ৰাজনীতিত কেজৰিৱালো বতৰৰ ফুঁল...

ৰাজধানী দিল্লীত পতন হল কেজৰিৱালৰ। ২৭বছৰৰ পাছত দিল্লীত পুনৰ ফুলিঁল পদুম। নিৰ্বাচনৰ পূৰ্বে এগজিট পল বোৰত যি ধাৰণা কৰা হৈছিল সেয়াই ‘একজেক্ট ফলাফল’লৈ ৰূপান্তৰ হল।

author-image
Asomiya Pratidin
New Update
দিল্লী গল

দিল্লী গ'ল

মৃদুল কুমাৰ সন্দিকৈ

Advertisment

ৰাজধানী দিল্লীত পতন হ'ল কেজৰিৱালৰ। ২৭বছৰৰ পাছত দিল্লীত পুনৰ ফুলিঁল পদুম। নিৰ্বাচনৰ পূৰ্বে এগজিট পল বোৰত যি ধাৰণা কৰা হৈছিল সেয়াই একজেক্ট ফলাফল’লৈ ৰূপান্তৰ হ'ল।

দিল্লীৰ এই নিৰ্বাচনী ফলাফলে দেশৰ ৰাজনীতিৰ বাবে বহু ইংগিত বহন কৰিছে। অৰবিন্দ কেজৰিৱালৰ ৰাজনৈতিক জন্ম প্ৰেক্ষাপট ৰচনা কৰিছিল আন্না হাজাৰেয়ে। দুৰ্নীতি বিৰোধী আৰু জন লোকপালৰ দাবীত আন্নাই আৰম্ভ কৰা আন্দোলনৰ মুখ্য সেনাপতি আছিল অৰবিন্দ কেজৰিৱাল।

কিৰন বেদীকে ধৰি প্ৰশান্ত ভূষণৰ দৰে নেতা আন্নাৰ কাষত থাকিলেও আন্নাই বিশ্বস্ত সংগীৰূপে কেজৰিৱালকেই নিৰ্বাচন কৰিছিল। সেই আন্দোলনেই কংগ্ৰেছৰ ক্ষমতাৰ চকী লৰাই পেলাইছিল। সেই সময়ত বিৰোধীৰ আসনত থকা বিজেপিয়ে পৰৱৰ্তীসময়ত পৰোক্ষ, প্ৰত্যক্ষভাৱে আন্নাৰ দুৰ্নীতিবিৰোধী আন্দোলনক ভেটিঁ ৰূপে লৈ ক্ষমতালৈ আহিছিল।

প্ৰত্যক্ষ ৰাজনীতিত যোগদান কৰাৰ কথা নাভাৱি আন্না ৰৈ গৈছিল নিজৰ ঠাইত। কিন্তু আন্নাক বিশ্বাসঘাটক কৰি ইউ টাৰ্ণ লৈছিল কেজৰিৱালে। ক্ষমতাৰ সোৱাদ পাইছিল দিল্লীত। ঘোষণা কৰিছিল বিনামূলীয়া বহু আঁচনিৰ। সেই আঁচনিবোৰে দিল্লীবাসীক প্ৰথম আকৰ্ষিত কৰিলেও সেই আঁচনিবোৰৰ  প্ৰভাৱৰ ম্যাদ দীৰ্ঘস্থায়ী নাছিল।

সেয়েহে হয়তো আজি এদিন নায়ক হৈ ৰাজনীতিত ভৰি থোৱা কেজৰিৱাল খলনায়ক হৈ ৰাজনীতিত স্খলনৰ সাক্ষী হব লগা হৈছে। দিল্লীক পৰিৱৰ্তন কৰি দেশত আদৰ্শৰ ৰাজনীতিৰ বুনিয়াদ গঢ়িব খোজা কেজৰিৱাল আৰু তেওঁৰ সতীৰ্থৰ জেইল যাত্ৰাই বিজেপিৰ এই উভতনিৰ বাট মুকলি কৰিলে।

