/asomiyapratidin/media/media_files/2025/01/16/st1iXAHBp8euEW1VUZz0.jpg)
মাতৃভূমিৰ পৰা সাত সাগৰ তেৰ নদীৰ সিপাৰত অসমীয়া ভাষাৰ প্ৰচাৰ আৰু প্ৰসাৰ চলাইছে কেইগৰাকীমান অসমীয়াই। সংযুক্ত যুক্তৰাষ্ট্ৰ আমেৰিকাত অসমীয়াগিৰি দেখুৱাইছে কেইগৰাকীমান প্ৰবাসী অসমীয়াই ৷ আমেৰিকাত অসমীয়া ভাষা আৰু ইয়াৰ ঐতিহ্য সংৰক্ষণত প্ৰাধান্য দি অসমীয়া ভাষা-সংস্কৃতিৰ শিক্ষা দি অহা এইগৰাকী বনজিত গোস্বামীক লৈ কমলেশ শৰ্মাৰ সহযোগত অসমীয়া প্ৰতিদিন ডিজিটেলৰ আজিৰ প্ৰতিবেদন...
বিদেশত এখন অসমীয়া পঢ়াশালি। তাত অসম মূলৰ শিশুক অ,আ,ক,খ ৰ শিক্ষা দিছে কেইগৰাকীমান অসমীয়াই। আমেৰিকাত থকা প্ৰবাসী অসমীয়াৰ সন্তানক নিজ ভাষাৰ শিক্ষা প্ৰদানৰ এই পদক্ষেপ সঁচাকৈয়ে সাধুবাদৰ যোগ্য ৷ দেশৰ পৰিধি ভেদি বিদেশত অসমীয়া ভাষাই এইদৰে মৰ্যাদা পোৱাতো এক আমাৰ বাবে গৌৰৱৰ বিষয়।
আজিৰ সময়ছোৱাত নিজৰ মানুহে যেতিয়া অসমীয়া ভাষাৰ বিপৰ্যয়ৰ পথটি আৰু সহজসাধ্য কৰি তোলে, তেতিয়া দুখ লাগে। অসমতে একাংশ অভিভাৱকে সন্তানৰ সৈতে কেৱল ইংৰাজী ভাষাত কথা পাতে বা কেৱল ইংৰাজী ভাষাৰ শিক্ষা দি আহিছে। সেই সময়ত ভাল লগা কথা এয়ে যে আমেৰিকাত থাকিলেও শিপা পাহৰি যোৱা নাই এটি প্ৰবাসী অসমীয়া পৰিয়ালে ৷ আমেৰিকাতো অব্যাহত ৰাখিছে অসমীয়া ভাষা তথা লোক সংস্কৃতিৰ চৰ্চা ৷
প্ৰবাসী অসমীয়া অভিভাৱকৰ উমৈহতীয়া প্ৰচেষ্টাত নলবৰীয়া সন্তান অভিযন্তা বনজিত গোস্বামীকে ধৰি প্ৰবাসী অসমীয়া নামৰূপৰ উন্মেশ দত্ত বৰদলৈ,বৰপেটাৰ জোনমণি নায়ক, ৰীতা শৰ্মা কটকীৰ লগতে ভালেকেইগৰাকী প্ৰবাসী অসমীয়াই এখন বিদ্যালয় চলাই আছে ৷
বিদ্যালয়খনৰ নাম দিছে "চেন্দিয়েগো অসমীয়া স্কুল" ৷ এই বিদ্যালয়খনত অসম মূলৰ শিশু সকলক প্ৰদান কৰা হয় অসমীয়া ভাষাৰ শিক্ষা। লগতে বিদ্যালয়খনত আমাৰ জাতীয় উৎসৱো উদযাপন কৰা হয়। বিহু গীত-নৃত্যত অংশগ্ৰহণ কৰে বিদ্যালয় খনৰ ছাত্ৰ-ছাত্ৰীসকলে ৷
এনেদৰে বিদেশত শিপাৰ সন্ধান কৰা লগতে অসমীয়া হৈ থকাৰ গৌৰৱ উপলব্ধি কৰিছে বনজিত-ইন্দ্ৰানীহঁতে। তেওঁলোকে বুজি উঠিছে যে, কুমলীয়া বাঁহ যেনেকৈ ভাঁজ দিব, তেনেকৈয়ে ভাঁজ ল’ব। শিশুৰ চৰিত্ৰ গঠনত বিদ্যালয়ৰ ভূমিকা অপৰিসীম। বিদ্যালয়ে যি দিছে, শিশুৱে তাকেই গ্ৰহণ কৰি আহিছে।
নলবাৰীৰ কীৰ্তিমান দম্পতী বনজিত গোস্বামী আৰু ইন্দ্ৰানী গোস্বামী সম্প্ৰতি আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেলিফৰ্নিয়া নিবাসী ৷ দুয়ো কেলিফৰ্নিয়াৰ বহুজাতিক কোম্পানীত কৰ্মৰত ৷ নলবাৰী মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক তথা জিলাখনৰ নপ্তিপাৰা গাঁৱৰ প্ৰয়াত বসন্ত কুমাৰ গোস্বামীৰ একমাত্ৰ পুত্ৰ বনজিত গোস্বামীয়ে জাগাৰা হাইস্কুলৰ পৰা ১৯৯৪ চনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈ নলবাৰী মহাবিদ্যালয়ত বিজ্ঞান শাখাত নাম ভৰ্তি কৰে ৷
