মৃদুল কুমাৰ সন্দিকৈ
অসমীয়াত এষাৰ কথা আছে- হাতত নাই ধন, বৰসৱাহলৈ মন। এতিয়াও ঠিক ৰঙালী বিহুৰ বতৰত বিহু অনুষ্ঠান আয়োজনৰ নামত একাংশ উদ্যোক্তাৰ অৱস্থা এনে হৈছে। ব্যাপক প্ৰচাৰেৰে বিহু সন্মিলন আয়োজন কৰে, নাম-দামী শিল্পীক অনুষ্ঠান পৰিৱেশনৰ বাবে মাতে। শেষত চুক্তি অনুসৰি ধন দিব নোৱাৰাৰ বাবে অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হয়।
বিহু অনুষ্ঠান আয়োজন কৰাৰ এক প্ৰতিযোগিতা চলিছে চৌদিশে। দুই চাৰিজনে মিলি সিদ্ধান্ত লৈ পেলাই বিহু পতাৰ। ক’ৰ পৰা এই অনুষ্ঠানৰ বাবে ধন আহিব আৰু কেনেকৈ এই অনুষ্ঠানসমূহ পৰিচালিত হ’ব, তাৰ কোনো পৰিকল্পনা নাথাকে।
ইয়াকে লৈ বিহু কমিটি আৰু শিল্পীৰ মাজত সংঘাত, ভুল বুজাবুজিৰ সৃষ্টি হয়। শিল্পীসকলৰ দৃষ্টিকোণেৰে তেওঁলোকে গ্ৰহণ কৰা সিদ্ধান্ত ভুল বুলিব নোৱাৰি। এখন কমিটিয়ে তেওঁলোকক নিমন্ত্ৰণ জনায়। কিমান ধন দিব তাৰ প্ৰতিশ্ৰুতি দিয়ে।
সেই প্ৰতিশ্ৰুতি দুয়ো পক্ষৰ মাজত লিখিত বা মৌখিক ভাৱে সম্পাদিত হোৱাৰ পাছত এজন শিল্পীয়ে তেওঁলোকৰ বাদ্যযন্ত্ৰী, চাউণ্ড চিষ্টেম আৰু অন্যান্য ব্যয় বহন কৰি এটা অনুষ্ঠান পৰিৱেশনৰ বাবে যায়।
কিন্তু সেই অনুষ্ঠানস্থলীত উপস্থিত হোৱাৰ পাছত দিবলগা ধন উদ্যোক্তাসকলে নিদিলে তেওঁলোকৰ বৰ বিমোৰত পৰে। শিল্পীসকলে কেতিয়াও তেওঁলোকক নিমন্ত্ৰণ কৰিবলৈ জোৰ নকৰে। এয়া এখন বিহু আয়োজক কমিটিৰ নিজস্বভাৱে লোৱা সিদ্ধান্ত।
অতি শেহতীয়াকৈ মাজুলীত অনুষ্ঠান পৰিৱেশন কৰিবলৈ অভিজ্ঞতা সুখকৰ নহ’ল শিল্পী মানস ৰবীনৰ। প্ৰতিশ্ৰুতি অনুসৰি, মাজুলীৰ আউনীআটী সত্ৰৰ মণিকাঞ্চন ৰঙ্গক্ষেত্ৰত সময়মতে উপস্থিত হৈছিলগৈ শিল্পীগৰাকী।