ৰাজনীতিৰ এই খেলত বিজেপিৰ হাতত অৰবিন্দ কেজৰিৱাল, মনীষ ছিচোডিয়া হতৰ পৰাজয়ৰ বুনিয়াদ কেতিয়াবাই ৰচা হৈছিল। জেইলত থকাৰ পাছতো ক্ষমতাৰ বাঘজৰী এৰি দিব নোখোজা কেজৰিৱালে বহু ভুল ৰাজনৈতিক সিদ্ধান্তৰে তেওঁ আৰু নিজৰ দলৰ পৰাজয় কাহিনী নিজে লিখিছিল।

বিজেপিয়ে সেইবোৰকে সম্বল কৰি দিল্লীত যুঁজ দিছিল।  আপৰ আত্মবিশ্বাস আৰু অগ্ৰাসী মনোভাৱে বিৰোধী সন্মিলিত শক্তিৰ ধাৰণাকে থানবান কৰি পৰোক্ষভাৱে বিজেপিক সহায় কৰি গৈছিল। শেহতীয়া লোকসভা নিৰ্বাচনত আপৰ এই অহংকাৰ আৰু কেইবাখনো ৰাজ্যৰ বিধানসভা নিৰ্বাচনত আপৰ ভূমিকাই ইতিমধ্যে বিৰোধীৰ সন্দৰ্ভত বহু দিশ উন্মোচন কৰিছে।

দিল্লীত উমৈহতীয়া যুঁজৰ কথা ভাৱিবলৈকে অৱকাশ নিদিলে আপে। কেজৰিৱালৰ পাছত মুখ্যমন্ত্ৰীৰ দায়িত্ব লোৱা আতিশী মাৰ্লেনাৰ বহু মন্তব্যত ৰাজনৈতিক পৰিপক্কতাৰ অভাৱ ঘটিল। দিল্লীত ৩বাৰকৈ মুখ্যমন্ত্ৰী হোৱা কেজৰিৱালে নিজৰ বিশ্বস্ত সংগীসকলকেই সন্তুষ্ট কৰি নিজৰ লগত ৰাখিব নোৱাৰিলে।

মোডী আৰু কেজৰিৱালৰ মাজত বৰ বিশেষ পাৰ্থক্য নাই। প্ৰচাৰৰ ৰজা দুয়ো। এজনে দেখুৱাই ভাল পায়, আনজনে একো নাই বুলি এক সাধাৰণ জীৱনক তুলি ধৰিবলৈ গৈ প্ৰচাৰমুখীসকলৰ ওচৰত নিজকে ধৰা দিয়ে। এইবোৰ কথা বুজিবলৈ মানুহক কিছু সময়ৰ প্ৰয়োজন হয়। কিন্তু মানুহে বুজি নোপোৱাকৈ নাথাকে।

দিল্লী সুৰা নীতিৰ সন্দৰ্ভত ৰাজনীতি হৈছে। কিন্তু সেই সুৰা নীতিৰে কেজৰিৱালে যি মুনাফা লুটিবলৈ চেষ্টা কৰিছিল সেয়া খোলোছা হৈ পৰিল। দিল্লীৰ অটোৱালাসকল আপৰ সৈতে আছিল। সেই অটোৱালাসকলে কেজৰিৱালক সন্মুখত থৈয়ে বহু সপোন দেখিছিল।

সাৰ পাই তেওঁলোকেও বুজি উঠিছিল সপোন আৰু বাস্তৱ একে নহয়। ৰাজনীতিত সকলোৱে মুখা পিন্ধি থাকে। সেই মুখা খোল খালেই উত্থান-পতনৰ খেলখন সম্পূৰ্ণ সলনি হৈ পৰে। কেজৰিৱালে আম আদমী পাৰ্টিক বিৰোধীৰূপে প্ৰক্ষেপ কৰাৰ সলনি এনে এক সুবিধাজনক স্থানত দলটোক আৰু নিজক অৱস্থান কৰায়, যত কেৱল প্ৰধান লক্ষ্য ৰাজনৈতিক মুনাফা।

