ব্যক্তিগতকৰণৰ বাট মুকলি হ’ল এল আই চিৰ

ব্যক্তিগতকৰণৰ বাট মুকলি হ’ল এল আই চিৰ

তুষাৰ প্ৰতিম

ৰাজহুৱা খণ্ড বুলি দেশত আৰু কিবা থাকিবগৈনে? এই প্ৰশ্ন আমাৰ নহয়, এই প্ৰশ্ন এতিয়া দেশৰ অধিকাংশ সচেতন নাগৰিকৰে মনত উদয় হোৱা এক স্বাভাৱিক প্ৰশ্ন। কেন্দ্ৰীয় চৰকাৰে সময়ে সময়ে গ্ৰহণ কৰা সিদ্ধান্তসমূহেই এই প্ৰশ্নৰ আঁৰৰ কাৰণ।

কেন্দ্ৰত বিজেপিৰ চৰকাৰ অহাৰ পিছৰে পৰা প্ৰধানমন্ত্ৰী মোডীয়ে এটা এটাকৈ বহু ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান ব্যক্তিগত খণ্ডৰ হাতলৈ গতাই দিছে। মাত্ৰ কেইজনমান বিশেষ ব্যক্তিৰ হাতত এতিয়া দেশৰ অধিকাংশ সম্পত্তি।

দেশে যিসমূহ ৰাজহুৱা খণ্ডৰ পৰা লাভ অৰ্জন কৰিছিল সেই সকলো ৰাজহুৱা প্ৰতিষ্ঠান এটা এটাকৈ ব্যক্তিগত খণ্ডলৈ হস্তান্তৰ কৰিছে। ইয়াৰ বাবে বিভিন্ন সময়ত চলি আহিছে প্ৰতিবাদ। এই প্ৰতিবাদকো নেওচি এফালৰ পৰা ৰাজহুৱা খণ্ডৰ উদ্যোগ তথা প্ৰতিষ্ঠান গতাই দিছে মুষ্টিমেয় কেইজনমান ব্যক্তিৰ হাতত।

এইবাৰ এল আই চিৰ পাল। জীৱন বীমা নিগম চমুকৈ এল আই চিৰ শ্বেয়াৰ বিক্ৰী কৰি এই লাভজনক ৰাজহুৱা প্ৰতিষ্ঠানটোক ব্যক্তিগতকৰণৰ সকলো পথ মুকলি কৰিলে কেন্দ্ৰীয় চৰকাৰে। শেহতীয়াকৈ সংসদত কেন্দ্ৰীয় বিত্তীয় মন্ত্ৰী নিৰ্মলা সীতাৰমণে বাজেট উত্থাপন কৰাৰ সময়ছোৱাত এল আই চিৰ শ্বেয়াৰ বিক্ৰীৰ সিদ্ধান্তৰ বিষয়ে অৱগত কৰিছিল। ইয়াৰ পিছতেই দেশজুৰি ইয়াৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া আৰম্ভ হৈছিল।

১ ফেব্ৰুৱাৰী ২০২২, মঙলবাৰে সংসদত বাজেট দাখিল কৰি বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে এল আই চিৰ শ্বেয়াৰ বিক্ৰীৰ কৰাৰ বিষয়ে ঘোষণা কৰাৰ পিছৰে পৰা সচেতন মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। কোৱা হৈছে এল আই চিৰ শ্বেয়াৰ বিক্ৰী কৰা মানেই চৰকাৰে ইয়াৰ বেচৰকাৰীকৰণৰ প্ৰথমটো ধাপ আগবাঢ়িলে।

১৪ ফেব্ৰুৱাৰী ২০২১, সোমবাৰে দেশৰ কেইবাখনো ৰাষ্ট্ৰীয় বাতৰি কাকত এল আই চি শ্বেয়াৰ বজাৰত প্ৰৱেশ কৰাৰ আই পি অ'ৰ বাতৰি প্ৰকাশ পাইছে। এল আই চিয়ে দেওবাৰে ইয়াৰ আই পি অ' শ্বেয়াৰ বজাৰলৈ অনাৰ বাবে মূলধন বজাৰ নিয়ন্ত্ৰক এছ বি আইৰ ওচৰত নথিপত্ৰৰ এখন খচৰা (ডি আৰ এইচ পি) দাখিল কৰিছে।

