সোণৰ দৰেই জিলিক আছিল তেওঁ…

সোণৰ দৰেই জিলিক আছিল তেওঁ…

author-image
asomiyapratidin
New Update
সোণৰ দৰেই জিলিক আছিল তেওঁ…

তুষাৰ প্ৰতিম

Advertisment

তেওঁৰ গানেৰেই তেওঁক স্মৰণ কৰিছে দেশবাসীয়ে। তেওঁৰ গানেৰেই তেওঁক মনত পেলাইছে সংগীত অনুৰাগীসকলে। দীৰ্ঘদিনীয়া অসুস্থতাৰ মাজতেই অৱশেষত তেওঁ গ'লগৈ ঠিকনা বিহীন এখন দেশলৈ। ৭০-৮০ ৰ দশকৰ পৰা জীৱনৰ অন্তিম মূহূৰ্তলৈ তেওঁ ভাৰতীয় সংগীত জগতখনক দি গ'ল বহুস্মৃতি। ভাৰতীয় সংগীত ক্ষেত্ৰখনত এক নতুন ধাৰাৰ সংযোজন কৰিছিল তেওঁ। তেওঁৰ বাবেই ভাৰতীয় সংগীত প্ৰেমীসকলে লাভ কৰিছিল এক নতুন সোৱাদ।

যি সময়ত কিশোৰ কুমাৰ, আৰ ডি বৰ্মন, লতা মংগেশকাৰ আদিৰ দৰে শিল্পীৰ সংগীতৰে ভাৰতীয় সংগীত জিপাল হৈ আছিল, ভাৰতীয় সংগীতে এক সোণালী সময়ৰ মাজেৰে আগবাঢ়িছিল সেই সময়তে ভাৰতীয়ক ডিস্ক' সংগীতৰ সোৱাদ দিছিল বাপ্পী লাহিড়ীয়ে।ডিস্ক' সংগীতৰ জৰিয়তে ভাৰতীয় সংগীত ক্ষেত্ৰত পৰিচিত হৈ পৰা বাপ্পী লাহিড়ীয়ে যি সময়ত ভাৰতীয় সংগীতত প্ৰতিষ্ঠা লাভ কৰিছিল সেই সময়খিনি আছিল ভাৰতীয় সংগীতৰ সোণালী দিন।

লতা দিদিয়ে এইদৰেই বাপ্পী দাক তেওঁৰ জন্মদিনৰ শুভেচ্ছা জনাইছিল…

জন্মৰ ৪ বছৰৰ পিছতেই গান গাবলৈ আৰম্ভ কৰা বাপ্পী লাহিড়ীয়ে তেতিয়াই সংস্পৰ্শলৈ আহিছিল কুকিল কণ্ঠী গায়িকা লতা মাংগেশকাৰৰ। পিতৃ এগৰাকী গীতিকাৰ হোৱাৰ সোৱাদতে বাপ্পী লাহিড়ীয়ে শৈশৱতে লাভ কৰিছিল এক সংগীতৰ পৰিবেশ। সংগীতৰ মাজেৰে জীৱন আৰম্ভ কৰা বাপ্পী লাহিড়ীয়ে অৱশেষত সংগীতৰ মাজেৰেই জীৱনৰ ইতি পেলালে।

কেইটানো দিন হৈছে লতা মাংগেশকাৰে দেশবাসীক এৰি যোৱা! ৬ ফেব্ৰুৱাৰীত সকলোকে এৰি গুচি গৈছিল লতা দিদি। তেতিয়াও অসুস্থ হৈ আছিল বাপ্পী দা। মুম্বাইৰ ক্ৰিটিকেয়াৰ হাস্পাটালত ভৰ্তি হৈ আছিল বাপ্পী দা। ১৫ ফেব্ৰুৱাৰী ২০২২ মঙ্গলবাৰে নিশা তেওঁ শেষ নিশ্বাস ত্যাগ কৰিলে। প্ৰিয় লতা দিদিৰ পিছে পিছে গ'লগৈ বাপ্পী দা।

'মা' বুলি সম্বোধন কৰিছিল লতা দিদিক বাপ্পী দায়ে। যিসয়মত লতা দিদিয়ে জীৱন ত্যাগ কৰিছিল সেই সময়ত তেওঁৰ স্বাস্থ্য একেবাৰে ভাল নাছিল। সেয়েহে তেওঁ নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত এখন পুৰণি ফটো শ্বেয়াৰ কৰিছিল, শিশু বাপ্পীদাক লতা দিদিৰ কোলাত উমলি থকা দেখিবলৈ পোৱা গৈছিল। আৰু ফটোখনৰ কেপচনত কেৱল লিখিছিল 'মা'।

