ্টিকটূ হৈ পৰে।
শৃংখল চলিহাৰ প্ৰসংগত অখিল গগৈয়ে শেহতীয়াকৈ এক মন্তব্য কৰিছে। শৃংখলক মদ, ভাঙৰ লগতে ড্ৰাগছ আসক্ত বুলি অভিযোগ তুলিছে শিৱসাগৰৰ বিধায়কগৰাকীয়ে। সেইবোৰ ত্যাগ কৰাৰ পাছতহে তেওঁ বক্তব্যৰ প্ৰত্যুত্তৰ দিব বুলি অখিল গগৈয়ে সাংবাদিকৰ সন্মুখত কৰা মন্তব্যক লৈ ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
অখিল গগৈৰ যেনেদৰে বিভিন্ন প্ৰান্তত সমৰ্থক আছে, শৃংখল চলিহাৰো আছে অনুৰূপ ফেন ফলৱাৰ্ছ। এই মন্তব্যৰ বাবে অখিল গগৈয়ে ক্ষমা নিবিচাৰিলে কোনো কোনো জিলাত তেওঁ প্ৰৱেশ নিষিদ্ধ কৰা হ’ব বুলি হুংকাৰ আহিছে।
শিৱসাগৰ জিলাতে শৃংখল চলিহাৰ সমৰ্থকে প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছে। অখিল গগৈৰ প্ৰতিকৃতি জ্বলোৱাৰ দৰে কঠোৰ প্ৰদক্ষেপ লৈছে সমৰ্থকসকলে। সেই প্ৰতিবাদ আৰু সংগ্ৰাম থলুৱা জাতি-জনগোষ্ঠীৰ স্বঅধিকাৰৰ বাবে হব লাগিছিল যদিও এতিয়া নিজৰ মাজতে ভাতৃকেন্দ্ৰিক সংঘাত গঢ় লৈ উঠিছে।
অসমৰ ৰাইজে জানো সেয়া বিচাৰে! সংযমশীল আচৰণ অখিল, শৃংখল দুয়োজনৰ পৰাই মানুহে আশা কৰে। ভিন্ন দৃষ্টিত দুয়ো ভিন্ন বিষয়ত প্ৰাসংগিক। এনেবোৰ সংঘাতে তৃতীয় পক্ষক উৎসাহিত কৰি তোলে।
কাৰোবাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰোতে সেই অভিযোগৰ সত্য-সত্যতা আৰু বিশ্বাসযোগ্য তথ্যৰ প্ৰয়োজন। কিছুদিনৰ পূৰ্বে শিৱসাগৰত কেইবাজনো ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰা হৈছিল। গ্ৰেপ্তাৰ কৰা সকলৰ মাজত আছিল ৰাইজৰ দলৰ শিৱসাগৰৰ এজন কৰ্মকতা।
শৃংখলক ড্ৰাগছ সেৱনকাৰী বুলি সামাজিকভাৱে লঘু কৰা অখিল গগৈৰ বিৰুদ্ধে ৰাইজৰ দলৰ এই কৰ্মকতাজনক টানি আনি শৃংখল চলিহাইও অনুৰূপ অভিযোগ কৰিব পাৰে। শিৱসাগৰত ৰাইজৰ দলৰ কৰ্মকতাৰ জৰিয়তে অখিল গগৈয়ে ড্ৰাগছৰ বেহা মেলা বুলি অভিযোগ কৰিলেই জানো আমি মানি ল’ব পাৰিম?
যিদৰে শৃংখল চলিহাই ড্ৰাগছ সেৱন কৰা বুলি অখিল গগৈয়ে কৰা ৰাজহুৱা মন্তব্য বিশ্বাস কৰিব নোৱাৰি। নিজৰ ৰাজনৈতিক আৰু ব্যক্তিগত স্বাৰ্থ এৰি এক সামাজিক দায়ৱদ্ধতাৰে দুয়োজনেই নিজ ক্ষেত্ৰত আগবাঢ়ি যোৱা উচিত।
অখিল শৃংখলৰ এই সংঘাতে জাতিটোক ক্ষতি কৰিব। মানুহৰ মাজত তেওঁলোকৰ গ্ৰহণযোগ্যতাক লৈ প্ৰশ্ন তুলিব। তাৰ বিপৰীতে এই সংঘাতৰ সুযোগ লৈ অগ্ৰাসী শক্তিবোৰে আমাৰ ওপৰত কৰ্তৃত্ব চলাবলৈ আৰু আখৈ পাব...