Advertisment

মাৰ...

কিহৰ বাবে প্ৰতিবাদ কৰিছিল সেই বিষয়বোৰতকৈ প্ৰতিবাদস্থলীত সংঘটিত ঘটনাক লৈ চৰ্চা অধিক হৈছে। ইয়াতেই চৰকাৰ আৰক্ষীৰ সফলতা।এনেকৈয়ে তেওঁলোকে ঢাকি দিব খোজে আদানীৰ দুৰ্নীতি,স্মাৰ্ট মিটাৰৰ লুন্ঠনৰ কাহিনী,মণিপুৰৰ হিংসাত্মক ঘটনাৰ দস্তাবেজ।

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
্

মৃদুল কুমাৰ সন্দিকৈ

Advertisment

ভুল কাৰ? আৰক্ষীৰ নে বিৰোধীৰ? এখন গণতান্ত্ৰিক দেশত প্ৰতিবাদ কৰা অধিকাৰ কেনেকৈ চৰকাৰে কাঢ়ি ল'ব পাৰে। একেদৰে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ যোৱা প্ৰতিবাদকাৰীৰ প্ৰাণ লোৱাৰ অধিকাৰ আৰক্ষীক কোনে দিছে? গৌতম আদানীৰ দুৰ্নীতি,স্মাৰ্ট মিটাৰৰ অবাধ লুন্ঠন,মণিপুৰৰ অশান্তিকৰ পৰিৱেশ আদি বিষয়ক লৈ ৰাজ্যৰে নহয় দেশৰ প্ৰধান বিৰোধী দল কংগ্ৰেছে প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছিল ১৮ ডিচেম্বৰ ২০২৪ ত।

ৰাজভৱনলৈ যাত্ৰা কৰি কংগ্ৰেছৰ নেতা সমৰ্থকে সাব্যস্ত কৰা প্ৰতিবাদ নিয়ন্ত্ৰণৰ নামত আৰক্ষীয়ে কি কৰিলে সেয়া ৰাজ্যবাসীয়ে দেখিলে। খোদ গুৱাহাটীৰ আৰক্ষী আয়ুক্ত গৰাকীয়ে ক'লে কংগ্ৰেছৰ এই ৰাজভৱন চ'লো কাৰ্যসূচীত এহেজাৰ মান নেতা-সমৰ্থক সমৱেত হৈছিল। আৰক্ষীয়ে প্ৰতিবাদকাৰী সকলক ৰোধিবলৈ তিনি তৰপীয়া বেষ্টনী পাতিছিল।

ইয়াতকৈ ডাঙৰ প্ৰতিবাদ হয়। আৰক্ষীয়ে সেই প্ৰতিবাদ প্ৰতিৰোধ কৰে। গণতান্ত্ৰিকভাৱে সাব্যস্ত কৰা প্ৰতিবাদ প্ৰতিৰোধ কৰিবলৈ আৰক্ষীয়ে বিভিন্ন পন্থা লয়। দিল্লীত কৃষক চ'লো আন্দোলনতো আৰক্ষীয়ে প্ৰতিৰোধ কৰিছে। কিন্তু আৰক্ষীয়ে পৰিকল্পিতভাৱে প্ৰতিবাদকাৰী আৰু সাংবাদিকক লক্ষ্য কৰি লোৱাৰ নজিৰ নাই। ১৮ ডিচেম্বৰ ২০২৪ ত আৰক্ষীয়ে যি কৰিলে সেয়া ভাল নকৰিলে। 

চৰকাৰৰ ফেচিষ্ট নীতিৰ অনুকৰণ কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ সাক্ষাৎ গ্ৰহণ কৰি থকাৰ সময়ত সাংবাদিকক লক্ষ্য কৰি কন্দুৱা গেছ নিক্ষেপ কৰিলে। এই ঘটনাত আহত হ'ল জ্যেষ্ঠ সাংবাদিক অমৰেন্দ্ৰ ডেকাকে ধৰি কেবাজনো সাংবাদিক। ইফালে আৰক্ষীয়ে মাটিৰে নিক্ষেপ কৰা কন্দুৱা গেছৰ ফলত প্ৰতিবাদ সাব্যস্ত কৰিবলৈ অহা দলটোৰ আইনী কোষৰ সদস্য তথা অধিবক্তা মৃদুল ইছলামৰ মৃত্যু হয়।

দেখা পোৱা গৈছিল এই প্ৰতিবাদত যথেষ্ট সক্ৰিয়তাৰে অংশ লৈছিল মৃদুল ইছলামে। সন্দেহ কৰা হয় আৰক্ষীয়ে তেওঁৰ সক্ৰিয়তাৰ প্ৰতি লক্ষ্য কৰিয়েই ইচ্ছাকৃতভাৱে কন্দোৱা গেছৰ চেল তেওঁৰ কাষলৈ নিক্ষেপ কৰিছিল। সেইবোৰ কথা এতিয়া তদন্তৰ প্ৰয়োজন হৈ পৰিছে। সাজু হৈ যোৱা আৰক্ষীয়ে কিয় সেই স্থানত সাম্ভাব্য পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এম্বুলেন্সৰ ব্যৱস্থা কৰা নাছিল?