লতা দিদিৰ মৃত্যুত এইদৰেই বাপ্পীদায়ে শোক প্ৰকাশ কৰিছিল ইনষ্টাগ্ৰামত…

সোণৰ প্ৰতি তেওঁৰ আছিল অক অন্য আকৰ্ষণ। সোণ আৰু বাপ্পী লাহিড়ী আছিল এটা মুদ্ৰাৰ ইপিঠি-সিপিঠি। সোণৰ বিভিন্ন অলংকাৰ আছিল তেওঁৰ আন এক পৰিচয়। তেওঁৰ সোণৰ প্ৰতি ইমানেই আকৰ্ষণ আছিল যে, জীৱনৰ অন্তিম মুহূৰ্ততো তেওঁ সোণৰ বিষয়েই উল্লেখ কৰিছিল।

ইনষ্টাগ্ৰামত বাপ্পী লাহিড়ীয়ে তেওঁৰ যুৱ অৱস্থাৰ এখন ফটো শ্বেয়াৰ কৰিছিল। য'ত লিখিছিল 'Old is Always Gold'।সেই পুৰণি ফটোখনতো তেওঁৰ দেহত দেখা গৈছিল সোণৰ অলংকাৰ। সকলোৰে তেওঁৰ সোণ প্ৰীতিৰ প্ৰতি আছিল বিশেষ উৎসুকতা। কিমান সোণৰ গহণা তেওঁ পৰিধান কৰে সেই বিষয়ে বহুতেই জানিবলৈ বিচাৰে।

 ২০১৪ চনত তেওঁ লোকসভাৰ নিৰ্বাচনত অৱতীৰ্ণ হৈছিল। সেই সময়ত নিৰ্বাচনী আয়োগৰ ওচৰত দাখিল কৰা তথ্য অনুসৰি বাপ্পীদাৰ লগত আছিল ৭৫২ গ্ৰাম সোণ। আনহাতে তেওঁৰ পত্নীৰ লগত আছিল ৯৬৭ গ্ৰাম সোণ। সেই সময়ছোৱাত এই সোণৰ মূল্যৰ পৰিমাণ আছিল প্ৰায় ৮৬ লাখ টকা।

একদৰে তেওঁৰ দিয়া তথ্য আনুসৰি সেই সময়ত তেওঁৰ লগত আছিল ৪.৬২ কিলোগ্ৰাম ৰূপ আৰু পত্নীৰ লগত আছিল ৮.৯ কিলোগ্ৰাম ৰূপ। ইয়াৰ উপৰিও তেওঁৰ লগত ৪ লাখ টকাতকৈও অধিক মূল্যৰ হীৰাও আছিল।

সোণৰ প্ৰতি তেওঁৰ যি দুৰ্বলতা আছিল তেনে দুৰ্বলতা খুব কম মানুহৰ হে থাকে। সোণ বা অলংকাৰৰ প্ৰতি মানুহৰ দুৰ্বলতা থাকিলেও বাপ্পীদায়ে পৰিধান কৰাৰ দৰে ইমান অলংকাৰ কোনেও পৰিধান নকৰে। সেয়েহে বহুতৰে জানিবলৈ মন যায়, কিয় তেওঁৰ সোণৰ প্ৰতি ইমান দুৰ্বলতা?

বাপ্পী দাৰ প্ৰথমখন ছবি আছিল 'জখমি'। এই ছবিখন বক্স অফিচত সফল আছিল। এই সফলতাৰ পিছতেই বাপ্পীদাক তেওঁৰ মাতৃয়ে সোণ উপহাৰ দিছিল। ইয়াৰ পিছতে তেওঁৰ এটা এটাকৈ প্ৰতিটো গানেই হিট হৈছিল। সেয়েহে তেওঁ সোণক তেওঁৰ সফলতাৰ প্ৰতীক হিচাপে বিবেচনা কৰিছিল। ইয়াৰ উপৰিও তেওঁ এলভিছ প্ৰিছলিৰ দ্বাৰা প্ৰভাবিত আছিল। সেয়েহে তেওঁ নিজকে এলভিছ প্ৰিছললিৰ দৰে ব্যতিক্ৰম হিচাপে প্ৰতিষ্ঠা কৰিবলৈ বিচাৰিছিল। গতিকে সোণকেই তেওঁ নিজৰ আপোন কৰি লৈছিল।

ৰকষ্টাৰ আছিল বাপ্পী লাহিড়ী।১৯৫২ চনত পশ্চিমবংগৰ কলকাতাত জন্ম হৈছিল বাপ্পী লাহিড়ীৰ। তেওঁৰ ঘৰত আছিল শাস্ত্ৰীয় সংগীতৰ এক পৰিবেশ। তেওঁৰ পিতৃ অপৰেশ লাহিড়ী আছিল বংগৰ সংগীত জগতৰ এজন প্ৰখ্যাত সংগীত শিল্পী। তেওঁৰ মাতৃ বাংসাৰী লাহিড়ী আছিল এগৰাকী সংগীত শিল্পী। সেয়েহে ঘৰতেই আছিল এক সংগীতৰ পৰিবেশ।

