ৰাষ্ট্ৰপিতা!

সলনি হ'ল দেশৰ ৰাজনীতি !
rss
rss

বৰষা শৰ্মা

সন্মুখত ২০২৪ ৰ সাধাৰণ নিৰ্বাচন। তাৰ পূৰ্বে সলনি হৈছে দেশৰ ৰাজনীতি ! কেতিয়াও নেদেখা দৃশ্য দেখিবলৈ, কেতিয়াও নুশুনা কিছুমান কথা শুনিবলৈ আৰম্ভ কৰিছে। সাম্প্ৰদায়িক কথা বতৰাৰে লেতেৰা হৈ পৰা দেশৰ সমাজ ব্যৱস্থাৰ মাজত এতিয়া দেখিবলৈ পোৱা গৈছে 'সম্প্ৰীতি আৰু একতাৰ এনাজৰী' !

হিন্দুত্বৰ কথা কোৱা, হিন্দুত্ববাদী কথা আৰু কামেৰে খ্যাতি অৰ্জন কৰি দেশৰ প্ৰধানমন্ত্ৰী হোৱা নৰেন্দ্ৰ মোডী মুছলিম তুষ্টিকৰণত ব্যস্ত থকাৰ অভিযোগ তুলি বিজেপি আৰু আৰ এছ এছৰ মাজত যোৱা দিন কেইটাত শীতল যুদ্ধ আৰম্ভ হৈছে। পৰিস্থিত এনে পৰ্যায় পাইছেগৈ যে এই মুছলিম তুষ্টিকৰণ ৰাজনীতিৰ বাবেই কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক কেন্দ্ৰৰ পৰা আঁতৰাই নিয়াৰ এক পৰিকল্পনা ৰচনা হৈছে।

অমিত শ্বাহক গুজৰাটৰ ৰাজনীতিলৈ ঘূৰাই নিয়াৰ চিন্তা চৰ্চা চলি আছে বুলিও বিজেপিৰ সূত্ৰতে প্ৰকাশ পাইছে। পিছে এনে এক ৰাজনৈতিক পট পৰিবৰ্তনৰ সময়তে খোদ আৰ এছ এছৰ মূৰব্বীয়ে জীৱনত প্ৰথমবাৰৰ বাবে মছজিদ আৰু মাদ্ৰাছা ভ্ৰমণ কৰি দেশজুৰি ৰাজনৈতিক ধুমুহাৰ সৃষ্টি কৰিছে।

এই ভ্ৰমণ এনে এক সময়ত হৈছে যি সময়ত বিজেপি আৰ এছ এছৰ ভিতৰচৰাত মুছলিম তুষ্টিকৰণক লৈ শীতল যুদ্ধ আৰম্ভ হৈছে আৰু কংগ্ৰেছে দেশজুৰি ভাৰত জোড়ো যাত্ৰা আৰম্ভ কৰিছে। এনে এক ৰাজনৈতিক পৰিস্থিতিৰ মাজতে আকৌ আৰ এছ এছৰ মূৰব্বীগৰাকীক মুছলমান নেতাই আখ্যা দিলে 'ৰাষ্ট্ৰপিতা' হিচাপে। মোহন ভগৱতে আকৌ মাদ্ৰাছাৰ শিক্ষাৰ্থীক সকলো ধৰ্মকে সন্মান কৰাৰ পাঠ দিলে। মুঠতে এক অকল্পনীয় ৰাজনীতি।

মোহন ভগৱত। নামেই যাৰ পৰিচয়। নতুনকৈ তেওঁক চিনাকী কৰাই দিয়াৰ প্ৰয়োজন নাই। আৰ এছ এছৰ প্ৰমুখ তথা হিন্দুত্ববাদী নেতা মোহন ভগৱত এতিয়া চৰ্চাৰ শীৰ্ষত আছে। প্ৰথমবাৰৰ বাবে দিল্লীত বৃহস্পতিবাৰে মোহন ভগৱত উপস্থিত হ'লগৈ এটা মছজিদত। তাৰ পাছত তেওঁ পৰিদৰ্শন কৰিলে এখন মাদ্ৰাছা।

মোহন ভাগৱতে বৃহস্পতিবাৰে দিল্লীৰ কস্তুৰবা গান্ধী মাৰ্গত অৱস্থিত মছজিদত ইমাম ওমৰ আহমেদ ইলিয়াচীক সাক্ষাৎ কৰিছিল। তেওঁৰ সৈতে সংঘৰ কৃষ্ণ গোপাল, ৰাম লাল আৰু ইন্দ্ৰেশ কুমাৰৰ দৰে আন কেইবাজনো শীৰ্ষ নেতা আছিল।