খচৰা অনুসৰি, চৰকাৰে এল আই চিৰ ৩১.৬ কোটিতকৈও অধিক ইকুইটি শ্বেয়াৰ বিক্ৰী কৰিব। এল আই চিয়ে ৫ শতাংশ শ্বেয়াৰ বিক্ৰী কৰি প্ৰায় ৬৩,০০০ কোটি টকা সংগ্ৰহ কৰিব বিচাৰিছে।

মন কৰিবলগীয়া যে, চৰকাৰৰ হাতত এল আই চিৰ ১০০ শতাংশ শ্বেয়াৰ আছে। সেয়েহে শ্বেয়াৰবোৰ কেৱল বিক্ৰী প্ৰস্তাৱৰ জৰিয়তে বিনিয়োগকাৰীসকলক আৱণ্টন কৰা হ'ব। চৰকাৰে এই বিত্তীয় বৰ্ষৰ শেষৰ ফালে শ্বেয়াৰ বজাৰত এল আই চি তালিকাভুক্ত কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে।

খবৰ অনুসৰি এল আই চিৰ খচৰা দস্তাবেজখন প্ৰথমে এছ বি আইৰ দ্বাৰা অনুমোদিত কৰা হ'ব। চলিত মাহৰ প্ৰথমভাগত সংসদত উত্থাপন কৰা সাধাৰণ বাজেটত এল আই চিৰ বিনিয়োগ ১.৭৫ লাখ কোটি টকাৰ পৰা ৭৮,০০০ কোটি টকালৈ হ্ৰাস কৰা হৈছিল। ইয়াৰ পিছতে এক ধাৰণা কৰা হৈছিল যে এল আই চিৰ সন্দৰ্ভত লোৱা এই সিদ্ধান্তই চৰকাৰে বিনিয়োগৰ প্ৰক্ৰিয়াটো ত্বৰান্বিত কৰিব বিচাৰিছে।

দাখিল কৰা আবেদন অনুসৰি এল আই চিৰ এম্বেডেড মূল্য হৈছে ৭১.৫৬ বিলিয়ন ডলাৰ। খচৰাখনে এল আই চিৰ বজাৰ মূল্যাঙ্কনৰ বিষয়ে একো কোৱা নাই, কিন্তু বীমা উদ্যোগৰ সৈতে সম্পৰ্কিত বিশেষজ্ঞসকলৰ মতে, এই অন্তৰ্ভুক্ত মূল্য তিনিগুণৰ পৰা ১৬ লাখ কোটিলৈ বৃদ্ধি হ'ব পাৰে।

আইপিঅ'ৰ এটা অংশ এংকৰ বিনিয়োগকাৰীসকলৰ বাবে সুৰক্ষিত হ'ব। লগতে, অংশৰ ১০% বীমাকৃতৰ বাবে সংৰক্ষিত কৰা হ'ব। অৱশ্যে, কোম্পানীটোৱে ইয়াৰ আঁচনিধাৰক আৰু কৰ্মচাৰীসকলক শ্বেয়াৰ ক্ৰয় কৰাত কি ৰেহাই দিব সেয়া এতিয়াও জনা হোৱা নাই।

চৰকাৰে যোৱা বছৰ ছেপ্টেম্বৰত দেশৰ সৰ্ববৃহৎ বীমাকৰ্তা এল আই চিৰ আইপিঅ' সম্পাদন কৰিবলৈ ১০ জন বেংকাৰ নিয়োগ কৰিছিল। চিৰিল অমাৰ্চান্দ মংগলদাসক ইয়াৰ আইনী উপদেষ্টা হিচাপে মনোনীত কৰা হৈছিল।

এল আই চিৰ শ্বেয়াৰ বিক্ৰী কৰিবলৈ চৰকাৰে পথ মুকলি কৰাৰ লগে লগে দেশৰ সচেতন মহলে ইয়াৰ বিৰোধিতা কৰিবলৈ আৰম্ভ কৰিছে। কেৱল সেয়াই নহয়, এল আই চিৰ বিষয়াকে ধৰি বিভিন্ন বৰ্গৰ কৰ্মচাৰীও চৰকাৰৰ এই সিদ্ধান্তক লৈ সুখী নহয়। চৰকাৰৰ এই সিদ্ধান্ত জাতীয় স্বাৰ্থৰ বিৰোধী বুলিও আখ্যা দিছে বহুজনে।


