মৃদুল কুমাৰ সন্দিকৈ
মুখ্যমন্ত্ৰী মহোদয়, বছৰৰ প্ৰথমটো সপ্তাহতে এটা ৰাজহুৱা স্বাৰ্থজনিত অনুৰোধ আজিয়েই আপোনাক কৰিব বিচাৰিছো। জনস্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি এই বিষয়টো আপোনাক দৃষ্টিগোচৰ কৰাৰ কাৰণ হ'ল ৰাইজৰ সুৰক্ষা।
গুৱাহাটীত পানীৰ পাইপ ফুটাতো সাধাৰণ ঘটনা হৈ পৰিছে। সৰু-ডাঙৰ কিমান এতিয়ালৈকে পানী পাইপ ফুটা ঘটনা সংঘটিত হৈছে এই হিচাপ আপুনি হয়তো ৰখা নাই। ২০২৫ ৰ ২ জানুৱাৰীত গুৱাহাটীৰ খাৰঘুলিত নামনি লুইতপুৰৰ নামঘৰ তিনিআলিত শেহতীয়াকৈ কি হ'ল সেই খবৰ চাগৈ আপুনি পাইছে বা দেখিছে।
৩০০ মিটাৰ পৰ্যন্ত ওপৰলৈ উঠা পানীৰ ধলে নিমিষতে নিঃশেষ কৰিলে কেবাটাও পৰিয়ালৰ ঘৰ-দুৱাৰ। পানীত উটি গৈছিল দুটিকৈ শিশু। জলব'ৰ্ডৰ পানীৰ পাইপ ফাটি হোৱা এনে জলবিস্ফোৰণে মহানগৰবাসীক আতংকিত কৰি ৰাখিছে।
সেইবোৰ পুৰণি পানী লাইন বুলি দায় সাৰিব বিচাৰিলেও নতুন পানীৰ পাইপ ফুটা ঘটনাৰ সাক্ষী হৈছে ৰাইজ। আকৌ ক'ত এনে পানীৰ পাইপ ফুটে সেয়া কোনেও নাজানে। কিমান গুণগত কাম হৈছে এয়াও আপুনি নিশ্চয়তা দিব নোৱাৰে।
পানীৰ পাইপ হয়তো গুৱাহাটীত ফুটিয়ে থাকিব, এনে জলপ্ৰলয় আৰু জলবিস্ফোৰণ সংঘটিত হৈয়ে থাকিব। কিন্তু আজি আপোনাক এই পানীৰ পাইপ ফুটা সন্দৰ্ভত বিশেষ ক'ব বিচৰা নাই। ক'ব বিচাৰিছো আন এক পাইপৰ কথা।
পানী পাইপৰ দৰে এইবোৰ পাইপো যদি ফুটিবলৈ হয়, তেন্তে গুৱাহাটীখন গুৱাহাটী হৈ নাথাকিব। জ্বলি পুৰি ছাৰ-খাৰ হৈ যাব বিস্তৃত অঞ্চল। কি পাইপৰ কথা ক'ব বিচাৰিছো আপুনি হয়তো ধৰিব পৰা নাই। মহানগৰীত বাটে-পথে জাইকাৰ পানী পাইপৰ দৰে আন এক পাইপো ফুটা হৈছে।
অৱশ্যে সেই পাইপৰ ব্যৱহাৰ আৰু সেৱা এতিয়াও আৰম্ভ হোৱা নাই। এইবিধ পাইপ হ'ল গেছৰ পাইপ। চিএছডি অৰ্থাৎ চিটি গেছ ডিষ্ট্ৰিব্যোচনৰ জৰিয়তে এই পাইপৰ যোগেদি মহানগৰীত বাসিন্দা সকলৰ ঘৰে ঘৰে গেছ যোগানৰ পৰিকল্পনা লোৱা হৈছে। ঠিক পানী যোগানৰ দৰে।
পূব ভাৰতী গেছ প্ৰাইভেট লিমিটেড চমুকৈ পিবিজিপিএলে এই কাম কেবাটাও প্ৰতিষ্ঠানৰ সৈতে লগ লাগি কৰিবলৈ আগবাঢ়িছে। প্ৰায় ৩ টা পৰ্যায়ত এনেদৰে গেছ যোগান ধৰিব লগা অঞ্চল সমূহত মাটিৰ তলেৰে গেছ পৰিবহন আৰু যোগানৰ বাবে পাইপ পোতা হৈছে।
আছাম গেছ কোম্পানী,অইল,গেইল গেছ লিমিটেড আদিৰ জৰিয়তে পিবিজিপিএলে এই গেছ ঘৰে ঘৰে যোগান ধৰিব। পেট্ৰ'লিয়াম আৰু নেচাৰেল গেছ ৰেগুলেটৰি বৰ্ডৰ সেউজ সংকেত মানি সেই গেছ যোগান ধৰা হ'ব।
বাৰোৱানীৰ পৰা গুৱাহাটীলৈ থাকিব গেছৰ পাইপ লাইন। ৮ টা বছৰত ঘৰে ঘৰে গেছ যোগানৰ ব্যৱস্থা সম্পূৰ্ণ হ'ব বুলি লক্ষ্য লোৱা হৈছে। প্ৰাথমিক অৱস্থাত পিবিজিপিএলৰ জৰিয়তে ০.৩২ মিলিয়ন লোকৰ ঘৰত গেছ যোগান ধৰা হ'ব।
