গুৱাহাটী উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়দানঃ উইল সম্পত্তিত ৭শতাংশ ক’ৰ্ট মাচুল অসাংবিধানিক...

প্ৰতীকি ফটো
প্ৰতীকি ফটো

ডিজিটেল ডেস্কঃ  উইল সম্পত্তিৰ ওপৰত ৭ শতাংশ আদালত মাচুল (ক'ৰ্ট ফী) ধাৰ্য কৰি প্ৰৱৰ্তন কৰা ব্যৱস্থাক সংবিধানবিৰোধী আখ্যা দিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে। 'দ্য আছাম ট্রিবিউন' কাকতৰ মুখ্য সম্পাদক প্রফুল্ল গোবিন্দ বৰুৱাই দাখিল কৰা ডব্লিউ পি (চি) ২৯১৯/২০১৮ নম্বৰৰ এখন লেখ আবেদনৰ শুনানি লৈ আজি উচ্চ ন্যায়ালয়ে এই দৃষ্টান্তমূলক ৰায় প্ৰদান কৰে।

লগতে ন্যায়ালয়ে আদালত মাচুল কৰ্তনৰ বিষয়টোৰ ক্ষেত্ৰত এক যুক্তিসংগত ব্যৱস্থা প্ৰৱৰ্তন কৰাটো ৰাজ্য চৰকাৰৰ বাবে জৰুৰী বিষয় হৈ পৰা বুলি নির্দেশনাত উল্লেখ কৰে। মন কৰিবলগীয়া যে উইল কৰি থৈ যোৱা সম্পত্তিক আইনীভাৱে কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত নিয়ম অনুসৰি আদালতৰ দ্বাৰস্থ হ'ব লাগে। সেই অনুসৰি আবেদনকাৰী প্ৰফুল্ল গোবিন্দ বৰুৱাই উইল সম্পত্তি কাৰ্যকৰী কৰাৰ বাবে আদালতৰ দ্বাৰস্থ হয়।

কিন্তু উইল সম্পত্তি আইনীভাৱে কাৰ্যকৰী কৰিবলৈ যাওঁতে বহন কৰিবলগীয়া আদালত মাচুলৰ ব্যৱস্থাক প্ৰত্যাহ্বান জনাই বৰুৱাই উচ্চ ন্যায়ালয়ত এখন লেখ আবেদন দাখিল কৰে। আদালত মাচুল আইনৰ প্রথম অনুসূচীৰ ১১ অনুচ্ছেদ অনুসৰি উইল সম্পত্তি আইনীভাবে কাৰ্যকৰী কৰাৰ বাবে ৫ লাখ টকাতকৈ অধিক মূল্যৰ সম্পত্তিৰ ওপৰত ৭ শতাংশ আদালত মাচুল আদায় দিব লাগে। আদালত মাচুল আদায়ৰ ক্ষেত্ৰত কোনো উচ্চ সীমা নির্ধাৰণৰ পৰিবৰ্তে ৭ শতাংশ হিচাপত আদালত মাচুল আদায় দিয়া ব্যৱস্থাকে প্রত্যাহ্বান জনাই বৰুৱাই আদালতত লেখ আবেদনখন দাখিল কৰে।

আদালতত গুচৰীয়া পক্ষৰ হৈ 'অধিবক্তাই যুক্তি দর্শায় যে উইল সম্পত্তিৰ কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত ৫ লাখ টকাৰ অধিক মূল্যৰ সম্পত্তিৰ ওপৰত ৭ শতাংশ আদালত মাচুল আদায় ব্যৱস্থা যুক্তিসম্মত নহয়। দেৱানী আদালতৰ ক্ষেত্ৰত সাধাৰণ গোচৰটো মাচুলৰ পৰিমাণ সর্বোচ্চ ১১ হেজাৰ টকা নিৰ্ধাৰণ কৰা বিষয়টো অধিবক্তাই আদালতৰ দৃষ্টিগোচৰ কৰে। অধিবক্তাই এইবুলিও আদালতক অৱগত কৰে যে গুচৰীয়া প্রফুল্ল গোবিন্দ বৰুৱা এগৰাকী 'এগজিকিউটৰ'হে। তেওঁ বৃহৎ পৰিমাণৰ আদালত মাচুল আদায় দিব নোৱাৰে।

এনেদৰে সকলো পক্ষৰ যুক্তি শুনাৰ অন্তত উচ্চ ন্যায়ালয়ে কোনো উচ্চ সীমা নির্ধাৰণ নকৰাকৈ ৫ লাখ টকাতকৈ অধিক মূল্যৰ সম্পত্তিৰ ওপৰত ৭ শতাংশ আদালত মাচুল আদায় দিয়া ব্যৱস্থাক ভাৰতীয় সংবিধানৰ ১৪ নং অনুচ্ছেদৰ পৰিপন্থী হিচাপে আখ্যা দিয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in