পাছলৈ তেওঁ গুৱাহাটী কলেজৰ পৰা উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হৈ অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ পৰা ইলেক্ট্ৰ'নিকচ আৰু টেলিকমিউনিকেচনৰ ডিগ্ৰী লাভ কৰে ৷ ২০০২ চনত বাংগালুৰুত কামত যোগদান কৰি তাতে একেৰাহে দহ বছৰ কাম কৰি ২০১২ চনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেলিফৰ্নিয়াৰ ছেনডিয়েগো চহৰত কোৱালকম কোম্পানীত অভিযন্তা হিচাপে যোগদান কৰে৷
এই কোম্পানীটোত বাৰ বছৰ সেৱা আগবঢ়াই ২০২৪ চনত কেলিফৰ্নিয়াৰ চান্তাক্লাৰা চহৰত এনভিডিয়া নামৰ নতুন কোম্পানীত যোগদান কৰে ৷ অভিযন্তা বনজিত গোস্বামীয়ে নলবাৰীৰ আদৰ্শবান দম্পতী ডাঃ কৰুণাকন্ত গোস্বামী আৰু জ্যেষ্ঠ অধিবক্তা কল্যাণী গোস্বামীৰ কনিষ্ঠ কন্যা ইন্দ্ৰানী গোস্বামীৰ সৈতে বিবাহ পাশত আৱদ্ধ হয়৷
ইন্দ্ৰানী গোস্বামীয়ে নলবাৰী অভ্যসন বিদ্যালয়ত প্ৰাথমিক শিক্ষা,এম এন চি বালিকা বিদ্যাপীঠত হাইস্কুলীয়া শিক্ষা সমাপ্ত কৰি এম এন চি বালিকা মহাবিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ দিল্লী বিশ্ববিদ্যালয়ৰ মিৰাণ্ডা হাউচৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে৷
তাৰ পিচত দিল্লীৰ ৰামায়া কলেজৰ পৰা এম বি এ ডিগ্ৰী লাভ কৰে৷ সম্প্ৰতি কেলিফৰ্নিয়াত কোৱালকম কোম্পানীত হিউমেন ৰিচৰ্ছ ৰ টেকনিকেল ৰিক্ৰুইটাৰ হিচাপে কৰ্মৰত ৷ অসমীয়া ভাষাৰ প্ৰচাৰ প্ৰসাৰৰ সমান্তৰালকৈ অসমৰ সংস্কৃতিকো আগবঢ়াই নিছে ইন্দ্ৰানীয়ে। আমেৰিকাতে সত্ৰীয়া নৃত্যৰো প্ৰশিক্ষণ গ্ৰহণ কৰি আছে তেওঁ।
ইন্দ্ৰানী আৰু বনজিতৰ দুই সন্তান অনৱিতা আৰু ঈষাণী। কেলিফৰ্নিয়াৰ চি বি ইয়েটনৰ পৰা আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰি আছে কন্যাদ্বয়ে। তৃতীয় শ্ৰেণীৰ ছাত্ৰী অনৱিতা আৰু ঈষাণী এল কে জিত পঢ়ি আছে ৷ আমেৰিকাত জন্ম লাভ কৰা অৱনিতা আৰু ঈষাণীয়ে সাৱলীলভাবে ক'ব পাৰে অসমীয়া ৷ দুয়োৱে সুন্দৰকৈ গাব পাৰে অসমীয়া গীত ৷
সুদূৰ আমেৰিকা, অষ্ট্ৰেলিয়া আৰু মধ্য প্রাচ্যৰ প্রবাসী অসমীয়াসকলে জাতীয় উৎসৱ মাঘ বিহু আৰু ৰঙালী বিহু উদযাপন কৰা সন্দৰ্ভত আমি প্রায়ে অসমৰ বাতৰি কাকত আৰু টেলিভিছনৰ মাধ্যমেৰে দেখি আহিছো। কাটাৰতো অসম সমাজে পালন কৰিছিল ঈদৰ লগতে বিষ্ণু ৰাভা দিৱস। নিজ সংস্কৃতি ৰক্ষাৰ ক্ষেত্ৰত যিদৰে প্ৰবাসী অসমীয়া পিছপৰি থকা নাই এনেদৰে অসমীয়া ভাষা ৰক্ষাৰ দায়িত্বও সকলোৱে লোৱা উচিত।
প্ৰতিগৰাকী প্ৰবাসী অসমীয়াই বিদেশত অসমীয়া বিদ্যালয় খুলি অসমীয়া ভাষাৰ শিক্ষা প্ৰদান কৰাতো সম্ভৱ নহয় যদিও ঘৰতে নিজ সন্তানক অসমীয়া ভাষা-সংস্কৃতিৰ জ্ঞান দিয়ক। যেতিয়ালৈ বিশ্বৰ কোনোবা নহয় কোনোবা কোণত বনজিত-ইন্দ্ৰানীৰ দৰে এমুঠি হ'লেও স্বাভিমানী অসমীয়া জীয়াই থাকিব, অসমীয়া ভাষাটোৰ মৰণ নাই। সেয়ে আমি আপোনালোকক লৈ সদায় গৌৰৱান্বিত...