ইয়াৰ বাবে ধাৰ্য কৰা হৈছে ২৬ বিলিয়ন টকা। সকলো ঠিকেই আছে। কিন্তু এই গেছ পাইপ লাইনবোৰৰ অৱস্থা যাতে এতিয়াৰ পানীৰ পাইপ লাইনৰ দৰে নহয়,তাৰ প্ৰতি যেন আপুনি অলপ চকু ৰাখে। ২০২৪ ৰ ফেব্ৰুৱাৰীৰ পৰা এই গেছ লাইন পোতা প্ৰক্ৰিয়া গুৱাহাটীৰ বহু ঠাইত আৰম্ভ হৈছে।
প্ৰথম পৰ্যায়ত মহানগৰীৰ গীতা নগৰ, নাৰেংগী,ছয়মাইল,বৰবাৰী,পাঞ্জাবাৰী,সাতগাঁও,হাতীগাঁও,বেলতলা, জয়ানগৰ,খানাপাৰা,বোন্দা,হেঙেৰাবাৰীত ঘৰে ঘৰে গেছ যোগান ধৰা কথা আছিল। এই প্ৰকল্পৰ সৈতে জৰিত পিবিজিপিএলে অৱশ্যে প্ৰথম পৰ্যায়ৰ কাম আৰম্ভ কৰিব পৰা নাই বুলি ২০২৫ ৰ প্ৰথম সপ্তাহত জানিবলৈ দিলে।
এই প্ৰথম পৰ্যায়ত ৬৫ হাজাৰ লোকৰ বাসগৃহত পিএনজি অৰ্থাৎ পাইপ নেচাৰেল গেছ যোগান ধৰা কথা আছিল। দ্বিতীয় পৰ্যায়ত গণেশগুৰি, কাহিলীপাৰা, খ্ৰীষ্টানবস্তি, উলুবাৰী, ভঙাগড়, বামুনীমৈদান, নুনমাটি, উজানবজাৰক এই আঁচনিৰে সামৰি লোৱাৰ লক্ষ্য লোৱা হৈছে।
তৃতীয় পৰ্যায়ত বকো,মীৰ্জা,আজাৰা,ৰঙিয়া,ছয়গাঁও,সোণাপুৰ,ৰামপুৰ আদি অঞ্চললৈ পাইপযোগে ঘৰতে গেছ যোগান ধৰাৰ পৰিকল্পনা কৰিছে। সেইবোৰ ভাল খবৰ। কিন্তু কেতিয়াবা খৰ-খেদা কৰোতে, কেতিয়াবা আন কাৰণত অতি শেহতীয়াকৈ অসমত কামৰ নামত হে কাম হৈছে।
সেই কামবোৰৰ গুণগতমানক লৈ কিন্তু ৰাইজৰ মনত সন্দেহে আৱৰি ধৰিছে। ৰাইজে চকুৰ সন্মুখতে দেখিছে পানীৰ পাইপবোৰ কেনেদৰে ইঠাইৰ পাছত সিঠাইত ফুটিছে, কি অৱস্থাৰ সৃষ্টি কৰিছে। আনকি উৰণ সেঁতুৰ কামো কিমান নিম্ন পৰ্যায়ত হৈছে সেই উদাহৰণো ছয়মাইলৰ উৰণ সেঁতুখনে উদঙাই দিছে।
বাকী মহানগৰী আৰু আন ঠাইত কম সময়ৰ ভিতৰত নিৰ্মাণৰ অভিলেখ গঢ়া উৰণ সেঁতুবোৰৰ ভৱিষ্যত কি হয় সেয়া ৰাইজে সময়ত দেখা পাব বুলিও হুমুনিয়াহ এৰিছে। এইবোৰতকৈ অধিক সংবেদন আৰু বিপদজ্জনক মহানগৰীৰ এই গেছৰ পাইপবোৰ।
কেনেবাকৈ পানীৰ পাইপৰ দশা এই গেছ পাইপবোৰৰ হ'লে কি হ'ব পাৰে মহানগৰীৰ অৱস্থা এবাৰ কল্পনা কৰিবচোন। গতিকে আপোনাক এতিয়াই অনুৰোধ জনাও এইবোৰ কামত গুণগত দিশ আৰু জন সুৰক্ষাৰ প্ৰতি ১০০ শতাংশই ধ্যান দিয়া হৈছে নে নাই ইয়াক এতিয়াই নিশ্চিত কৰক।
গুৱাহাটীৰ দৰে বহু মহানগৰীত পাইপেৰে পানী যোগান ধৰা হয়। কিন্তু গুৱাহাটীৰ দৰে সঘনে এনে অঘটন সেই মহানগৰীবোৰত সংঘটিত নহয়। পানী পাইপতে এই দশা হোৱা পাছত গেছৰ পাইপবোৰৰ ক্ষেত্ৰত সাধাৰণ মানুহে কৰা এনে শংকাক আপুনি নিশ্চয় নুই কৰিব নোৱাৰে। সেয়ে আগতীয়াকৈ আপোনাক সাৱধান কৰি থ'লো গেছৰ পাইপবোৰৰ অৱস্থা অন্ততঃ পানীৰ পাইপবোৰৰ দৰে হ'বলৈ নিদিব।