এই মছজিদতে সৰ্বভাৰতীয় ইমাম সংগঠনৰ কাৰ্যালয় আছে। ইয়াত উপস্থিত হৈ মোহন ভগৱত আৰু তেওঁৰ সতীৰ্থসকলে প্ৰায় ১ ঘণ্টা সময় অতিবাহিত কৰাৰ লগতে বিভিন্ন বিষয়ৰ ওপৰত আলোচনা কৰে।

কেৱল সেয়াই নহয়, মোহন ভগৱতে ইমাৰ ইলিয়াচীৰ পিতৃ জামিল ইলিয়াচীৰ মৃত্যু বাৰ্ষিকীত মাজাৰত প্ৰাৰ্থনাও কৰে। ইয়াৰ পিছত, আৰ এছ এছৰ মুৰব্বীগৰাকীয়ে আজাদ মাৰ্কেটৰ এখন মাদ্ৰাছা পৰিদৰ্শন কৰে আৰু তাত শিক্ষাৰ্থীসকলৰ সৈতে মত বিনিময় কৰে।

সংবাদ সংস্থা পি টি আইৰ মতে, মৌলৱী ওমৰ আহমেদ ইলিয়াছিয়ে মোহন ভাগৱতক 'ৰাষ্ট্ৰপিতা' আখ্যা দিছে। মোহন ভাগৱতৰ ভ্ৰমণৰ পিছতে তেওঁ কয়, "আমাৰ ডি এন এ একে, কেৱল ঈশ্বৰৰ উপাসনা কৰাৰ আমাৰ পদ্ধতিহে পৃথক।" ইয়াৰ উপৰিও তেওঁ মোহন ভগৱতে ইমাম হাউচত নিমন্ত্ৰণ ৰক্ষা কৰি উপস্থিত হোৱাৰ বাবে সন্তুষ্টিও প্ৰকাশ কৰিছে।

মৌলৱী ওমৰ আহমেদ ইলিয়াছিয়ে পুনৰ কয়, "তেওঁ (মোহন ভগৱত) প্ৰথমবাৰৰ বাবে মছজিদলৈ আহিছে। তেওঁ ৰাষ্ট্ৰৰ পিতা, ৰাষ্ট্ৰৰ ঋষি। মোহন ভাগৱতজী ইয়ালৈ অহাৰ বাবে এটা ভাল বাৰ্তা যাব। ধৰ্ম পৃথক হ'ব পাৰে, উপাসনাৰ পদ্ধতি, পৰম্পৰা পৃথক হ'ব পাৰে। আটাইতকৈ ডাঙৰ ধৰ্ম হৈছে মানৱীয়তা। আমি ভাৰতত বাস কৰোঁ, আমি সকলো ভাৰতীয়। আহক আমি সকলোৱে একেলগে ভাৰত আৰু ভাৰতীয়ত্ব শক্তিশালী কৰোঁ।"

ইফালে মোহন ভগৱতৰ এই ভ্ৰমণ সন্দৰ্ভত ওমৰ আহমেদ ইলিয়াচীৰ পুত্ৰ সুহাইব ইলিয়াছিয়ে কয় যে, এই কাৰ্যই দেশলৈ এক ভাল বাৰ্তা প্ৰেৰণ কৰিছে। আমি পৰিয়ালৰ দৰে বহি কথা পাতিছিলো আৰু তেওঁলোক আমাৰ আহ্বানত ইয়ালৈ অহাটো বৰ ভাল।

আনহাতে আকৌ এছ এছৰ জ্যেষ্ঠ নেতা ইন্দ্ৰেশ কুমাৰে ইণ্ডিয়া টুডেৰ সৈতে হোৱা এক সাক্ষাতকাৰত এই ভ্ৰমণ সম্পৰ্কে কয় যে, মোহন ভগৱতে শিশুসকলক সুধিছিল তেওঁলোকে কি পঢ়ে আৰু তেওঁলোকে জীৱনত কি হ'ব বিচাৰে। শিশুসকলে আৰ এছ এছৰ মুৰব্বীগৰাকীক কৈছে তেওঁলোকে চিকিৎসক আৰু অভিযন্তা হ'ব বিচাৰে।