আৰক্ষী আয়ুক্তগৰাকীৰ দাবী এই প্ৰতিবাদী কাৰ্যসূচীৰ বাবে কাংগ্ৰেছে অনুমতি লোৱা নাছিল। কংগ্ৰেছৰ দাবী প্ৰতিবাদী কাৰ্যসূচী সন্দৰ্ভত আৰক্ষী আয়ুক্তক তেওঁলোকে অৱগত কৰিছিল। অনুমতি আৰু অৱগত দুটা পৃথক বিষয় যদিও আৰক্ষীয়ে অনুমতি বিহীনভাৱে তেওঁলোকক সমবেত হোৱাৰ সুযোগ কিয় দিছিল? কিয় ৰাজভৱনলৈ যোৱা পথত তিনিটাকৈ বেৰিকেড বান্ধি শ শ পুলিচ নিয়োগ কৰা হৈছিল।

প্ৰতিবাদকাৰীক বাধা দিবলৈ আৰক্ষীয়ে এতিয়া অত্যাধুনিক পন্থা অৱলম্বন কৰে। ৱাটাৰ কেননৰ জৰিয়তে পানী ছটিয়াই প্ৰতিবাদকাৰীক ছত্ৰ ভংগ দিয়া হয়। তাৰ পাছতহে কন্দোৱা গেছ,লাঠি চালনা,ৰবট বুলেট নিক্ষেপ আদি কথাবোৰ আহে। আৰক্ষীয়ে কিন্তু কন্দোৱা গেছে নিক্ষেপ কৰি দিলে প্ৰতিবাদকাৰীলৈ। তাকো বন্দুকৰ জৰিয়তে শূন্যলৈ কন্দোৱা গেছ নিক্ষেপ কৰা সলনি এই গেছৰ চেল মাটিৰে বগৰাই নিক্ষেপ কৰাতো ৰহস্যজনক।

এই চৰকাৰে কোনো কথা শুনিব নিবিচাৰে।এই চৰকাৰে প্ৰতিবাদী ভাষা নুবুজে। প্ৰতিবাদ কৰাতো যে নাগৰিকৰ এক অধিকাৰ সেই কথা  তেওঁলোকে নিজেও পাহৰিলে আৰু আৰক্ষীকো পাহৰিবলৈ বাধ্য কৰাই আৰক্ষী বাহিনীক বৰ্বৰতাকাৰী ৰূপত আগবঢ়াই দিলে। তাৰ পৰিণাম হ'লগৈ সেয়া। প্ৰতিবাদত কোন দলৰ সমৰ্থকৰ মৃত্যু হৈছে সেই বিচাৰতকৈ আৰক্ষীৰ বৰ্বৰতাই এতিয়া বিশেষ চৰ্চা লাভ কৰিছে।

চৰ্চা হৈছে পুলিচে ভূপেন বৰাৰ বাইট লৈ থকাৰ সময়ত কিয় সাংবাদিকক লক্ষ্য কৰি কন্দোৱা গেছৰ চেল নিক্ষেপ কৰিলে? দিছপুৰৰ পৰা আৰক্ষীক এনে নিৰ্দেশ দিয়া আছিল নেকি, যাতে প্ৰতিবাদ কৰিবলৈ কোনো আগবাঢ়ি নাহে সেই ভাবুকি এইদৰে দিবলৈ। একেদৰে প্ৰতিবাদকাৰীৰ খবৰ যাতে সাংবাদিকে সংগ্ৰহ কৰিব নাযায় তাৰো এক সকিয়নী এই ঘটনাৰ জৰিয়তে আৰক্ষীয়ে দি গ'ল নেকি?

প্ৰতিবাদস্থলীত আৰক্ষীৰ এই ধৰণৰ ভূমিকা দেখা নাযায়। সংবাদ কৰ্মী সকলক আৰক্ষীয়ে নিৰাপত্তা দিবলৈয়ে চেষ্টা কৰে। কিন্তু ১৮ ডিচেম্বৰৰ ৰাজভৱন চ'লো প্ৰতিবাদী কাৰ্যসূচী ইয়াৰ ব্যতিক্ৰম দেখা গ'ল। দিছপুৰ এতিয়া নিমাত। একেদৰে নিমাত হৈ আছে বিভিন্ন সময়ত সাংবাদিকৰ সুৰক্ষাৰ কথা কোৱা বহু দল-সংগঠন।

প্ৰতীকি প্ৰতিবাদী সাব্যস্ত কৰা হৈছে। কংগ্ৰেছে অৱশ্যে সহকৰ্মী এজনক হেৰুৱাই অহংকাৰত মত্ত নহ'বলৈ মুখ্যমন্ত্ৰীক সকিয়াই দিছে। কিহৰ বাবে প্ৰতিবাদ কৰিছিল সেই বিষয়বোৰতকৈ প্ৰতিবাদস্থলীত সংঘটিত ঘটনাক লৈ চৰ্চা অধিক হৈছে। ইয়াতেই চৰকাৰ আৰক্ষীৰ সফলতা।এনেকৈয়ে তেওঁলোকে ঢাকি দিব খোজে আদানীৰ দুৰ্নীতি,স্মাৰ্ট মিটাৰৰ লুন্ঠনৰ কাহিনী,মণিপুৰৰ হিংসাত্মক ঘটনাৰ দস্তাবেজ।

সময় অনুসৰি এইবোৰৰো মূল্যায়ন কৰিব। প্ৰতিবাদী ভাষা নুবুজা একনায়ত্ববাদী সকলৰ মুখা নিজেই খুলি পৰিব। সেইদিনা আজি নায়ক হ'ব খোজা খলনায়ক সকলে নিজেই ৰাইজৰ মুখামুখি হোৱা সাহস গোটাব নোৱাৰিব।

প্ৰতিবাদ