১৯৫৬ চনত এল আই চিয়ে আত্মপ্ৰকাশ কৰিছিল। সেই সময়ছোৱাত এল আই চিক কেন্দ্ৰীয় চৰকাৰে প্ৰদান কৰিছিল ৫ কোটি টকা। কিন্তু ইয়াৰ পিছতে কেন্দ্ৰীয় চৰকাৰে এল আই চিক আৰু দ্বিতীয়বাৰৰ বাবে ধন দিবলগীয়া হোৱা নাই। এল আই চিয়ে দেখা নাই লোকচানৰ মুখ।

কেন্দ্ৰীয় চৰকাৰৰ পৰা ৫ কোটি টকা ওৱৰ্কিং কেপিটেল হিচাপে লৈ আৰম্ভ হোৱা এল আই চিয়ে ইয়াৰ পৰৱৰ্তী সময়ত তেওঁলোকৰ লাভৰ পৰা দেশক বহু হাজাৰ কোটি টকা প্ৰদান কৰিছে। এল আই চিয়ে বৰ্নতমানলৈকে কেন্দ্ৰীয় চৰকাৰকলৈ আগবঢ়াইছে ২৮ হাজাৰ কোটি টকা।

২০১৯-২০ চনত এল আই চিয়ে বাৰত চৰকাৰলৈ আগবঢ়াইছে প্ৰায় ২ হাজাৰ ৭০০ কোটি টকা। সেই একেটা বছৰতে বিভিন্ন কৰৰ নামত এল আই চিয়ে ভাৰত চৰকাৰক প্ৰদান কৰিছে ১০ হাজাৰ ২২৫ কোটিতকৈ অধিক ধন।

ইয়াৰ উপৰিও কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰসমূহৰ চিকিউৰিটিত এল আই চিয়ে বিগত বছৰৰ ৩১ মাৰ্চলৈকে বিনিয়োগ কৰিছে ২৩ লাখ‌ ৭৫ হেজাৰ ৩৬৫ কোটি টকা। কেৱল সেয়াই নহয়, দেশৰ আন্তঃগাঁথনিমূলক ক্ষেত্ৰত বিনিয়োগ কৰি আহিছে এল আই চিয়ে।

দেশৰ আন্তঃগাঁথনিৰ উন্নয়নৰ বাবে এল আই চিয়ে ২০২১ বৰ্ষৰ ৩১ মাৰ্চৰলৈকে ব্যয় কৰিছে মুঠ ৩ লাখ ১১ হেজাৰ ১৬২ কোটি টকা । মাত্ৰ ৫ কোটি টকাৰে আৰম্ভ হোৱা এল আই চিৰ আজিৰ সময়ত মুঠ সম্পত্তিৰ পৰিমাণ ৩৮ লাখ ৪ হাজাৰ ৬১০ কোটিতকৈ অধিক।

এল আই চিৰ এই পৰ্বতসম সম্পত্তি আভ্যন্তৰীণ ভাৱে সংগৃহীত। দেশৰ জনতাই এল আই চিক এই পৰ্বতসম সম্পত্তিৰ অধিকাৰী কৰি তুলিছে। বৰ্তমান সময়ত এল আই চিৰ গ্ৰাহকৰ সংখ্যা৪০ কোটি।

দেশক জন্মৰে পৰা লাভৰ মুখ দেখুৱাই অহা এল আই চিক এতিয়া ব্যক্তিগৰণ কৰা হ'ব। যাৰ বাবে ইয়াৰ শ্বেয়াৰ বিক্ৰী কৰিবলৈ সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে। দেশৰ আন্তঃগাঁথনিৰ উন্নয়নৰ পৰা ৰাজহ সংগ্ৰহলৈ এল আই চিৰ আছে বিশেষ অৱদান। এনে ক্ষেত্ৰত এল আই চিক কিয় ব্যক্তিগতকৰণ কৰিবলৈ আগবাঢ়িছে সেই বিষয়ে প্ৰশ্ন উত্থাপিত হৈছে।

এটা কাৰ্যকাল সম্পূৰ্ণ কৰাৰ উপৰিও দ্বিতীয় কাৰ্যকালৰ প্ৰায় ৩ টা বছৰ হোৱাৰ সময়লৈকে এটাও ৰাজহুৱা অনুষ্ঠান গঢ়ি তুলিবলৈ সক্ষম নোহোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী তথা বিজেপি চৰকাৰে এটা এটাকৈ এইদৰে এতিয়া ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানক ব্যক্তিগত খণ্ডলৈ হস্তান্তৰ কৰিবলৈ লোৱা কাৰ্যত স্বাভাৱিকতে প্ৰশ্নৰ উদয় হৈছে, দেশত ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান থাকিবগৈনে?

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in