১৯ বছৰ বয়সতেই সংগীত নিৰ্দেশক হিচাপে আত্মপ্ৰকাশ কৰা বাপ্পী দায়ে ১৯৭২ চনত এখন বঙালী ছবিত কণ্ঠদান কৰাৰ সুযোগ লাভ কৰিছিল। 'দাদু' নামৰ এই ছবিখনত কণ্ঠদান কৰাৰ পিছতেই ১৯৭৩ চনত তেওঁ হিন্দী ছবি জগতত প্ৰৱেশ কৰে। অৱশ্যে ১৯৭৫ চনৰ 'জখমি' ছবিখনৰ জৰিয়তেহে তেওঁ বলিউডত নিজৰ স্থান নিগাজি কৰে।

এই ছবিখনৰ পিছতেই এগৰাকী সংগীত শিল্পী হিচাপে প্ৰতিষ্ঠা লাভ কৰে। এই ছবিখনৰ জৰিয়তেই ভাৰতে এক নতুন সংগীতৰ আমেজ লাভ কৰিছিল। সেই আমেজ আছিল ভাৰতীয় সংগীতত পাশ্চাত্যৰ প্ৰভাৱ। বাপ্পী লাহিড়ীয়ে নিজকে এজন পাশ্চাত্যৰ প্ৰভাৱেৰে পৰিপূৰ্ণ শিল্পী হিচাপে প্ৰতিষ্ঠা কৰিছিল।

অতি শেহতীয়াকৈ বাপ্পী দায়ে আয়ুষ্মান খুৰানা আৰু জীতেন্দ্ৰ কুমাৰ অভিনীত 'শুভ মংগল জ্যায়াদা সাৱধান' ৰ বাবে 'আৰে প্যাৰ কৰ লে' শীৰ্ষক তেওঁৰ হিট গান 'য়াৰ বিনা চেইন কহিন ৰে'ৰ সৈতে ৰিমিক্স কৰিছিল। 'আৰে প্যাৰ কৰলে' গানটো মূলতঃ অনিল গাংগুলীৰ ছবি 'চাহেব'ত অনিল কাপুৰ আৰু অমৃতা সিঙৰ বাবে নিৰ্মাণ কৰিছিল।

 ১৯৭০-৮০ৰ দশকৰ শেষৰ ফালে ডিস্কো ডান্সাৰ, নমক হালাল আৰু ডান্স ডান্স আদিৰ দৰে চাউণ্ডট্ৰেকৰ বাবে জনপ্ৰিয় হৈ পৰিছিল বাপ্পী দা।  তেওঁ ভাৰতীয় চলচ্চিত্ৰৰ সৈতে সংশ্লেষিত ডিস্কো সংগীত ভালদৰে একত্ৰিত কৰিবলৈ জানিছিল।

বিগত বছৰত এটা সাক্ষাৎকাৰত বাপ্পীদায়ে কৈছিল যে, তেওঁ কিশোৰ কুমাৰৰ এখন ছবিৰ জৰিয়তে বলিউড ডেবিউ কৰিছিল।  ইয়াৰ পিছত, তেওঁৰ বাজাৰ বন্দ কৰৌ, চলতে চলতে, আপকি খাতিৰ, লহম কৌ দৌ ৰংগ, বাৰদাত, নমক হালাল, চাৰাবী, হিম্মতৱালা, সত্যমেব জয়তে. আজ কা অৰ্জুন, থানেদাৰৰ দৰে বহু ছবিত কাম কৰিছে।  2020 চনত বাঘী-৩ ছবিখনত তেওঁৰ অন্তিমটো গান আছিল।

৬৯ বছৰ বয়সত মৃত্যুক সাৱটি লোৱা বাপ্পীদা দীৰ্ঘদিন ধৰি আক্ৰান্ত হৈ আছিল অবষ্ট্ৰাক্টিভ স্লিপ এপনিয়া (অ'এছএ) আৰু বুকুৰ সংক্ৰমণত। এই ৰোগেই তেওঁৰ মৃত্যুৰ কাৰণ হৈ পৰিল। তেওঁৰ মৃত্যু লগতে সমগ্ৰ বলিউড জগতত শোকৰ ছাঁ পৰাৰ লগতে দেশৰ প্ৰধানমন্ত্ৰীৰ পৰা আৰম্ভ কৰি বলিউডৰ সকলো চেলিব্ৰেটিৰ পৰা সাধাৰণ জনলৈ সকলোৱে শোক প্ৰকাশ কৰিছে।

bollywood music bappi lahiri indian music lata mangeshkar