১৪মে’, ২০২৪ অৰ্থাত ৩১বহাগত ‘কেন্দ্ৰীয় মুকলি বিহু ২০২৪’ আয়োজন কৰিছিল মাজুলী জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে। এই অনুষ্ঠানৰ কাৰ্যসূচীত উল্লেখ থকা মতে, উদ্যোক্তা হিচাপে আছিল মাজুলী জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি উদ্দিপ্ত হাজৰিকা, সম্পাদক প্ৰাঞ্জল গাৰ্গ, প্ৰান্টু চাহু আৰু সাংস্কৃতিক সম্পাদিকা মমী দলে। ইয়াৰ উপৰিও কেন্দ্ৰীয় এই মুকলি বিহু উদযাপন সমিতিৰ সভাপতি জগত হাজৰিকা, উপ সভাপতি দিপু বৰুৱাৰ নাম এই কাৰ্যসূচীত ছপা কৰা হৈছিল।
এটা সংগঠনে আয়োজন কৰা উক্ত বিহু অনুষ্ঠানত অংশ ল’বলৈ লখিমপুৰ হৈ মাজুলীলৈ গৈছিল মানস ৰবীন। আনহাতে যোৰহাটৰ হৈ ফেৰীৰে বাদ্যযন্ত্ৰী আৰু চাউণ্ড চিষ্টেম প্ৰেৰণ কৰা হৈছিল উক্ত অনুষ্ঠানৰ বাবে।
মানুহৰ মাজত থাকি ভাল পোৱা মানস ৰবীন গৈ উপস্থিত হোৱাৰ পূৰ্বেই তেওঁৰ বাদ্যযন্ত্ৰী আৰু চাউণ্ড চিষ্টেম গৈ ১৪মে’ ২০২৪ৰ আবেলিভাগত মাজুলী পাইছিলগৈ। গোগামুখত মানস ৰবীনৰ বাবে ৰৈ থকা কিছু লোকক দেখা কৰি মানস ৰবীনেও সন্ধ্যা ভাগলৈ মাজুলী পালেগৈ।
অনুষ্ঠানলৈ যোৱাৰ পূৰ্বে উদ্যোক্তাসকলৰ সন্দৰ্ভত মানস ৰবীনে খবৰ লৈছিল। ছাত্ৰ মুক্তিয়ে আয়োজন কৰা এই বিহুত সংগীতানুষ্ঠান পৰিৱেশন কৰিবলৈ তেওঁ নিৰ্ধাৰিত দৰতকৈ কিছু কম ধনৰ বিনিময়ত অনুষ্ঠান পৰিৱেশনৰ বাবে সাজু হৈছিল।
মাজুলীলৈ গৈ গম পালে অনুষ্ঠান পৰিৱেশনৰ বাবে তেওঁ যিমান ধন দিয়াৰ প্ৰতিশ্ৰুতি দিছিল, সেই ধন উদ্যোক্তাসকলৰ ওচৰত নাছিল। টকা ৭০হাজাৰ মানস ৰবীনক দিব পাৰিম বুলি উদ্যোক্তাসকলে জনাইছিল। বাদ্যযন্ত্ৰীসকলক দিব লগা ধন, চাউণ্ড চিষ্টেমৰ বাবে হোৱা ব্যয় কোনো কাৰনতেই সেই ধনেৰে নিমিলাত এই অনুষ্ঠান পৰিৱেশনত জটিলতা আহিছিল।
ইফালে মানস ৰবীনৰ অনুষ্ঠান চাবলৈ ৰৈ আছিল অগণন জনতা। উদ্যোক্তাসকলৰ এজনে তেওঁৰ মাতৃৰ বেংকৰ একাউন্ট থকাৰ ধনৰ এখন চেক আনি মানস ৰবীনক অনুষ্ঠান পৰিৱেশনৰ বাবে অনুৰোধ জনালে। মানস ৰবীনে খবৰ ল’লে, যিগৰাকী লোকে এই চেকখন দিব বিচাৰিছে তেওঁৰ মাতৃয়ে কি কৰে?