ইয়াৰ পূৰ্বে, মোহন ভাগৱতে ২০ ছেপ্টেম্বৰত মুছলমান বুদ্ধিজীৱীসকলৰ এটা পাঁচ জনীয়া দলক সাক্ষাৎ কৰিছিল। বৈঠকত প্ৰাক্তন মুখ্য নিৰ্বাচন আয়ুক্ত এছ ৱাই কুৰেছি, দিল্লীৰ প্ৰাক্তন লেফটেনেণ্ট গভৰ্ণৰ নাজিব জং, আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য জামিৰুদ্দিন শ্বাহ, প্ৰাক্তন সাংসদ শ্বাহিদ চিদ্দিকী আৰু ব্যৱসায়ী ছাইদ শ্বেৰৱানী উপস্থিত আছিল।

সংবাদ সংস্থা এ এন আইৰ মতে, জ্ঞানৱাপী বিবাদ, হিজাব বিবাদ আৰু জনসংখ্যা নিয়ন্ত্ৰণৰ দৰে বিষয়সমূহ এই বৈঠকত আলোচনা কৰা হৈছিল। মন কৰিবলগীয়া যে কৰ্ণাটকত হিজাব বিতৰ্ক আৰু বিজেপিৰ প্ৰাক্তন মুখপাত্ৰ নুপুৰ শৰ্মাৰ পয়গম্বৰ মহম্মদৰ ওপৰত আপত্তিজনক মন্তব্যৰ বিতৰ্ক তল নপৰোতেই অনুষ্ঠিত হোৱা এই বৈঠকখন অতি গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে।

ইফালে মোহন ভগৱতক মুছলমান বুদ্ধিজিৱীয়ে সাক্ষাৎ কৰা বিষয়টোক সমালোচনাৰ লক্ষ্য কৰি লৈছে এ আই এম এমৰ নেতা তথা সাংসদ আসাদুদ্দিন ওৱেইছিয়ে। তেওঁ এই সন্দৰ্ভত কৈছে, আমাক কিয় সন্দেহ কৰা হৈছে? যিসকলে একেলগে আহিছে তেওঁলোকক সোধক তেওঁলোকে কি কথা পাতিবলৈ আহিছে। গোটেই বিশ্বই আৰ এছ এছৰ আদৰ্শ জানে আৰু আপোনালোকে গৈ তেওঁলোকক লগ কৰে?

তেওঁ মুছলমান বুদ্ধিজীৱীৰ দলটোক সমালোচনা কৰি কয়, নিজকে জ্ঞানী বুলি বিবেচনা কৰা বুদ্ধিজীৱীৰ এই দলটোৰ বাস্তৱৰ সৈতে কোনো সম্পৰ্ক নাই। তেওঁলোকে নাজানে পৃথিৱীত কৈ হৈ আছে।

ইফালে মোহন ভগৱতৰ এই সাক্ষাতৰ বিষয়টোক লৈ কংগ্ৰেছে এক নতুন মাইলেজ লোৱাৰ চেষ্টা কৰিছে। কংগ্ৰেছৰ মিডিয়া বিভাগৰ ভাৰপ্ৰাপ্ত বিষয়া পৱন খেৰাই মোহন ভাগৱতৰ বৈঠকৰ বিষয়ে টুইট কৰিছে। তেওঁৰ মতে কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰাৰ মাত্ৰ ১৫ দিনৰ ভিতৰতে বিজেপিৰ মুখপাত্ৰই গডছে মুৰ্দাবাদ ধ্বনি দিছে, মোহন ভগৱত ইমামৰ কাষলৈ গৈছে। তেওঁৰ মতে ভাৰত জোড়ো যাত্ৰাৰ সময় যিমানে বৃদ্ধি হ'ব সিমানেই এনেধৰণৰ কাৰ্য আৰু অধিক হ'ব।

একে সময়তে, কংগ্ৰেছৰ মুখপাত্ৰ গৌৰৱ বল্লভেও মোহন ভাগৱতক ভাৰত জোড়ো যাত্ৰাত যোগদান কৰিবলৈ আমন্ত্ৰণ জনাইছে। তেওঁ কৈছে- "আমি ভাগৱতজীক অনুৰোধ জনাইছো যে যদি কেইদিনমানৰ ভ্ৰমণে তেওঁৰ ওপৰত এনে প্ৰভাৱ পেলাইছে, তেন্তে তেওঁ এঘণ্টাৰ বাবে ভাৰত জোড়ো যাত্ৰাত অংশগ্ৰহণ কৰিব লাগে, ৰাহুল গান্ধীৰ সৈতে ত্ৰিৰংগা হাতত লৈ খোজ কাঢ়িব লাগে। ভাৰত মাতা কী জয় আৰু সংযুক্ত ভাৰতৰ শ্ল'গান দিব লাগে।"

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in