আজি কেজৰিৱালৰ দিল্লীত পতনে আপৰ ভৱিষ্যতক লৈও প্ৰশ্ন উত্থাপন কৰিব। বিজেপিয়ে এই জয়ৰ পাছত নিসন্দেহে স্বতিৰ নিশ্বাস এৰিছে। বিজেপি জয়জয়কাৰ হৈ থকাৰ সময়তো দিল্লীত কেজৰিৱাল বা আপৰ দুৰ্গত প্ৰৱেশ কৰিব পৰা নাছিল দলটো। কিন্তু প্ৰতিষ্ঠানবিৰোধী ঢৌঁ, কেজৰিৱালকেন্দ্ৰিক অত্যাধিক আপৰ প্ৰচাৰে বিজেপিক সহায় কৰিলে।

জনতাৰ ৰায় আপে মানি ল'বই লাগিব। কংগ্ৰেছেও মানি লব লাগিব যে, এই দলটোৰ ম্যাদ খোদ ৰাজধানী চহৰতে শেষ হৈ আহিছে। এতিয়া ৰাজনীতি আগৰ দৰে নহয়। সাম্প্ৰদায়িকতাৰ এই খেলখন খেলিবলৈ বিজেপিয়ে যি কৌশল অৱলম্বন কৰে সেই কৌশলত মানুহ মোহবন্দী।

আপ গল, বিজেপি আহিল। এতিয়া বিৰোধী ৰাজনৈতিক শক্তিয়ে আপক আওকাণ কৰি পৰৱৰ্তী ৰাজনৈতিক ৰণকৌশল তৈয়াৰ কৰিবলৈ পোৱা পৰিৱেশকে এই ফলাফলৰ সুফল বুলি গণ্য কৰিব লাগিব। কিয়নো আপাত দৃষ্টিত দিল্লীত ভেঁটি উচন হল কংগ্ৰেছৰো। ৰাহুল-প্ৰিয়ংকা কাৰোৰেই যাদু চলা নাই নিৰ্বাচনত।

বিৰোধীয়ে ইচ্ছ্যু কৰিব পৰা বিষয়সমূহ শাসকীয় বিজেপিয়ে হৰলুকি কৰি পেলায়। আমেৰিকাৰ পৰা ভৰি-হাতে শিকলি বান্ধি ট্ৰাম্পে ভাৰতীয়ক উভতাই পঠোৱা পাছতো বিৰোধীয়ে এনে কাণ্ডত মোডীৰ বিফলতা ৰূপত তুলি ধৰিব নোৱাৰাতো বিৰোধীৰ দুৰ্বলতাৰ অন্যতম উদাহৰণ।

ইলেক্টৰেল বণ্ডকো চতুৰ বিজেপিক কেজৰিৱাল, প্ৰিয়ংকা আৰু ৰাহুলে জবাবদিহিয়েই কৰিব নোৱাৰিলে। কেজৰিৱাল আহিছিল প্ৰতিশ্ৰুতি লৈ। কেজৰিৱাল যাব লগা হল অপবাদ লৈ। আকৌ দিল্লীত নতুন শাসন হব। কেজৰিৱালৰ ভাষণ-শ্লোগানবোৰ অতীত হৈ পৰিব। কোনোমতে আতিশী বিধানসভালৈ যাব পৰা সুযোগ থাকিলেও দিল্লী বিধানসভাৰ দুৱাৰ কেজৰিৱাল-ছিচোডিয়াহতৰ বাবে বন্ধ হৈ গল ৫বছৰৰ কাৰনে! 

অৰবিন্দ কেজৰিৱাল