উদ্দিপ্ত হাজৰিকা নামৰ যুৱকজনে মাতৃ বেংক একাউন্টৰ পৰা এই ধন দিয়াৰ বাবে আগ্ৰহ প্ৰকাশ কৰিছিল। তেওঁ এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষয়ত্ৰী। সেই ধন ল’বলৈ মানস ৰবীনে অস্বীকাৰ কৰি ক’লে- তেওঁ এই পৰ্যায়লৈও নামিব নোৱাৰে যে, এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষয়ত্ৰীৰ নামত থকা বেংক একাউন্টৰ চেক লৈ গান গাব। তেওঁৰ সততাই, তেওঁৰ মানৱতাই এই শিক্ষা দিয়া নাই।
হাফ পেন্ট পিন্ধি বিশ্ৰাম লৈ থকা মানস ৰবীন আহি মঞ্চ পালেহি। আয়োজক সকলেও টানি-মুনি টকা ১লাখ যোগাৰ কৰি মানস ৰবীনৰ সহায়কাৰীক দিলে। তাৰ পূৰ্বেই মানস ৰবীনে ঘোষণা কৰিলে যিমান পলম হ’লেও তেওঁ গীত গাব। উপস্থিত ৰাইজৰ বাবেই এই কাম কৰিব।
এনেকৈয়ে মানস ৰবীনে সংগীতানুষ্ঠান পৰিৱেশন কৰিলে। তেওঁৰ অভিজ্ঞতা সুখকৰ নহ’লেও পৰিস্থিতি জটিল হ’ব নিদিলে। সংগীতানুষ্ঠান পৰিৱেশন কৰাৰ পাছত উদ্যোক্তাসকলক কোনো দোষ নিদি কিবা পৰিস্থিতিত এনে হ’ল বুলি পৰিস্থিতি চম্ভালি ললে।
তাৰপাছত পুৱা ভাগলৈ এজন আৰক্ষী বিষয়াৰ উদ্যোগত এখন হোটেললৈ গৈ খাদ্য গ্ৰহণ কৰিলে। হোটেলখনৰ স্বত্বাধিকাৰীয়ে নিজেই ৰান্ধি-বাঢ়ি তেওঁলোকক খোৱালে। ধন দিব নোৱাৰা আয়োজকসকলে তেওঁলোকৰ বাবে আপ্যায়নৰ কোনো ব্যৱস্থাই কৰা নাছিল।
মানুহে ধিক্কাৰ দিলে আয়োজক সমিতিক। দৰ্শক হৈ উপস্থিত থকা বহু লোকে আয়োজকক বিচাৰিলে। সেই মূৰ্হুতলৈকে তেওঁলোক থাকিল। বিহু পাতি শিল্পীক ধন দিব নোৱাৰা আয়োজকসকল পলাই পত্ৰং দিলে।
এনেকৈয়ে বিহু পতাৰ কি প্ৰয়োজন আছিল। এয়া বিহু হ’লনে, বৰবিহ হ’ল? মাজুলীত ইখনৰ পাছত সিখন বিহু অনুষ্ঠিত হৈছে এইবাৰ। কৰবাত যদি জুবিন, আন এখনত পাপন আৰু কোনোবাখনত জুবলী। ৰাইজৰ সহায় সহযোগিতাৰে বিহু পাতে। মানুহে কিমান দান দিব বিহুৰ নামত! মাজুলীত দলং নিৰ্মাণত নিয়োজিত ঠিকাদাৰ কেইজনৰ বাদে ধন সংগ্ৰহৰ উৎসহেই বা ক’ত?
ছাত্ৰ মুক্তিৰ দৰে এটা সংগঠনে মাজুলীত কেন্দ্ৰীয় বিহু আয়োজন কৰিছে। ইয়াৰ উদ্যোগ গ্ৰহণ কৰিছিল মাজুলী জিলা সমিতিয়ে। এই বিহুৰ কাৰ্যসূচীত উপাচাৰ্যৰ পৰা আৰম্ভ কৰি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় কমিটিৰ বিষয়ববীয়াৰো নাম আছিল। কাৰ্যসূচীখন চালে এনে নালাগে এয়া কোনো ব্যক্তি বিশেষৰ আয়োজন।
এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষয়ত্ৰীৰ বেংক একাউন্টৰ ধনৰ পৰা চেক দি শিল্পীক পাৰিশ্ৰমিক দিবলৈ যোৱা পৰিস্থিতি গ্ৰহণযোগ্য জানো হয়! এতিয়াচোন প্ৰায় বিহুবোৰ এনে বিৰ্তকৰ মাজতেই বন্দী। সৌ সিদিনা বন্দিতা-প্ৰাপ্তিৰ ক্ষেত্ৰত একেই পৰিস্থিতিয়েই সৃষ্টি হৈছিল। অনুষ্ঠান পৰিৱেশন কৰিবলৈ দিও চু্ক্তিৰ ধন দিব নোৱাৰা আয়োজকে চিঞৰি চিঞৰি কাজিয়া কৰিছিল।
কি দুখ লগা দৃশ্য আছিল সেয়া। জাতীয় উৎসৱ আয়োজনৰ নামত এতিয়া অসমতেই অসমীয়াৰ এই দশা। এনে উদাহৰণ পূৰ্বতেও আছিল, এতিয়া সেই উদাহৰণৰ সংখ্যা বাঢ়িছে। ২০২৪ৰ বহাগ বিহুৰ বতৰতে মন্টুমণি নামৰ গায়কজনক ডিব্ৰুগড় বিহু আয়োজক সমিতিয়ে চুক্তিৰ ধন নিদি প্ৰতাৰণা কৰাৰ অভিযোগ উঠিছিল।
বঙাইগাঁৱত জেল্কাজাৰ পাটগিৰিপাৰাৰ বিহুত মঞ্চলৈ উঠি গৈ শিল্পী মৌচম গগৈক উদণ্ড দৰ্শকে অশ্লীল ভাষাৰে অপমান কৰাৰ ঘটনা ঘটিছিল। অভয়াপুৰীত পদ্মনাভক কমিটিৰ একাংশই সুৰাসক্ত হৈ গালি-গালাজ দিয়াৰ লগতে চুক্তিৰ ধন দিয়া নাছিল। ডুমুনীচকীত কুমাৰ ভৱেশক অনুষ্ঠান সামৰাৰ পাছতো গীত গাবলৈ জোৰ কৰাত শিল্পীজনে কৈছিল- ১০,১২লাখ টকা দি মতা গায়কক এনেকৈ ক’ব নোৱাৰে। মদ খাই এনেই চিঞৰিবলৈ অহা গায়কক এনেদৰে ক’ব পাৰিবনে!
২০২৩চনৰ ২৪ ফেব্ৰুৱাৰীত নেলীত এনেবোৰ খেলিমেলিৰ বাবেই জুবিন গাৰ্গে গীত গাবলৈ যোৱা নাছিল। অৱশ্যে সেইখন অনুষ্ঠান বিহুৰ নাছিল। সেইবাৰ চাউণ্ড চিষ্টেম আৱদ্ধ কৰি ৰাখিছিল একাংশই।
শিল্পী মাতে, ধন দিব নোৱাৰে। সেই অভিজ্ঞতাৰ সন্মুখীন হোৱা বহু শিল্পী আছে। সংবাদমাধ্যমত এতিয়া শিল্পীসকলৰ অনুষ্ঠানতকৈ তেনেবোৰ খেলিমেলিৰ খবৰেহে ব্যাপক চৰ্চা লাভ কৰে। মানস ৰবীনে পৰিস্থিতি চম্ভালিলে। সকলো মানস ৰবীনৰ দৰে সহনশীল নহয়। চুক্তিৰ ধন নাপাইও মাজুলীত মনত দুখ লৈও তেওঁ গীত গাই আহিল। আয়োজকসকলকো আমাৰ মাজৰে এজন বুলি তেওঁ ক্ষমা কৰি দিলে। অৱশ্যে সৰ্তক কৰিলে এইবোৰ ঘটনা ভৱিষ্যতে মাজুলীত ‘মানসে এনে কৰিছে’ জাতীয় উদাহৰণ হৈ পৰিব নালাগে।
নোৱাৰিলে বিহু অনুষ্ঠান পাতিবই নালাগে। বিহু পাতিব লাগিব বুলি অসমীয়াই কাৰোবাক ঠিকা দি থোৱা নাই। পাতিলেও নামী-দামী শিল্পী মাতিবই লাগিব বুলি জানো কথা আছে? দাঙিব নোৱাৰা শিলক পৰি নমস্কাৰ কৰাটোৱেই শ্ৰেয়। অযথা বিহুৰ নামত এইবোৰ ঘটনা সংঘটিত হৈ থাকিলে এই সাংস্কৃতি সন্ধিয়াবোৰ ‘সাংঘাটিক সন্ধিয়া’ৰ নামেৰে নামাকৰণ কৰাৰ বিকল্প নাথাকিব।